পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ গৃহৰক্ষী, গাঁওৰক্ষী, অংগনবাড়ী কৰ্মী ও সহায়িকা, আশাকৰ্মী আৰু কেজুৱেল কৰ্মচাৰী সকলৰ বাবে মজুৰি বৃদ্ধি কৰাৰ সুখবৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অহা ১ এপ্ৰিলৰ পৰা নতুন বৰ্ধিত হাৰত তেওঁলোকে মজুৰি লাভ কৰিব। প্ৰত্যেক সমষ্টিতে এহাজাৰটা আত্মসহায়ক গোটলৈ দহ হাজাৰ টকাকৈ অনুদান প্ৰদান কৰিব বুলিও তেখেতে নিৰ্বাচনী দিন ঘোষণা হোৱাৰ আগদিনা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
কেকোঁৰা চেপাঁত বন্দী জীৱনতো
উপভোগ কৰিব পাৰি
কেকোঁৰা খোৱাৰ আনন্দ

২. ব্ৰহ্মপুত্ৰ বৰ্ডৰ অনিয়ম, দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে ন্যায়ালয়ে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ পদক্ষেপ। মাজুলী সুৰক্ষাৰ বাবে দ্বায়িত্ব লাভ কৰি এই বৰ্ডে ১৭৭৭.৩২কোটি টকা ব্যয় কৰাৰ পাছতো কোনো সুফল নেদেখা তথা মাজুলীবাসীক চৰম বঞ্চনা কৰাৰ অভিযোগ তুলি স্থানীয় যুৱক মনোজ কুমাৰ বৰাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিলে এখন নিৰীক্ষণ সমিতিৰ।

৩. অহা ৬-৮মাৰ্চত দীঘলীপুখুৰীৰ পাৰত আয়োজিত হৈছে শিল্পী বীৰেন সিংহৰ ভাস্কৰ্য ছবিৰ ব্যতিক্ৰমী প্ৰদৰ্শনী। ৬মাৰ্চ এই প্ৰদৰ্শনী উদ্বোধন কৰিব সাহিত্যিক হোমেন বৰগোহাঞিয়ে। এই অনুষ্ঠানতে লোক-সংস্কৃতিৰ গৱেষক ডঃ বীৰেন্দ্ৰ নাথ দত্তই উন্মোচন কৰিব অৰ্কিড প্ৰকাশনে প্ৰকাশ কৰা এখনি গ্ৰন্থ "Biren Singha's Life & Works- Passions and Impressions" ৰ। প্ৰথমবাৰৰ বাবে এনে প্ৰদৰ্শনী আয়োজন কৰা এনে প্ৰদৰ্শনীখন ৭,৮ মাৰ্চত ৰাইজৰ বাবে দিনৰ ১২বজাৰ পৰা ৭বজালৈ মুকলি থাকিব।

৪. শিৱসাগৰৰ উপাযুক্তই আৰম্ভ কৰা সেউজ শিৱসাগৰ অভিযানৰ অন্তৰ্গত প্ৰচেষ্টাৰ অংশ স্বৰূপে কালি শিৱসাগৰ জিলাৰ ঐতিহাসিক দ'ল, দেৱালয়, পুখুৰী সমূহৰ সংৰক্ষণৰ বাবে এক তথ্য ভাণ্ডাৰৰ প্ৰাৰম্ভিক খচৰা মুখ্যমন্ত্ৰীক ৰাজহুৱা সভাতে প্ৰদান কৰে। এতিয়া ৰাজহ চক্ৰ পৰ্যায়ত চৰজমিন তদন্ত কৰি এই সংৰক্ষণৰ প্ৰয়োজনীয়তাক চূড়ান্ত ৰূপ দিবলৈ বিভিন্ন কমিটিও গঠন কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। ঐতিহাসিক কৃৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ বাবে ২৬কোটি ৮৩লাখ ১০হাজাৰ টকাৰ এক বাজেটো উপায়ুক্ত গৰাকীয়ে মুখ্যমন্ত্ৰীক দাখিল কৰে।

৫. "উত্তৰ-পূৱ ভাৰতত লিংগ আৰু গণতন্ত্ৰ" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক আলোচনা চক্ৰ আয়োজন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে। সামাজিক নিষেধাজ্ঞা আৰু ঘৰুৱা হিংসাই সমাজ জীৱনত পেলোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিলে বিকানীৰৰ মহাৰাজা গংগা সিং বিশ্ববিদ্যায়ৰ উপাচাৰ্য চন্দ্ৰকলা পাদিয়াই।

