লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. ফাকুৱা আৰু অনাগত নিৰ্বাচন উপলক্ষে দেশজুৰি আৰম্ভ হৈছে নেতাৰ মুখ ক'লা কৰা প্ৰতিযোগিতা। কোনে কাৰ মুখত ক'লা চিঞাহী সনাৰ বাবে কাৰ পৰা পুৰস্কাৰ লাভ কৰিব সেয়া যদিও নিশ্চিত হোৱা নাই যদিও, কালি দিল্লীত ইয়াৰ শুভাৰম্ভ টিভিৰ পৰ্দাতে হোৱাৰ পাছত দেশত বিশেষকৈ যুৱ চামৰ মাজত এই প্ৰতিযোগিতাই প্ৰৱল উতসাহৰ সৃষ্টি কৰিছে। "কাৰ মুখ ক'লা কৰিব খোজে আপুনি" শীৰ্ষক এক এচ.এম.এচ সমীক্ষাও ডি-ভোটাৰ নামৰ সংস্থাই আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। যাৰ নামত সৰ্বোচ্চ সংখ্যাৰ এচ.এম.এচ দি ৰাইজে ৰায়দান কৰিব তেওঁক ইলেকচনত ভাগ লোৱাৰ পৰা বাৰণ কৰিবলৈ নিৰ্বাচনী আয়োগক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন জনাব বুলিও সংস্থাটোৱে ঘোষণা কৰিছে।

২. সাতদিনৰ পৰা পোন্ধৰ দিন পৰ্যন্ত সাধাৰণতে গা নোধোৱা সকলৰ বাবে বিশেষ সুগন্ধি বজাৰলৈ আহিছে। "পষেক ফ্ৰেছ" নামৰ এই ডিঅ'ড্ৰেণ্টে গৰম আৰু ঠাণ্ডা দুয়োটা বতৰতে সুফল দিব আৰু ই আবেদনময়ীতাৰ ক্ষেত্ৰত ৯গুণ অধিক কাৰ্যক্ষম বুলিও ব্ৰেণ্ড এম্বেচাদৰজনে প্ৰকাশ কৰিছে।


৩. সৰুকন গগৈক ইলেকচনত ৱাক অভাৰ দিবলৈ ওলাইছে ৰাজ্যৰ বিৰোধী দল সমূহে। ডাঙৰকন গগৈৰ ভিতৰুৱা ফোনকলৰ সহাঁৰি দি সকলোৱে নিজৰ নিজৰ সন্তান থিয় হ'লে এনেকৈ বাকীবোৰেও সহযোগিতা কৰিব লাগে বুলিও মত প্ৰকাশ কৰিছে। মেডিয়াত বা পাৰ্টিৰ মজিয়াত মানুহবোৰ ভাগ ভাগ হলেও ব্যক্তিগত ভাৱে সকলো বন্ধু মানুহ বুলি গগৈছাৰে উল্লেখ কৰি, কাইলৈ তেওঁলোকৰো সতি-সন্ততি ডাঙৰ হব বুলিও বাকীসকলক আঙুলিয়াই দিছে। বেলেগ ৰাজ্যত এনেদৰেই মিলিজুলি ৰাজনৈতিক পৰিয়ালবোৰে ইটোৱে সিটোক সহায় কৰেই, অসমতো এই পৰম্পৰাৰ শুভাৰম্ভ কৰিবলৈ ছাৰে উদ্যোগ লৈছে আৰু আনৰ পৰা ভাল শিক্ষাটো লোৱাই বু্দ্ধিমানৰ কাম বুলিও উল্লেখ কৰিছে।

