Sunday, March 16, 2014

আজিৰ অনুভৱ

ফাকুৱাৰ দিনটো আটাইতকৈ বেছি 
উপভোগ কৰা মানুহজন
পংকজ জ্যোতি মহন্ত
সিদিনা দেখিলোঁ— WhatsApp কৰি কৰি ফুটপাথেৰে গৈ থাকোঁতে এজনী ছোৱালী ড্ৰেইনত সোমালগৈ….। জোঙা হাই-হীল পিন্ধা ভৰিৰে এখন ভৰি যিমানেই উঠাই আনিব বিচাৰে, আনখন ভৰি সিমানেই তললৈ নামি যাব বিচাৰে…...। আকৌ এদিন দেখিলোঁ— ভৰলুৰ ফুটপাথত ভৰদুপৰীয়াৰ ৰ’দত ডুবি শুই আছে এজন মনিচ। কি নিশ্চিন্ত টোপনি তেওঁৰ! মূৰৰ কাষেৰেই পাৰহৈ গৈছে Woodland-Adidas-Khadim’s বা খালি ভৰিৰ গিৰিপ-গাৰাপ শব্দ, তথাপি কোনো সাৰসিকতি নাই তেওঁৰ। আমি দেখোন বন্ধ কোঠাৰ কোমল বিচনাত শোওঁতেও সপোনত চাটিফুটি মন……।

অৱশ্যে নগৰ-চহৰত, ফুটপাথত এনে বিচিত্ৰ দৃশ্য প্ৰায় সদায় সুলভ। যি কি নহওক, আজি অলপ দেৰিকৈ উঠি দাঁত ব্ৰাছ কৰোঁতেই গোটেই মুখ-চুলি ৰাঙলী কৰি পেলালে লগৰবোৰে। “ব’লক/ব’লা ওলাই যাওঁ” বুলি বাটে বাটে ওলাই গ’লোঁ আটাইবোৰ। বাপ্পা ঐ….., পুৱাই পুৱাই এটুপি ধৰি, গাত ৰং ঢালি ৰাঙলী হৈ এজন কাজিয়াত মগন…..। অৱশেষত ভাগৰি, মুকলি ড্ৰেইনটোত দীঘলে দীঘলে পৰি নিচিন্ত মনে শুই আছে……। এনে লাগিল যেন তেওঁহে আটাইতকৈ বেছি উপভোগ কৰিছে আজিৰ দিনটো….।

কিছুমান অভিজ্ঞতা ল’বলৈ মন যায় মাজে মাজে…., কিন্তু সন্মান, শিষ্টাচাৰ, দায়ীত্ববোধ, সুনিৰ্দিষ্ট লক্ষ্য, আৰু আন হেঁপাহবোৰে এনে অভিজ্ঞতা লোৱাৰ পৰা বিৰত থাকিবলৈ আমাক সকীয়াই দিয়ে….। বাঃ, কেনে বিচিত্ৰ হ’ব পাৰে তেনে এটা জীৱন!!

No comments:

Post a Comment