জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
একেবাৰে বাস্তৱৰ দৰেই টিভিৰ ধাৰাবাহিক
ড° অঞ্জল বৰা

"হিন্দী চিনেমাৰ দৰে মুঠেই নহয় কথাবোৰ" শীৰ্ষক অজয় লাল দত্তৰ লেখা এটা যোৱা ২ মাৰ্চ তাৰিখৰ অসমীয়া সুখ-দুখত প্ৰকাশ হৈছে৷ বাস্তৱৰ কথাবোৰ হিন্দী চিনেমাৰ দৰে যে মুঠেও নহয় সেই কথা সকলোৱে জানে৷ হোৱা হ'লে শ্ৰেষ্ঠ নিৰ্দেশকৰ অস্কাৰ বঁটা ইমান দিনে শ্ৰীকৃষ্ণ ভগৱন্তৰ নামত উঠিল হয়৷ কিন্তু কেতিয়াবা যেন কিছুমান অপ্ৰিয় সত্য বাস্তৱ ঘটনা আমি পৰ্দাৰ মাজেৰে দেখিবলৈ পাওঁ৷ প্ৰচলিত অসমীয়া ধাৰাবাহিকসমূহতকৈ হিন্দী ধাৰাবাহিক মাজে মাজে চোৱা মোৰ এটা অভ্যাসত পৰিণত হৈছে৷ 
ৰাহুল গান্ধীয়ে সাধাৰণ গৰীৱ মানুহৰ ঘৰত খাদ্য গ্ৰহণৰ বহুল প্ৰচাৰিত ছবি।
তাৰ বিপৰীতে অসমৰ ৰাজভৱনৰ ৰান্ধনিৰ হাতেৰে খাদ্য নোখোৱাৰ বাতৰি
 বিগত পষেকতে বৰ বৰ হৰফেৰে অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছে।


প্ৰথম কথা চেনেল পকাই পকাই টিভি চাই মই খুব বেয়া পাওঁ আৰু দ্বিতীয়তে অফিচৰ পৰা ৰুমত গৈ পোৱাৰ পিছত ইমান কাম থাকে যে একাণপতীয়াকৈ টিভি চাবলৈ মোৰ সময় নাথাকে৷ সেয়ে কিবা এটা লাগি থাকিলেই মোৰ বাবে সি নিঃসঙ্গতাৰ সঙ্গী হৈ পৰে৷ গতিকে ৭.৩০ বজাত অফিচৰ পৰা ৰুম গৈ পোৱাৰ পিছত অলপ সময় বাতৰিত দেশৰ খবৰ চাই একেবাৰে ডিচ টিভিৰ ১০৫ নম্বৰৰ প্ৰথম চেনেলটোতে মই টিভিটো ফিক্স কৰি দিওঁ৷ সেয়ে ৯ বজাৰ পৰা ১১ বজালৈকে যি দিয়ে তাক মই কামৰ মাজে মাজে চাই থাকোঁ বা শুনি থাকোঁ৷ অৱশ্যে ইয়াৰ মাজত ফে'চবুক চাওঁতে কিবা খাটি অসমীয়া অনুষ্ঠানৰ আপডেট পালে চেনেল সলনি কৰি চাওঁ৷ যাতে "সুবিধাবাদী অসমীয়া" বুলি কোনেও মোৰ ওপৰত আঙুলি উঠাব নোৱাৰে৷

