পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আত্মসহায়ক গোটৰ নেতৃত্ব দি বৰমাৰ সৰস্বতী ৰাভাই নিজে পাৱাৰ টিলাই চলাই সৃষ্টিৰ সাধনাৰে দেখুৱালে আদৰ্শ। বাৰ বিঘা মাটিত সৰিয়হ খেতিকে ধৰি ৰবি শস্যৰ খেতি কৰি সূচনা কৰিছে অৰ্থনৈতিক বিপ্লৱৰ পথ। ফলমূৰ পৰা আচাৰ, জাম জেলি বনোৱাৰ উপৰিও সূতা ক্ৰয় কৰি কাপোৰ বোৱাৰ বাবেও গ্ৰাম্যাঞ্চলত যোগান ধৰা নেত্ৰী সৰস্বতী ৰাভাক মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও পঁশিচ হাজাৰ চেক, মান-পত্ৰ আৰু চাদৰ শৰাইৰে বিশেষ সম্বৰ্ধনা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। কৰ্মত বিশ্বাসী সৰস্বতীয়ে এতিয়া গোটেই জিলাতে এই আদৰ্শ প্ৰচাৰ কৰিবলৈকো মানস কৰিছে।

২. উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ষশ্ৰেষ্ঠ মহিলা উদ্যোগীৰ সন্মান "বসুন্ধৰা বঁটা" অৰ্জন কৰিলে মিজোৰামৰ লালমুৱাং কিমিয়ে। মাছখোৱাৰ আই টি এ কেন্দ্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত  ৰাজ্যভিত্তিত ছয় গৰাকী উদ্যোগী মহিলা ক্ৰমে হেমপ্ৰভা দেৱী (অসম), ইয়ংচেন দোমা লেপচা (ছিকিম), বচামলি ক্ৰিছিক্ৰ' (অৰুণাচল), এইচ লেমেই ফ'ম (নাগালেণ্ড), আৰ কে অংবি পূৰ্ণিমা দেৱী (মণিপুৰ) আৰু মেৰিনা মাৰাক (মেঘালয়)লৈকো বঁটা প্ৰদান কৰা হয়।

৩. গুৱাহাটীত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ভি এছ সম্পটে ঘোষণা কৰিলে নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ ১৯৫০ৰ। ধন-সুৰা-কম্বল-সূতাৰে ভোটাৰক প্ৰলোভিত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ বাহিৰে কোনো ক্ষেত্ৰতে সাহাৰ্য বিতৰণ কৰিলে নিষিদ্ধ। একে ঠাইতে তিনি বছৰৰ অধিক থকা আৰু গৃহ জিলাত কৰ্মৰত সকলো বিষয়াৰ বদলি নিশ্চিত কৰাৰ বাবে জাৰি কৰিলে নিৰ্দেশ। প্ৰতিখন গাঁৱতে সজাগতা গোট আৰু প্ৰতিটো কেন্দ্ৰত ৫০টাকৈ অনুশীলন ভোটিঙ বাধ্যতামূলক কৰাৰ কৰিলে ঘোষণা।

৪. আলফা সন্দেহত ভুৱা সংঘৰ্ষৰে হত্যা কৰা দুজন যুৱকৰ পৰিয়ালক দহ লাখ টকা ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ জাৰি কৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। আনহাতে কাৰ্বি আংলঙত হোৱা এক ভুৱা সংঘৰ্ষৰ বাবে আৰক্ষী অধীক্ষকক আদালত হাজিৰ হবলৈ উচ্চ ন্যায়ালয়ে জাৰি কৰিলে নিৰ্দেশ। অসম আৰক্ষীৰ ভূমিকাক লৈ এই বাতৰি সমূহে জনমানসত বহুতো নতুন প্ৰশ্নৰেই অৱতাৰণা কৰিছে।

৫. বৰপেটাৰ "ব্ৰজ"ই অহা ১৪মাৰ্চত এক বিশেষ হোলী গীত সমাৰোহৰ আয়োজন কৰিছে। হাটীসমূহে ইয়াত অংশ লোৱাৰ উপৰিও কণ্ঠশিল্পী বিদ্যাসাগৰে লোকসংগীত পৰিবেশন কৰিব বুলিও জানিব পৰা হৈছে। লগতে "মদনোতসৱ" নামৰ এক স্মৰণিকা প্ৰকাশ কৰাৰো দিহা কৰা হৈছে।

