পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ সংগীত তথা কলা-সংস্কৃতি জগতৰ চিনাকি নাম এন কে প্ৰডাকচনে এইবাৰ অসমৰ ৰাইজৰ বাবে আগবঢ়াব এক ভ্ৰাম্যমাণ ছবিঘৰ। আজি গুৱাহাটীৰ গনেশগুৰিত অত্যাধুনিক আৰু ন-প্ৰযুক্তি সম্বলিত এক ভ্ৰাম্যমাণ ছবিঘৰ "ডিজি ফিল্মছ"ৰ উন্মোচন কৰা হব। গাঁৱে-ভূঞে নগৰে চহৰে অসমীয়া চলচ্চিত্ৰ জগতৰ সৃষ্টি সমূহ ৰাইজৰ কাষ চপাই উদ্যোগকটোক কিছু সকাহ দিয়াৰ উদ্দেশ্যেই এই ভ্ৰাম্যমাণ ছবিঘৰৰ ধাৰণাক ৰূপদান কৰিবলৈ ওলাইছে বুলি প্ৰযোজক সংস্থাটোৰ হৈ দেৱ বৰকটকীয়ে প্ৰকাশ কৰিছে।


২. "নাৰীৰ সমতাই সকলোৰে বাবে উন্নতিৰ পৰিচায়ক"ক মূল বিষয় ৰূপে লৈ কালি বিশ্বজুৰি পালিত হ'ল আন্তৰ্জাতিক নাৰী দিৱস। অসম ৰাজ্যিক মহিলা আয়োগে বেলতলাস্থিত কাৰ্যালয়ত আয়োজন কৰে এক আলোচনাচক্ৰৰ। গুৱাহাটী প্ৰেছ ক্লাৱত অসম মহিলা সংঘকে ধৰি কেইবাটাও নাৰী সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা। দীঘলীপুখুৰীৰ পাৰত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে, সদৌ অসম বধিৰ মহিলা সংগঠনে লক্ষীধৰ বৰা ক্ষেত্ৰত এই উদযাপন কৰে। এপিটম কলেজৰ ছাত্ৰ ছাত্ৰী সকলো নাৰী দিৱস উপলক্ষে বাটৰ নাট প্ৰদৰ্শন কৰে।

৩. আজি মহানগৰৰ ভেটাপাৰাস্থিত উৰুলি সভাগৃহত বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণৰ "জীৱনৰ ক'লা বগা ছবি" নামৰ ব্যতিক্ৰমী প্ৰৱন্ধ সংকলনখন উন্মোচন কৰা হব। উন্মোচন কৰিব "মই জেচমিনে কৈছোঁ" গ্ৰন্থৰ ৰচয়িতা জেচমিন আৰা আহমেদে। অনুষ্ঠানত পৌৰাহিত্য কৰিব "কৰুণাধাৰা"ৰ সভাপতি নিশিনাথ চাংকাকতিয়ে, উপস্থিত থাকিব হোমেন বৰগোহাঞিদেৱো।

৪. "ধাৰ কৰা শব্দই অসমীয়া ভাষাক দৰিদ্ৰহে কৰিব" বুলি মন্তব্য কৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ দেৱে। নীলাক্ষী শইকীয়াই লিখি উলিওৱা বিশিষ্ট ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ "মানুহ দেখিছো আজি" উন্মোচন কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে জ্ঞাপন কৰা সম্বৰ্ধনা গ্ৰহণ কৰি কালি শ্বাহদেৱে এই মতামত ব্যক্ত কৰে।

৫. দুদিনীয়া কাৰ্যসূচীৰে অসম সত্ৰ মহাসভাৰ শতবৰ্ষ অনুষ্ঠান কালিৰে পৰা শিৱসাগৰত অনুষ্ঠিত হৈছে। পুৱা প্ৰাতঃপ্ৰসংগেৰে কালি অনুষ্ঠান আৰম্ভ হয় আৰু আজি ৩৮টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰিব বুলি জানিব পৰা গৈছে।

৬. মিছ গুজৰাট খিতাপ অৰ্জন কৰি ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিলে অসমৰ তেজপুৰৰ ৰক্তিমা ৰাভাই। উল্লেখযোগ্য যে গুজৰাট নেশ্যনেল ল' ইউনিভাৰ্চিটিত অধ্যয়নৰত ৰক্তিমা কলাগুৰু বিষ্ণুৰাভাৰ নাতিনী তথা পৃথ্বীৰাজ ৰাভাৰ জীয়ৰী।ৰক্তিমাই গুজৰাটক প্ৰতিনিধিত্ব কৰি এতিয়া ফেমিনা মিছ ইণ্ডিয়াত অৱতীৰ্ণ হব।

৭. স্বেচ্ছাসেৱী সংগঠন "উইল ব্ৰনৱউ"ৰ উদ্যোগত ১২ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হব বাণিজ্য মেলা "বৰদৈচিলা ২০১৪"। দক্ষিণ এছিয়াৰ কেইবাখনো দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লব লগা এই বাণিজ্য মেলাত মহিলা সকলৰ মাজত এক ৰন্ধন প্ৰতিযোগিতা আৰু শিশুৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা বুলি উদ্যোক্তা সকলে প্ৰকাশ কৰিছে।

