পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমতে এতিয়াৰে পৰা প্ৰস্তুত কৰা হব আই.টি.চি লিমিটেডৰ জনপ্ৰিয় বিস্কুট সমূহ। অসমৰ জনপ্ৰিয় বেকাৰী প্ৰতিষ্ঠান ৰিপ'জৰ সৈতে যৌথভাৱে নৰ্থ-ইষ্ট নিউট্ৰিয়েণ্টছ প্ৰাঃ লিমিটেড নামৰ সংস্থা এটি এই উদ্দেশ্যে গঢ় দিয়া হৈছে। দৰং জিলাৰ ৰামহৰি অঞ্চলত আই.টি.চি আৰু ৰিপ'জৰ এই ১৪৬কোটি টকীয়া মেগা-প্ৰকল্পটো স্থাপন কৰা হব আৰু ইয়াৰ পৰাই দৈনিক প্ৰায় ১০০টন বিস্কুট উৎপাদন কৰা হব। উল্লেখযোগ্য যে ৰিপ'জ(এছ আৰ ডি গ্ৰুপে) য়ে ইতিমধ্যে হৰলিক্স আৰু ব্ৰিটেনিয়া কেক উৎপাদন কৰি ব্ৰিটেনিয়া কোম্পানীৰ পৰিসৰ উত্তৰ পূৱত বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে।

২. মাজুলীৰ পটভূমিত নিৰ্মিত বিদ্যুত কটকীৰ কথাছবি "এখন নেদেখা নদীৰ সিপাৰে"য়েই আমেৰিকাৰ নৰ্থ কেৰ'লিনা চলচ্চিত্ৰ মহোৎসৱৰ "দৰ্শকৰ পছন্দ বঁটা" কঢ়িয়াই অনাৰ সুখবৰ। লগতে ছবিখন অহা মে' মাহৰ ৫-১০ তাৰিখলৈ অনুষ্ঠিত হব লগা চতুৰ্দশ বাৰ্ষিক নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হোৱাৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে।

৩. চতুৰ্থ হকী ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা হকীৰ ফাইনেলত ৰণত নামিব অসমৰ দলটি। ভূপালত আজি হিমাচলৰ বিৰুদ্ধে খিতাপৰ যুঁজত নামিব লগা দলটোৱে তামিলনাডুক ছেমিফাইেনলত পৰাভূত কৰিছিল।

৪. বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হৈছে জাভেদ খান ট্ৰফী সদৌ অসম আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ। উদ্বোধনী খেলত আয়োজক বোকাখাত জিলা দলে মঙলদৈৰ বিৰুদ্ধে বিশাল ১৩১ৰাণৰ ব্যৱধানত বিজয়ী হবলৈ সক্ষম হৈছে।

৫. অহা ২৩মাৰ্চৰ পৰা ৰয়েল গ্ল'ৱেল স্কুলৰ ইনড'ৰ হলত প্ৰথম আৰ জি এছ আন্তৰ্জাতিক ৰেটিং দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ছুইছ লীগ পদ্ধতিত হব লগা প্ৰতিযোগিতাখনিত দেশৰ বিভিন্ন প্ৰান্তৰ দুশৰো অধিক প্ৰতিযোগীয়ে ভাগ লব আৰু প্ৰতিযোগিতাখনিৰ বাবে প্ৰাইজমানি ৰূপে আয়োজকে পাঁচ লাখ টকাৰো অধিক ধন ঘোষণা কৰিছে। যোগদানৰ বাবে ৯৮৫৪২-৮৩১২৩ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।

৬. ওদালগুৰিত অহা ২৩মাৰ্চত উদ্বোধন কৰা হব এণ্টিগনি এক্টিঙ একাডেমীৰ। নাট্য আন্দোলনৰ বাবে নাট্যকৰ্মী তথা শিল্পী সৃষ্টিৰ লক্ষ্যৰে ভ্ৰাম্যমান তথা বৈদ্যুতিন মাধ্যমৰ বাবে পেশাদাৰী শিল্পী গঢ়িব পৰাকৈ এন এছ ডিৰ আধাৰত পাঠ্যক্ৰমেৰে শিক্ষাদান কৰিব লগা একাডেমীখনৰ উদ্বোধন কৰিব অভিনেতা পৰমানন্দ নাথে।

