আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
গণতান্ত্ৰিক অধিকাৰ আৰু ভোটদানৰ বাবে দ্বায়িত্ববোধ
অয়ন উত্তম
পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণৰাজ্য ৰূপে পৰিগণিত হোৱা আমাৰ দেশত এইবাৰ ১০কোটিৰ অধিক নতুন ভোটদাতাই অনাগত লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পাব। শিক্ষাৰ হাৰ বৃদ্ধি হোৱা বা তুলনামূলকভাৱে সচেতন নাগৰিক ৰূপেই এই নৱ-প্ৰজন্মৰ ভোটাৰসকল বিবেচিত হৈছে। আৰু এই অনাগত নিৰ্বাচনতো তেখেত সকলৰ মতে দিশৰ ভৱিষ্যত নিৰ্ণয়ৰ বাবে দ্বায়িত্ব পাব লগা সাংসদ সকলৰ ভাগ্য নিৰ্ণয়ত এক নিৰ্ণায়ক ভূমিকা লব বুলি বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে।

এই ক্ষেত্ৰত নৱ-প্ৰজন্ম তথা সদাশয় পাঠকক ভোটদানৰ বাবে দ্বায়িত্ববোধৰ বিষয়ে সজাগ কৰিবলৈ তলৰ প্ৰশ্ন সমূহ তুলি ধৰিব খুজিছো। 

(১) আপুনি জানেনে গণতন্ত্ৰত ভোটাধিকাৰেই হৈছে আপোনাৰ মৌলিক অধিকাৰ?
(২) আপুনি জানেনে ভোট দিয়াৰ অধিকাৰৰ বাবেই আমাৰ পূৰ্বজসকলে দেশৰ বাবে আত্মবলিদান দিছিল?
(৩) আপুনি চিন্তা কৰি চাইছেনে ভোটাধিকাৰ সাব্যস্ত নকৰি অভিযোগ-প্ৰতিঅভিযোগ কৰি থাকিলেই এখন ভাল চৰকাৰ পাব নোৱাৰি, বৰঞ্চ ভোট দিলেহে পাৰি?
(৪) চৰকাৰীতন্ত্ৰক সতৰ্ক কৰিবলৈ ভোটধিকাৰ সাব্যস্ত কৰাটো জৰুৰী— এয়া আপুনি মানেনে?
(৫) যদিহে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰে, আপুনি গণতন্ত্ৰৰ অংশীদাৰ হোৱাৰ গৌৰৱ অনুভৱ নকৰিবনে?
(৬) আপুনি জানেনে নিৰ্বাচনৰ দিনবিলাকত সমাজৰ বহু বিদ্বান, পণ্ডিত, বুদ্ধিজীৱী, গণ্যমান্য লোকে ভোটাধিকাৰ সাব্যস্ত নকৰে, কিন্তু অভিযোগ-প্ৰতিঅভিযোগ তেওঁলোকেই কৰে?
(৭) আপুনি জানেনে দেশৰ শিক্ষিত তথা সমাজ সচেতন লোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আৰু এওঁলোকৰ হাততেই ৬০ৰ পৰা ৭০ শতাংশ দেশৰ আৰ্থিক ব্যৱস্থা ন্যস্ত আছে ... এওঁলোকেই যদি ভোটাধিকাৰ সাব্যস্ত নকৰে, আমাৰ কিমান লোকচান হয়?
(৮) আপুনি জানেনে, জয় আৰু পৰাজয়ৰ মাজত ৩ বা ৪ শতাংশৰহে পাৰ্থক্য থাকে?
(৯) আপুনি জানেনে দেশৰ উন্নতিৰ বাবে আশাব্যঞ্জক পৰিৱৰ্তন জৰুৰী আৰু ইয়াৰ বাবেই ভোটৰ প্ৰয়োজন? ভোট দিয়াৰ বাবে আপোনাৰ একো অসুবিধা নহয় ...
(১০) আপুনি ভোট দিয়াৰ ফলত আপোনাৰ একো লোকচান নহয়, বৰঞ্চ এক আশাব্যঞ্জক পৰিৱৰ্তন আশা কৰিব পাৰি ...
(১১) আপোনাৰ ভোটেই এজন সাধাৰণ নাগৰিকক ৰাজনৈতিক নেতা বনাব পাৰে ... যদিহে আপুনি ভোটাধিকাৰ সাব্যস্ত নকৰে, তেন্তে দেশৰ যিকোনো ব্যৱস্থা সন্দৰ্ভত অভিযোগ কৰাও উচিত নহয় ...
(১২) আপোনাৰ ভোট মহামূল্যৱান ... এই ভোট সেইজন প্ৰাৰ্থীকহে দিব লাগে, যিজন নাগৰিকৰ নিৰাপত্তা, সু-ব্যৱস্থা, ন্যায়ৰ প্ৰতি দায়বদ্ধ ...
(১৩) বেয়া ৰাজনীতিবিদ এজন জয়ী হয় ভাল মানুহে ভোট নিদিয়াৰ বাবেই ...
(১৪) বেলটেই হৈছে ৰাজনীতিৰ শেষ অস্ত্ৰ।
(১৫) আপোনাৰ ভোটটো নষ্ট হ’বলৈ নিদিব ...
(১৬) বিবেকেৰে ভোট দিয়ক ...
(১৭) ভোট— নাগৰিকৰ ব্যক্তিগত মতামত আৰু জনমত প্ৰতিফলনৰ এটি গণতান্ত্ৰিক মাধ্যম বা পদ্ধতি ...
(১৮) আপুনি কাক ভোট দিলে সেয়া গোপন কৰক ...
(১৯) ভোট দি আত্মসন্তুষ্টি লভক ...
(২০) ভোট দিয়ক, অভিযোগ কৰক ... ভোট নিদিব, অভিযোগ নকৰিব ...
(২১) অপশক্তিৰ পৰা গণতন্ত্ৰক উদ্ধাৰ কৰক, দলে-বলে ভোটদান কৰক ...
(২২) গণতন্ত্ৰক বান্ধোনৰ পৰা মুকলি কৰক, আপোনাৰ এটি ভোটেই পৰিৱৰ্তন আনক ...

এই প্ৰশ্ন কেইটাৰ উত্তৰ আমি প্ৰত্যেকেই নিজৰ পৰা পাবলৈ চেষ্টা কৰিলেই হয়তো আমি একোজন গণতান্ত্ৰিক দেশৰ নাগৰিক ৰূপে আমাৰ দ্বায়িত্ববোধ ভিতৰৰ পৰা অনুভৱ কৰিবলৈ সক্ষম হম আৰু আমাৰ প্ৰাথমিক কৰ্তব্যখিনি উপলব্ধি কৰিব পাৰিম।

No comments:

Post a Comment