৮. প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পৰ বিষয়ে বিজ্ঞানসন্মত সজাগতা আনিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰৰ ভূ-তত্ত্ব আৰু খনি সঞ্চালকালয়ে। এই সংস্থাই গুৱাহাটী মহানগৰীত জি.আই.এছ টেকনিক আৰু দূৰ সংবেদী ব্যৱস্থাৰ জৰিয়তে ভূমিকম্পৰ বিপদ মূল্যায়নৰ কাম হাতত লৈছে। সেই উদ্দেশ্য সজাগতা অনাৰ বাবে মহানগৰীৰ চাৰিশ অট্টালিকাত সংস্থাটোৱে বিলালে বিপদ মূল্যায়নৰ প্ৰ-পত্ৰও।

৯. গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানালৈ বাঢ়িছে দেশীয় আৰু বিদেশী পৰ্যটকৰ সংখ্যা। বিগত বছৰত প্ৰায় পাঁচ লাখ তেশসত্তৰ হাজাৰজন দেশী আৰু ২৫৮গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটা বুলি কৰ্তৃপক্ষই তথ্য সদৰী কৰিছে। বিগত ১১বছৰত ছয় কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা চিৰিয়াখানাখনত বছৰি জীৱ-জন্তুৰ খাদ্যৰ বাবে ৩কোটি পৰ্যন্ত ধন ব্যয় হয় বুলিও প্ৰকাশ কৰিছে।

১০. কৰ্মৰত সাংবাদিক সকলৰ সুবিধাৰ্থে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত হৈছে এটি ফিজিঅ'থেৰাপি শিৱিৰৰ। মেনুৱেল থেৰাপি ফাউণ্ডেছন অৱ ইণ্ডিয়াৰ সভাপতি ডাঃ উমা শংকৰ মহান্তিৰ তত্বাৱধানত সাংবাদিক সকলৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হৈছে।

১১. জি এন আৰ চি হাস্পতালে আন্তৰ্জাতিক নাৰী দিৱসত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত মহিলা এথলীট টাইবুন নেছা, কটন কলেজ অধ্যক্ষা ডঃ নিৰদা দেৱী, সাংবাদিক মাইনী মহন্ত আৰু ছায়ামণি ভূঞাক বিশেষ ভাৱে সন্মানিত কৰা হয়। লগতে মহানগৰীৰ দিছপুৰ, ছয়মাইল আৰু আই.আই.টি গুৱাহাটীৰ কাষৰ এই সংস্থাৰ কেন্দ্ৰ সমূহতো বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচীৰো ৰূপায়ণ কৰে।

১২. মহাশূৰত চলি থকা চতুৰ্থ হকী ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ছোৱালী হকীত অসম দলে জম্মু-কাশ্মীৰ দলক ৭-০ গলৰ বিশাল ব্যৱধান পৰাজিত কৰাৰ সুখবৰ পোৱা গৈছে। এই প্ৰতিযোগিতাত ১৬টা দলে অংশগ্ৰহণ কৰিছে। কাইলৈ অসমে ওড়িষাৰ সন্মুখীন হব। 

১৩. অসম লেখিকা সংস্থাৰ উদ্যোগত লক্ষীৰাম বৰুৱা সদনত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এখনি কবি সন্মিলন অনুষ্টিত হয়, উদ্বোধন কৰে কবি ডঃ লিলি ৰাজবংশীয়ে। এই অনুষ্ঠানত মুঠ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় । "জীয়াৰা" আৰু "ব্ৰাহ্মণৰ জীয়ৰী" উন্মোচন কৰে নিৰুপমা বৰগোহাঞি আৰু ডঃ অনিমা গুহই। আনহাতে "অতুল চন্দ্ৰ হাজৰিকাৰ পৌৰাণিক নাটকৰ পৰ্যালোচনা" আৰু "গংগাস্নান" শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰে ক্ৰমে এলি আহমেদ আৰু ডঃ অঞ্জলি শৰ্মাই।

১৪. সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ উদ্যোগতে কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত নাৰী সৱলীকৰণক মূল বিযয়ৰূপে লৈ এই সজাগতা সভা অনুষ্ঠিত কৰি নাৰী দিৱস উদযাপন কৰে। এই সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, শিক্ষাবিদ ডঃ অঞ্জলি দৈমাৰী আদিয়ে ভাষণ দিয়ে। গোসাঁইগাঁৱতো নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত নাৰী দিৱস উদযাপনৰ বাতৰি পোৱা গৈছে। অসমৰ আন আন মফচলীয় নগৰ-চহৰ তথা গ্ৰাম্যাঞ্চলতো এই দিৱস উদযাপন কৰাৰ বাতৰি আহিছে।

১৫. কালিৰে পৰা নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হৈছে নগাঁও ভাওনা সমাৰোহ-২০১৪। সাংস্কৃতিক শোভাযাত্ৰা, প্ৰদৰ্শনীৰে কালি আৰম্ভ হোৱা সমাৰোহ উদ্বোধন কৰে সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই। কালি তিনিটা শিশু নাট্যদলে ভাওনা প্ৰদৰ্শন আৰু আজি দহটা দলে শ্ৰীকৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিব।

No comments:

Post a Comment