৪. অহা সপ্তাহত ব্লক পৰ্যায়ত আয়োজন কৰা হৈছে "ৰাজনৈতিক ভজন কৰ্মশালা"। ইয়াৰ দ্বাৰা গাঁৱলৈ অহা নেতাৰ গুণানুকীৰ্তন কৰা, ভজন কৰা, তাৰ পাছত সংঘ, অনুষ্ঠানৰ বাবে দান-বৰঙণি বিচৰা আদি বিষয়ৰ ওপৰত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হব। এইবিষয়ে সমল ব্যক্তি ৰূপে চান্দা বৰঙণি বিশেষজ্ঞ সকলে বিভিন্ন জাতীয় সংগঠনৰ হৈ অংশগ্ৰহণ কৰিব। 

৫. নিৰ্বাচনৰ অংক সঠিককৈ কৰিবৰ বাবে স্থানীয় সাংবাদিক সকলৰ বাবে এক "পাৰ্টীগণিতৰ কৰ্মশালা" আয়োজন কৰিছে স্মাৰ্ট সাংবাদিক সুৰক্ষা সংস্থাই। নিৰ্বাচনত ওপৰে তলে ইমান হিচাব থাকে যে তাক সাধাৰণ পাটীগণিতে ঢুকি পাবলৈ সক্ষম নহয়। সেয়ে পাৰ্টীৰ ভিতৰুৱা অংক কৰিব পৰাকৈ এই পাৰ্টি-গণিত নামৰ পাঠ্যপুথিখনৰো প্ৰৱৰ্তন কৰা হৈছে। ইয়াত "পইচাৰ খেল আৰু ভোটৰ সংখ্যাত পইচাৰ প্ৰভাৱ" শীৰ্ষক অধ্যায়ত সমল ব্যক্তি ৰূপে শ্ৰদ্ধাৰ মণিৰাম চুব্বা চাৰেও নিজৰ হিচাব-নিকাচৰ শিক্ষা প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে।

৬. শংকৰদেৱক অসমৰ ভিতৰত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ আখ্যা দিয়াক লৈ হৈছে বিৰুপ প্ৰতিক্ৰিয়া। তেখেত অতীজৰ হব পাৰে, কিন্তু বৰ্তমানৰ অসমত ৰসাল গগৈতকৈ ভাল নাট্যকাৰ, অভিনেতা নাই বুলি দাবী কৰিছে কইনাধৰা ভ্ৰাম্যমাণ নাট্য সংঘই। তেওঁলোকো দাবী কৰা মতে চিৰিয়াছ চিৰিয়াছ কথাকো টুলুঙা ভাষাৰে হাস্যৰসলৈ পৰিণত কৰাত গগৈ ছাৰৰ দক্ষতা কোনো কালেই আন অসমীয়াই অৰ্জন কৰিব নোৱাৰে আৰু তেখেতেই এই ক্ষেত্ৰত অদ্বিতীয় বুলিও দাবী কৰিছে। ৰাইজেই ইয়াৰ বিচাৰ কৰি এচ.এম.এচ কৰিব পাৰিব বুলিও প্ৰকাশ কৰিছে।

৭. নাৰী দিৱস উপলক্ষে গগৈ ফাউণ্ডেচনৰ ফালৰ পৰা কোনো নতুন আঁচনি ঘোষণা কৰিব নোৱাৰাৰ বাবে আঁচনি ফেক্টৰী, কইনাধৰাৰ পৰা সমগ্ৰ নাৰী জাতিলৈ ক্ষমা প্ৰাৰ্থনা ভিক্ষা কৰিছে। নিৰ্বাচনী বিধিয়ে পথালি নিদিয়া হ'লে বাইদেউ, ভণ্টি, খুলশালী আদি বিভিন্ন কাষ্টমাইজড আঁচনি ঘোষণা কৰিবলৈ ছাৰৰ মন আছিলেই বুলিও প্ৰকাশ কৰিছে। লগতে বিহুৱতী সকলৰ বাবে জানমণি, অঞ্জনা, জোনবাই আদি আঁচনি ঘোষণা কৰাৰ পৰিকল্পনাবোৰ সপোন হৈয়ে থাকি যোৱাত গগৈদেৱে খেদ প্ৰকাশ কৰিছে। কিন্তু এইবাৰ নোৱাৰিলেও অহা বসন্তত তেওঁ অসমৰ নাৰী সমাজক এইবোৰ উপহাৰ দিবই বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

