হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. বিলাসীপাৰাত পুৱতি নিশা তিনিখন নৈশ বাছৰ পৰা ডকাইতে লুটিলে ৪লক্ষাধিক টকাৰ ধন-সো৷ ডকাইত পাৰ্টিলৈ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি লালটুপি কল্যা পুঁজিলৈ তাৰ যথাযোগ্য অংশ ভালে ভালে জমা কৰি দিবলৈ আহ্বান জনালে  ট্ৰাষ্টৰ সমন্বয়ৰক্ষী লক্ষীধৰ শেনচোৱাই৷ ভালে ভালে এই কাম নকৰিলে ট্ৰাষ্ট ভংগ হব আৰু অতি সোনকালেই সকলোকে সপৰিয়ালে ৰঙা-ঘৰত ভাত খাবলৈ আমন্ত্ৰণ জনাব বুলি শেনচোৱাই ইংগিত প্ৰকাশ কৰিছে৷

২. চাফা কৰা সংস্থা ৰামকীক বিদায় দিয়াৰ পৰাই গুৱাহাটী চাফাইৰ কামত ৰাম নাম সত্য হোৱাৰ খবৰ পোৱা গৈছে৷ অচিৰেই আৱৰ্জনা নগৰীত পৰিণত কৰি মহানগৰখনিক এক অভিলেখৰ অধিকাৰী কৰিবই বুলি পৌৰ নিগমে গ্ৰহণ কৰা অভিলাষী আঁচনিখনৰ কথা কেৰাণী এজনৰ পৰা গম পোৱা গৈছে৷ আৱৰ্জনাৰ ৰেকৰ্ড গঢ়াৰ পাছতে প্লেগ মহামাৰীৰো এক অভিলেখ গঢ়াৰ মন থকা বুলিও গুজৱ প্ৰকাশ পাইছে৷

৩. চন্দ্ৰপুৰত তামোলগছত ৰচীৰে বিদ্যুতৰ তাঁৰ বান্ধিও সেৱা আগবঢ়োৱাৰ বাবে বিদ্যুত পৰিষদক নথৈ ধন্যবাদ দিছে সচেতন নাগৰিক সন্থাই৷ তামোল গছেৰেই কাম চলিলে, পঁকা খুটাৰ কি দৰকাৰ বুলিও ৰাইজে প্ৰশ্ন তুলিছে৷ প্ৰকৃতিৰ লগত সহ-অৱস্থানৰ এক নিদৰ্শন দাঙি ধৰাৰ বাবে বিজুলী-বাতি মন্ত্ৰীক বিশ্ব পৰিবেশ বঁটা দিবই লাগে বুলিও সংবাদ কৰ্মীৰ আগতে স্থানীয় ৰাইজে মতামত প্ৰকাশ কৰিছে৷

৪. আম আদমী পাৰ্টিলৈ গুল পানাগৰ দৰে বিশেষ সুন্দৰী অহাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ সুন্দৰী সকলে৷ তেওঁলোকে সাধাৰণ মানুহৰ পাৰ্টিয়েও এনে অসাধাৰণ সুন্দৰী সকলকে পাত্তা দিবলৈ ধৰিলে সাধাৰণ সুন্দৰী সকলৰ কি অৱস্থা হব, কোনে পাত্তা দিব, তাকে লৈও শংকা প্ৰকাশ কৰিছে৷ এনে মডেলতকৈ সাধাৰণ গৃহিনীক প্ৰাৰ্থী কৰিলেহে দেশৰ সাধাৰণ গৃহিনী সংঘৰ সমৰ্থন দলটোৱে লাভ কৰিব পাৰিব বুলিও মত প্ৰকাশ কৰিছে৷

৫.
সৰু সুৰা চাকৰিয়ালৰ দুখ বেজাৰ নাই বুলি আগৰে পৰাই নিশ্চিত হৈ থকা ৰাজ্য চৰকাৰে, এতিয়া এইসকল চাকৰিয়াল ৰোগ-ব্যাধিও নাই বুলি নতুনকৈ আৱিস্কাৰ কৰিছে৷ সেই অনুসৰি মন্ত্ৰী, বিধায়ক, ক্লাছ-ৱান বিষয়াৰ বাহিৰে সকলোৰে বেমাৰ আজাৰ ভাট্টা বাতিল কৰাৰ খবৰ আহিছে৷ চৰকাৰী ধন ৰাহি কৰাৰ এই অনুপম উপায় আৱিস্কাৰ কৰা জনক অসম ৰত্ন সন্মান প্ৰদান কৰিব লাগে বুলি কৰ্মচাৰী সংঘই মতামত প্ৰকাশ কৰিছে৷
 
