Friday, March 21, 2014

জীৱনৰ অনুভৱ

'শহুৰৰ ঘৰ'
দিগন্ত কুমাৰ ভট্টাচাৰ্য
স্বৰ্গসুখ কাক কয় মই নাজানো কিন্তু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শহুৰৰ ঘৰত দুদিনমান থকাকৈ গৈ যি সুখ-আনন্দ পাইছিলোঁ সেয়া চাগে স্বৰ্গসুখতকৈ কোনোগুণে কম নাছিল। শহুৰৰ ঘৰৰ পদূলিত আমাৰ বাবে সকলো ৰৈ আছে। উৎসাহ-আনন্দৰ সীমা নাই। সেই সময়ত পেপাৰে-পত্ৰই কেৱল ফ্ৰান্সৰ ফুটবল টীমটোৰ ফ'টো। দুদিনমান আগতে ফ্ৰান্সে ব্ৰাজিলক হৰুৱাই বিশ্বকাপ জয় কৰিছে। মোৰ নিজকে ফ্ৰান্সৰ জিডান যেন লাগিল। কান্ধত মোৰ সেয়া ফাঁচীবজাৰৰ ফুটপাথত কিনা নকল 'নাইকি'ৰ বেগ নহয়, যেন বিশ্বকাপ ট্ৰফীটোহে! 
সৰিয়হেৰে ভাপত দিয়া ইলিছ, চিতল মাছৰ কালিয়া, পাৰৰ মাংস - বিধে বিধে ব্যঞ্জন প্ৰতিটো সাঁজতে! শাহুআয়ে আদৰ-সাদৰকৈ ভাত বাঢ়ে, সকলো ৰৈ থাকে মোৰ কাৰণে। কাঁহ এটা মাৰিলেও শহুৰদেউতাই 'কফ ছিৰাপ' এচামুচ লৈ লৰি আহে। ৰাতি খুলশালী ধন আৰু কণৰ জেদ লাগে। মই হেনো সিহঁতৰ বিচনাত শুব লাগে। 'মোৰ তুলিখন বৰ ভাল', 'তাৰ বিচনাত উৰহ আছে' - সিহঁতৰ কাজিয়া। দুয়োৱে নিজৰ নিজৰ বিচনা যতনাই থয় ধুনীয়াকৈ মোৰ কাৰণে। আনন্দত মোৰ চকুপানী ওলাও ওলাও হয়। শ্ৰীমতীয়ে ইংগিতেৰে বুজায় -'দেখিছা, এনে শহুৰৰ ঘৰ ভাগ্যৰ বলতহে পায়'।

'সঘনাই আহি থাকিবা দেই' -শাহুহঁতৰ অনুৰোধমৰ্মে দুইমাহৰ মূৰে মূৰে এবাৰ যোৱা হ'লোঁ। লাহে লাহে ভাতৰ পাত চিতল-ইলিছৰপৰা চালানী ৰৌৰ সেৰেকা জোলখিনিয়ে ঠাই ল'লে। ৰাতিপুৱা চাহৰ লগত ডাবল অমলেট, লুচীভাজি নোহোৱা হৈ মেৰী বিস্কুট আহিল। খুলশালীকেইজনে 'ভিনদেউক দ্ৰয়িং ৰুমতে বিচনা এখন কৰি দে মা, মোৰ বিচনা সলালে টোপনি নাহে' বুলি কোৱা আৰম্ভ কৰিলে। 

খুলশালী দুজনৰ বিয়াৰ সময়ত 'জোৱাই অংকত ভাল, মেট্ৰিকত বোলে মাত্ৰ পঁচিশ নম্বৰৰ বাবে লেটাৰ পোৱা নাছিল। ভঁৰালঘৰ তেওঁৱেই চম্ভালক, বস্তুবোৰৰ ভালকৈ হিচাপ ৰাখিব পাৰিব' বুলি আদেশ দিলে শহুৰ দেউতাই। ৰসগোল্লা, দৈৰ টেকেলীৰ হিচাপ ৰাখোতে বিয়া কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। শহুৰৰ ঘৰত কাম কৰা নৰহৰিৰ লগত একেলগে ভঁৰালঘৰতে বিচনা কৰি শুবলগা হ'ল। মাজৰাতি নৰহৰিয়ে টোপনিআৰু গেলাৰ নিচাত 'পদুমী, তই মোক এৰি ক'লৈ গৈছিলি ঐ? আজি আকৌ আহিলি, মই বৰ সুখী' বুলি মোৰ গালে-মূৰে হাত ফুৰাই মুখখন আগবঢ়াই আনোতে সাৰ পাই বহি বহিয়েই কটালোঁ উজাগৰী নিশা।