৮. হাতোৰা পাৰ্টিৰ যুৱৰাজ মাইনাই নাপিত, চাফাই-কৰ্মী, ৰিক্সা-চালক সকলৰ সৈতে পাৰ্টিৰ কৰ্মকৰ্তা সকলৰ সম্পৰ্ক  মধুৰ কৰি গঢ়ি তুলিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে। এজন প্ৰতিদ্বন্দীয়ে চাহ খোৱাৰ পৰতে ভোটাৰৰ মন হাইজেক কৰাৰ পৰিকল্পনাৰে দেশজুৰি গৰম চাহ উতলোৱাৰ খবৰ পোৱাৰ পাছৰে পৰাই মাইনাও চিন্তাত পৰিছে। সেয়ে এই সকল লোকক টাৰ্গেট কৰি "ৰঙীন পানীৰে দেখক ৰঙীন সপোন" কাৰ্যসূচী চলাবলৈ আহ্বান জনাইছে। সেইমৰ্মে দেশী, বিদেশী, থলুৱা যিকোনো পানীয়ৰে প্ৰয়োগ কৰিব পাৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে বুলি গোপন সূ্ত্ৰৰ পৰা জানিব পৰা গৈছে।

৯. মাণিৰাম চুব্বা চাৰে টিকট নোপোৱাৰ পাছতে এতিয়া নিৰ্দলীয় হৈ ইলেকচন খেলিব বুলি ঘোষণা কৰিছে। খেলিম খেলিম বুলি ইমান দিন ৰৈ থকাৰ পাছত খিলাড়ী মানুহক খেলিবলৈ নিদিলে কেনেকুৱা অৱস্থা হয়, সেই কথাটো অনুভৱ কৰিবলৈ চুব্বা চাৰে ৰাইজক আহ্বান জনাইছে। সেয়ে জিকক হাৰক অলিম্পিকত ভাগ লোৱাটোও গৌৰৱ বুলি কৈ, এইবাৰ নেখেলাকৈ নেৰে বুলি প্ৰকাশ কৰিছে। সেয়ে ন-পুৰণি সকলো শহুৰ-মিতিৰ সকলক সংঘবদ্ধ কৰিবলৈ মিতিৰ ফুৰা কাৰ্যসূচী যুগুত কৰিছে বুলিও জানিব পৰা গৈছে। পাৰিলে মিতিৰৰ নতুন নতুন শাখা সমিতি স্থাপন কৰাতো আগভাগ লব বুলি জানিব পৰা গৈছে।

১০. আপোনাৰ সন্তানে যদি ভাত খাবলৈ মন নকৰে, তেন্তে খিচিৰি খুৱাবলৈ চেষ্টা কৰক। খিচিৰি খাবলৈ মন নকৰিলে তাক কে.এফ.চি জাতীয় গোটা ভজা মাংস খুৱাবলৈ যত্ন কৰক। কেতিয়াও ভুলতো চাইনীজ খোৱাই তাক সস্তীয়া কৰি নেপেলাব! তাৰ সলনি ৰাতিপুৱা গধুলি "লায়নচ বিস্কুট" তাৰ মুখত জোৰকৈ হলেও গুজি দিয়ক। লায়নচ বিস্কুট খালে বুদ্ধি-বৃত্তি ইমানেই বাঢ়িব যে সি মহানগৰৰ লায়নচ ক্লাৱৰ সভাপতি হব পৰাৰ যোগ্যতা অতি সোনকালেই অৰ্জন কৰিব। বিতৰকৰ প্ৰেছ বিজ্ঞপ্তিৰ পৰা এই কথা জানিব পৰা গৈছে।

No comments:

Post a Comment