লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান


১. মাজনিশা দুৱাৰ ভাঙি কৃষক নেতাক গ্ৰেপ্তাৰ কৰি বীৰত্বৰ পৰিচয় দিলে ৰঙা টুপি বাহিনীয়ে। কইনাধৰাৰ পৰা হট লাইনত চাব্বাচী পোৱাৰ লগতে ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে পোনে পোনে মনোনয়ন দিয়াৰ গোপন খবৰ।মহিলা থকা ৰুমত হাতোৰা পাৰ্টিয়ে বিচাৰিলে যি কোনো সময়তে দুৱাৰ ভাঙি সোমোৱাৰ পুলিচৰ অধিকাৰত সংবিধানে কোনো পধ্যেই মাত নামাতে বুলিও দিল্লীৰ পৰা আইন বিশেষজ্ঞই কৰিলে প্ৰকাশ। দিল্লীৰ খিৰিকি এক্সটেনশ্যনত দুৱাৰ নৌ-ভাঙোতেই গৰিহণা দিয়া সচেতন নাৰী সন্থাই মৌনব্ৰত পালন কৰাৰ বাবে গ্ৰহণ কৰিলে বিশেষ কাৰ্যসূচী।


২. জলসিঞ্চন বিভাগৰ আত্মহত্যা কৰা চাকৰিৱালৰ পুত্ৰই সেই কেচত দেউতাকে চুইচাইড নোটত লিখা অভিযন্তাক গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। আজিকালি ৰাজনীতিৰ হেঁচা নপৰিলে কোনে কাক ধৰে, বা গ্ৰেপ্তাৰ কৰে বুলি সেই প্ৰতিক্ৰিয়াত মত প্ৰকাশ কৰিলে কনিষ্ঠবল ৰসেন গগৈয়ে। সেই পুত্ৰজনক ন্যায় বিচাৰ আশা কৰি এনে মন বেয়া নকৰিবলৈকো দিলে বহুমূলীয়া উপদেশ।

৩. পৰ্যটন বিভাগে বিগত পাঁচবছৰত অসমলৈ ৮১হাজাৰ বিদেশী পৰ্যটক অহাৰ খবৰ কৰিলে তালফাল লগাই প্ৰকাশ। পিছে পাৰ্চপট নোহোৱাকৈ কেই লাখ সোমাল সেই কথা প্ৰকাশ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে থলুৱা খিলঞ্জীয়া সচেতন সংঘই। অনুপ্ৰবেশটো পৰ্যটন বিভাগৰ বিষয় নহয় বুলি তথ্য জনাৰ অধিকাৰৰ জানিব পৰা গৈছে। লগতে সেই বিষয়ে মূৰ ঘমাই কোনো লাভ নাই বুলি নিজৰ কামত ধৰিবলৈ তথা পৰ্যটনৰ বিকাশত হাত উজান দিবলৈ বিভাগে সকলো ৰাইজলৈ আহ্বান জনাইছে।

৪. ভাৰতৰ আটাইতকৈ ধনী মুকেশ ভাই বুলি প্ৰকাশ পাইছে। আৰু এই সফলতাত তেখেতৰ একমাত্ৰ অধ্যৱসায়, প্ৰতিভা আৰু কষ্টই একমাত্ৰ কাৰণ আৰু তাত দেশৰ ৰাজনৈতিক নেতা সকলৰ তিলমাত্ৰও ভূমিকা নাই বুলিও সংবাদ পত্ৰখনে দাবী কৰিছে। এই সফলতাৰ বাবে তেওঁক ভাৰত ৰত্ন অফিচতে আহি প্ৰদান কৰিব লাগে বুলিও মত প্ৰকাশ কৰিছে।

৫. নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বতৰ আহিছে দল-বদলিৰ। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে এটা স্তম্ভ মাত্ৰ এনে দল-বদল কৰা লোক সকলৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই সংৰক্ষণ কৰি ৰাখিছে। অনুৰুপ অসমৰ সংবাদ পত্ৰয়ো এই সকল নেতাক গুৰুত্ব দিব লাগে বুলি সুযোগসন্ধানী নেতা সংঘই মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, দল বদলি কৰা নেতা সকলৰ এক্সক্লুচিভ সাক্ষাতাকাৰ, জীৱনপঞ্জী, এৰি যোৱা দলৰ ভিতৰুৱা কাণ্ডৰ খোলাচা, গোপন খবৰ আদি সবিস্তাৰে প্ৰকাশ কৰি পৰিবেশ গৰমাই তুলি চাৰ্কুলেচন বঢ়াব লাগে বুলিও টিপচ প্ৰদান কৰিছে।

