মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
অসমৰ সংস্কৃতিৰ অংশ "চুমা": 
স্থাপন হবই নেকি "চুম্বন স্মাৰক", যোৰহাটত?
"চুমা, চুমা, চুমা, চুমা মিঠা মন...চান্দমাৰীত তোমাক দেখো, গনেশ গুৰিত তোমাক দেখো...." জুবিন দাই গানটো তাৰমানে হাৱাতে গোৱা নাছিল। এনেয়ে গানটো হিট হোৱা নাছিল। সেইকাৰণেই চাগৈ তেতিয়া ক'তো প্ৰতিবাদৰ ধোঁৱাও ওলোৱা নাছিল। সেই কথাটো আজি ৰাতিপুৱা বাতৰিকাকতখন মেলি লৈয়েই অসমৰ ৰাইজে হৃদয়ংগম কৰিব পাৰিলে। স্বয়ং এযুগ গাদীত গদগদীয়া হৈ বহি থকা পাৰ্টিটোৰ মুখপাত্ৰ এগৰাকী "চুম্বন অসমৰ সংস্কৃতিৰ এটা অংশ" বুলি ঘোষণা কৰিলে। 

"আয়ৈ দেহি, অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংশ বুলি ঘোষণানো কিয় নকৰিলে", সেই বুলি আমাৰ গাঁৱৰ ৰাংঢালী মাহীয়ে হাঁহি হাঁহি উপলুঙা কৰিলে....! মুখপত্ৰগৰাকীৰ দূৰভাষ নম্বৰটো পালে এবাৰ ডায়েল কৰি সুধিবলৈহে মন আছিল...আছে যদি দিবাচোন বুলি স্থানীয় সাংবাদিকক কেটেৰা মাৰিলে।

যোৰহাটত চুমা কাণ্ড সংঘটিত হোৱাৰ লগতে সংগতি ৰাখি কোনোবা এখন গাঁৱত এহাল দম্পত্তিৰ খুকাখন্দা। ফিৰিঙতি, ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। ভাবিব নোৱাৰা কথা। ভাবিব নোৱাৰা কথাবোৰেই হবলৈ ধৰিছে, এতিয়া ভয় হৈছে জানোচা, যোৰহাটত ৰাজকুমাৰৰ গালত চুমা আঁকি দিয়া ঘটনাটো মহীয়ান কৰিবলৈ সেই দিনটো ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয়ে "চুমা দিৱস" ৰূপে ঘোষণা কৰি নিদিয়েতো। তোষামোদৰ যিহে ঢৌ! চিন্তাই লাগে। 

অসমত ঘটনা হ'লেই হ'ল, বাতৰি কাকতত প্ৰসংগ আনিবলৈ সতকাই ব্যৱহাৰ কৰে এই "কাণ্ড" শব্দটো। যেনে বেলতলা কাণ্ড, ধেমাজি কাণ্ড, পল্লবী-জয়প্ৰকাশ কাণ্ড। কিবা এনেকুৱা অগ্নিবৰ্ষা খবৰ পালেই সাংবাদিক বন্ধুৰ সেই ৰামায়ানৰ লংকা কাণ্ডলৈহে মনত পৰে বোধহয়!

কাণ্ডৰ সৈতে সংগতি ৰাখি পালন কৰা হয় দিৱস। ধেমাজিত বোমা দিয়াৰ ঘটনাৰ পাছদিনা শ্বহীদ-প্ৰতিবাদ দিৱস। অসমত ঘটনা একোটা মহীয়ান কৰিবলৈ বোলো শ্বহীদ হোৱাটো জৰুৰী। চুমা কাণ্ডৰ লগত সংগতি ৰাখি এগৰাকী নাৰীও এক প্ৰকাৰ শ্বহীদ হৈছেই। সেয়ে চুমা দিয়াৰো চুমা দিৱস ঘোষণা নোহোৱাৰ কি মানে আছেহে!

