প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ 
ড° বুলজিৎ বুঢ়াগোহাঁই
এম.বি.বি.এছ.(M.B.B.S.) পাঠ্যক্রমৰ উপৰিও চিকিৎসা খণ্ডত আন কেইবাটাও পাঠ্যক্রম আছে । এইবোৰৰ ভিতৰত বি.ডি.এছ. , আয়ুৰ্বেদিক, হোমিঅ’পেথিক , ফাৰ্মাচী , নাৰ্চিং , পেৰামেডিকেল চায়েঞ্চ(Paramedical Sciences) আদি উল্লেখযোগ্য । 

 চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (MBBS) শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৬০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (MBBS) পঢ়াৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (http://www.gmchassam.gov.in/),
অসম চিকিৎসা মহাবিদ্যালয় (http://www.assammedicalcollege.in/), 
শিলচৰ চিকিৎসা মহাবিদ্যালয় (http://www.smcassam.gov.in/), শিলচৰ;
যোৰহাট চিকিৎসা মহাবিদ্যালয় (http://www.jmch.org.in/), যোৰহাট;
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় ( http://faamcassam.co.in/) , বৰপেটা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ

অসমৰ গুৱাহাটীত থকা আঞ্চলিক দন্ত মহাবিদ্যালয়ত বি.ডি.এছ. (B.D.S.) পাঠ্যক্রম পঢ়াৰ সুবিধা আছে। বি.ডি.এছ. (B.D.S.) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৬০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় ।

অসমৰ গুৱাহাটীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় (http://gacassam.webs.com )ত আয়ুৰ্বেদিকৰ স্নাতক পাঠ্যক্রম (B.A.M.S.) পঢ়াৰ সুবিধা আছে। এই পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । ইয়াত স্নাতকোত্তৰ পাঠ্যক্রম আৰু দুবছৰীয়া ডি ফার্মা(আয়ু) পাঠ্যক্রম পঢ়া সুবিধা আছে।

হোমিঅ’পেথিকৰ স্নাতক (BHMS) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্রম পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল : অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ,নগাঁও ; শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় , গুৱাহাটী ; ডাঃ জে. এন. শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ,যোৰহাট। 

নাৰ্ছিঙৰ স্নাতক পাঠ্যক্রম পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল :আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীত ; নাৰ্ছিং মহাবিদ্যালয় , ডিব্রুগড়; নাৰ্ছিং মহাবিদ্যালয় শিলচৰ । নাৰ্ছিঙৰ পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে ।

ফাৰ্মাচীৰ ডিপ্ল’মা পাঠ্যক্রম (D.Pharm.) পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল : অসমৰ ইনষ্টিটিউট অৱ ফাৰ্মাচী , গুৱাহাটী চিকিৎসা মহাবিদ্যালয় , গুৱাহাটী ; ইনষ্টিটিউট অৱ ফাৰ্মাচী ,অসম চিকিৎসা মহাবিদ্যালয়,ডিব্রুগড়;ইনষ্টিটিউট অৱ ফাৰ্মাচী ,শিলচৰ চিকিৎসা মহাবিদ্যালয় ,শিলচৰ । এই পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে ।

পেৰামেডিকেল চায়েঞ্চ(Paramedical Sciences)ৰ বিভিন্ন বিভাগত (Cardiac Care Technology,Dialysis Technician Course, Emergency & First Aid,ICU Technology,Medical Laboratory Technology,Medical Radiographic Technology,O.T. Technology (OT + Anaesthesia + Endoscopy), Physicians Assistance Course,Physiotherapy) ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল : ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড়;ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী;ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , শিলচৰ; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট । পেৰামেডিকেলৰ বিভিন্ন বিভাগত ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।

ওপৰত উল্লেখ কৰা সকলো পাঠ্যক্রম পঢ়া বাবে অসমত বক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠান আছে। ছাত্র-ছাত্রীসকলে চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ সবিশেষ জানিবলৈ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in)ত চাব পাৰে ।

No comments:

Post a Comment