সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This

গঁড় সংৰক্ষণত সহায়ক হ'ব পৰা বিকল্প প্ৰস্তাৱ
উচ্চজি কলিতা
সম্পাদক মহোদয়,
এইযে অসমৰ গঁড়কেইটা ধৰি ধৰি নাপিত লগাই খৰ্গ খুৰোৱা মধ্যযুগীয় ব্যৱস্থা এটা অসমৰ বাঘা বাঘা ৰাজনীতিবিদসকলে ভাবি উলিয়াইছে, আজিৰ তথ্যপ্ৰযুক্তিৰ যুগত তাতকৈ ভাল প্ৰস্তাৱ নাইয়েই নেকি ?


১) গঁড়বিলাকৰ গাত এখন এখন GPRS Tracking Sim, Satellite Tracking System (মানে সেই জাতীয় উন্নত প্ৰযুক্তি) লগাই দিব পাৰি সৰু অস্ত্ৰোপচাৰ এটা কৰি ছালৰ তলত। গঁড়ৰ ছাল বহুত ডাঠ। গতিকে ছালৰ তলত থাকিলেও ই ওলাই যোৱাৰ সম্ভাবনা নাই। পশু-চিকিৎসক, পৰিবেশ সংৰক্ষক, তথ্য-প্ৰযুক্তিবি...দ আৰু একাগ্ৰ বনকৰ্মীৰ সহায়ত এই কাম কৰা সম্ভৱ। ইয়াৰ ফলত প্ৰতিটো গঁড়ৰ গতিবিধি লক্ষ্য কৰিব পৰা যাব আৰু সেইমতে সুৰক্ষা-কৰ্মী নিয়োগ কৰিলে চোৰাং-চিকাৰীকেইটাক ধৰা পেলাবও পৰা যাব চাগে'।

২) যদিহে কেনেবাকৈ GPRS লগাই বনাঞ্চলৰ ঠায়ে ঠায়ে ভুৱা যান্ত্ৰিক ৰ'ব'টিক গঁড় স্থাপন কৰিব পাৰি, তেতিয়া চিকাৰীৰ বাবে টোপ হিচাপে ব্যৱহাৰ কৰিব পাৰি কিজানি। এইটো অলপ ফিল্মী ধাৰণাযেন লাগিছে যদিও ভালকৈ পৰিকল্পনা কৰিলে কৰিব পৰা যাব চাগে'।

৩) অসমত বৰ্তমান ৩০০০ গঁড় আছে। গতিকে গঁড়ে প্ৰতি দুজনকৈ ৬০০০ গৰাকী বনকৰ্মীৰ সুসজ্জিত বিশেয গঁড় সুৰক্ষা বাহিনী গঢ়ি তোলক। বনকৰ্মীসকলক সামৰিক বাহিনীৰ দৰে মৰ্যদা আৰু সুবিধা প্ৰদান কৰক। ভাৰতবৰ্ষৰ টকা আছে, নাই বুলি মই মানি নলওঁ। কেইজনমান নিবনুৱাৰ চাকৰিও ওলাব।

মানি লৈছোঁ, ইয়াত ধন-জনৰ বহুল ব্যৱহাৰ হ'ব। পিছে নাপিত লগাই বছৰে বছৰে খড়্গ কটা কামতো অযুত ধন ব্যয় হ'ব আৰু তাৰ পৰা একো সুফল নাপায়। জিম্বাৱৱে, কেনিয়াৰ দৰে পিছপৰা দেশে এয়া কৰিছে বাকী একো ভাবিব নোৱাৰি। কিন্তু তথ্য-প্ৰযুক্তি আৰু ধনবলত বহুত আগত থকা ভাৰতে ওপৰত কোৱা পদ্ধতি ব্যৱহাৰৰ কথা ভাবিব পাৰে।

লগতে বনবিভাগত বহুতো যুৱক-যুৱতীৰ চাকৰিও মুকলি হ'ব। অসমত এনেও নিবনুৱা বেছি। এনেকুৱা দিশত সকলোৱেই এবাৰ কথাটো ভাবি চাবৰ হ'ল। 

No comments:

Post a Comment