Saturday, March 8, 2014

সাময়িক প্ৰসংগ

দেশখন এতিয়াও ভুল মানুহৰ হাততেই আছে...
ৰঞ্জিত কুমাৰ বৰা
ইমান আঁচনি, ইমান পৰিকল্পনা! তথাপি দেশৰ উন্নতি মন্থৰ। খাদ্য সুৰক্ষা আঁচনিয়ে উদঙাই দিছে দেশৰ ৬৭ শতাংশ লোক এতিয়াও দৰিদ্ৰ সীমা ৰেখাৰ তলত। স্বাধীনতা লাভৰ ৬৬ বছৰ পাৰ হ’ল। দেশৰ জনসাধাৰণৰ দুৰ্দশা সামগ্ৰিক ছবিখনৰ বিশেষ সলনি নহ’ল। ক্ৰয় ক্ষমতা আজিও শোচনীয় অৱস্থাত। তাৰেই সুযোগ লৈ ১ টকীয়া, ৩ টকীয়া, ৫ টকীয়া খাদ্য সামগ্ৰীৰ প্ৰলোভন দি, যোগান ধৰি দিল্লী, দিছপুৰৰ চকী দখল কৰাৰ ফন্দি পাতে ক্ষমতালোভী ৰাজনৈতিক নেতাই।

সূতা, কম্বল, আঁঠুৱা বিলাই নিৰ্বাচনী বৈতৰণী পাৰ হয়। প্ৰাৰ্থনাৰে ভোট বিচৰাতকৈ সেইদৰে ভোট ‘মেনেজ’ কৰি শাসনৰ গাদীত বহে বাকপটু নেতাই। বছৰ পাৰ হয়, এটাৰ পিছত এটাকৈ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ম্যাদ শেষ হয়। পৰিকল্পনাৰ নামত আবণ্টিত ধনৰ সিংহভাগ মুষ্টিমেয় বণিয়া, কৰ্প’ৰেট হাউছৰ স্বত্তাধিকাৰৰ জেপত সোমায়। কমিছন খাই নিজকে ধন্য মানে চৰকাৰী নীতি নিৰ্ধাৰণকাৰীয়ে। একেই থাকে সাধাৰণ ৰাইজৰ দুৰৱস্থা। বজাৰত সামগ্ৰীৰ দাম বাঢ়ে। লাভ হয় দালালৰ। লাভ হয় দালালৰ পৃষ্ঠপোষক শাসকৰ। কৃষকে নাখাই মৰে। 

উত্তৰ-পূৰ্বাঞ্চলৰ কথাকে ভবা যাওক। অইন কিবা থাকক বা নাথাকক, সোন্দৰ্য বিক্ৰী কৰিয়েই অঞ্চলটোৱে ধনী দেশৰ সৈতে ফেৰ মাৰিব পাৰিলেহেঁতেন। সোন্দৰ্যৰ বেহাই অঞ্চলটোত ন ন ব্যৱসায়িক ক্ষেত্ৰৰ উন্মোচন কৰিলেহেতেঁন। পূবৰ দুৱাৰ মুকলি কৰি দিলে উন্নতিৰ নতুন নতুন সম্ভাৱনা মুকলি হ’লহেঁতেন।

দিল্লীৰ কৃপালৈ মুখ মেলি চোৱাতকৈ দিল্লীয়ে আশা ভৰা দৃষ্টিৰে চালেহেঁতেন সাতভনীলৈ। স্বাধীনতাৰ পিছত এখন এখনকৈ দুৱাৰ বন্ধ কৰিহে দিয়া হ’ল। অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নগালেণ্ড প্ৰতিখন ৰাজ্যতেই আছে পৰ্যটনৰ বিপুল সম্ভাৱনা। অৰণ্য, পাহাৰ, সমতল, নদী, জনগোষ্ঠীয় বিচিত্ৰতা সকলো আছে। সাৰুৱা মাটি, চাহৰ খেতি, ফল-মূল, বনৌষধিৰে ভৰা সাতভনীৰ বুকু। হাফলঙে সোন্দৰ্যৰে পৃথিৱীৰ যিকোনো পৰ্যটনস্থলীৰ সৈতে ফেৰ মাৰিব পাৰে। আন্তঃগাঁথনিৰে সঠিক ৰূপত গঢ়ি তুলিলে অৰুণাচল, অসম তথা বাকীকেউখন ৰাজ্যৰ মনোৰম প্ৰাকৃতিক সোন্দৰ্যই মুগ্ধ নকৰা মানুহ বিচাৰি পাবলৈ টান হ’লহেঁতেন। পৰ্যটকেৰে গিজিগজাই থকা অঞ্চলটোৰ নাগৰিকে আন্দোলন কৰাৰ যুক্তি বিচাৰি পালেহেঁতেননে? আহৰি থাকিলহেঁতেননে? পূবৰ দুৱাৰে আনি দিব পৰা উন্নয়নৰ বিপুল সম্ভাৱনাই এই অঞ্চলৰ মানুহৰ জীৱন-যাত্ৰা সলনি কৰি নিদিলেহেঁতেননে? কিন্তু সেইবোৰৰ বাবে আঁচনি ক’ত? পৰিকল্পনা ক’ত?

আজি ক’বলৈ মন গৈছে— আমাক দুটকীয়া-তিনিটকীয়া চাউলৰ আঁচনি নালাগে। আমাক লাগে ত্ৰিশটকীয়া চাউল ক্ৰয় কৰাৰ ক্ষমতা। আমাক এশ কৰ্মদিনৰ নিশ্চিতিৰে ভৰা আঁচনি নালাগে, আমাক লাগে কৰ্ম সংস্থাপনৰ উত্তৰণ ঘটোৱা আঁচনি। অঞ্চলটোৰ আন্তঃগাঁথনিৰ সুব্যৱস্থা হ’ব পৰা আঁচনি লাগে। পৰিৱেশসন্মত বিদ্যুৎ উৎপাদনৰ আঁচনি লাগে। প্ৰতিযোগিতাৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক্ষা ব্যৱস্থা লাগে। আমাক পৰ্যালোচনা লাগে, ইমান বছৰে পৰিকল্পনাৰ নামত ব্যয় হোৱা ধনৰ বিনিময়ত দেশখনে অথবা সাতভনীয়ে কি পালে? ৰাজনৈতিক দুৰ্গন্ধযুক্ত আঁচনি, পৰিকল্পনাৰে দেশ গঢ়িব নোৱাৰি। ৰেহাইমূলক আঁচনিয়ে দেশৰ অৰ্থনৈতিক উন্নতিৰ বুনিয়াদ গঢ়িব নোৱাৰে। দুৰ্ভাগ্যজনক কথাটো হ’ল কংগ্ৰেছ, বিজেপি, চি পি এম কাৰোৱেই হাতত নাই তেনে আঁচনি। নিৰ্বাচনৰ সময়ত মিঠা প্ৰতিশ্ৰুতিৰ বাবে আজিলৈকে কোনোৱে সেই দিশত কাম কৰাৰ নজিৰ নাই। দেশখন এতিয়াও ভুল মানুহৰ হাততেই আছে ! আৰু কিমান দিন?

No comments:

Post a Comment