প্ৰাসংগিক চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰাসংগিক চিন্তা

প্ৰাসংগিক চিন্তা

Share This
দল-মতৰ উৰ্ধত গ্ৰহণযোগ্য জননেতা ক'ত?
অজয় লাল দত্ত

অনাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বক লৈ চলি থকা টনা-আজোৰাৰ যুঁজখনৰ মাজতে এটা প্ৰশ্ন প্ৰাসংগিক হৈ উঠিছে। সেয়া হৈছে অসমত আজিৰ তাৰিখত সঁচাই জনগণৰ অনুভৱক কাষৰে পৰা বুজি, কাষে কাষে থাকি সমস্যাবোৰৰ সমাধান কৰা জননেতা আছেনে, অন্তত ৰাজনীতিৰ পথাৰত। গণ সংগঠন আৰু স্থানীয় সমস্যাক লৈ অন্ততঃ বিগত পাঁচ বছৰ বা দশক ৰাইজৰ সৈতে একাত্ম হৈ বাটে পথে, গাঁৱে ভূঞে জনসচেতনতা বা আন্দোলনৰ পথেৰে জননেতা হৈ উঠা আছেনে কোনো প্ৰাৰ্থী! যাক ৰাইজে ধনে-জনে সহায় কৰি এইবাৰ নিৰ্বাচনত তুলিছে, যাক জাতি-জনগোষ্ঠী-বৰ্ণবাদৰ উৰ্ধত সৰ্বজন গৃহীত নেতাবুলি সকলো স্তৰৰ লোকে স্বীকৃতি প্ৰদান কৰিছে?

তেনে প্ৰাৰ্থী বিচাৰি সঁচাই আজি হাবাথুৰি খাব লগা হৈছে। প্ৰশ্ন জাগিছে,  এতিয়া ৰাজনীতিৰ অৰ্থ কি কেৱল মাত্ৰ নিৰ্বাচন! টকা সিকা ঘটি, টিকট পালেহে মানুহৰ মাজলৈ অহা কেৱল নিৰ্বাচন সৰ্বস্ব ৰাজনীতি বা ৰাজনৈতিক চিন্তা সমাজৰ বাবে সঁচাই কল্যাণকামী নে?

কোনো এটা দলেই সৰ্ব-সন্মত ৰূপত আৰু সৰ্বজন গৃহীত ৰূপত ১৪জন প্ৰাৰ্থীৰ নামকে কিয় ঘোষণা কৰিব পৰা নাই। সেয়াও অতিকৈ চিন্তনীয় কথা। কোনো এজন নেতাৰ যদি আজি প্ৰাৰ্থীত্ব ঘোষণা হৈছে পাছদিনাই বৰবৰ হৰফেৰে সংবাদ শিৰোনামা লাভ কৰিছে দলৰ ভিতৰতে বিৰুদ্ধাচৰণ কৰা এজাক আন নেতাৰ মন্তব্যই। বা সংবাদ পত্ৰই তুলি ধৰিছে অবৈধ সম্পত্তিৰ পাহাৰক লৈ কেইবালানি প্ৰশ্ন! কাৰোবাৰ বিপক্ষে থকা হত্যাকাণ্ডৰ গোচৰ কোনোবাই খুঁচৰি আনিছে। কোনোৱে আকৌ তেওঁলোকৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনেৰে প্ৰশ্ন তোলা কাৰোবাক জেললৈ পঠাইছে।

এতিয়া পৰ্যন্ত নাম ঘোষণা হোৱা তালিকাৰ পৰা কোনো লোকৰে নামৰ বিপৰীতে বিগত কালচোৱাত তেখেতে চলিত সময়ৰ অৰ্থনৈতিক বা সামাজিক সমস্যাক লৈ গণ-আন্দোলন গঢ়ি তোলাৰ নজিৰ নোহোৱা কথাটোৱে, বতৰত দেখা দিবলৈ অহা এজাক নেতাৰহে পুনৰাগমনৰ ইংগিত বহন কৰিছে যেন অনুভৱ হৈছে। শাসনত থকা লোকেই হওক বা বিৰোধী দলৰেই হওক, মাত্ৰ নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰা নেতাৰ পৰা এতিয়া ৰাইজে অশান্তি অনুভৱ কৰিবলৈ লৈছে নেকি, অতিষ্ঠ হৈ উঠিছে নেকি? এইবোৰ প্ৰশ্নও ৰাইজে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে।

আগৰ সাংসদ সকলৰ কাৰ্যকুশলতা আমি বিশ্লেষণ কৰা প্ৰয়োজন নাই, সংবাদ পত্ৰই ইতিমধ্যেই স্থানীয় উন্নয়ন পুঁজিৰ নামত খৰছ কৰিবলৈ দিয়া ধনৰো কেইবাকোটিকৈ ধন উভোতাই পঠোৱাৰ দুৰ্ভাগ্যজনক বাতৰি বৰবৰ হৰফৰে প্ৰকাশ কৰিছেই। সংসদত উপস্থিতি, অংশগ্ৰহণ আৰু সক্ৰিয় অংশগ্ৰহণৰো লজ্বাজনক স্থিতি ৱেব চাইটবোৰত উপলব্ধ হৈছেই। গতিকে তাৰেই ভিত্তিত পুৰণি সাংসদসকলক ৰাইজে নিশ্চয় সু-
বিচাৰ কৰিব।

