দৰ্শকৰ মতামত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দৰ্শকৰ মতামত

দৰ্শকৰ মতামত

Share This
সফলতাৰে দ্বিতীয় সপ্তাহত অসমীয়া কথাছবি
‘হিয়া দিবা কাক’
অয়ন উত্তম
অসমীয়া ছবিৰ দৰ্শকৰ এটা মানসিকতা গম পালোঁ, অৱশ্যে সেয়া মোৰ ক্ষেত্ৰতো খাটে আজিকালি— ‘‘ছবিখন বা কেনে হৈছে? চাম নে নাচাম? বেলেগে দেখোন বেয়াকৈ কৈছে, কিন্তু আন এচামে দেখোন ভালকৈ কৈছে? কি কৰা যায়?’’ ঠিক এনে এটা মানসিকতা থকাৰ এটা ভাল প্ৰভাৱ আছে— সেয়া হ’ল যদিহে ছবিখন দ্বিতীয় সপ্তাহত চলে, তেন্তে দৰ্শকে ছবিখন পূৰামাত্ৰাই আদৰি লয় ... এয়া ১০০ শতাংশ সত্য বুলি প্ৰমাণ পালোঁ দ্বিতীয় সপ্তাহত চলি থকা ‘হিয়া দিবা কাক’ নামৰ ছবিখন চাবলৈ গৈ ... বন্দনা চিত্ৰগৃহৰ মুঠ আসনৰ ৭০ শতাংশ আসন পূৰ্ণ হৈ আছিল দৰ্শকেৰে ... ‘গ’ল্ড’ চিনেমাত চলিলেই এখন অসমীয়া ছবি ‘হিট’ বুলি ক’ব নোৱাৰি, যদিও তাত সদায়েই ‘হাউচফুল’ হয়— কাৰণ নগণ্য সংখ্যক আসন গ’ল্ডত ... বন্দনা বা অনুৰাধাৰ দৰে চিত্ৰগৃহত যেতিয়া ৭০ বা ৮০ শতাংশ আসন দৰ্শকেৰে ভৰি থাকে, সেই ছবিখন নিশ্চিতভাৱেই ‘হিট’ ... আৰু হিট হোৱাৰ যুক্তিও আছে — তাৰ কাৰণ এই মানসিকতাই— ‘‘এসপ্তাহ চলাৰ পিছত দ্বিতীয় সপ্তাহতো চলিছে, গতিকে চাবই লাগিব, কিবা এটা নিশ্চয় আছে চিনেমাখনত৷’’ বহুতেই এইক্ষেত্ৰত মোৰ সৈতে সন্মত নহ’ব পাৰে, কিন্তু এয়া এটা ‘মানসিকতা’হে … তাকো অসমীয়া ছবিৰ ক্ষেত্ৰত …

‘হিয়া দিবা কাক’— মনোৰঞ্জনৰ সম্পূৰ্ণ উপাদান আছে … ক’ব পাৰি A to Z মনোৰঞ্জন … হাঁহি, কান্দোন, ক্লাইমেক্স, ৰহস্য, ৰোমাঞ্চ, ফাইটিং— সকলোখিনিয়েই মনোৰঞ্জনধৰ্মী … দৰ্শকে তাকেই বিচাৰে, মনোৰঞ্জন— অসমীয়া ছবিৰ ক্ষেত্ৰত এই ধাৰা বহুদিন নাছিল— মনোৰঞ্জন … ‘হিয়া দিবা কাক’ ছবিখনে সেই ধাৰা পুনৰ ঘূৰাই আনিছে … ২.৪০ মিনিটৰ ছবিখনত দৰ্শক বাৰে বাৰে বাহিৰলৈ উঠি যোৱা পৰিলক্ষিত নহ’ল … এটা ছোৱালী হোষ্টেল, হোষ্টেলৰ আৱাসী, এগৰাকী ছোৱালী, এজন যুৱক ঠিকাদাৰ, এটা সৰল প্ৰেম-কাহিনী, প্ৰতিশোধ, হিংসা আৰু সমাপ্তিত মিলন … কি লাগে আৰু দৰ্শকক?

