পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু আছাম ট্ৰিবিউন গোষ্ঠীলৈ অসম সাহিত্য সভাই আগবঢ়াইছে ২০১৪ চনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা। অসম সাহিত্য সভাৰ শশী চন্দ্ৰ বৰবৰুৱা ন্যাসে এই বঁটাৰ নগদ ধন এইবাৰ দুগুণ কৰি দুইলাখ টকালৈ বৃদ্ধি কৰিছে আৰু এই বঁটা অহা ২৬মাৰ্চত গুৱাহাটীৰ জিলা পুথিভঁৰালত এক অনুষ্ঠানযোগে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।
২. বঙাইগাঁৱক হৰুৱাই নুৰুদ্দিন ট্ৰফী ছিনিয়ৰ আন্তঃজিলা প্লেট গ্ৰুপ ক্ৰিকেটত বিজয়ীৰ সন্মান অৰ্জন কৰিলে মৰিগাঁও জিলা দলে। মেন অৱ দ্য মেচ মানসজ্যোতি ডেকা আৰু ছাহিদুৰ ৰহমানৰ অৰ্ধশতকেৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হোৱা ফাইনেল খেলত মৰিগাঁও দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

৩. আজি আন্তৰ্জাতিক নাৰী দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰিষৰ বিভিন্ন সংগঠন তথা অসমৰ বিভিন্ন প্ৰান্ততো এই দিৱস পালিত হৈছে। ৰাষ্ট্ৰ সংঘই আন্তৰ্জাতিক নাৰী দিৱস-২০১৪ ৰ বাবে "Equality for Women is Progress for All", মূল বিষয় ৰূপে ঘোষণা কৰিছে।

৪. আন্তৰ্জাতিক নাৰী উপলক্ষে বিলাসীপাৰাৰ দম্পত্তিয়ে বিবাহ পঞ্জীয়নৰ প্ৰয়োজনীতা প্ৰচাৰৰ বাবে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ। বিবাহৰ পঞ্চাশ বছৰ পিছত বিবাহ পঞ্জীয়ন কৰি মাণিক-ৰীনাই উদযাপন কৰিলে বিবাহৰ সোণালী জয়ন্তী।

৫. ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহক সম্বৰ্ধনা জনাবৰ বাবে এক সভাৰ আয়োজন কৰিছে। ইয়াতে বিশিষ্ট ব্যক্তিৰ সংক্ষিপ্ত জীৱনীমূলক গ্ৰন্থ "মানুহ দেখিছোঁ মই" শ্বাহদেৱে উন্মোচন কৰিব।

৬. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এম ছাপ্ৰেই এদিনীা ভ্ৰমণসূচীৰে উপস্থি হলগৈ মাজুলীত। গড়মূৰত থকা মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যলয়েত মহকুমা অধিবক্তা সন্থাই বিভিন্ন দাবীৰে দিলে স্মাৰকপত্ৰ। মুখ্য ন্যায়াধীশ গৰাকীয়ে ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰও ভ্ৰমণ কৰে আৰু সত্ৰৰ বৈষ্ণৱসকলে প্ৰদৰ্শন কৰা মাটিৰ আখৰা উপভোগ কৰে।

৭. বিহুৰ ঐতিহ্য আৰু পৰম্পৰাক নিখুঁত ৰূপত ধৰি ৰাখিবলৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিহু সম্পৰ্কীয় প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰি অহা বিহু সুৰক্ষা সমিতি, অসম নামৰ সংগঠনটোৱে কেন্দ্ৰীয় দ্বিতীয় মধ্যকালীন অধিবেশন উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত কৰবিলৈ ওলাইছে।২১-২৩ মাৰ্চলৈ হব লগা অধিবেশনখনিত প্ৰদৰ্শনী, গ্ৰন্থমেলা,  বিহু বিষয়ক ব্যৱহাৰিক আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচনী, সাংস্কৃতিক শোভাযাত্ৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত হৈছে।

৮. ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত দেশৰ ৮খন ৰাজ্যৰ ১৬খন মহানগৰ আৰু প্ৰায় ৮০টাতকৈ অধিক স্থানত ভূমিকম্প আহিলে লব লগা সাৱধানতা সম্পৰ্কত সজাগ কৰিবলৈ মেগা ম'ক ড্ৰীলৰ আয়োজন কৰিছে। এই অনুসৰি অহা ১০মাৰ্চত গুৱাহাটী আৰু যোৰহাটত আৰু ১৩ মাৰ্চত শিলচৰত এই অনুশীলন আয়োজন কৰিছে বুলি অসম ৰাজ্যি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিজ্ঞাপন যোগে অৱগত কৰিছে।

৯. গুৱাহাটী আৰ্টিষ্ট গীল্ডে অহা ৯ মাৰ্চৰ বিয়লি ৩-৩০বজাত গীল্ডৰ প্ৰাংগণত আয়োজন কৰিছে "শিল্পী শশী বৰদলৈ স্মাৰক বক্তৃতা"ৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ মদন শৰ্মাই "নন্দন তত্ত্বঃ প্ৰাচ্য আৰু প্ৰাশ্চাত্য" শীৰ্ষক বক্তৃতা প্ৰদান  কৰিব।

১০. অসম গ্ৰামীণ বেংকৰ মহিলা উন্নয়ন কোষৰ উদ্যোগতো আজি বিয়লি ৪বজাত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ কাৰ্য়সূচী আয়োজিত হৈছে। অনুষ্ঠানটোত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ উপ মহাপ্ৰৱন্ধক মাৰ্গেৰেট ৰাৱেলে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব।  লগতে গ্ৰামীণ বিকাশ বেংকৰ অধ্যক্ষ এছ এছ সিং দেৱো উপস্থিত থাকিব।
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে
গুগোলৰ বিশেষ দুদোল...

