পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অৰণ্য মানৱ যাদৱ পায়েঙলৈ লায়ন্স ক্লাৱে আগবঢ়াইছে এইবৰ্ষৰ কৰ্মযোগী বঁটা৷ গুৱাহাটীৰ মাছখোৱাস্থিত সাংস্কৃতিক প্ৰকল্পত ২২মাৰ্চৰ পৰা হব লগা ৩৫সংখ্যক বাৰ্ষিক জিলা সমাবেশত পায়েঙদেৱক এই বঁটা প্ৰদান কৰা হব বুলি সংবাদমেলত প্ৰকাশ কৰিছে লায়ন্স ক্লাৱ ইণ্টাৰনেচনেলৰ জিলা গৱৰ্ণৰ এল এন আগৰৱালাই৷ এই সমাবেশত উত্তৰ পূৱৰ সমূহ জিলাৰে সদস্য সকলে অংশগ্ৰহণ কৰিব৷ এই সমাবেশৰ সৈতে সংগতি ৰাখি এখনি চিত্ৰ প্ৰদৰ্শনী, আলোচনা সত্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷
কালি জীৱন নাটৰ সামৰণি মাৰিলে
প্ৰখ্যাত লেখক খুবন্ত সিঙে

২. পলাশবাৰীৰ সৰু হেৰামদো পুবেৰুণ পুথিভঁৰালে কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব সোণালী জয়ন্তী৷ সাংস্কৃতিক শোভাযাত্ৰা, খেল-ধেমালিৰ প্ৰতিযোগিতা, মুকলি সভা, ভেশচন প্ৰতিযোগিতাৰ লগতে আয়োজিত হৈছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও৷ ২৩মাৰ্চৰ সন্ধিয়া মঞ্চস্থ হব নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পূৰ্ণাংগ নাট "দধীচি"৷

৩.
বিশ্ব টাইকোৱানডোত অসমৰ জয়শ্ৰী বসুমতাৰী আৰু ৰঘু বড়োৱে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ চীনৰ টাইপেইত উপস্থি হৈছেগৈ৷ য়ুথ অলিম্পি কোৱালিফায়িং টাইকোৱানডো আৰু জুনিয়ৰ ৱ'ল্ড টাইকোৱানডো চেম্পিয়নশ্বিপখনিত কোকৰাঝাৰৰ জয়শ্ৰীয়ে ৫২ কিলোৰ অনুৰ্ধ আৰু ওদালগুৰিৰ ৰঘুৱে ৪৮কিলোৰ অনুৰ্ধ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব৷

৪. দৰঙ জিলাত বিগত বৰ্ষৰ নৱেম্বৰ মাহত এচিড আক্ৰমণৰ বলি হোৱা যুৱতী এগৰাকীলৈ সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে তিনি লাখ টকা আগবঢ়াইছে দৰং জিলা আইন প্ৰাধিকাৰীয়ে৷ আইন সেৱা প্ৰাধিকাৰীলৈ এই নিৰ্দেশ জাৰি কৰি অসম নিৰ্যাতিতা ক্ষতিপূৰণ আঁচনিৰ অধীনত এই সাহাৰ্য প্ৰদান কৰিবলৈ সত্ৰ ন্যায়াধীশে ৰায়দান কৰিছে৷

৫.
কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল আধুনিক গীতৰ শ্ৰব্য সঁফুৰা "তোমাৰ সপোনতে"৷ তৰালী শৰ্মাৰ সংগীতত কণ্ঠ নিগৰাই এই এলবামটো সজাই তুলিছে কণ্ঠশিল্পী চয়নিকা কলিতাই৷

৬. ওদালগুৰি জিলাই সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ জৰিয়তে ৩১২২গৰাকী ৰোগী চিনাক্ত কৰিছে৷ লগতে ডটছে ৮৫শতাংশ ৰোগীক আৰোগ্য কৰি তুলিছে বুলি প্ৰকাশ কৰিছে সুখবৰ৷ অহা ২৪মাৰ্চত দিনজোৰা কাৰ্সূচীৰে বিশ্ব যক্ষ্মা দিৱস হাতীগড় চাহ বাগিচা প্ৰাগংনত উদযাপন কৰাৰ লগতে বিশাল সজাগতামূলক এক শোভাযাত্ৰাৰো আয়োজন কৰিছে৷

৭. কালিৰে পৰা বজালী কলেজ খেলপথাৰত তিনিদিনীয়াকৈ আয়োজিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃমহাবিদ্যালয় কাবাদী (পুৰুষ আৰু মহিলা) প্ৰতিযোগিতাখনি৷ ২৫খন কলেজে অংশ লোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই৷

৮. গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব ৰাষ্ট্ৰীয় মুকাভিনয় উৎসৱ৷ মুকাভিনয় একাডেমী, গুৱাহাটী আৰু চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অহা ২২-২৪ মাৰ্চলৈ এই উৎসৱ অনুষ্ঠিত হব৷ মইনুল হকৰ উপৰিও ৰাজস্থানৰ বিলাস জানচেৰ, পশ্চিমবংগৰ কল্পতৰু গুহ, শাস্বতা বিশ্বাস, গুৱাহাটীৰ প্ৰাঞ্জল গগৈ আৰু শিৱসাগৰৰ বিজিত কুমাৰ দাসৰ মুকাভিনয় প্ৰদৰ্শিত হব৷