যেনেকৈ "মহাৰাণী ভিক্তোৰিয়া-২" অহাৰ পাছত তাক মহীয়ান কৰিবলৈ মুম্বাইত গেটৱে অৱ ইণ্ডিয়া বনাইছিল, ৰাজকুমাৰক যোৰহাটত চুমা দিয়াৰ পাছতো "চুম্বন তোৰণ বা স্মাৰক" এটি বনাবF পাৰে। তাতে বহি অসমীয়া নৱ-প্ৰজন্মই এই সংস্কৃতিৰ অংশটোৰ চৰ্চা, বিকাশ আৰু প্ৰসাৰতাক লৈ চেষ্টা চলাব পাৰিব। এনেই পাৰ্কত বহি লুকাই চুৰকৈ কৰাতকৈ সংস্কৃতিৰ খোল্লম খোল্লা চৰ্চা কৰিবলৈ এইটো দৰকাৰীয়েই। বাৰু সেই বিষয়ে এ.আই.চিচি অফিচত চাকৰি পোৱা ৰাণাদাই চাগৈ চিন্তা ভাৱনা নকৰাকৈ থকা নাই! যোৰহটীয়া ৰাইজলৈ বিহুৰ বতৰতে নতুন উপহাৰ চুম্বন স্মাৰক......চুম্বনজ্যোতি আঁচনি ইত্যাদি পাবৰ বাবে সাজু হওক... ধামাকা কেতিয়া আহে কি পাত্তা! প্ৰাক্ নিৰ্বাচনী বতৰৰ কোনো ঠিকনা নাই দিয়কচোন।

এতিয়া তিনিজনীয়া বিশেষজ্ঞ কমিটিয়ে অসমীয়াৰ সাংস্কৃতিক সম্পদ স্বৰূপ চুমাক লৈ প্ৰৱল গৱেষণাত নমাৰ খবৰো পোৱা গৈছে। সাংস্কৃতিক সঞ্চালকালয়ৰ খৰছত হোৱা এই গৱেষণাৰ কিছু প্ৰাৰম্ভিক তথ্য পোৱা গৈছে।

সময় অনুসৰি চুমাৰ প্ৰকাৰ নিৰ্ধাৰণ কৰা হৈছে এইদৰে, নিমিষতে চুমা, খন্তেকীয়া চুমা, দীঘলীয়া চুমা, এঠা লগা চুমা আৰু লেঠা লগা চুমা। তাৰে ভিতৰত এঠা লগাৰ দৰে বহু বেছি সময় চুম্বনত লাগি থাকি দৰ্শকক বিৰক্ত কৰি দিয়া বিধক, বিশেষভাৱে "এঠা লগা চুমা" বুলি সংজ্ঞা দিয়া হৈছে। "লেঠা লগা চুমা"টোত যদিও প্ৰকৃত কাৰ্যত সময়ৰ কোনো লাগ-বান্ধ নাই কিন্তু তাৰ ক্ৰিয়া-পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ লেঠা বহুদিনলৈকে থাকে। এটি চুমাৰ ফলতে, যেনে ৰিৰ্চাড গেৰে শিল্পা চেট্টীক খোৱা বিখ্যাত চুমাটিৰ কথাই ধৰক, খালে পটককৈ, পিছে প্ৰতিবাদ, মল, আইনী কেচ ইত্যাদিয়ে লেঠা লাগি থাকিলেই নহয়, বহু দিনলৈ। এনে চুমাক বুজাবলৈকে এই "লেঠা লগা চুমা" সংজ্ঞাতো নিৰূপণ কৰা হৈছে।