৬. লখিমপুৰত গণভক্তি নামৰ পাৰ্টিয়ে কোনো প্ৰাৰ্থী নকৰায় বুলি ঘোষণা কৰিছে৷  লগতে সকলোৰে পৰা সম দূৰত্ব বজাই ৰাখি উপকাৰী প্ৰভুৰ ভক্তিত গদগদ হৈ থাকিব বুলিও জানিব পৰা গৈছে৷ নিজে নিৰপেক্ষ ভূমিকা লৈ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনোৱা কথাটোত কোনো গোপন বুজাবুজি হোৱা বুলি কব খোজা সকলো অভিযোগকে আগতীয়াকৈ ষড়যন্ত্ৰমূল, পূৰ্বপৰিকল্পিত আৰু বিভ্ৰান্তিমূলক বুলি আখ্যা দি খণ্ডন কৰিছে৷ ভক্তিতেই শক্তি আছে, ভক্তি কৰিলেহে ওপৰৱালাৰ আশীষ পাব পাৰি, লোভত শক্তি ক্ষয় কৰি নহয় বুলিও স্পষ্ট কৰি দিয়া বুলি জানিব পৰা গৈছে৷

৭. ৰসাল গগৈ আৰু সুগন্ধিউদ্দিনৰ মাজত গোপন বুজাবুজি হোৱা বুলি সংবাদ শিৰোনামাই প্ৰকাশ কৰিছে৷ পুত্ৰক সহায় কৰিলে ভাতৃক সহায় কৰিবলৈ চাৰে সন্মতি দিয়া বুলি হোজাইৰ পৰা জানিব পৰা গৈছে৷ বেপাৰী মানুহে এনে লেনদেনৰ বুজাবুজি গোপনেই কৰে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ বজাৰত ভুৱা প্ৰতিযোগিতাও থাকিব লাগিব, তাৰে মাজতে দুয়ো বেপাৰীৰে অতিপাত লাভো হব লাগিব, সেয়াহে বেছি গুৰুত্বপূৰ্ কথা বুলিও প্ৰকাশ পাইছে৷

৮. "আজি মই ওলালো নতুন দললৈ" শীৰ্ষক গীতত অভিনয়ৰ বাবে আমবাৰীত বহু অভিনেতাই আগ্ৰহ প্ৰকাশ কৰিছে৷ সেয়ে নিৰ্দশকে গানটোত সমবেত নৃত্য কৰি সকলোকে সামৰি লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কাকো নায়ক-নায়িকাৰ ভূমিকা নিদি সকলোকে সম-হাৰত নৃত্য কৰিবলৈ দিব বুলিও পৰিচালক পদুম সোনোৱালে প্ৰকাশ কৰিছে৷

৯. অসমৰ বজাৰত এতিয়া অগৰুদ্দিন, ভাতৃউদ্দিনৰো পুতলাৰ চাহিদা বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে৷ বিগত সময়ত সিঙ, গগৈ, কলিতা আদিৰ পুতলা প্ৰতিবাদী সকলৰ বাবে নিৰ্মাণ কৰি অহা সংস্থাই এতিয়া এই নতুন মডেলকেইটাও নিৰ্বাচনী বজাৰত মেলি দিছে বুলি জানিব পৰা গৈছে৷ কালি এনে নতুন পুতলা দহন বৰপেটাত শুভাৰম্ভ হোৱাৰ পাছতে ৰাজ্যৰ আন আন প্ৰান্তৰ পৰাও ইয়াৰ বাবে যোগাযোগ কৰা খবৰ আমালৈ আহি আছে৷

১০. "'টেঙৰ মানুহে মৈত নুঠে" নামৰ নাটক এখনত দিল্লীৰ বিয়াগোম বিয়াগোম নেতা মন্ত্ৰীয়ে ভাগ লোৱাৰ কথা প্ৰকাশ পাইছে৷ ইতিমধ্য আনে চাফা কৰি চহায় লোৱা নিৰ্বাচনত বোকা খেলিবলৈ নানামে বুলি তীখৰ চিবালৰ নেতৃত্বত কেইজমান আংকলে প্ৰকাশ কৰিছে৷ তেওঁলোকে এনে বোকাত লেটিপেটি হোৱাতকৈ ৰাজ্যসভা হোটেলতে পাছত লাগিলে এসাজ কিনি খাব বুলিও প্ৰকাশ কৰিছে৷

No comments:

Post a Comment