৯.
বিশ্ব জল দিৱস এই বছৰো অহা ২২মাৰ্চত উদযাপন কৰিব ইনষ্টিটিউচন অৱ ইঞ্জিনিয়াৰ্ছ (ইণ্ডিয়া)ৰ অসম ৰাজ্যিক কেন্দ্ৰই৷ এই দিৱসত "জল আৰু শক্তি" বিষয়ত এক বক্তৃতাৰ লগতে ছটা কাৰিকৰী প্ৰৱন্ধৰ উপস্থাপন কৰা হব৷ লগতে সত্যেন্দ্ৰ শৰ্মা আৰু গকুল চন্দ্ৰ গোস্বামী বঁটা গুৱাহাটী বিশ্ববিদ্যায়ল কলেজ সমূহৰ ভিতৰত সকলো অভিযান্ত্ৰিক শাখাৰ ভিতৰতে শীৰ্ষ স্থান পোৱা আৰু বৈদ্যুতিক বিভাগত শীৰ্ষস্থান লাভ কৰা স্নাতকদ্বয়ক প্ৰদান কৰা হব৷

১০. আজি ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে নৃত্যাঞ্জলি নৃত্য সমাৰোহ৷ শাস্ত্ৰীয় নৃত্য সন্ধিয়াটিত কলকাতাৰ পৰা আমন্ত্ৰিত শিল্পী ৰাহুল দেৱ মণ্ডলেও নৃত্য পৰিবেশন কৰিব৷ মুখ্য অতিথিৰূপে অংশ লব ভাৰ ত চৰকাৰৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰ ক্ষেত্ৰীয় সঞ্চালক শংকৰ প্ৰসাদ কাকি বৰাই৷


১১. অহা ১৮ এপ্ৰিলত নগাঁৱৰ আমোলাপট্টি ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰিছে ১৪বছৰ অনুৰ্ধ সকলৰ বাবে সদৌ অসম ভিত্তিত বিহু কন্যা প্ৰতিযোগিতা৷ দুদিনীয়াকৈ আয়োজিত হোৱা ৰঙালী বিহুখনিৰ এই প্ৰতিযোগিতাত চলন্ত বঁটাৰ লগতে প্ৰাইজমানিও ৰখা হৈছে৷ ১৯ এপ্ৰিলত কুইজ আৰু আন খেল-ধেমালি প্ৰতিযোগিতাৰ উপৰিও সন্ধিয়ালৈ অতিথি শিল্পীৰ সাংস্কৃতিক সন্ধিয়াৰো চলিকে ব্যাপক প্ৰস্তুতি৷

১২. গোলাঘাট জিলা ক্ৰীড়া সন্থাই নতুনকৈ গঠন কৰা এথলেটিকছ ক'চিং চেণ্টাৰৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে এটা প্ৰশিক্ষণ শিবৰ৷ ৩৬গৰাকী খেলুৱৈক প্ৰশিক্ষণ দিব লগা এই শিবিৰৰ দ্বায়িত্বত আছে মীনাক্ষি কোঁৱৰ৷ এই চেণ্টাৰে গোলাঘাটৰ ক্ৰীড়া প্ৰতিভাক অনাগত দিনত তুলি ধৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে৷

১৩. যোৰহাটস্থিত ভাৰতীয় মহাকাব্য অধ্যয়ন কেন্দ্ৰই অহা ২০ আৰু ২১ নৱেম্বৰত মহাকবি বাল্মিকী ৰামায়ণৰ বিভিন্ন দিশ আলোচনা কৰিবলৈ এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে৷ ৰামায়ণ পণ্ডিত মুৰাৰি বাপুৱে উদ্বোধন কৰিব লগা আলোচনা সভাত এই বিষয়ত গৱেষণাৰত দেশৰ বিভিন্ন সুধীজনে অংশ লব৷ সবিশেষ www.epicstudy.com চাব পাৰিব৷ গৱেষণাপত্ৰ পঠোৱাৰ শেষ তাৰিখ ১০ছেপ্তেম্বৰ, লগতে অনুষ্ঠিত হব এখনি পোষ্টাৰ প্ৰদৰ্শনী প্ৰতিযোগিতাও৷

১৪. সন্ধানহীন হোৱা মালয়েছিয়ান বিমানৰ দুটা টুকুৰা ভাৰত মহাসাগৰৰ বুকুত থকাৰ সম্ভেদ কৃত্ৰিম উপগ্ৰহৰ পৰা পোৱা তথ্যৰ ভিত্তিত যোগান ধৰিছে অষ্ট্ৰেলিয়াই৷

১৫. গুৱাহাটীৰ সংগীত শিক্ষানুষ্ঠান "প্ৰাণা"ৰ উদ্যোগত অহা ২২মাৰ্চত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত হৈছে "সংগীত ৰসস্বাদন" শীৰ্ষক অনুষ্ঠানৰ৷ এই অনুষ্ঠানৰ সৈতে মত বিনিময় আৰু প্ৰশ্নোত্তৰ শিতান আঁত ধৰিব কটন কলেজ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সত্যেন কুমাৰ চৌধুৰীদেৱে৷

No comments:

Post a Comment