পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আমাৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাত বৃক্কৰ গুৰুত্বতা সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালি উদযাপিত হ'ল বিশ্ব কিডনী দিৱস। তেজপুৰত ভাৰতীয় চিকিৎসক সন্থাৰ অসম শাখাৰ দ্বাৰা সম্বৰ্ধিত হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বৃক্ক সংৰোপক শল্য চিকিৎসক তথা এইবছৰৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডাঃ সৰ্বেশ্বৰ চহৰীয়া। তেখেতে বৰ্তমান দেশৰ বিভিন্ন চহৰৰ ১৬খন চিকিৎসালয়ত বৃক্ক সংৰোপনৰ অস্ত্ৰোপচাৰত নিয়োজিত হৈ আছে। তেখেত অসম বৃক্ক সংৰোপন ফ'ৰামৰ মুখ্য উপদেষ্টা ৰূপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসমৰ অৰ্থনৈতিক ভাৱে দুৰ্বল লোকসকলৰ চিকিৎসা সেৱাৰ বাবে নৰ্থ ইষ্ট কেয়াৰ ফাউণ্ডেছন নামৰ এক দাতব্য সংস্থাও গুৱাহাটীৰ বৰাগাঁৱত তেখেতে স্থাপন কৰিছে বুলি জানিব পৰা গৈছে। লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বানাক্ৰান্তলোকৰ বাবে দুই লাখ টকাৰ ব্যক্তিগত বৰঙণি আগবঢ়োৱা বুলিও প্ৰকাশ পাইছে।

২. অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চেম্পিয়ন ৰূপে নিজৰ নাম খোদিত কৰিলে অসম পুলিচ ব্লুজ দলে। শিৱসাগৰ ৰ পিয়লি ফুকন ষ্টেডিয়ামত কালি যোৱাবাৰৰ ৰাণাৰ্চ আপ গ্ৰীণভেলী দলক টাইব্ৰেকাৰত ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়নশ্বিপ দখল কৰি লাভ কৰিলে ৬০হাজাৰ টকাৰ প্ৰাইজমানিও।  শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিলে গ্ৰীনভেলীৰ মিড ফিল্ডীৰ লিয়ানজালা ছেনাই।

৩. ভূপালত চলি থকা চতুৰ্থ হকী ইণ্ডিয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা হকী প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনেৰে অসম দলে প্ৰৱেশ কৰিলে ছেমিফাইনেলত। এতিয়া ছেমিফাইনেলত তামিলনাডুৰ বিৰুদ্ধে অসমীয়া নাৰীসকলে অহা ১৮মাৰ্চত ৰণত অৱতীৰ্ণ হব।

৪. ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে উৰ্দু ভাষাক ভাৰতীয় আধুনিক ভাষা ৰূপে স্বীকৃতি দিয়াৰ পৰিপ্ৰেক্ষিতত অসমতো প্ৰাথমিক, উচ্চ প্ৰাথমিক বিদ্যালয় সমূহৰ বাবে মুঠ ২৭৭৯টা উৰ্দু শিক্ষকৰ পদ অনুমোদন দিয়া বুলি জানিব পৰা গৈছে। নগাঁও জিলা শিক্ষিত যুৱ সন্থাই এই বাতৰিত সন্তোষ প্ৰকাশ কৰিছে।

৫. দাৰ্জিলিঙ-হিমালয়ৰ ছান-ডাক-ফু আৰু অৰুণাচল-হিমালয়ৰ ১৬হাজাৰ চাৰিশ ফুট উচ্চতাৰ মাউণ্ট গেৰিছেন বেছ কেম্পলৈ ওলোৱা দুটা দুঃসাহসিক অভিযানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিলে অসমৰ ৰাজ্যপালে। অসম ৰক এণ্ড স্প'টছ ক্লাইম্বিং এছ'চিয়েশ্বনৰ উদ্যোগত আয়োজিত হৈছে এই দুটি অভিযান।