৬. বিহুৰ ঐতিহ্য ৰক্ষাৰ বাবে জাতীয় সংস্কৃতিৰ মৰ্যদা অক্ষুন্ন ৰাখিব পৰাকৈ নীতি নিয়মৰ বান্ধোনেৰে বান্ধিবলৈ ৰাজ্যৰ সাংস্কৃতিক বিভাগক দাবী জনালে বিহু সুৰক্ষা সমিতি, অসমে। অসমৰ বাহিৰত বিহুক এক জাতীয় কলাৰ ৰূপত প্ৰদৰ্শন কৰিবলৈ যোৱা দল নিৰ্বাচনৰ ক্ষেত্ৰত শুদ্ধ ৰূপত বিহু উপস্থাপনক নিশ্চিত কৰিবলৈ এক চেঞ্চৰ বৰ্ড গঠন কৰাৰো দাবী তোলে। লগতে পোচাক পৰিচ্ছদ, বিহুক লৈ ব্যৱসায়ীক ধৰণৰ প্ৰতিযোগিতা, বিহুত আধুনিক কৰাৰ নামত মৰ্যদা হানিকৰ প্ৰচেষ্টা আদিৰ ক্ষেত্ৰতো উপযুক্ত পদক্ষেপ পদক্ষেপ লবলৈ সংগঠনটোৱে দাবী জনায়।

৭. ডাকঘৰৰ জমা ধনৰ সুতৰ হাৰ বৃ্দ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। ক্ষুদ্ৰ সঞ্চয় কৰা লোকসকলৰ বাবে এই সুখবৰ ঘোষণা কৰি কালি এবছৰ আৰু দুবছৰৰ বাবে ফিক্সড ডিপজিট কৰা সকলৰ বাবে ০.২শতাংশ সুতৰ হাৰ বৃদ্ধি কৰে, লগতে তিনিবছৰৰ ওপৰৰ দীৰ্ঘম্যাদি সঞ্চয়ৰ বাবেও ০.১শতাংশ সুতৰ হাৰ বৃদ্ধি কৰিছে। পাঁচবছৰীয়া ৰেকাৰিং ডিপোজিতৰ সুতৰ হাৰো ৮.৩ শতাংশৰ পৰা ৮.৪ শতাংশলৈ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে।

৮. পাৰিপাৰ্শ্বিক ব্যৱস্থাপনা আৰু আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে নুমলীগড় শোধনাগাৰে ২০১৩বৰ্ষৰ বাবে গ্ৰীণটেক ফাউণ্ডেচনৰ পৰা লাভ কৰিলে তিনিটাকৈ সন্মানীয় বঁটা। চণ্ডীগড়ত হোৱা চতুৰ্দশ গ্ৰণীটেক পৰিবেশ বঁটা আৰু তৃতীয় বাৰ্ষিক গ্ৰীণটেক চি এছ আৰ বঁটা প্ৰদান অনুষ্ঠানত শোধনাগাৰটৌলৈ এই বঁটা সমূহ প্ৰদান কৰা হয়।

৯. ফেডাৰেশ্বন অৱ ইণ্ড্ৰাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ ইষ্টাৰ্ন ৰিজ'নৰ(ফাইনাৰ) উদ্যোগত গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত হ'ল "বিনিয়োগ সন্মিলন-২০১৪"। অসম এতিয়া বিনিয়োগৰ বাবে উপযুক্ত ঠাই, ৰাজ্যৰ ৩৭,৩০০টা ক্ষুদ্ৰ-লঘু-মজলীয়া উদ্যোগত পাঁচ লক্ষাধিক যুৱক-যুৱতী কৰ্মৰত হৈ আছে বুলি দাবী কৰিলে অসমৰ উদ্যোগমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে। অচিৰেই মুকলি হব লগা গেছ ক্ৰেকাৰ প্ৰকল্পত প্ৰত্যক্ষভাৱে ৮০০লোকে সংস্থাপন প্ৰকাশ কৰি এই প্ৰকল্পক ভিত্তি কৰিলে অন্যান্য ১৫৫টা উদ্যোগ গঢ়ি উঠিব বুলিও তেখেতে আশা প্ৰকাশ কৰে।

১০. উত্তৰ গুৱাহাটীৰ প্ৰখ্যাত ধৰ্মীয় অনুষ্ঠান শ্ৰীশ্ৰী দৌলগোবিন্দ মন্দিৰত এইবেলি ১৫মাৰ্চৰ পৰা বিস্তৃত কাৰ্যসূচীৰে পাঁচদিনীয়াকৈ উদযাপন কৰা হব দৌল উসৱ। পৰম্পৰাগত ৰূপত মেষদাহ পৰ্ব, ভাগৱত কীৰ্তন পাঠ, হোম-আৰত আৰু শোভাযাত্ৰাৰ লগতে আয়োজিত হৈছে আমন্ত্ৰিত শিল্পীৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াও।