১১. ডিমৌ কেন্দ্ৰীয় নামঘৰৰ ৫১সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ১৬-১৭মাৰ্চত উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে আয়োজিত হৈছে এক ভাওনা সমাৰোহৰ। ইয়াত কোইবাখনো ভাওনা প্ৰদৰ্শনৰ আয়োজন চলা বুলি জানিব পৰা গৈছে।

১২. গুৱাহাটীৰ ৰূপনগৰস্থিত স্বেচ্ছাসেৱী সংগঠন শিশু সাৰথিত অহা ১০মাৰ্চত দিনৰ ১১বজাত আয়োজিত হৈছে প্ৰথম কমলেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠানৰ। "How to lead a life without any desire now a days" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব দিলীপ ঘোশালে।

১৩. গনেশগুৰিৰ গন্ধৰ্ব কলা কেন্দ্ৰই বিগত ষষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰিছে সদৌ অসম ভিত্তিত বিহু নাচ আৰু ঢোল বাদনৰ এক প্ৰশিক্ষণ তথা কৰ্মশালাৰ। পাণবজাৰৰ ডনবস্কো স্কুলৰ প্ৰাংগণত অহা ২০-৩০ মাৰ্চলৈ বিহু সম্ৰাজ্ঞী আৰু ঢোলৰ ওজা সকলৰ নিৰ্দেশনাত এই প্ৰশিক্ষণ প্ৰদান কৰা হব।

১৪. যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব অসমৰ পৰিবহন বিভাগে। কালি পৰিবহন আয়ুক্ত বেনী মাধৱ দলেই বিভাগটোৰ সেৱাত আঠখনকৈ ইণ্টাৰচেপ্টৰ বাহনৰ উন্মোচন কৰে।

১৫. নগাঁও কলেজৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ সুৰজিত কুমাৰ ভাগৱতীয়ে লিখা "মডাৰ্ণ বেংকিং প্ৰেকটিছ" নামৰ গ্ৰন্থখন কালি কলেজখনৰ অধ্যক্ষই উন্মোচন কৰে। বি কম ষষ্ঠ চেমিষ্টাৰ মেজৰ পাঠ্যক্ৰমৰ বাবে  যুগুত কৰা গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে দিল্লীৰ কল্যাণী পাব্লিচাৰ্ছে।

১৬. ইন্দোৰত গড়কাপ্তানী বিভাগৰ এজন চকীদাৰৰ ঘৰত দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ তালাচী চলালে মধ্যপ্ৰদেশ লোকায়ুক্তৰ এটা দলে।গুৰু কৃপালি সিং নামৰ ব্যক্তিজনৰ পৰা নগদ ধন সহ ১১কোটি টকাৰ সম্পত্তি জব্দ কৰা বাতৰিয়ে পালে সংবাদ শিৰোনমা।

১৭. প্ৰতিবছৰৰ দৰেই এইবছৰো অহা ১৪মাৰ্চত এলি আহমেদৰ জন্মদিনটো গীতৰ দিনৰূপে পালন কৰা হব। গুৱাহাটীৰ চানমাৰিস্থ তীৰ্থনাথ শৰ্মা সভাঘৰত গ্ৰন্থ উন্মোচনৰো কাৰ্যসূচী ৰখা হৈছে বুলি জানিব পৰা গৈছে।

১৮. 
মৰিগাঁৱত তিৱা জাতীয় ঐক্য মঞ্চই আয়োজন কৰিলে বিশাল গণ সমাবেশৰ।  ঐক্যমঞ্চত চামিল হৈ ষষ্ঠ অনুসূচীভুক্ত তিৱা স্বায়ত্ব শাসন লাভ কৰাৰ সংগ্ৰামত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনালে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীয়ে।

১৯. আটাইতকৈ বেছি সন্মানীয় ভাৰতীয় মহিলা ৰূপে পৰিগণিত হ'ল ভাৰতৰত্ন বঁটাৰে সন্মানিত লতা মংগেশকাৰ। ভাৰত মেট্ৰিমনি নামৰ ৱেবচাইটে  নাৰী দিৱসৰ প্ৰাক-ক্ষণত চলোৱা সমীক্ষাত মাধুৰী দীক্ষিতকৈ তেখেত অধিক ভোটে লাভ কৰা বুলি বেৱচাইটটোৱে প্ৰকাশ কৰিছে।

২০. "মিল্ক মিউজিক" নামেৰে চেমচুঙ মোবাইল কোম্পানীয়ে মুকলি কৰিলে বিনামূলীয়া গীত আৰু ৰেডিঅ' ষ্ট্ৰীমিঙ চাৰ্ভিচ আৰু এপছ।

No comments:

Post a Comment