৬. অসমত ছটা সমষ্টিত আম আদমি পাৰ্টিয়ে কৰিলে প্ৰাৰ্থী ঘোষণা। যোৰহাটত জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ নেতা তপন সুদবংশী, মঙলদৈত নম্ৰতা শৰ্মা, গুৱাহাটীত প্ৰাঞ্জল বৰদলৈ, ধুবুৰীত আজমল হুছেইন আৰু কৰিমগঞ্জত তৰুণচন্দ্ৰ দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা প্ৰকাশ পাইছে।

৭. অসমৰ ভাষা-সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধনৰ বাবে দ্বায়বদ্ধ স্বেচ্ছাসেৱী অনুষ্ঠান "অসম কলাতীৰ্থই" বাৰ্ষিকভাৱে প্ৰকাশ কৰা "তোৰে মোৰে আলোকৰে যাত্ৰা" আলোচনীখন প্ৰতি তিনিমাহৰ মূৰে মূৰে গৱেষণাধৰ্মী পত্ৰিকাৰ ৰূপত প্ৰকাশ পাব বুলি জানিব পৰা গৈছে। পত্ৰিকাখনিৰ অবৈতনিক মুখ্য সম্পাদক ডঃ বলেন কুমাৰ দাস, সম্পাদক ডঃ পৰমানন্দ ৰাজবংশী আৰু চন্দন শৰ্মা বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। লগতে আলোচনীখন ই-সংস্কৰণো মুকলি কৰিব বুলিও প্ৰকাশ কৰিছে।

৮. উত্তৰ পূৱ ভাৰতৰ অন্যতম লোকংগীতৰ শিক্ষা প্ৰতিষ্ঠান গুৱাহাটীৰ পঞ্চসুৰৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত ৰাষ্ট্ৰীয় যুৱ বৃত্তি বঁটা ২০১২-১৩ লাভ কৰিবলৈ সক্ষম হৈছে। লোকনৃত্য শিতানত গুৱাহাটীৰ কণিকা ইংতি, নিভামণি বৰুৱা আৰু শিৱগাৰৰ ৰাঙলীৰ অভিজিত চাংমালে এই সন্মান লাভ কৰিছে।

৯. দিল্লীৰ যন্তৰ মন্তৰত অখিল গগৈক সতীৰ্থ দুগৰাকীৰ সৈতে মুক্তি দিয়াৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰিলে বিক্ষোভ প্ৰদৰ্শন। উক্ত প্ৰদৰ্শনত লেখিকা অনৰুন্ধতী ৰয়, সঞ্জয় কাক আৰু বিমল ভাইসহ বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণকৰাৰো খবৰ প্ৰকাশ কৰিছে সংবাদ মাধ্যমে।

১০. হায়দৰাবাদত ইনষ্টিটিউট অৱ পাব্লিক এণ্টাৰপ্ৰাইজ নামৰ সংস্থাই অইল ইণ্ডিয়া লিমিটেডক প্ৰদান কৰে ২০১৩-১৪বৰ্ষৰ তদাৰকী বিশেষ পাৰদৰ্শী বঁটা। সন্মানজনক এই বঁটাই কোম্পানীটোৰ বিভিন্ন পদ্ধতি আৰু কাৰ্যক্ৰমৰ স্বচ্ছতাকেই উজলাই তুলিছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

১১. ঘোষিত হ'ল আই পি এল টি-২০ প্ৰতিযোগিতাৰ সপ্তম সংস্কৰণৰ খেলৰ সূচী। অহা ১৬ এপ্ৰিলৰ পৰা প্ৰথম লীগ মেচ সমূহ আৰৱ এমেৰিটছত অনুষ্ঠিত কৰাৰ লগতে ১-১২ মেলৈ পৰবৰ্তী লীগ মেচ সমূহ বাংলাদেশত অনুষ্ঠিত হব। ভাৰতত সাধাৰণ নিৰ্বাচন উপলক্ষে সুৰক্ষা ব্যৱস্থা পৰ্যাপ্ত নোহোৱাৰ বাবেই এই আয়োজন কৰা বুলি জানিব পৰা গৈছে। নিৰ্বাচনৰ পাছত বাকী চূড়ান্ত পৰ্যায়ৰ খেল সমূহ ভাৰততে অনুষ্ঠিত হব।

১২.
নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি নিৰ্বাচন আয়োগৰ। অসমতে ৮,৮৮৪জন বিৰুদ্ধে থকা জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা সন্দৰ্ভত ব্যৱস্থা লবলৈকো জাৰি কৰিছে নিৰ্দেশ।

No comments:

Post a Comment