আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
এইসকল ৰাইজ কিহত মোহাচ্ছন্ন?
ৰঞ্জিত কুমাৰ বৰা 
হাজাৰে হাজাৰে ৰাইজ ৰাজপথলৈ ওলাইছে। নিউজ চেনেলৰ অনুষ্ঠানতো অভাবনীয় ভিৰ। ইমান জয়ধ্বনি! ইমান আকুলতা! কিহৰ মোহত আচ্ছন্ন হাজাৰ হাজাৰ মানুহ? কোনোৱে যদি কংগ্ৰেছ জয় গান গাইছে, কোনোৱে বিজেপিৰ। আন কোনোৱে অগপৰ নামত ডিঙিৰ শিৰা-উপশিৰা ফাটি যোৱাকৈ ধ্বনি দিছে। বামপন্থী দলৰ সমৰ্থনতো ভিৰ। 

আনকি মণি কুমাৰ চুব্বাৰ আহ্বানতো আজি দহোবন কাটি কৰি ৰাজপথত ভিৰ কৰিছে হাজাৰ হাজাৰ মানুহে। এয়া স্বাৰ্থহীন মানুহৰ ভিৰনে? যদি নহয়, তেন্তে স্বাৰ্থ কিহৰ? নিজৰ, পৰিয়ালৰ, দহৰ, দলৰ নে দেশৰ?

কালি টিভিত দেখিলোঁ মুখ্যমন্ত্ৰী তনয় গৌৰৱ গগৈৰ পিছে পিছে হাজাৰ হাজাৰ মানুহ। একেই সমষ্টিত আজি নগাঁৱলৈ মনোনয়ন দিবলৈ যোৱা বিজেপিৰ প্ৰাৰ্থীজনৰ সৈতেও অনেক মানুহ। যোৰহাটত বিজয়কৃষ্ণ সন্দিকৈৰ সমৰ্থনতো মানুহ, প্ৰদীপ হাজৰিকাৰ সমৰ্থনতো মানুহ। ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ মনোনয়ন দাখিল যাত্ৰাত দেখিলোঁ বিশাল সমদল।

কিছুসংখ্যকক বাদ দিলে বেছিভাগে সাধাৰণ মানুহ বুলিলে যি বুজায়, সেই শ্ৰেণীৰ। তেওঁলোকৰ সমস্যা আছে। অভাৱ আছে, নাটনি আছে। লগতে আশাবোৰো চাগৈ মৰহি যাব নোৱাৰাকৈ সযতনে নিজৰ মাজত পুহি ৰাখিছে তেওঁলোকে। তেওঁলোকক সেই মৰহি নোযোৱা আশাবোৰে ৰাজপথলৈ টানিছে নেকি? নে গণতন্ত্ৰৰ মোহে? নে নেতাৰ আকৰ্ষণ?

গৌৰৱৰ ব্যক্তিত্বত ইমান যাদুকৰী আকৰ্ষণ আছেনে? বিজয়কৃষ্ণ সন্দিকৈ, ৰামেশ্বৰ তেলী, ভূপেন বৰা, মণি কুমাৰ চুব্বাৰ মাজত সেই যাদু আছেনে? প্ৰতিটো নিৰ্বাচনতে দেখো নেতাৰ আগে-পিছে জনতাৰ ভিৰ। হাজাৰ হাজাৰ মানুহ। নিৰ্বাচনৰ পিছত কি হয় তেওঁলোকৰ? তেওঁলোকৰ প্ৰতি সংশ্লিষ্ট নেতাজন, সংশ্লিষ্ট দলটো সদয় হয়নে? তেওঁলোকৰ সকলোৱে উন্নয়নৰ প্ৰাপ্য অধিকাৰ লাভ কৰেনে? প্ৰায়েই দেখা যায়, সেইসকলৰ সেৱা চুৰ কৰি নিজৰ জোলোঙা ভৰায় নেতাই। ৰাইজলৈ পিঠি দি ব্যক্তিপূজাত ব্যস্ত হৈ পৰে দল। বঞ্চিত, প্ৰতাৰিত হৈয়েই থাকে দেখোন সমদলত ভাগ লোৱা হাজাৰ হাজাৰ মানুহ। তথাপি ভিৰ নকমে? নে ৰাজনীতিও এক ধৰণৰ নিচা। ৰাগিত আচ্ছন্ন সকলো।... মোহাচ্ছন্ন সকলো।

No comments:

Post a Comment