পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ বিজুলী ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই কাইলৈৰ পৰা শুভাৰম্ভ হব ১৩.৫ মেগাৱাট কাৰ্যক্ষমতাৰ মিনট্ৰিয়াঙ (টেৰেংলাংচু) জল-বিদ্যু প্ৰকল্পৰ প্ৰথমটো গোটৰ উতপাদনৰ। এই প্ৰকল্প দিনৰ ১২বজাত শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰিব অসমৰ শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে।

২. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হ'ল অশ্বিনী কুমাৰৰ "আৰিকাটি" নামৰ এখন উপন্যাসৰ। উন্মোচনী ভাষণত শংকৰজ্যোতি কাকতৰ সম্পাদক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়াই অসমত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছে বুলি কৰিলে আশাব্যঞ্জক মন্তব্য।

৩. অসম ক্ৰীড়া সাংবাদিক সংস্থাৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি আছে প্ৰথম ডায়নাৰুফ মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতা। ইলেক্ট্ৰনিক মিডিয়া আৰু ফটো সাংবাদিক সন্থাই ফাইনেলত কাইলৈ মুখামুখি ৰণত অৱতীৰ্ণ হব।

৪. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অহা ৭,৮ আৰু ৯মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি মঞ্চস্থ হব অনুৰাধা শৰ্মা পূজাৰীৰ ৰচিত উপন্যাস "কাঞ্চন"ৰ উপল দত্তই কৰা নাট্য ৰূপান্তৰ। সামাজিক সাংস্কৃতিক গোষ্ঠী "যোগসূত্ৰ"ৰ উদ্যোগত নাটখনি পৰিচালনা কৰিব বিদ্যুত চক্ৰৱৰ্তীয়ে। বৰ্ণালী পূজাৰীয়ে কাঞ্চনৰ চৰিত্ৰত অভিনয় কৰিব আৰু আৱহ সংগীত জুবিন গাৰ্গৰ। সন্ধিয়া ৬-৩০বজাৰ দৰ্শনীৰ বাবে প্ৰৱেশ মূল্য ১০০টকা আৰু ৮,৯তাৰিখে নৱ-প্ৰজন্মৰ বাবে বিয়লি ৩-৩০বজাত বিনামূলীয়া মেটিনী শ্ব'ৰ আয়োজন কৰাৰ কথাও আয়োজকে প্ৰকাশ কৰিছে।

৫. প্ৰগতিশীল লেখক অনিল ৰায়চৌধুৰীলৈ জগদ্ধাত্ৰী হৰমোহন সাহিত্য বঁটা। "নামনি অসমৰ সামাজিক পটভূমি" শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনিৰ বাবে লেখকজনক কালি এইবঁটা প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে।

৬. খানাপাৰাত অসম চৰকাৰে পাতিলে ৰাজ্যিক পৰ্যায়ৰ স্বৰোজগাৰ সন্মিলন। ১২৪৫টা যুটীয়া দ্বায়বদ্ধতা গোটৰ মাজত ৰাজসাহাৰ্যসহ বিতৰণ কৰিলে ৩২.৬৪কোটি টকাৰ ঋণ। লগতে এশখন পাৱাল টিলাৰ, পাম্পচেট আৰু স্প্ৰে মেচিনো হিতাধিকাৰী সকলক প্ৰদান কৰে।

৭. বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হৈছে দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ সোণালী জয়ন্তী। পৰম্পৰাগত সাজপাৰেৰে সমন্বয়ৰ থলীত পৰিণত হৈছে অধিবেশনস্থলী জগপাম ক্ষেত্ৰ।

৮. নিউজ এক্সপ্ৰেছৰ ষ্টিং অপাৰেচনৰ পাছত প্ৰাক্ নিৰ্বাচনী জনমত সমীক্ষাত ধনৰ বিনিময়ত ফলাফল সলাই প্ৰচাৰ কৰাৰ বিৰুদ্ধে কঠোৰ হৈছে নিৰ্বাচনী আয়োগ। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ কংগ্ৰেছৰ আবেদন ভিত্তিত কেন্দ্ৰ চৰকাৰলৈ জাৰি কৰিলে নিৰ্দেশ।

৯. যোৰহাটত চটাইস্থিত "জিষ্ট"ত উদযাপিত হ'ল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। জিলাভিত্তিক এখন বিজ্ঞান মডেল প্ৰদৰ্শনী তথা প্ৰতিযোগিতাৰ আয়োজনৰ লগতে এখনি বিজ্ঞান বিষয়ক আলোচনাচক্ৰও আয়োজন কৰা হয়। মুখ্য অতিথিৰূপে টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডঃ এ মুৰুলীধৰণে অংশগ্ৰহণ কৰে।

১০. যুৱ ব্যৱসায়ী অপূৰ্ব লহকৰলৈ ভাৰত চৰকাৰৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া মন্ত্ৰণালয়ৰ ক্ষুদ্ৰ ঔদ্যোগিক ৰাষ্ট্ৰীয় বঁটা। প্ৰদীপ এডভাৰ্টাইজিং এণ্ড কোম্পানীৰ সফলতাৰ বাবে উত্তৰ-পূৱৰ উদ্যমী যুৱকজনকো এই বঁটা কালি দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হয়।

১১. বঢ়মপুৰত অহা ১৪,১৫,১৬ মাৰ্চত আয়োজিত হৈছে সূত জাতি সুৰক্ষা সংগ্ৰাম সমিতিৰ বিশাল সমাৰোহ। মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

১২. অহা ৪মাৰ্চত দিল্লীত ৰাহুল গান্ধীৰ অধ্যক্ষতাত চূড়ান্ত হব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। তাৰ বিপৰীতে অসমত নিৰ্বাচনী সমিতি গঠন কৰিলে ৰাজ্যিক বিজেপিয়ে, অহা ৮মাৰ্চত চূড়ান্ত তালিকা প্ৰকাশ কৰিব বুলি কৰিলে ঘোষণা। অসমত মুঠ ২০৯গৰাকীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছে বিজেপিৰ পৰা। অগপই ৮ সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰাৰ খবৰ, ইয়াৰ দ্বাৰা মিত্ৰতাৰ বাবে বিজেপিক শেষ হেঁচা প্ৰয়োগৰ চেষ্টা কৰিছে বুলিও উল্লেখ কৰিছে ৰাজনৈতিক বিশ্লেষকে।

১৩. সংবাদ মেল পাতি আছাম ইলেকচন ৱাটছ নামৰ সংগঠনে তুলি ধৰিলে কিছু তথ্য আৰু ৰাইজক বহুমূলীয়া ভোট বিক্ৰী নকৰিবলৈ জনালে আহ্বান। প্ৰকাশ কৰা তথ্য মতে বিগত লোকসভা নিৰ্বাচনত অসমত ১২ গৰাকী অপৰাধী ব্যক্তিয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল আৰু বৰ্তমানৰ ১৪গৰাকী সাংসদৰ ৫গৰাকী কোটিপতি। সজাগতা সৃষ্টিৰে নাগৰিকৰ মাজত গণতান্ত্ৰিক চেতনা জাগ্ৰত কৰাৰ বাবে সংস্থাটোৱে গ্ৰহণ কৰিছে পদক্ষেপ।

No comments:

Post a Comment