Saturday, March 8, 2014

জীৱনৰ অনুভৱ

"নাৰী"
দিগন্ত কুমাৰ ভট্টাচাৰ্য
আজি ৰাতিপুৱা….। এওঁ পাকঘৰৰপৰা মাত লগালে, ‘হেৰা, এটা কণীও নাই। কেইটামান আনাগৈচোন বজাৰৰ পৰা’।

লগে লগে বুজি পালোঁ আজি নিশ্চয় ব্ৰেকফাষ্টত লুচী আৰু কণী-আলু ভাজি! আস!! এনেতে মোৰ মোবাইলত এছ.এম.এছ এটা আহিল। সেইটো পঢ়ি মই হাঁহি ৰখাব পৰা নাই।
‘হেৰা শুনাচোন, জমনি কথা এটা…ভগৱানেই হেনো বুজি নাপায়, আমিনো কোন কূটা? শুনিবা…

…..অসমৰ ল’ৰা এজন গোৱালৈ ফুৰিবলৈ আহিল। গোৱাৰ ৰূপত মুগ্ধ হৈ সি ভাবিলে যদি সঁচাকৈয়ে ভগৱান থাকিলহেঁতেন এটি বৰ খুজিলেহেঁতেন। এনেতে আবিৰ্ভাৱ হ’ল ভগৱান বিষ্ণুৰ।
ভগৱান: “তোৰ মনৰ এটি ইচ্ছাৰ কথা ক, মই পূৰণ কৰিম”।

ল’ৰাজনে ক’লে, “হে ভগৱান, গোৱাৰ কি মনোমোহা ৰূপ! কিন্তু অসমৰপৰা ইয়ালৈ আহিবলৈ বহুত সময় লাগে। আপুনি যদি এখন অসমৰপৰা গোৱালৈকে ডাইৰেক্ট ফ্লাই-অ’ভাৰ নিৰ্মাণ কৰি দিয়ে, মই ফুল স্পীডত গাড়ী চলাই যেতিয়া মন যায়, আহিব পাৰিলোঁহেতেন!”

ভগৱান: “তোৰ মনৰ ইচ্ছা মই পূৰণ কৰিম কিন্তু অসম আৰু গোৱাৰ মাজৰ দূৰত্ব বহুত অ’। মাজত বহুত নদ-নদী আছে। গতিকে ইয়াৰ বাবে বহুত শিল-বালি-চিমেন্ট আৰু শ্ৰমৰ প্ৰয়োজন..তই বেলেগ ইচ্ছা এটাৰ কথা কৈ দে, লগে লগে পূৰণ কৰিম”।

ল’ৰাজনে অলপ পৰ ভাবি ক’লে, “মোক যোৱা তিনিবছৰত চাৰিজনী প্ৰেমিকাই এৰি গুচি গ’ল। সিহঁতে যাওঁতে কৈ যায় মই হেনো তেওঁলোকৰ মন বুজিবলৈ চেষ্টাই নকৰিলোঁ। নাৰীয়ে মনে মনে থাকিলে, মুখখন ফুলালে, চকুদুটি চলচলীয়া কৰিলে -কি বুজিম বাৰু? আপুনি মোক এনে এটা বৰ দিয়ক যাৰ দ্বাৰা মই মুখ দেখিলেই নাৰীৰ মন পঢ়িব পাৰো আৰু বুজিব পাৰো নাৰীৰ….।"

ভগৱান: “হেৰি নহয় বোপাই, তই কি কৈছিলি? ফ্লাই-অ’ভাৰ?? দুটা লেন থকা লাগিব নে চাৰিটা লেন থকা লাগিব??”
…..
মই এছ.এম.এছটো পঢ়ি আকৌ হাঁহিলোঁ -ধেই ইমান জমনি! এওঁ মুখখন বেঁকা কৰিলে।

“হেঃ হেঃ মই বজাৰলৈ যাওঁ দিয়া..লুচীৰ কাৰণে আটা-ময়দা আছে নহয়?” - মই বজাৰলৈ যাবলৈ ওলালোঁ।

“লুচী? ভাবিছিলোঁ ভাজিম বুলি..এতিয়া মন সলনি হ’ল। কিয় তোমাৰ ভগৱান বা তুমি, কোনেওতো নাৰীৰ মন বুজিবই নোৱাৰা..। কণী আনিবা, দুপৰীয়া চুলিত লগাম আৰু শ্বেম্পু কৰিম..। এতিয়া মই পাৰ্লাৰলৈ যাওঁ। দুঘন্টা লাগিব। মোৰ এতিয়া ভোক নাই…. তোমাৰ মন গ’লে মেৰি বিস্কুটেৰে ব্ৰেকফাষ্ট কৰা….।"

No comments:

Post a Comment