চুমাৰ ফলত লগা "ৰঙ"ৰ ওপৰত ভিত্তি কৰিও কিছু শ্ৰেণী বিভাজন কৰা হৈছে। এইবোৰ হ'ল তামোলৰ সেলেঙী লগা চুমা, সস্তীয়া লিপষ্টিকৰ চুমা, ল'ৰিয়েল পেৰিচৰ চুমা, সাধাৰণ চকুৰে ধৰিব নোৱাৰা অথচ পাওতাই বাৰে বাৰে দাপোনত চালেই দেখা বিশেষ ৰঙীন চুমা ইত্যাদি। নাৰীয়ে খোৱা চুমাৰ ওপৰত গৱেষণাত জোৰ দি তাৰ ওপৰতো কিছু শ্ৰেণী বিভাজন কৰি উলিয়াইছে, প্ৰদান কৰোতাৰ ওপৰত ভিত্তি কৰি। সেই অনুসৰি অসমীয়া বিয়াত দৰা আদৰিবলৈ আহোতে পদূলি মুখত শাহু আইয়ে লাজ লাজকৈ দিয়া পাৰম্পৰিক চুমা, খুলশালীয়ে এন্ধাৰতে পটককৈ দিয়া মন কেনেবা কৰা চুমা, লোকৰ বিয়াত এন্ধাৰত পোৱা চুমা, বুঢ়ী আইয়ে কপালত দিয়া চুমা, কিবা ডাঙৰ বস্তু জিনি আহি চাৰপ্ৰাইজ দিওতে হঠাত পত্নীয়ে দিয়া আবেগিক চুমা, গায়কক অনুৰাগীয়ে দিয়া টপাটপ চুমা, বিহুমাৰি ফুৰোতে এন্ধাৰ বাটৰ মৰমসনা চুমা ইত্যাদি। পিছে যোৰহাটৰ ঘটনাৰ পাছত এক নতুন বিধৰ চুমা ইয়াত সন্নিবিষ্ট হৈছে, সেয়া হৈছে "দলীয় কৰ্মীৰ সৱলীকৰণ চুমা"!

চুমা যিয়েই নহওক, তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰো কথা সমিতিয়ে পৰ্যবেক্ষণত ৰাখিছে। কোনোবা মিঠা চুমাৰ পাছত প্ৰেমত শতদল ফুলা, কোনোবা কনগেলা তামোলৰ গোন্ধে বৰবাদ কৰা চুমাৰ পাছত সম্পৰ্ক ছেদ হোৱা আদি বিষয়তো বিশেষ নজৰ ৰাখিছে। বিষাক্ত চুমা নামৰ হিন্দী চিনেমাই দিয়া সংজ্ঞাটোকে নজৰ-অন্দাজ কৰি পেলাই দলিয়াই পেলাব পৰা নাই। মুঠতে গৱেষণাই এতিয়া ভৰপক দিছে।

এই বিষয়ে বিশদ প্ৰতিবেদন পালে ৰাইজলৈ পুনৰ সেয়া আগবঢ়োৱা হবই। তেতিয়ালৈ যোৰহাটত সেই বিশেষ চুমাৰ ঐতিহাসিক থলীক চিৰস্মৰণীয় কৰাৰ বাবে বিশেষ চুম্বন স্মাৰক স্থাপন কৰাৰ দাবী অনুৰাগী সংঘই ইতিমধ্যে তুলিছে। কথাটো চাৰেও বিচাৰ বিবেচনা কৰি আছে, হাইকামাণ্ড আইদেউৰ পৰা সেউজ সংকেত পালেই চাগৈ আধাৰশিলা এই বসন্ততে জানমনিৰ হতুৱাই কৰোৱাই পেলোৱাৰো সম্ভাৱনা আছে।

বিশদ জানিবৰ বাবে একেই ৱেবচাইটত চকু ফুৰাই থাকিব, তেতিয়ালৈকে শুনক জুবিনৰ কণ্ঠত সেই সুমধুৰ গীত...."চুমা চুমা চুমা, চুমা মিঠা মন........"। খালী মদনৰ ফুল পঞ্জিকাত এই বিষয়ে কিবা লিখিছে নেকি এবাৰ চাবলৈ নাপাহৰিব!

No comments:

Post a Comment