৬. তিনিচুকীয়াত ৰসাল গগৈৰ সভাত উলংগ প্ৰতিবাদ হোৱাৰ খবৰে কঁপালে সংবাদ পত্ৰৰ পাত। পিছে এয়া বিৰোধীৰ পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ, নাটক বুলি কথাটো পাতলকৈ লবলৈ আহ্বান জনালে ৰসাল গগৈয়ে। অসমত পিন্ধিবলৈ পাইছে কাৰণেহে খুলি প্ৰতিবাদ কৰিব পাৰিছে. গুজৰাটত বা আন ৰাজ্যত বহুতে পিন্ধিবলৈকে পোৱা নাই, কি খুলিব বুলিও গগৈয়ে ঢেক-ঢেককৈ হাঁহি হাঁহি স্বভাৱজাত লঘু মন্তব্য কৰাৰো খবৰ আহিছে।

৭. বড়োলেণ্ড সন্দৰ্ভত জাতীয় নেতা, বুদ্ধিজীৱি-সাহিত্যিক-ৰাজনৈতিক সংগঠনক স্থিতি স্পষ্ট কৰিবলৈ অবড়ো সুৰক্ষা সমিতিয়ে জনালে আহ্বান। কোনফালে মত দিলে বেছি লাভ হব অলপ হিচাব কৰি লবলৈ অলপ সময় দিবলৈ সুৰক্ষা সমিতিক অনুৰোধ জনালে, সুবিধাবাদী নেতা-বুদ্ধিজীৱি সন্থাই। বিৰোধী দল সংগঠনে কি স্থিতি লয় সেয়াও লক্ষণীয় হব, ভোটৰ বাবে কোনফালে কলে সুবিধাৰ হব, এইবোৰ দিশো বিবেচনাৰ বাবে সময় হাতত লবই লাগিব বুলিও কৰিলে প্ৰকাশ। বহুতে আকৌ কৃষক মু্ক্তিয়ে কি স্থিতি লয়, তাকো চাব লাগিব, কাৰণ তাৰ বিৰোধিতা কৰাটোৱেই বহুত দলৰ স্বভাৱসিদ্ধ নীতি বুলিও স্পষ্ট কৰি দিছে।

৮. অট'ৰিক্সা চালকৰ বিৰুদ্ধে অভিযান চলাই ৩৩০খন অট' জব্দ কৰি এক বিশেষ অভিলেখ স্থাপন কৰিছে । 

এই অভিযানৰ আৰম্ভ কৰাৰ পৰাই বিভাগটোৰ কেইবাজনেও ফ্লেট বুক কৰাৰ গোপন খবৰ। এতিয়া জব্দ কৰা অটোৰ মালিকসকলে অনুজ্ঞা পত্ৰ এহাতে জব্দ কৰিলে আনহাতে এনৰেগাৰ জৱ-কাৰ্ড দিব লাগে বুলিও দাবী কৰিছে। বাওঁপন্থীৰ পাৰ্টিৰ সৈতে সংলগ্ন হৈ থকা অটোচালক সন্থাই বাওঁহাত এৰি সোঁহাত ধৰিলেহে এনে দুৰ্যোগৰ পৰা নিস্তাৰ পাব বুলিও গোপন বাতৰি প্ৰকাশ পাইছে।

৯. কালি প্ৰেছ ক্লাৱত ৰণাংগনৰ ভিচিডি উন্মোচন কৰাৰ দিনাই ৰাজপথ ৰণাংগন হৈ পৰাৰ বাতৰি দেখা পোৱা গ'ল গুৱাহাটীত। ৰণাংগন লাইভ চলি থাকোতে আকৌ বেলেগে কিয় ৰণাংগনৰ চিডি বনাব লাগে বুলিও প্ৰশ্ন সুধিলে খিচিৰি৩৬৫ৰ দুজন সাংবাদিকে। 

১০. তেল কোম্পানীত সৰু চাকৰিত বহুত বেছি দাম লোৱাক লৈ উত্তাল হৈ পৰিছে তেল নগৰী। সুলভ মূল্যতো কিছু চাকৰি মুকলি কৰি দিয়া হলেনো কি বেয়া আছিল আৰু স্থানীয় নেতা, বিধায়ক, সংগঠনক সেইবোৰৰ খুচুৰা বিক্ৰী কেন্দ্ৰ কৰি দিয়া হলেই এইবোৰ লেঠা নহলহেতেন বুলিও মত প্ৰকাশ কৰিলে তৈলনগৰী ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই।এইবোৰত সকলোৱে ভগাই বিতাই খোৱাতোৱেই সমাজৰ বাবে কল্যাণকাৰক বুলিও তেওঁলোকে আঙুলিয়াই দিছে।

No comments:

Post a Comment