লোকেল গুজৱ,কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ,কম

লোকেল গুজৱ,কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. কালি ঘৰত নিৰ্বাচনী বিধি ভাঙি চেক বিতৰণ কৰি সংবাদ শিৰোনামা দখল কৰিলে হিমুকন শৰ্মাই। পিছে ভিতৰুৱা খবৰ মতে সত্য নাৰায়ণ, মনসা পূজাৰ বিধি পাঠৰ পাছত বিলোৱা সেয়া লক্ষ্মীৰ প্ৰসাদহে আছিল! এই বিষয়ে অপ-প্ৰচাৰ চলাই জনপ্ৰিয়তা দিবলৈ চেষ্টা কৰাৰ বাবে ল'-প্ৰফাইলত থাকি ভালপোৱা হিমুকন দাই মানহানি গোচৰ তৰিব বুলিও গোপন খবৰ প্ৰকাশ কৰিছে।

২. এতিয়া বজাৰৰ চাহিদাৰ ফালৰ পৰা চাই শীৰ্ষত বাণী বাইদেউৰ প্ৰতিকৃতিৰেই আটাইতকৈ দাম বৃ্দ্ধি পোৱা বুলি খবৰ পোৱা গৈছে। চাহ বাগিচা, জনজাতি আদি প্ৰায়বোৰ সংগঠনেই তেওঁৰ প্ৰতিকতি দাহৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলতে এই মূ্ল্যবৃ্দ্ধি হোৱা বুলি খবৰ আহিছে। সেয়ে এই বতৰত বেলেগ নাৰী মূৰ্তিতো বাণী বাইদেউৰ নাম লিখি নকল প্ৰতিকৃতি দাহৰ দৰে ঘটনা হব পাৰে বুলিও চোৰাংচোৱা সূ্ত্ৰই প্ৰকাশ কৰিছে।

৩. কোনোবা বিশেষ পাৰ্টি জিকিলে কাৰোবাক  ওপৰৱালাই কেতিয়াও ক্ষমা নকৰে বুলি প্ৰকাশ কৰিলে অসমৰ চালানী বিশেষজ্ঞ অগৰুদ্দিন চাহাবে। তেখেত বিদেশৰ মাটিৰ পৰা হটলাইনত ওপৰৱালাৰ লগত কথা পাতি আহি এই কথা প্ৰকাশ কৰিছে বুলি দাবী কৰিছে। সেয়ে ওপৰৱালাৰ কথা মানি, অগৰুদ্দিন চাহাবে যাৰ যাৰ লগত চেটিং কৰি আগধন লৈছে তেওঁলোককহে ভোটদান কৰিলে পুন্য হব বুলি সকলোকে পতিয়ন যাবলৈ আহ্বান জনাইছে। তেখেতে বিশেষ নিৰ্বাচনী জৰা-ফুকা পানীও বিনামূলীয়াকৈ বিতৰণ কৰিব বুলি গুজৱ ওলাইছে।

৪. শপতনামাত ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ তুলি শিৰোনামা পালে ছাত্ৰ কল্যান সংগঠনে। পিছে এনে অভিযোগে ৰাণী আৰু যুৱৰাজৰ কেঞা আঙুলিও ল'ৰাব নোৱাৰে বুলি ভৱিষ্যতবাণী কৰিছে আমাৰ জ্যোতিষী হিৰো ইয়ঙে। তেওঁৰ মতে এইটো কেচত বিৰোধী বা প্ৰতিদ্বন্দীয়েও মাত নামাতে আৰু সকলোৱে এইক্ষেত্ৰত আমি একেখন নাঁৱৰে যাত্ৰী গীতটোহে সমবেত ৰূপত পৰিবেশন কৰিব আৰু এয়াই দেখিবলৈ পোৱাতো ৰাইজৰ ভাগ্য হব বুলিও ইয়ঙে আঙুলিয়াই দিছে।

