পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰসিদ্ধ সাহিত্যিক মহাশ্বেতা দেৱীক কালি অসম সাহিত্য সভাৰ মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰিলে অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কে। গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত এক অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ আৰ্থিক সহযোগত প্ৰৱৰ্তন কৰা এই বঁটা প্ৰদান কৰা হয়।

২. গান-কবিতা-নাটকেৰে নলবাৰীত ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভা। স্নায়ুশৈল্য চিকিতসক ডাঃ বসন্ত কুমাৰ বৈশ্যৰ "স্নায়ুৰোগঃ কাৰক আৰু প্ৰতিকাৰ" শীৰ্ষক গ্ৰন্থ নলবাৰী নাট্য মন্দিৰত উন্মোচিত হ'ল "চেঞ্জ" নামৰ সামাজিক সাংস্কৃতিক সংগঠনটোৰ উদ্যোগত। এই সভাত সাহিত্যিক কনকসেন ডেকা, শশী শৰ্মীকে ধৰি সুধীজনে অংশ গ্ৰহণ কৰে।

৩. ডিব্ৰুগড়ত প্ৰায় ২১২কোটি টকাৰ চাৰিটা ভিন্ন প্ৰকল্পৰ আধাৰশিলা কালি স্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।  চৌকিডিঙি খেলপথাৰত হোৱা এই সভাত ড'নাৰ মন্ত্ৰনালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী পৱন সিঙ ঘাটোৱাৰেও অংশগ্ৰহণ কৰে।

৪. যোৱা ১ মাৰ্চৰ পৰা নদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোতসৱ। উদ্বোধনী ভাষণত অধিবক্তা বিজন মহাজনে অসমৰ জাতি জনগোষ্ঠী সমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ কথা বাখ্যা কৰে।

৫. অসমত ঔদ্যোগিক শিক্ষাক এখোপ আগুৱাই নিবলৈ অসম চৰকাৰে স্থাপন কৰিবলৈ ওলোৱা ১০খন নতুন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভিতৰত এখন স্থাপন হব মৰাণটো। আজি মৰাণ ওদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিব শ্ৰম আৰু নিয়োগ মন্ত্ৰী পৃথিৱী মাঝিয়ে।

৬. ৰন্ধন গেছ গোলকীয় মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত ৰাজসাহাৰ্য বিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫৩টকাকৈ হ্ৰাস কৰাৰ সুখবৰ। পৰিয়ালবোৰে বছৰি ১২টা ৰাজ-সাহাৰ্য কিনাৰ পাছত অতিৰিক্ত চিলিণ্ডাৰ এতিয়া নতুন দাম ১০৮০টকাত কিনিব লাগিব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

৭. বিশিষ্ট লেখক, নিবন্ধকাৰ মৃনালকান্তি চক্ৰৱৰ্তীৰ কৰ বিষয়ক গ্ৰন্থ "এ গ্লিমছ অন দ্য টেক্সেশ্বন হিষ্ট্ৰী অৱ আছাম" কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত উন্মোচন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অণিমা চৌধুৰীয়ে। মৌৰ্ষ যুগ, আহোম যুগৰ পৰা ধৰি আধুনিক যুগলৈ কৰ সংগ্ৰহ ব্যৱস্থাৰ বিস্তৃতভাৱে এই গ্নন্থত উল্লেখ কৰা হৈছে।

৮. কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাখনো শিক্ষা মহাবিদ্যালয়ৰ সহযোগত যোৱা শুকুৰবাৰে কুঁৱৰীটোলত অনুষ্ঠিত হ'ল এক সাংস্কৃতিক বিনিময় অনুষ্ঠানৰ। জিলা শিক্ষা মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত, নৃত্য, আবৃত্তি আৰু অভিনয় কৰি অনুষ্ঠানতো জাকত-জিলিকা কৰি তোলে।

