পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বেংগেলুৰুত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ডচৰ অনুষ্ঠানত বৰ্ষশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে জাহ্নু বৰুৱা পৰিচালিত ছবি "অজেয়"ই। "পানী" শীৰ্ষক ছবিৰ পৰিচালনাৰ বাবে যদুমণি দত্তলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, "ৰাগ"ত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু জয়া শীলক "শৃংখল" ছবিত কৰা অভিনয় বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটাৰে সন্মানিত কৰে। লগতে পুলক গগৈ পৰিচালিত "মমতাজ" লৈ শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ সন্মান আগবঢ়োৱা হয়। অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰাৰো সুখবৰ।
প্ৰাগ চিনেমা এৱাৰ্ডচৰ মঞ্চত দীক্ষু
২. গুৱাহাটীত কালি মাণিক চৌধুৰী স্মাৰক বঁটাৰে সন্মানিত হ'ল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত অসমত বিগত কেইবছৰমানৰ পৰা সৃষ্টি হোৱা এক বৌদ্ধিক অৱসাদে বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত এক স্তব্ধতা আনি দিছে বুলিও তেখেতে কৰিলে মত প্ৰকাশ।

৩. অহা ২৫-২৯ মাৰ্চলৈ তেজপুৰ আৰু যোৰহাটত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অনু্ষ্ঠিত কৰিব পূৰ্বোত্তৰ নাট্য সমাৰোহ।  উত্তৰ-পূৰ্বাঞ্চলত এন.এছ.ডিৰ পাঁচটা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱো কালি ৰাজহুৱা কৰে। তেজপুৰৰ বাণ থিয়েটাৰত সীমা বিশ্বাসৰ পৰিচালনাত মুম্বাইৰ নাট্যদলৰ নাটক আৰু যোৰহাটত বেজবৰুৱা ৰচিত "গাঁওবুঢ়া" মঞ্চস্থ হব বুলিও প্ৰকাশ কৰিছে।

৪. ধেমাজি লখিমপুৰত ১৯৮৯চনত সংঘটিত অবৈধ শিক্ষক নিযুক্তিৰ প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰি অভিযুক্ত সকলৰ বিৰুদ্ধে বিচাৰ চলাবলৈ অসমৰ বিশেষ আদালত আৰু সত্ৰ ন্যায়াধীশলৈ নিৰ্দেশ জাৰি কৰিছে।

৫. "সামৰিক বাহিনী বিশেষ ক্ষমতা" বিষয়ত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সকলক স্থিতি এসপ্তাহৰ ভিতৰত স্পষ্ট কৰিবলৈ আহ্বান জনালে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে। জাষ্টিচ ৰেড্ডী আয়োগৰ পৰামৰ্শ মানি এই আই অতি সোনকালেই প্ৰত্যাহাৰ কৰিবলৈকো সংগ্ৰাম সমিতিয়ে দাবী জনাইছে।
৬. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল বিশিষ্ট গজল গায়িকা পূৰ্ণিমাৰ "আইনা" শীৰ্ষক এখন ভিচিডি।  কামাখ্যা প্ৰডাকচন নিবেদিত এই এলবাম উন্মোচনী অনুষ্ঠানত সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু শিল্পী মৃনালকান্তিয়েও অংশ গ্ৰহণ কৰে।

৭. ৰঙালী বিহুৰ পাছতেই নাট্য সংগঠন "ছিগাল"ৰ উদ্যোগত আয়োজিত হব এক আবাসিক নাট্য কৰ্মশালা আৰু প্ৰযোজনাৰ। গুৱাহাটীৰ জু-ৰোডস্থিত "ছিগাল" প্ৰাংগণত হব লগা এই কৰ্মশালাত অংশ লবলৈ ৩১মাৰ্চৰ ভিতৰত ৯৮৬৪৫-১১৩৬৪ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

৮. অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ২৭মাৰ্চত আহিব ৰাহুল গান্ধী, ২৮মাৰ্চত ছোনিয়া গান্ধী আৰু ২৯মাৰ্চত আহিব প্ৰধান মন্ত্ৰী মনমোহন সিঙ। অন্তঃকলহ মাজত জৰ্জৰিত কংগ্ৰেছী প্ৰাৰ্থীক উদ্ধাৰৰ বাবে বিসম্বাদীসহ কেইবাজনকো দিল্লীলৈ তলৱ কৰি নিয়াৰো প্ৰকাশ পালে বাতৰি।

৯. দ্বাৰকাপীঠৰ শংকৰাচাৰ্য স্বৰূপানন্দ স্বৰস্বতীৰ  আপত্তি আৰু হস্তক্ষেপত আঁতৰিল "হৰ হৰ মোদী" শ্লোগান। ব্যক্তিপূজনৰ এনে অতিমাত্ৰা ৰূপ ধাৰণ কৰিলে কোনো মানুহেই ৰোধিব নোৱাৰা বুলি ভবা মোদীক ভগৱানেই বাৰণ কৰিব বুলি শংকৰাচাৰ্যই মন্তব্য কৰাৰ পাছতে বিজেপিয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।

১০. কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজত যোৱা ১৯মাৰ্চত অনুষ্ঠিত হ'ল বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে এক বক্তানুষ্ঠানৰ। "লক্ষ্মীনাথ বেজবৰুৱাৰ কথা-সাহিত্যত লোক উপাদানৰ সমল" শীৰ্ষক এই বক্তৃতানুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষা ডঃ শিখামণি কোঁৱৰে।

No comments:

Post a Comment