৬. শচীন তেণ্ডুলকাৰলৈ "ক্ৰিকেটাৰ অৱ দ্য জেনেৰেশ্বন" সন্মান আগবঢ়ালে ক্ৰিকেট সম্পৰ্কীয় ৱেবচাইট "ক্ৰিকইনফ"য়ে। ৱেবচাইটটোৰ ২০তম বৰ্ষপুতিত আয়োজিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত শিখৰ ধাৱান আৰু ৰোহিত শৰ্মালৈকো ক্ৰমে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেনৰ পুৰস্কাৰ প্ৰদান কৰে মুম্বাইত।

৭. অহা ২২-২৩ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হব তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী তৃতীয় বাৰ্ষিক ৰাজ্যিক যুৱ, প্ৰবীণ আৰু ২১ বছৰ অনূৰ্ধ কাৰাটে প্ৰতিযোগিতা। ইউনাইটেড কাৰাটে ড' এছ'চিয়েশ্বন, অসম (উকা)ৰ উদ্যোগত এই আয়োজন চলিছে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত। এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ২৭০গৰাকী প্ৰতিযোগীয়ে অংশ লব।

৮. অসম বাৰ্তাজীৱী সংঘৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ল সাংবাদিক কমল গগৈ তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান। "উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় আৰু মাঝিথিয়া দৰমহা বৰ্ড" শীৰ্ষক বিষয়ত মুখ্য অতিথি ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ মুৰব্বী ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁয়ে সাংবাদিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ কাৰো নাই বুলি মতপ্ৰকাশ কৰে।

৯. যোৰহাটত গণশিল্পী মঘাই ওজাৰ ৩৬তম মৃত্যু দিৱসত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে মঘাই ওজা বঁটা। তিনিজন প্ৰখ্যাত ঢোলৰ ওজা ক্ৰমে দেবেন্দ্ৰ চৰণ বৰবৰুৱা, গোজৰ বৰা আৰু ৰামেশ্বৰ দাসক এই বৰ্ষৰ মঘাই ওজা বঁটাৰে সন্মানিত কৰা হয়।

১০.অসম সত্ৰ মহাসভাৰ শতবৰ্ষ উপলক্ষে আঞ্চলিক, জিলা আৰু ৰাজ্যিক পৰ্যায়ত আয়োজিত হৈছে সত্ৰীয়া কলা-সংস্কৃতিৰ বিভিন্ন প্ৰতিযোগিতা। বৰগীত, নাটৰ গীত, সত্ৰীয়া নৃত্য, ঘোষাপাঠ, কীৰ্তন পাঠ, ৰচনা, চিত্ৰাংকন, কুইজ আদি প্ৰতিযোগিতাৰে নৱ-প্ৰজন্মৰ মাজলৈ এই সংস্কৃতিৰ প্ৰসাৰতাৰ বাবে চলাব চেষ্টা। এই বিষয়ে সবিশেষ জানিবৰ বাবে আয়োজক সমিতিৰ সৈতে ৯৪৩৫৩-৫৫১২০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১১. 
নগাঁও মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত যোৱা ১১মাৰ্চত অনুষ্ঠিত হ'ল "মহিলা পৰামৰ্শদাতাৰ মাজত সজাগতা" শীৰ্ষক এখনি কৰ্মশালা। মনোবিজ্ঞানী ডঃ অনুৰাধা আৰু নিটকনৰ সঞ্চালক ডঃ ৰতন সিঙে এই কৰ্মশালা পৰিচালনা কৰে।

১২. বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত স্থাপিত হোৱা বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা বিদ্যালয়খনিৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত বগীৰাম শইকীয়াৰ আৱক্ষ মূৰ্তি স্থাপনৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু এই মূৰ্তি অহা ২২মাৰ্চত উন্মোচন কৰা হব বুলি জানিব পৰা গৈছে।

১৩. দৰঙী কলা কৃষ্টি নাঙেলী গীতৰ লোকশিল্পী দীনবন্ধু শৰ্মাৰ "শতশ্লোক" শীৰ্ষক গ্ৰন্থখনি উন্মোচিত হোৱাৰ সুখবৰ। উন্মোচন কৰিলে বিশিষ্ট সংস্কৃত পণ্ডিত চন্দ্ৰধৰ শৰ্মা শাস্ত্ৰীয়ে।

