পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অন্ধ-বিশ্বাসৰ বিৰুদ্ধে যুঁজা বীৰুবালা ৰাভালৈ ২০১৪চনৰ মূলা গাভৰু বঁটা। টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩বৰ্ষৰ পৰা অসম আৰু অসমীয়াৰ স্বাৰ্থত উল্লেখনীয় বৰঙণি আগবঢ়োৱা তথা নাৰী জাতিৰ উত্তৰণৰ বাবে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা নাৰীক এই বঁটা প্ৰদান কৰি আহিছে।

২. অসমৰ শান্তিপূৰ্ণ আৰু সুচাৰুকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাকটো সুনিশ্চিত কৰিবলৈ ৰাজ্যখনলৈ আজি আহিছে এক প্ৰতিনিধি দলৰ সৈতে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ভি এছ সম্পথ। তেখেতে বিভিন্ন দল সংগঠনৰ সৈতে মত বিনিময় কৰাৰ লগতে উপাযুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতেও বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

৩. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিবেশনৰ বাবে স্থান ঘোষণা হোৱাৰ সুখবৰ। উল্লেখযোগ্য যে ৭৩সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখনি অহা বৰ্ষৰ ১-৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। ৩১জানুৱাৰীত শিলঘাটৰ নাট্য মন্দিৰত কাৰ্যনিৰ্বাহক সভাৰ পাছত ১ ফেব্ৰুৱাৰীত জখলাবন্ধাৰ ডাঃ টি আও ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান তথা পতাকা উত্তোলন কৰা হব। মূল সভা আৰু প্ৰদৰ্শী স্থলী আদিৰ বাবে নলতলীৰ খাৰতলি পথাৰৰ স্থান আয়োজক কমিটিয়ে ঘোষণা কৰিছে।

৪. দীপিকা চক্ৰৱৰ্তী আৰু গোবিন্দ বড়োলৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা। প্ৰখ্যাত সাহিত্যিক সুনীল গংগোপাধ্যায়ৰ ঐতিহাসিক উপন্যাস "সেই সময়"ৰ দ্বিতীয়খণ্ড বাঙালীৰ পৰা অসমীয়ালৈ কৰা অনুবাদৰ বাবে প্ৰয়াত চক্ৰৱৰ্তীলৈ মৰণোত্তৰ ভাৱে এই বঁটা ঘোষণা কৰা হৈছে।  আনহাতে বড়ো ভাষালৈ বাঙালী কথাশিল্পী সতীনাথ ভাদুৰীৰ উপন্যাস "জাগৰী"ৰ অনুবাদৰ বাবে এই বঁটা গোবিন্দ বড়োলৈ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে মামণি ৰযছম গোস্বামীৰ বহু চৰ্চিত উপন্যাস "অহিৰণ"ৰ হিন্দীলৈ কৰা অনুবাদৰ বাবে বুদ্ধদেৱ চেটাৰ্জীলৈকো সাহিত্য অকাডেমিৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছে। মুঠতে ২৩টা ভাষৰ অনুদিত গ্ৰন্থৰ বাবে ২৩জন সাহিত্য কৰ্মীলৈ এই বঁটা আগবঢ়োৱা হৈছে।

৫. এনাজৰী সাহিত্য সংস্কৃতি গৌষ্ঠীৰ সৌজন্যত অহা ২৩ মাৰ্চত যোৰহাটৰ সংবাদ ভৱনত আয়োজিত হৈছে এনাজৰী বঁটা প্ৰদান অনুষ্ঠান আৰু এখনি কবি সন্মিলন। উক্ত অনুষ্ঠানতে ২০১৪বৰ্ষৰ বাবে থানেশ্বৰ বৰাক "এনাজৰী বঁটা", চৌয়দা ৱাহিদা তাজক "সমন্বয় কবি বঁটা" আৰু দিব্যজ্যোতি গোহাঁই গগৈক "সাহিত্য প্ৰেৰণা বঁটা" প্ৰদান কৰা হব। এই অনুষ্ঠানতে এশগৰাকী কবিৰ নিৰ্বাচিত কবিতাৰে এখন সংকলনকে ধৰি আন সাতখন গ্ৰন্থও উন্মোচিত হব। লগতে এনাজৰী গোষ্ঠীয়ে আয়োজন কৰা সদৌ অসম ভিত্তিৰ সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী সকলকো প্ৰদান কৰা হব পুৰস্কাৰ।

৬. গহপুৰ জিলা সাংবাদিক সন্থাৰ নতুন কাৰ্যালয় গৃহৰ কালি আনুষ্ঠানিকভাৱে কৰা হয় দ্বাৰ মুকলি। দ্বাৰ মুকলি কৰি বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰকাশ হাজৰিকাৰ সহধৰ্মিনী তথা সমাজসেৱিকা বিৰজা হাজৰিকাই এই ভৱনে সাংবাদিক সন্থাক এটি নতুন ঠিকনা প্ৰদান কৰিলে বুলি অনুভৱ ব্যক্ত কৰে।

৭. অসমতো আম আদমী পাৰ্টিয়ে লোকসভা নিৰ্বাচনত কৰিব প্ৰতিদ্বন্দিতা। বৰ্তমানলৈকে ঘোষিত হৈছে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে।

৮. আঞ্চলিকাতাবাদ এৰি বিজেপিত যোগ দিলে অগপৰ প্ৰাক্তন সভাপতি চন্দ্ৰমোহন পাটোৱাৰী আৰু প্ৰাক্তন মন্ত্ৰী হিতেন গোস্বামীয়ে। তাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সম্পাদিকা মৃদুলা বৰকাকতি আৰু শিল্পী পুলক গগৈয়ে যোগদান কৰিলে অসম গণ পৰিষদত।

৯. তেজপুৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী হব বৃন্দাবন গোস্বামী। বৰ্তমানে দলটোৰ হাতত থকা একমাত্ৰ আসনখনৰ বাবে গোস্বামীৰ নিকা ভাবাপন্ন প্ৰাৰ্থীত্বই এতিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন বৰাক প্ৰত্যাহ্বান জনাব বুলি ৰাজনৈতিক বিশ্লেষকে কৰিলে মন্তব্য।

১০. বৰপেটাৰোডত বৃদ্ধি পোৱা অসামাজিক কাৰ্য বন্ধ কৰিবলৈ আৰক্ষীয়ে চলালে বিশেষ অভিযান। অনলাইন লটাৰীৰ ব্যৱসায়ীৰ লগতে ৪০জন সুৰাপায়ীক আটক কৰি থানাৰ চৌহদতে আবদ্ধ কৰি ৰখাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা।

No comments:

Post a Comment