পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটাই সামৰি ল'ব অসমীয়া, বাংলা আৰু উড়িয়া চলচ্চিত্ৰকো৷ দেশৰ আগশাৰীৰ চলচ্চিত্ৰ বঁটা কৰা আয়োজক সংস্থা ভিভেল আৰু ফিল্মফেয়াৰে এই কথা সংবাদ মেলত ঘোষণা কৰিছে৷
 
২.
স্বেচ্ছাসেৱী সংস্থা 'জীৱন ইনিচিয়েটিভে' বছৰৰ বিশেষ ১০ শীৰ্ষক তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে৷ এই তালিকাত সাংবাদিক অৰ্ণৱ গোস্বামীকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা কৰা ডঃ সঞ্চয়িতা বৰঠাকুৰ, সংগীত শিল্পী সুনীতা ভূঞা, ৰামধেনু চফটৱেৰৰ স্ৰষ্টা ত্ৰিদীপ কুমাৰ বৰুৱা, সাহসী কিশোৰী গুঞ্জন শৰ্মা, স্বাৱলম্বনৰ আদৰ্শ দেখুওৱাৰ বাবে নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ, কৃষি উদ্ভাৱনী কৰ্মৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়, নৈ পৰীয়া মানুহৰ জীৱনৰ প্ৰতিফলন স্বৰূপ মঞ্জু বৰাৰ ছবি কঃয়াদ, ৰুক্মিনীক লৈ ডঃ ৰত্নোত্তমা দাস বিক্ৰমৰ উপন্যাস "হৰি গুণ কহন নযাই" আৰু চুতীয়া ৰাণী সাধনীক লৈ তুলিকা শইকীয়াৰ উপন্যাস "চাৰিশাল গোসাঁনীৰ তেজ"ক এই তালিকাত স্থান দিয়া হৈছে৷

৩. আজিৰে পৰা সত্ৰনগৰী বৰপেটাত তিনিদিনীয়াকৈ পালিত হৈছে দৌলোৎসৱ৷ আজিৰ দিনটো গন্ধোৎসৱ বা বহ্নুৎসৱ ৰূপে পালন কৰা হৈছে৷ সত্ৰৰ মণিকূটৰ পৰা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক উলিয়াই আনি মঠৰ চোতালৰ বৰশলাইত ৰখাৰ পাছত অধিবাস সম্পন্ন কৰিব৷ তাৰ পাছত টুপৰ চোতালত প্ৰজ্বলিত মেজিৰ চৌদিশে সাতপাক ঘূৰাই দৌলগৃহত আৰোহণ কৰা হব বুলি জানিব পৰা গৈছে৷


৪. কালি আন আন সংগঠনৰ লগতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক হোলীগীত প্ৰতিযোগিতা৷ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভৱানীপ্ৰসাদ চক্ৰৱৰ্তীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনিত মুঠ ৩২দলে অংশগ্ৰহণ কৰে৷এই সভাতে দিল্লীলৈকে চাইকেল যাত্ৰা কৰা সাহসী যুৱক মণ্টু দাসক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আজি ৰাইজিং ক্লাৱে বাট বাটে হোলীগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷

৫. বটদ্ৰৱাৰ শ্ৰীশ্ৰীবটদ্ৰৱা থানত আজিৰে পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ আয়োজন কৰা হৈছে৷ লগতে আয়োজিত হোৱা কাৰ্যসূচীত অংকীয়া ভাওনা, দিহানাম সমাৰোহ, ৰঙৰ হাট মেলাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷

৬. আজি ১৫ মাৰ্চ দিনতো পালিত হৈছে গ্ৰাহক সুৰক্ষা দিৱস ৰূপে৷ বৰ্তমান অসমত থকা ২৬খন গ্ৰাহক সুৰক্ষা আদালতৰ আঠখনহে স্বতন্ত্ৰ আৰু বাকী ১৮খন জিলা ছেছন ন্যায়াধীশৰ অধীনতহে চলে৷ কেন্দ্ৰীয় চৰকাৰে ধনৰ আবণ্টন দিছে যদিও অসম চৰকাৰে আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিষ্ক্ৰিয়তা প্ৰদৰ্শন কৰাৰ কথা সংবাদ মাধ্যমে পোহৰলৈ আনিছে৷

৭. কামৰূপ বেদ মণ্ডল আৰু মহৰ্ষি সন্দীপণি ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠানৰ উদ্যোগত ১৩মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে "ভাৰতীয় সংস্কৃতিত বেদৰ প্ৰভাৱ" শীৰ্ষক আলোচনা চক্ৰৰ৷ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি কেন্দ্ৰত অনুষ্ঠিত এই আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠান অংশ ললে ইছৰোৰ বিজ্ঞানী ডঃ ওম প্ৰকাশ পাণ্ডেদেৱে৷

৮. স্বামী বিবেকানন্দৰ ডেৰশবছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত হ'ল এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ সমাৰোহ৷ সামৰণি অনুষ্ঠানত অংশ ললে অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কে৷

৯. আজি গুৱাহাটীত উদ্বোধন হৈছে নেশ্যনেল বুক ট্ৰাষ্টৰ গ্ৰন্থ বিকাশ কেন্দ্ৰৰ৷ ইয়াৰ স্থান গৱবাহাটীৰ হেদায়েৎপুৰস্থিত অসমৰ ৰাষ্ট্ৰভাষা প্ৰসাৰ সমিতিৰ ভৱন বুলি জানিব পৰা গৈছে৷

১০. এলি আহমেদৰ জন্মদিনটো "গীতক দিন" ৰূপে পালিত হ'ল গুৱাহাটীৰ তীৰ্থনাথ সভাগৃহত৷ এই অনুষ্ঠানতে এলি আহমেদ সম্পাদিত "ওৰণি"ৰ প্ৰশাসনীয় মহিলাৰ জীৱনপঞ্জী সংখ্যা উন্মোচন কৰিলে সাহিত্যিক কনকসেন ডেকাই৷


১১. দুৰ্গম অঞ্চললৈ ভোট গ্ৰহণৰ বাবে যাবলৈ গৰু গাড়ী, ঘোঁৰা, হাতী, নাৱ, দুচকীয়া, চাৰিচকীয়া বাহন আদিৰ যোগাৰ অভিযান চলাইছে জিলা প্ৰশাসন আৰু পৰিবহন বিভাগে৷ পূৰ্বৰ তুলনাত এইবাৰ পৰিবহন বিভাগে সকলো ধৰণৰ যান বাহনৰ ভাড়া পঁচিছ শতাংশ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে৷

 ১২. আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছে "বসন্ত উৎসৱ" শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ৷ বিভিন্ন জনগোষ্ঠীয় কলা-সংসকৃতিক তুলি ধৰাৰ বাবে ইয়াত একাংশ আগশাৰীৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

১৩. অসমত আঞ্চলিকতাবাদক পুনৰোজ্জিবীত কৰাৰ লক্ষ্যৰে পুনৰ উৎসাহেৰে জঁপিয়াই পৰিব অসম গণ পৰিষদ দল৷ তেজপুৰত  বৰ্তমানৰ সাংসদ যোচেফ তপ্পকে কৰিলে প্ৰাৰ্থী ৰূপে ঘোষণা পাঁচ বছৰৰ পাছত আমবাৰীত উপস্থিত হ'ল বৃন্দাবন গোস্বামীও৷ গুৱাহাটী সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকো সমৰ্থকে সমৰ্থকে আদৰি আনিলে বিমান বন্দৰৰ পৰাই৷

No comments:

Post a Comment