বিয়াৰ পিছৰ বছৰৰ বিহুত গামোচাৰ সৈতে ছাৰ্ট-পেন্টৰ টোপোলা উপহাৰ পাইছিলোঁ। তাৰ পিছত লাহে লাহে অকল গামোচা, পিছৰ কেইবছৰমান ৰুমাল এখন, তাৰ পিছত এছএমএছ। দুবছৰ মানৰপৰা বিহুৰ দিনা খুলশালীজনে নাচনীৰ ফ'টো এখন ফে'চবুকত আপলোড কৰি 'হেপ্পী বিহু' বুলি মোক টেগ কৰি দিয়ে।

শ্ৰীমতীক শহুৰৰ ঘৰৰ মৰমবোৰ কমি অহাৰ কথা ক'লে জকি উঠে -'প্ৰথমতে দেখোন তিনি-চাৰিটা মিঠাইৰ টোপোলা নিছিলা আমাৰ ঘৰলৈ। এতিয়া বিয়াৰ পোন্ধৰ বছৰৰ পিছত ভাইৰ ল'ৰাকেইটাৰ কাৰণে দুটকাৰ চকলেট এটাও নিবলৈ পাহৰা। একেই সকলো!'

শহুৰ-শাহু ঢুকোৱাৰ পিছত শহু্ৰৰ ঘৰলৈ যোৱাটো কমি আহিল। গৈয়ো ভাল নালাগে। খুলশালী দুইজনে এটা ঘৰতে বেলেগকৈ পাগ জুৰিলে। আগৰ ডাঙৰ পাকঘৰটো এতিয়া 'ষ্টোৰৰুম' হ'ল।

কিছুদিন আগতে কিবা কামত শহুৰৰ চহৰলৈ যাওঁতে সোমালো সন্ধিয়া।
মোক দেখি দুই খুলশালীয়ে বাহিৰলৈ গৈ কিবা কথা আৰম্ভ কৰিলে।
কাৰ পাগত খাম, কোনজনৰ ৰুমত থাকিম, কি কি খুৱাব - সেয়াই চাগে আলোচনা কৰিছে। মনটো আনন্দেৰে ভৰি উঠিল। মই গৈ শুনাৰ চেষ্টা কৰিলোঁ।

'আমাৰ এওঁৰ গা ভাল নহয়। আজি তোৰ তাতে খাওক দে ভিনদেৱে'- সেয়া ডাঙৰ খুলশালী ধন।
'নাই নাই, যোৱাবাৰ আহোতে মোৰ ইয়াতে খাইছিল। এইবাৰ তোৰ তাতহে খুৱাব লাগিব' - খুলশালী কণে ক'লে এইবাৰ।

'কথা হ'ল নেকি? যোৱাবাৰ বৃহস্পতিবাৰে আহিছিল। সিদিনা তেওঁ নিৰামিষ খায়। তহঁতে আলু আৰু বেঙেনা ভাজি খুৱায়েই সাৰিছিলি..'
'কিয় পনীৰ খুৱাইছিলোঁ কিজানি..'
'থ তোৰ পনীৰ। ঘনাইৰ দোকানৰ গোন্ধোৱা পনীৰ আনিছিলি কিজানি এশ গ্ৰাম দহটকাত। আজি শনিবাৰ। মাছ-মাংস নুখুৱালে ভাল নহ'ব। চালানী ৰৌ মাছৰে দেখোন দুশ টকা কিলো। না: না: মই নোৱাৰো দেই, এওঁ শুনিলে হাঁহাকাৰ লগাই দিব'।

'ধন-কণ, মোৰ লগৰ এজন থাকে টাউনৰ ফালে। বহুদিনৰপৰা সি মাতি আছে। তাৰ ঘৰৰপৰা আহো অলপ ...আৰু মোৰ কাৰণে ভাতৰ যোগাৰ নকৰিবি দেই। তাৰ ঘৰতে খাম' - মই লাহে লাহে আগবাঢ়িলোঁ টাউন অভিমুখে।

টাউনৰ সোঁমাজতে এখন ধুনীয়া ৰেষ্টুৰেন্ট। ভিতৰলৈ সোমায়েই মই অৰ্ডাৰ কৰিলোঁ - 'ভাইটি, ফুল তন্দুৰী চিকেন এটা আনা। সোনকালে আনিবা, খুউব ভোক লাগিছে!'

লেখকৰ ব্লগলৈ যাবলৈ ইয়াতে ক্লিক কৰকঃ ঐক্যতান

No comments:

Post a Comment