এহালিচা পাতনিৰ পিছত এতিয়া আহোঁ মূল কথাটোলৈ৷ চ'নি টিভিত ৯ বজাত এখন ধাৰাবাহিক দিয়ে৷ 'দেচ কি বেটি-নন্দিনী'৷ সাধাৰণতে ঘৰত থকা মহিলাসকলকে লক্ষ্য কৰিয়েই অনুষ্ঠান নিৰ্মাতাসকলে ৯০% ধাৰাবাহিক মহিলাসকলক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰে৷ এই ফালৰ পৰা 'নন্দিনী'ও ব্যতিক্ৰম নহয়৷ কিন্তু পুৰুষসকল অফিচলৈ যোৱাৰ পিছত মহিলাসকলেনো কি কৰি থাকে তাক জানিবলৈ এই 'পৰ-চৰ্চা-পৰ-নিন্দা' ধৰণৰ ধাৰাবাহিকবোৰ মাজে মাজে পুৰুষসকলেও চোৱা উচিত৷ বাৰু যিকিনহওক মোৰ আলোচনাৰ মুখ্য চৰিত্ৰ কিন্তু এই 'নন্দিনী' নহয়৷ নন্দিনীৰ স্বামী 'ৰাজবীৰ ৰঘুবঞ্চি (Rajveer Raghuvanshi)হে৷ ৰাজবীৰ বিদেশত শিক্ষা গ্ৰহণ কৰা এটা ৰাজ পৰিয়ালৰ যুৱৰাজ৷ যুৱৰাজ মানে ৰজাৰ দিনৰ নহয়৷ সংগীত তাৰ প্ৰথম নিচা৷ ৰাজনীতিৰ প্ৰতি কোনো আকাঙ্খা নাই৷ কিন্তু পুৰুষানুক্ৰমে সেই ৰাজ-পৰিয়ালৰ দ্বাৰাই এটা ৰাজনৈতিক দল পৰিচালিত হৈ আহিছে৷ ইতিমধ্যে দেউতাকক নিৰ্বাচনী প্ৰচাৰৰ সময়ত গুলীয়াই হত্যা কৰা হৈছে৷ গতিকে মাকে বিচাৰিছে পুতেক ৰাজনীতিলৈ আহক আৰু দিল্লীত চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰী হওক৷ মাকৰ এই অভিপ্ৰায় চৰিতাৰ্থ কৰাৰ কূটনৈতিক চালসমূহৰ খাতিৰতে কাহিনীৰ মাজলৈ অন্যান্য চৰিত্ৰসমূহ সুমাই আহিছে৷

কিন্তু আমাৰ আলোচনাৰ নায়ক 'ৰাজবীৰ ৰঘুবঞ্চি' ৰাজনৈতিকভাৱে অপৰিপক্ক আৰু দুৰ্বল৷ কিন্তু মাকে চল-চাতুৰীৰে হ'লেও নিজৰ পুতেকক জনতাৰ হৃদয়ত স্থান দিয়াই পুত্ৰৰ জৰিয়তে ক্ষমতা নিজৰ হাতলৈ আনিব বিচাৰে৷ সেয়ে 'ৰাজবীৰ ৰঘুবঞ্চি'ক বিভিন্ন ঠাইলৈ, জনতাৰ মাজলৈ পঠিওৱা হয়৷ কিন্তু তাৰ অন্তৰালত যিবিলাক চল-চাতুৰী থাকে সেইবিলাক দেখি মোৰ ভাৰতৰ আন এজন যুৱৰাজৰ কাণ্ড-কাৰখানাবোৰলৈ মনত পৰে আৰু ক'ব নোৱাৰাকৈয়ে মনটোৱে তুলনা কৰিবলৈ আৰম্ভ কৰে৷