নিজৰ দলৰ সাংগঠনিক ভিত্তি সৱল কৰাৰ বাবে কাম কৰাৰ ক্ষেত্ৰটো বিগত পাঁচ বছৰে অহৰহ কাম কৰি শিৰোনামা পোৱা নেতাৰো যেন অভাৱহে ঘটিছে। সকলোৱে যেন নিজৰ বিভিন্ন পেশাত (ঠিকা, চাকৰি, সাংবাদিকতা, ব্যৱসায়, আইনবিদ ইত্যাদি) ব্যস্ত হৈ থাকি, এতিয়া টিকট পোৱাৰ প্ৰতিযোগিতাতহে নমাটো অতিশয় লক্ষণীয় হৈ উঠিছে। যি সকল নেতাই বিগত সময়ত নিজৰ দলৰ বাবে সাংগঠনিক কাম-কাজতো মনোনিবেশ কৰিছে তেনে নেতাই  এই নিৰ্বাচনতো আন সকলতকৈ জন-সমৰ্থন পোৱাতো নিশ্চিত। কিন্তু প্ৰাৰ্থী তালিকাত দেখাপোৱা বেছিভাগেই বতৰৰ আলহীহে!

সাংসদৰ হবৰ বাবে প্ৰাৰ্থী হবলৈ যোৱা বহুতো প্ৰাৰ্থীয়েই মনে বিচৰা সমষ্টিৰ চুকে-কোণে ঘূৰিয়েই পোৱা নাই। এতিয়া গুগোলত চাইছে বোধহয়! তাৰ আকাশ-বতাহ-মাটি-পানীৰ সৈতে পৰিচয়, জনগাঁথনি, স্থানীয় সমস্যাৰ বুজ পোৱাটো দূৰৈৰ কথা। উৰ্ধতম মহলৰ পৰা টিকট লৈ নিৰ্বাচন খেলি ৰাইজৰ সমুখত গ্ৰহণযোগ্য নোহোৱা একোখন প্ৰাৰ্থী তালিকাত নাম শুৱনি কৰাতহে এইসকলে মনকান দিয়া যেন অনুভৱ হৈছে।

তাৰ ফলত ৰাইজে গ্ৰহণযোগ্য মানুহ নোপোৱাৰ বাবে "ওপৰৰ এজনো পচন্দৰ নহয়" শীৰ্ষক পচন্দতহে ভোটদান কৰিবৰ বাবে বাধ্য হব। নিশ্চয়কৈ এয়া পৰম্পৰাগত ভাৱে একে পাৰ্টি বা দলক ভোটদান কৰা সকলৰ বাবে প্ৰযোজ্য নহয়। প্ৰযোজ্য নহয়, পকেটত প্ৰলোভনৰ টোপোলা ভৰাই ভোটদান কৰিবলৈ যোৱা সকলৰ বাবেও। প্ৰযোজ্য নহয়, একে জাতি-জনগোষ্ঠীৰ বুলি ভাবিয়েই ভোটদান কৰা সকলৰো ক্ষেত্ৰত। সমস্যা সেইসকলৰ বাবেহে, যি সকলে প্ৰাৰ্থীৰ ইতিহাস, কৰ্মজীৱন, মেধা আদিক বিশ্লেষণ কৰে, দল-মত-নিৰ্বিশেষে গ্ৰহণ কৰিব পৰা নেতাৰ সন্ধান কৰে। কিন্তু এনে লোকৰ বাবে থকা এই "নোটা" পচন্দই এইবাৰ নিৰ্বাচনত নিশ্চয়কৈ সেই সকলক আকৰ্ষিত কৰিব আৰু ফলত আটাইতকৈ অপচন্দৰ প্ৰাৰ্থী একোজনেই ধনৰে কিনা জনবলেৰে ভোটৰ খেলত বিজয়ী হব।

তৃণমূলৰ সামাজিক সংগঠন সমূহৰ সৈতে জড়িত হোৱা, সুখে দুখে সকলো দলৰ, সকলো জাতিৰ ৰাইজে কাষতে পাব পৰা, সমস্যাৰাজিক সৱলভাৱে বিশ্লেষণ কৰি উপযুক্ত মঞ্চলৈ নিব পৰা এনে জননেতাৰ নাম এতিয়াও কোনো দল-সংগঠনেই জনমানসত তুলি ধৰিব নোৱাৰাটো অসমৰ ভৱিষ্যতৰ বাবে দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। সেয়ে এইবাৰৰ নিৰ্বাচনত তাৰ ভিতৰতে ব্যক্তিগত ভাৱে সততা থকা প্ৰাৰ্থীৰ পক্ষে ভোটদান কৰাটো সচেতন লোকসকলৰ বাবে এক দ্বায়িত্ব হৈ উঠিছে। লগতে ব্যক্তিগত সততাক মূলধন কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা সকলে, এইবাৰতে সফল হব নোৱাৰিলেও তাকেই প্ৰেৰণা ৰূপে লৈ অনাগত দিনত নিজকে জননেতাৰ ৰূপত গঢ়ি তুলিবৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। মানুহৰ হৃদয়ৰ কাষ চাপি জন-নেতা ৰূপে উজলি উঠা ৰাজনৈতিক নেতাৰ যে আজি, অসমৰ বাবে অতীৱ প্ৰয়োজন, সেয়া সকলোৱেই অনুভৱ কৰিছে।

No comments:

Post a Comment