৯. কালিৰে পৰা আৰম্ভ হৈছে আমিৰ খানৰ "সত্যমেৱ জয়তে"ৰ দ্বিতীয়টো চিৰিজ। কালিৰ খণ্ডত ভাৰতত ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বলি হোৱা সকলে ন্যায় বিচাৰৰ পথত পোৱা অলেখ নিৰ্যাতনমূলক বাধা বিঘিনিৰ অন্বেষণ কৰি ব্যৱস্থাত থকা আঙুলিয়াই দিয়াৰ লগতে এইক্ষেত্ৰত দেশৰ পুতৌজনক স্থিতিৰ সম্পৰ্কেও আলোকপাত কৰি বহুজনৰ দুগালেদি চুকলো নিগৰাই তোলে।

১০. জীৱনশিল্পী আদ্য শৰ্মাৰ স্বাস্থ্যৰ খা-খবৰ লবলৈ শিল্পীজনৰ বাসস্থান নলবাৰী আৰ্ট স্কুলত উপস্থিত হ'ল অভিনেত্ৰী সীমা বিশ্বাস। তেওঁ শিল্পীগৰাকীলৈ পাঁচ হাজাৰ টকাৰ অৰ্থ সাহাৰ্যও আগবঢ়ায়। উল্লেখযোগ্য যে অভিনেত্ৰী গৰাকীয়ে ছাত্ৰী হিচাবে এই আৰ্ট স্কুলতে অভিনয় আৰু চিত্ৰকলাৰ আদিপাঠ গ্ৰহণ কৰিছিল।

১১. অসমলৈ এম জি এনৰেগাৰ অনুদানৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰে  ৯৫০কোটিৰ টকাৰ পৰা বৃ্দ্ধি কৰিলে ১০০১কোটি টকালৈ। এতিয়া পহিলা এপ্ৰিলৰ পৰা জৰ্বকাৰ্ড থকা কৰ্মসকলে মজুৰি ১৫২টকাৰ পৰিবৰ্তে দিনে ১৬৭টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰিলে গ্ৰামোন্নয়ন বিভাগে।
১২. মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাহুল গান্ধীক লাচিত-চিলাৰায়ৰ লগত তুলনা কৰি অসমীয়া জাতিক অপমান কৰিছে বুলি সংবাদমেলত মন্তব্য কৰিলে সমাজকৰ্মী। তেখেতে মুখ্যমন্ত্ৰীৰ মৌন সমৰ্থনতে বন ধ্বংস অভিযান চলি থকা, সোণাই ৰূপাইত অবৈধ বেদখলকাৰীীৰ অবাধ বসতি আদি হোৱা বুলি অভিযোগ তুলি ধৰাৰ লগচে ১৪মাহৰ ভিতৰত ৫২টা গঁড় হত্যা হোৱাৰ বিষয়েও চিন্তা প্ৰকট কৰে।

১৩. 
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত চলি থকা নুৰুদ্দিন আহমেদ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিলে মৰিগাঁও দলে। কৰিমগঞ্জ দলক পাঁচ উইকেটৰ ব্যৱধানত পৰাজিত কৰি মৰিগাঁৱে এই স্থান অৰ্জন কৰিলে।

১৪. নলবাৰী জিলা চাফাই কৰ্মী সন্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ফিজিকেল কালচাৰ এছ'চিয়েশ্বনৰ সহযোগত নলবাৰী নাট্য মন্দিৰত সফলতাৰে শনিবাৰে সামৰণি পৰিল জিলা ভিত্তিত অনুষ্ঠিত বেঞ্চ প্ৰেছ আৰু দেহশ্ৰী প্ৰতিযোগিতাৰ। মনেশ্বৰ বড়ো ষ্ট্ৰংমেন আৰু ৰীতেন বড়োৱে জিনিলে মিষ্টাৰ নলবাৰী খিতাপ।

১৫. বৰপেটা জিলাৰ হাউলীত কালি অনুষ্ঠিত হৈ যায় প্ৰাইজমানী মাৰাথান প্ৰতিযোগিতা। স্থানীয় প্ৰাক্তন সৈনিক কল্যাণ সন্থাই কৰিছিল এই 
আয়োজন।

No comments:

Post a Comment