৭. বৰপেটাৰোডত উন্মোচিত হ'ল "নৱ-ক্ৰান্তি" নামৰ এখনি নতুন আলোচনীৰ। উন্মোচনী ভাষণত সাহিত্যিক ইছমাইল হুছেইনে পৰিবৰ্তনকামী চিন্তাধাৰাইহে এখন সু্স্থ সমাজ গঢ়াত সহায়ক হব বুলি মত প্ৰকাশ কৰে। এই অঞ্চলৰ পৰাও এখন আলোচনী প্ৰকাশ কৰিবলৈ কেইজনমান উৎসাহী যুৱকৰ এই উদ্যমক উপস্থিত সচেতন ৰাইজে শলাগ লোৱা বুলি জানিব পৰা গৈছে।

৮. চাহৰ পৰৰ চৰ্চা পৰ্বৰ পাছত এইবাৰ বিজেপিৰ নেতা নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষকসকলৰ সৈতে চৰ্চাত অংশগ্ৰহণ কৰাৰ অভিযান আৰম্ভ কৰিব। তাৰ বাবে দেশত ১৫০০স্থান  নিৰ্বাচন কৰিবলৈ দলটোৱে প্ৰস্তুতি চলাইছে। কৃষকৰ সমস্যা সমাধানৰ বাবে দলটোৱে কি কি পথ অৱলম্বন কৰিব, তাৰেই ৰূপৰেখা দাঙি ধৰিবলৈ এই অভিযানৰ আয়োজন কৰা বুলি সূ্ত্ৰই কৰিলে প্ৰকাশ।

৯. নিৰ্বাচনত অংশ লোৱাৰ বাবে ভোটদাতাক সজাগ কৰিবলৈ তথা প্ৰেৰণা দিবলৈ নিৰ্বাচনী আয়োগৰ প্ৰচাৰত অংশ লৈছে বলিউদৰ নায়ক আমীৰ খান, অমিতাভ বচ্চন আদিয়ে। ক্ৰিকেটৰ বিৰাট কোহলীয়েও নিৰ্বাচনী আয়োগৰ প্ৰচাৰ অভিযানত অংশ লৈ ভোটদানত অংশ লবৰ বাবে জনতাক আহ্বান জনাব বুলি খবৰ প্ৰকাশ পাইছে।

১০. আম আদমী পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে সপ্তমখন প্ৰাৰ্থী তালিকাৰে সৈতে এতিয়ালৈকে মুঠ ২৬৮টা সমষ্টিৰ প্ৰাৰ্থী।  কুডানকুলাম পাৰমাণৱিক প্ৰকল্প বিৰোধী আন্দোলনৰ নেতা ডঃ উদয় কুমাৰক কন্যাকুমাৰীৰ পৰা টিকট প্ৰদান কৰিও দলটো বিশেষ চৰ্চালৈ আহিছে। মিজোৰামৰ একমাত্ৰ আসনখনৰ বাবেও লালমানজুৱালা নামৰ এগৰাকী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

১১. ব্যৱসায়িক অনুজ্ঞা পত্ৰ নথকা বা নৱীকৰণ নকৰা, ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়ত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে পৌৰ নিগমৰ আগতীয়া জাননীলৈ কানসাৰ নিদিয়া সাতখন হোটেল ৰেষ্টুৰেণ্ট ছীল কৰিলে গুৱাহাটী পৌৰ নিমগমে। পৌৰ নিগম আইনৰ ৬৯ অধিনিয়মৰ ৩৯০ ধাৰাৰ অধীনত আয়ুক্তৰ নিৰ্দেশত চলা এক অভিযানেও পালে সংবাদ শিৰোনামা।

১২. পুত্ৰৰ নিৰ্বাচনী সভাৰ বাবে বহুদিনৰ পাছত  মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা  যোৰহাটলৈ কনভয়সহ ৰাওনা হোৱাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা। দেৰগাঁও আৰু কাকজানত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি তেখেতে বয়স হ'লেও যুদ্ধ কৰাৰ ক্ষমতা কমা নাই বুলি মন্তব্য কৰে বুলিও সংবাদ পত্ৰত প্ৰকাশ পাইছে।  

