Tuesday, March 4, 2014

হাস্য ব্যংগ (লঘু ৰচনা)

টেক্স , হাঁহি, মাটি আৰু 
অলপ বহুমূলীয়া প্রেম!
টুৱাৰাম দত্ত

আজিকালি সকলোতে টেক্স ভৰিব লাগে। অলপমান মুকলি বতাহ, অলপমান মৰম, প্রেম এইবিলাকো টেক্সৰ হাতোৰাৰ পৰা সাৰি যাব পৰা নাই। গুৱাহাটী খনলৈকে নাচায় কিয়? অলপমান মুকলি বতাহ বা মুকলি নীলা আকাশৰ সোৱাদ মৰিবলৈকো কৰবাত বিনামূল্যে বিচাৰি পাবনে? প্রেম কৰিবলৈও বেচেৰা প্রেমিক-প্রেমিকাৰ যোৰাবোৰে পাৰ্কবোৰত টেক্স ভৰিলেহে প্ৰৱেশৰ সুবিধা পায়। কথা পাতিবলৈও মোবাইল ফোনবোৰত টেক্স নিদিলে কেনেকৈ হ’ব?
এতিয়া কি ঠিক চৰকাৰখনে কিজানি হাঁহিৰ ওপৰতো টেক্স লগোৱাৰ কথা বিবেচনা কৰি আছে? একো ক’ব নোৱাৰিহে! গতিকে এতিয়া ফ্রী থাকোতেই অলপমান হাঁহি লওক।

আমাৰ দয়াল বৰ্মণেও আজিকালি অনবৰত হাঁহি থাকিবলৈ লৈছে। পেছাত উকীল বৰ্মণ ডাঙৰীয়া আচলতে সাংঘাতিক গহীন। মুখখন অনবৰতে গোমোঠা কৰি বাৰিষাৰ মেঘে গজা বতৰৰ দৰে ওন্দোলাই থকা বিধৰ আছিল। তেওঁৰ মক্কেলবোৰেতো আগতে বৰ্মণ ডাঙৰীয়াই হাঁহিব নাজানে বুলিয়েই ভাবিছিল। কিন্তু এতিয়া কথাবিলাক অলপ বেলেগ। তেজত মধুমেহৰ উপস্থিতি ধৰা পৰাৰ পিছত তেখেতে হাঁহিবলৈ শিকা আৰম্ভ কৰিলে। প্রথমে অলপ-চলপ কোছিং ও লৈছিল বোলে। মধুমেহত নহঁহাকৈ থাকি টেনশ্যন ললে বেয়া বোলে। বৰ্মণ ডাঙৰীয়া পেছাত উকীল যদিও আচলতে মহানগৰীৰ সম্ভ্ৰান্ত মাটিৰ দালালহে। যেনে তেনে আইনৰ ডিগ্ৰী লৈছিল যদিও ওকালতি কৰিবলৈ যিমানখিনি জ্ঞান বা সাহসৰ প্রয়োজন সিমানখিনি বৰ্মণ ডাঙৰীয়াৰ নাছিল।

কাজেই মাটিৰ দালালীৰ কামবোৰ বেছি সহজ যেন লগা হ’ল। বিশেষ কষ্টও তেনেকৈ নাই। মাত্র মানুহবোৰ মানে কাষ্টমাৰবোৰ পাকৰাও কৰি ফচাই দিব পৰা গুনটো থাকিলেই হ’ল। সেইটো বিদ্যাত তেখেত আগৰেপৰাই সিদ্ধহস্ত আছিল। গতিকে নিজ পেছাত দোপতদোপে উন্নতি কৰাত কোনেও তেখেতক বাধা দি ৰাখিব নোৱাৰিলে। যি কি নহওক, বৰ্মণ ডাঙৰীয়াৰ মাটি বিষয়ক জ্ঞান হ’লে যথেষ্ট আছে। নতুনকৈ হাঁহিবলৈ শিকা আৰম্ভ কৰা বৰ্মণ ডাঙৰীয়াৰ লগত আজিকালি পুৱাই চুবুৰিৰে অন্য দুজনমানো লগ লাগিছেহি। আটাইকেইজনে ষাঠিৰ ঊৰ্ধৰ।

প্ৰাতঃভ্ৰমণত কেওজনে গোটখাই প্রাণখুলি হাঁহে। খোজকাঢ়ে! অলপ-চলপ কথাৰ মহলা মাৰে। কথাবোৰ প্ৰায়ে পাতলীয়া ধৰণৰ হয়। তেখেত সকল আটাইকেইজনৰ বাবে পুৱাবিলাক মধুৰ আৰু ৰসাল হৈ আহিবলৈ ধৰিলে। এদিন কেওজনে ঠিক কৰিলে যে পুৱাৰ সময়খিনিলৈ আৰু অলপ বিচিত্রতা আনিব লাগে। তেখেত সকলে ঠিক কৰিলে যে, কাইলৈৰ পৰা প্রতিটো পুৱাই একোটা বিষয় বাছি লৈ তাৰ ওপৰত অলপমান লিখি আনিব লাগিব। পিছত পুৱা গোটখাই সেইবোৰ পাঠ কৰি অলপমান গঠনমূলক আনন্দ লব। সেইদিনাৰ বিষয় আছিল প্রেম। প্রেমৰ ওপৰত বৰ্মণ ডাঙৰীয়াৰ লেখাটো ৰাইজলৈ আগবঢ়ালো-

“প্রেম এবিধ অলিখিত দলিল। ইয়াত মাটি কিনা-বেচাৰ দৰে দুটা পক্ষ থাকে। বিক্রেতা আৰু কিনোতা। ল’ৰাজন হ’ল কিনোতা আৰু ছোৱালীজনী বিক্রেতা। প্রেম আচলতে তিনিবিধ। ম্যাদি, একচনীয়া আৰু দখলী। যিবিলাকৰ ক্ষেত্ৰত ল’ৰা-ছোৱালী দুয়োটাৰে সন্মতি থাকে; সেই প্রেম ম্যাদি প্রেম। কিন্তু যি প্রেমত কেৱল ল’ৰাজনেহে ছোৱালীজনীক ভাল পায় বা কেৱল ছোৱালীজনীয়েহে ল’ৰাজনক ভাল পায় সেই প্রেম একচনীয়া। তদুপৰি অন্য বিধ প্রেম হ’ল দখলী। ইয়াত ছোৱালীজনীৰ নিজা মর্জি অচল। ধুনীয়া দেখিলেই চালফা জাতীয় বোৰে টকাৰ জোৰত থাপ মাৰি লৈ যায়। বাকী বোৰে ভেবা লাগি মুখ মেলি চায় থাকোতেই যায়।

সি যিয়েই নহওক গোটেই কেইবিধ প্রেমেই আজিকালি দিনক দিনে সাংঘাতিক বহুমূলীয়া হৈ আহিছে। ভালদৰে কিটিপ জানিলে প্রেমত ইনভেষ্ট কৰিলে সময়ত ভাল ৰিটাৰ্ণ পায়। আপোনাৰ ধুনীয়া প্ৰেমিকা থাকিলে অফিচ-কাছাৰীত অফিচাৰবোৰে নহবলগীয়া কামো সমাধা কৰি দিয়ে”।

No comments:

Post a Comment