১৪. গোৱালপাৰা নগৰৰ বাপুজী নগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ ৰূপালী জন্তী বৰ্ষৰ ক্ৰীড়া উসৱ যোৱা ১২-১৪মাৰ্চত অনুষ্ঠিত হৈ যায়। 

১৫. কালি সংবাদ শিৰোনামাত স্থান পোৱা অসম চৰকাৰৰ কৰ্মচাৰীৰ চিকিসা ভাত্তা বন্ধ হোৱাৰ খবৰৰ পাছতে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি এই নিৰ্দেশ উঠাই লবলৈ নিৰ্দেশনা জাৰি কৰাৰ খবৰ আহিছে। 
আন আন গুৰুত্বপূৰ্ণ খবৰ
১. অখিল গগৈক নিতৌ নতুন নতুন গোচৰত অভিযুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে অসম আৰক্ষীয়ে। লোকসভা নিৰ্বাচনৰ সময়চোৱাত কাৰাগাৰতে ৰখাৰ স্বাৰ্থতে এনে স্থিতি গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। পুনৰ আন এটা গোচৰত কালি গগৈক ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ খবৰ পোৱা গৈছে।

২. অসমতো সমাজবাদী পাৰ্টিয়ে আঠটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু  নিৰ্বাচনী প্ৰচাৰৰ বাবে মূলায়ম সিং যাদৱ অসমলৈকো আহিব বুলিও প্ৰকাশ পাইছে। 

৩. ৰাজ্যত এখন সুস্পষ্ট ভূমি আইন প্ৰণয়নৰ দাবীত আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ১২দিন ধৰি দৈয়াং-টেঙানিৰ পৰা পদযাত্ৰা কৰি অহা দলটোক কালি আৰক্ষীয়ে ক্ষেত্ৰীতে আটক কৰি ঘূৰাই পঠায়। প্ৰতিবাদকাৰীসকলক লৈ উভতি যোৱা গাড়ীখন নগাঁৱৰ ধৰমতুলত দুৰ্ঘটনাত পতিত হোৱাৰো খবৰ আহিছে। পিছে কাৰোৰে সৈতে প্ৰতিবাদকাৰীক যোগাযোগ কৰিবলৈ আৰক্ষীয়ে নিদিয়াত আঘাটপ্ৰাপ্ত সকলৰ সবিশেষ জানিব পৰা হোৱা নাই।

৪. ডিগবৈ অভিমুখী নৈশ বাছত মহিলাক অশালীন আচৰণ কৰি জে'লত সোমাল দুই আৰক্ষী উপ-পৰিদৰ্শক সঞ্জিত তালুকদাৰ আৰু কীৰ্তিকমল হাজৰিকা। 

৫. অসম সত্ৰ মহাসভাই তুলিলে অভিযোগ, ৰাজ্যৰ ২৬খন সত্ৰৰ ৬৫৪৮বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত। নগা উগ্ৰপন্থীৰ সমৰ্থকে মাজুলীত ১১টাকৈ গীৰ্জা স্থাপন কৰাৰ পাছতো আৰক্ষী প্ৰশাসন নিৰ্বিকাৰ হৈ থকাক লৈ গুৱাহাটীত এক সংবাদমেলত মহাসভাই তুলিলে প্ৰশ্ন। ন্যায়ালৰ দ্বাৰস্থ হব বুলিও কৰিলে প্ৰকাশ।

৬. আম আদমী পাৰ্টিৰ কেজৰীৱাল আৰু বিজেপিৰ নৰেন্দ্ৰ মোদীৰ পাছত এইবাৰ ৰাহুল গান্ধীয়ে গুগোল হেঙআউট যোগে কৰিলে কৰ্মীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিঙ। মোদীৰ অধীনত সংখ্যালঘু মুঠেই সুৰক্ষিত নহয় বুলি মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। সিফালে অসমত বিসম্বাদীৰ কাম-কাজক লৈ হাইকামাণ্ড চিন্তিত বুলি প্ৰকাশ কৰাৰ লগতে মাৰ্চৰ শেহৰ সপ্তাহত প্ৰচাৰৰ বাবে ছোনিয়া গান্ধী অসমলৈ আহিব বুলি প্ৰকাশ কৰিছে।

No comments:

Post a Comment