Friday, March 14, 2014

এক মিনিটৰ গল্প

'বিস্কুট' 
দিগন্ত কুমাৰ ভট্টাচাৰ্য
এইকেইদিন এক দুখৰ ছাঁই আৱৰি আছে চলিহাৰ ঘৰখন। পুৱা-গধূলি ডাক্তৰৰ ভিৰ। জেকীৰ অসুখ। দুদিন ধৰি একো এটা মুখত দিয়া নাই জেকীয়ে। চকুপানী টুকি টুকি ভাগৰি পৰিছে চলিহানী।

সাতবছৰীয়া ৰাজুৰ মাক শ্যামা বায়ে চলিহাহঁতৰ ঘৰত কাম কৰে। বস্তিৰ ল'ৰাবোৰৰ লগত ঘূৰি-ফুৰি থাকে বাবে তাক কেতিয়াবা কামৰ সময়ত মাকে লৈ আহে চলিহাহঁতৰ ঘৰলৈ। সি আজি চলিহানীয়ে কৈ থকা শুনিছে যে জেকীৰ হেনো "লেপ্ট'স্পিৰ'ছিছ" হৈছে। তাৰ মানে কি সি বুজা নাই। ডাক্তৰ এজনে আহি ক'লে পুৱা- 'জেকীৰ বয়স এতিয়া বাৰবছৰ। এই বেমাৰটো হ'লে খাবলৈ ইচ্ছা নকৰিবই। মই এবিধ বিশেষ বিস্কুটৰ নাম লিখি দিছো। অকণমান খুৱাব পাৰিলেও যথেষ্ট। বৰ ভাল বিস্কুট। পেকেট হিচাপে আনিব। পাৰ পেকেট টু থাউজেণ্ড মান পৰিব চাগে।'

মুৰ্গীৰ ঠেঙৰ আকৃতিৰ ভিন্ন ৰঙী বিস্কুট এখন জেকীৰ সন্মুখত ৰাখিলে। জেকীয়ে এবাৰ-দুবাৰ বিস্কুটখন চেলেকি চালে। ৰাজুৰো ক'ব নোৱাৰাকৈয়ে নিজৰ জিভাখন ওলাই আহিল। চিকচিকিয়া মজিয়াখনত পৰি থকা বিস্কুটৰ গুড়ি অলপ সি মুখত দি চালে। এক গভীৰ তৃপ্তিত তাৰ চকুহাল মুদ খাই আহিল।
০০
যোৱা দুদিনৰপৰা ৰাজুৰ জ্বৰ। মাকে কাঁহীত দি থৈ যোৱা সিদ্ধ ভাত আৰু পিয়াঁজ টুকুৰা তেনেকৈয়ে পৰি আছে। তাৰ অকণো মন যোৱা নাই খাবলৈ। আজি তাৰ মাক সোনকালে কামৰ পৰা উভতি আহিল। হাতত এটা পেকেট। 

'তোৰ অসুখ বুলি গম পাই চলিহা বাইদেৱে আজি খাবলৈ কিবা দি পঠাইছে। তেওঁৰ আজি খুব ফূৰ্ত্তি। কুকুৰটোৰ বেমাৰ ভাল হ'ল নহয়।'

ৰাজুৱে একে জাঁপে আহি পেকেটটো খুলি চালে। দেখিলে কেইটুকুৰামান ব্ৰেড। তাৰ চকু দুটা চলচলীয়া হ'ল।
'মা, তই মোৰ কি বেমাৰ হোৱা বুলি কৈছ?'
'জ্বৰ বুলি কৈছোঁ আকৌ...'
'তই মোৰো 'লেপস্পিৰছ' নে কি সেইটো বেমাৰ হোৱা বুলি কিয় নক'লি??'- ৰাজুৰ দুচকুত ভাঁহি আহিল এখন বিস্কুটৰ ছবি। মুৰ্গীৰ ঠেঙৰ আকৃতিৰ......ভিন্নৰঙী!!

No comments:

Post a Comment