৫. দেশৰ নাম সলাই "ইউনাইটেড ষ্টেটছ অৱ ইণ্ডিয়া" কৰিবলৈ লুঙি পিন্ধি আহ্বান জনালে এগৰাকী দক্ষিণৰ নেতাই। তাকে দেখি উত্তৰৰ জনতাই সকলো নেতাকেই নেতাজীৰ ঠাইত নতুন নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। মাত্ৰ নিৰ্বাচনৰ বতৰতে কৰবাৰ পৰা উৰি আহি ভুটুংকৈ ওলোৱা বাবেই পাঁচ বছৰত অচিনাকি হৈ পৰা নেতা সকলক "ইউ এফ অ" বা "আন-আইডেণ্টিফাইড ফ্লাইং অৱজেক্ট" বুলি মাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে!

৬. লখিমপুৰৰ সৰ্বগ্ৰাসী শিক্ষাত মাত্ৰ ৭লাখ টকাৰ কেলেংকাৰীক সংবাদ শিৰোনামা দিয়াক লৈ সমালোচিত হৈছে স্থানীয় সাংবাদিক মহল। এনে কম দামী বাতৰিত সময় নষ্ট কৰাতকৈ গ্ৰামোন্নয়ন, জলসম্পদ আদিৰ বৰ বৰ কোটি টকীয়া কেচত হাত দিলেহে নিজৰো উন্নতি হব বুলি বাতৰি কাকত বিলোৱা সচেতন শৰ্মাই প্ৰকাশ কৰিছে।

৭.  যোৱা সপ্তাহত আইনাৰ দৰে স্বচ্ছ বুলি নিজকে দাবী কৰা মণিৰাম চুম্মা চাহাবে এই সপ্তাহত আটাইতকৈ কম খৰছত জয়ী হোৱা মানুহ বুলিও নিজকে দাবী কৰিছে।  তেখেতৰ এই অভিলেখে দুখীয়া ৰাইজকো নিৰ্বাচনত অংশ লৈ জিকি অহাৰ সপোন দেখুৱাব পাৰিব বুলি প্ৰশংসক মহলে আশা ব্যক্ত কৰিছে।

৮. স্পৰ্শকাতৰ ভোটকেন্দ্ৰত আকাশৰ পৰা নিৰীক্ষণ ৰাখিব নিৰাপত্তাৰক্ষীৰ হেলিকপ্টাৰে। হেলিকপ্টাৰৰ চাইলেঞ্চাৰ লগাই উৰি নেকি বুলি প্ৰশ্ন তুলিলে সন্ধানীমন দেৱশৰ্মাই। নহ'লে হেলিকপ্টাৰৰ শব্দ শুনিয়েই চোন সকলো চিধা হৈ থাকিবই, তাত আকৌ নিৰীক্ষণ কৰিবলগীয়া কি বাকী থাকিব বুলিও  শৰ্মাই প্ৰশ্ন তুলিছে।

৯. লখিমপুৰলৈ চাবুৱাৰ পৰা যাবলৈ দুখন নাও চলিছে বুলি প্ৰকাশ কৰিছে বিষমবাদী চাহুৱে। যিকোনো এখনতহে যাত্ৰীয়ে ভৰি দিয়া উচিত, দুয়ো নাঁৱত ভৰি দিলে  কথা বিষম হব বুলিও প্ৰকাশ কৰিছে।  তাকে লৈ এতিয়া সচেতন মহলৰ মাজত কোনখন নাও সুৰক্ষিত তাকে লৈ তুলনামূলক বিশ্লেষণ চলা বুলিও জানিব পৰা গৈছে।

১০.  "আচল পদুম বনাম নকল পদুম" নামৰ এখন ৰহস্য উপন্যাস লিখি উলিয়াইছে ৰাজস্থানৰ য়শৰাজ সিঙে। টিকট নোপোৱাৰ পাছতে তেখেতে এই ৰহস্য উপন্যাস পঢ়ি সাধাৰণ লোকেও ফুল বিশেষজ্ঞ হব পাৰিব বুলি প্ৰকাশ কৰিছে। এই উপন্যাসখন উন্মোচন কৰি তেখেতে টিভিত লাইভ চকুপানী টোকা বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

No comments:

Post a Comment