১৩. মিচিং বাঃনৌ কেবাং কেন্দ্ৰীয় সমিতিৰ ৩৫সংখ্যক অধিৱেশনখনি অহা ২০-২৩ মাৰ্চলৈকে চাৰিদিনীয়াকৈ যোৰহাটৰ বাঁহফলাত অনুষ্ঠিত হব।  প্ৰতিনিধি শিবিৰ, কাৰ্যনিৰ্বাহক বৈঠক, খাদ্যমেলা, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, স্মৃতিগ্ৰন্থ উন্মোচন আদি কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হব "অন্ধবিশ্বাস আৰু ডাইনী হত্যাঃ এক সামাজিক প্ৰত্যাহ্বান" শীৰ্ষক এখন আলোচনাচক্ৰও। মুকলি সভাত সাংসদ ডঃ মৃণাল মিৰি, মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰিব।

১৪. সাহিত্যৰথী ডেৰশবছৰীয়া জয়ন্তীৰ উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ স্বৰূপে অহা ২০মাৰ্চত পুৰণিগুদাম শাখা সাহিত্য সভাই "সাধুকথা অধ্যয়নে পঠন অভ্যাস গঢ়ি তোলে" শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন কৰিছে। সেই দিনটোত পালিত হোৱা বিশ্ব সাধুকথা দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাধুকোৱা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

১৫.  কামৰূপ জিলাৰ বনগাঁও পাণ্টান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ  ৰূপালী জয়ন্তী অহা ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ উদযাপন কৰা হব। অঞ্চলটোত শিক্ষা বিস্তাৰৰ বাবে স্থাপিত হোৱা এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰীতি সন্মিলন, স্মৰণিকা "ৰূপালী"ৰ উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, আধুনি নৃত্য প্ৰতিযোগিতা আদিৰো আয়োজন কৰা হৈছে।


১৬. ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত অহা ২৩মাৰ্চৰ পৰা ল'ৰা আৰু ছোৱালী উভয় শাখাতে এটি বিনামূলীয়া ১৫দিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। স্বেচ্ছাসেৱী অনুষ্ঠান সংকল্প আৰু জাগৰণ ক্ৰীড়া সাংস্কৃতিক সংঘয়ো এই আয়োজনত সহযোগিতা কৰিছে।

১৭. দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ভাৰতৰ নিৰ্মাণ খণ্ডত প্ৰায় ৩.২ নিযুত চাকৰি সৃষ্টি হব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে বাণিজ্যিক সংস্থা এছ'চেমে। তেওঁলোকৰ সমীক্ষা অনুসৰি ২০০৭-১২ৰ ভিতৰতো এইক্ষেত্ৰত ভাৰতত প্ৰায় ২.৯নিযুত চাকৰিৰ সৃষ্টি হৈছিল। সৰ্বাধিক তামিলনাডুত ১৪.৫ শতাংশ এনে চাকৰিৰ সৃষ্টি হৈছিল, তাৰ বিপৰীতে গুজৰাটত হৈছিল ১০শতাংশৰ।


১৮. ভাৰতত ফ'ৰ জি সেৱা আগবঢ়াবৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰা ৰিলায়েঞ্চ জিঅ' নামৰ কোম্পানীটোৱে দেশজুৰি সেৱা আৰম্ভ কৰাৰ বাবে ভায়ম' নামৰ সংস্থাৰ ৪২হাজাৰটা টেলিকম টাৱাৰ ব্যৱহাৰ কৰিবলৈ এক চুক্তিত স্বাক্ষৰ কৰিছে।

১৯. প্ৰতিজন প্ৰাৰ্থীৰ দৈনিক খৰছৰ তথ্য লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী পৰ্যবেক্ষকে। নিৰ্বাচন আয়োগে সাৱধানী পদক্ষেপেৰে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ' ৰেকৰ্ডিং, সংবাদ মাধ্যমত পেইড নিউজৰ ওপৰত সতৰ্ক দৃষ্টি আদিৰে ক'লাধনৰ প্ৰভাৱৰ পৰা নিৰ্বাচনক নিকা কৰি ৰখাৰ বাবে লৈছে প্ৰচেষ্টা।

২০. গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা জি এছ এ "বি" ডিভিজন ক্ৰিকেটৰ ফাইনেলত আজি লতাশিল খেলপথাৰত খিতাপৰ বাবে যুঁজিছে নিউ ষ্টাৰ আৰু চানমাৰি ক্লাৱে।

No comments:

Post a Comment