এবাৰৰ ঘটনা৷ এদিন পৰিকল্পনা মতে ৰাজবীৰক এজন সাধাৰণ মানুহ হিচাপে এটা কলনিত বাস কৰা মানুহবিলাকৰ সমস্যাৰ বুজ ল'বলৈ পঠিওৱা হ'ল৷ কিন্তু পঞ্চতাৰকা হোটেলৰ খাদ্য খোৱা, মিনাৰেল বটলৰ পানী খোৱা যুৱৰাজে সেই কথা শুনিয়েই যাবলৈ অস্বীকাৰ কৰিলে৷ কাৰণ তাত গৈ খাদ্য খাব লাগিব৷ মানুহৰ আগত কথা ক'ব লাগিব ইত্যাদি৷ কিন্তু এই কথা ৰাজনৈতিক উপদেষ্টাজনে আগতেই অনুমান কৰি ৰাজবীৰৰ গোটেই প্ৰ'গ্ৰেমটোকে এটা প্ৰজেক্ট হিচাপে তেওঁৰ সন্মুখত উপস্থাপন কৰিলে৷ প্ৰজেক্ট অনুসৰি- ৰাজবীৰে নিজেই গাড়ী চলাই সেই কলনিলৈ যাব৷ কিন্তু সাধাৰণ কাপোৰত দূৰে দূৰে তেওঁৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক অনুসৰণ কৰি থাকিব৷ তেওঁ নিৰ্দিষ্ট এটা কলনিৰ এঘৰ মানুহৰ দুৱাৰত টোকৰ মাৰি পানী বিচাৰিব আৰু নিজৰ পৰিচয় দি বিভিন্ন সমস্যাৰ কথা সুধিব৷ কিন্তু প্ৰজেক্ট অনুসৰি ৰাজবীৰ সোমাই যোৱা কলনিৰ মানুহ ঘৰ তেওঁলোকৰ দলৰে এজন বিশ্বাসী ব্যক্তিৰ ঘৰ হ'ব৷ তেওঁ নজনাৰ ভাৱত ৰাজবীৰৰ নাম শুনি গোটেই কলনিৰ মানুহক খবৰ দিব আৰু তোষামোদেৰে ভৰাই দিব৷ ৰাজবীৰেও সেই মানুহঘৰতে বিশ্ৰাম লৈ দুপৰীয়াৰ আহাৰ খাব৷ কিন্তু সেই মানুহঘৰৰ প্ৰাত্ৰবোৰহে তেওঁলোকৰ হ'ব৷ তাত থকা সকলো খাদ্য আগতীয়াকৈ 'পঞ্চতাৰকা হোটেল'ৰ পৰা আনি ভৰাই ৰখা হ'ব৷ মাটিৰ পাত্ৰত মিনাৰেল বটলৰ পানী ৰখা হ'ব৷ তাৰপিছত তেওঁ সকলো মানুহৰ সমস্যা লিপিবদ্ধ কৰি মানুহৰ হৃদয়ত এজন সাধাৰণ মানুহৰ ভাও দি ঘৰলৈ ঘুৰি আহিব৷

কথাখিনি দেখাৰ পিছত ২০১১ চনৰ ১১ অক্টোবৰত যুৱৰাজ ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ মেধকী গাঁৱৰ কোনোবা দলীত পৰিয়ালৰ ঘৰত গৈ ৰাতি থাকি খাদ্য খোৱা, কোনোবা গাঁৱলৈ গৈ দিন হাজিৰা কৰা মহিলাৰ সৈতে একে শাৰীত থিয় হৈ মুৰত মাটিৰ পাত্ৰ লোৱা আদি নাটকবোৰৰ কথা মোৰ মনলৈ আহিল৷ লগতে ৰাহুল গান্ধী, গৌৰৱ গগৈ আদিয়ে কৰা নাটকবোৰৰৰ আঁৰৰ প্ৰকৃত সত্যবোৰ যেন উন্মুক্ত হৈ পৰিল৷ শুনিবলৈ পালোঁ কেইদিনমানৰ আগতে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তো এনেদৰেই অনেক কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰা হ'ল৷ হিন্দী চিনেমাৰ দৰে বাস্তৱ জীৱনটো মুঠেই হ'ব নোৱাৰে৷ কিন্তু বাস্তৱ জীৱনৰ দৰে হিন্দী চিনেমা বা ধাৰাবাহিক কিয় হ'ব নোৱাৰে !! নন্দিনীৰ 'ৰাজবীৰ ৰঘুবঞ্চি'য়ে যি কৰি আছে সেইয়া এই বাস্তৱতাৰে প্ৰতিফলন নেকি? ৰাজনীতিত একো অসম্ভৱ নহয়৷ দহজন ভাল মানুহ থাকিলেও এই কথা স্বীকাৰ কৰিবই লাগিব "ৰাজনীতি দগাবাজৰ শেষ আশ্ৰয় স্থল"৷

নন্দিনী ধাৰাবাহিকখনৰ লিংক : http://www.setindia.com/shows/desh-ki-beti-nandini

No comments:

Post a Comment