১১. ছাহাৰা ইণ্ডিয়াৰ মুৰব্বী সুব্ৰত ৰয় আৰু কোম্পানীটোৰ আন দুজন সঞ্চালকাকক ১১মাৰ্চলৈকে তিহাৰ জেললৈ পঠালে উচ্চতম ন্যায়ালয়ে। বিনিয়োগকাৰীক ২০হাজাৰ কোটি শোধাবলৈ বুলি দিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালনৰ বাবে এতিয়া স্থাৱৰ সম্পত্তিৰ বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰিছে। আদালতলৈ আনোতে সুব্ৰত ৰায়ৰ মুখত ক'লা চিয়াঁঞি দলিয়ালে এজন অধিবক্তাই।

১২. অসমত বিজেপিয়ে মিত্ৰতা নকৰে অগপৰ সতে। অগপয়ো কাৰো লগত মিত্ৰতা নকৰে বুলি কৰিলে প্ৰকাশ। এ.আই.ইউ.ডি.এফৰ সৈতে মিত্ৰতাৰ বাট এতিয়াও খোলা থকা ইংগিত দিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

১৩. ম্যানমাৰত হোৱা বিমষ্টেক শীৰ্ষ সন্মিলনত আলোচনাত মিলিত হ'ল ভাৰত, ভৃটান, ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ডৰ শীৰ্ষ নেতৃবৃন্দ। ভাৰত আৰু চুবুৰীয়া দেশৰ মাজত ঘাইপথ, জলপথ আদিৰে যোগাযোগ বৃদ্ধ, বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্ব প্ৰদান কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে।

১৪. নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্ৰ জব্দ, জামিন বিহীন পৰোৱানাসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণ, সুৰা বিপনীক দৈনিক বিক্ৰীৰ হিচাব দিয়া, অতিৰিক্ত বিক্ৰীৰ কাৰণ দেখুওৱাকে ধৰি নিৰ্বাচনকেন্দ্ৰিক কিছু কঠোৰ নিৰ্দেশ জাৰি কৰিছে। লগতে চ'ছিয়েল নেটৱৰ্কিং ছাইটৰ ওপৰতো নাকী লগোৱাৰ বাবে পৰামৰ্শ দিয়াৰ খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

১৫. কালি চিপিআই (এম.এল) ৰাজ্যিক সমিতিয়ে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত কৰে এক "পৰিবৰ্তন সমাৱেশ"। অৰুণাচলীৰ দুৰ্বৃত্তৰ হাতত বিহালীত প্ৰাণ দিয়া পোন্ধৰজন লোক আৰু গুৱাহাটীত ভূমি পট্টনৰ বিষয়ত আত্মজাহ দিয়া প্ৰণৱ বড়োৰ প্ৰতি সভাই জনালে গভীৰ শ্ৰদ্ধাঞ্জলি। সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ ভ্ট্টাচাৰ্যই কংগ্ৰেছ দলৰ ভ্ৰষ্টাচাৰ আৰু স্বৈৰাচাৰৰ পৰা দেশক মুক্তি দিব দিয়াৰ বাবে জনতাক আহ্বান জনায়। সভাই অখিল গগৈক মুক্তি দিবৰ বাবে অসম চৰকাৰক দাবী জনায়।

১৬. অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদৰ ঢৌ অব্যাহত থকাৰ লগতে কালি গুৱাহাটীত অনুষ্ঠিত হ'ল নাগৰিক সভা। এই সভাত অংশগ্ৰহণ কৰি চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে "ব্যক্তিগতভাৱে আত্মজাহৰ বিৰোধী যদিও ৰাজহুৱা জীৱনত অখিল গগৈৰ প্ৰয়োজন আছে আৰু হনুমানৰ দৰে তেওঁ চৰকাৰৰ বিৰুদ্ধে অকলেই যুঁজিছে" বুলি কৰিলে মন্তব্য।

১৭. আমগুৰি সমষ্টিৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে ১কোটি ১৫লাখ টকা মুকলি কৰি দিব বুলি ঘোষণা কৰিলে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী অজিত সিঙে। তেখেতে আমগুৰিত এই ধনেৰে নিৰ্মাণ হব লগা ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প আৰু খেলপথাৰ উন্নয়নৰ আধাৰশিলা কালি স্থাপন কৰে।

No comments:

Post a Comment