অৱশ্যে লাগে, তাৰ মাজতো কিবা এটা লাগে … দ্বিতীয় সপ্তাহ চলি যোৱাৰ পিছত অন্ততঃ ক’ব পাৰি, সংগীতৰ ক্ষেত্ৰত ‘হিয়া দিবা কাক’ ছবিখনে দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰিলে … উচ্চস্বৰৰ সংগীতে ‘ডায়লগ’ প্ৰক্ষেপণত বাধাৰ সৃষ্টি কৰিছে, সেয়া প্ৰতিজন দৰ্শকেই অনুভৱ কৰিছে, ওচৰত বহা দৰ্শকজনৰ মন্তব্য— ‘কি কৈছে ধৰিবই নোৱাৰি, ইমান মিউজিকৰ ছাউণ্ড’ … ‘মাইনাছ পইণ্ট’ … বাকী সকলো ‘প্লাছ’ বুলিয়েই ক’ম, কাৰণ এয়া এটি মনোৰঞ্জনধৰ্মী কাহিনীয়েই যে হয় …

বহুক্ষেত্ৰত দেখা যায়, আজিৰ যুগৰ সৰু ল’ৰা-ছোৱালীয়ে অসমীয়া ছবি চাবলৈ গ’লে চিত্ৰগৃহত আমনি কৰে— ‘দেউতা, যাওঁ ব’লা, ব’ৰ লাগিছে’ … ‘মা, কিনো চায় আছা, ভাল লাগিছে জানো?’ এনেধৰণৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত দিশ এটা দেখা গ’ল ‘হিয়া দিবা কাক’ ছবিখনত … মোৰ পুত্ৰৰ লগতে আন বহু কণ কণ শিশু চিত্ৰগৃহলৈ গৈছিল, কিন্তু তেওঁলোকেও ছবিখন মন দি চোৱা পৰিলক্ষিত হ’ল আৰু আনন্দত জঁপিয়াই উঠাও দেখা গ’ল, কাৰণ এয়া যে মনোৰঞ্জনধৰ্মী ছবি … যতীন বৰাই যেতিয়া ২০জন ‘গুণ্ডা’ক অকলে মাৰে, কাৰনো ভাল নালাগিব? সেয়া অকল ‘সিংঘম’ৰ অজয় দেৱাগণেই পাৰে নেকি? সেয়া কি ‘জয় হো’ৰ ছলমানেই পাৰে নেকি? আমাৰ যতীন বৰা কম নেকি এইক্ষেত্ৰত? কেতিয়াও নহয় ... ‘মাৰা হাততালি’ ...

দৰ্শকে এতিয়া মনোৰঞ্জন বিচাৰে, অসমীয়া ছবিৰ ক্ষেত্ৰতো … পৰিৱৰ্তন আহিছে, আৰু আহিলে ভাল লাগে— কিছুসংখ্যক দৰ্শকে আদৰি নল’লে বুলি মনোৰঞ্জন নাহিব, এনে কোনো কথা নাই … যুগৰ পৰিৱৰ্তনৰ লগে লগে দৰ্শকক সম্পূৰ্ণ এটি ‘পেকেজ’ উপহাৰ দিয়াটোৱেই লক্ষ্য হ’ব লাগে পৰিচালক-প্ৰযোজকৰ …

‘হিয়া দিবা কাক’— এক কথাত ‘হিট’ ছবি … পৰিচালক ৰাজীৱ বৰালৈ ধন্যবাদ, দৰ্শকক মনোৰঞ্জন দিয়াৰ বাবে … দ্বিতীয় সপ্তাহ নচলাহেঁতেন সঁচাই বৰ ডাঙৰ ‘অপৰাধবোধ’ত ভুগিলোঁহেঁতেন …

No comments:

Post a Comment