পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰৱৰ্তন হব "উত্তৰ-পূৰ্বাঞ্চলীয় শোভা ব্ৰহ্ম কলা-সংস্কৃতি বঁটা"৷ এখন প্ৰশস্তি-পত্ৰ, এটা প্ৰতীক পট আৰু একলাখ টকাৰে সমৃদ্ধ এই বঁটা উত্তৰ পূৱৰ শিল্প সংস্কৃতি জগতৰ কৃৰ্তিমান সকললৈ আগবঢ়োৱা হব বুলি শিল্পী গৰাকীয়ে জীৱিতকালতে গঢ় দি যোৱা শোভা ব্ৰহ্ম ট্ৰাষ্টে ঘোষণা কৰিছে৷ এই ন্যাসে আগতে শিল্পীগৰাকীৰ শিল্পৰ প্ৰদৰ্শনৰ বাবে এটি আৰ্ট গেলেৰীও নিৰ্মাণ কৰি উলিয়াইছিল৷ এই বঁটা প্ৰত্যেক বছৰে ১৫অক্টোবৰত শিল্পীগৰাকীৰ জন্মদিনৰ দিনাই প্ৰদান কৰাৰ ব্যৱস্থা হব৷


২. আজিৰে পৰা আৰম্ভ হৈছে দ্বাদশ বাৰ্ষিক বকো গ্ৰন্থমেলা৷ অন্তৰংগ নামৰ অনুষ্ঠান, বকো সাহিত্য সভা আৰু বকো উন্নয়ন খণ্ডৰ উদ্যোগত তিনিদিনীয়াকৈ এই গ্ৰন্থমেলা আয়োজিত হৈছে৷ অন্তৰংগ আলাপ, চিত্ৰাংকন প্ৰতিযোগিতা, সংলাপ-আবৃত্তি-নৃত্য প্ৰদৰ্শন, সাধুকোৱা প্ৰতিযোগিতা, কন কন শিশুৰ সাজ-সজ্জা প্ৰতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠান এই আয়োজনৰ অংশ হব বুলি জানিব পৰা গৈছে৷

৩. পুৰণিগুদামৰ ইতিহাস পদ্ধতিগতভাৱে উদ্ধাৰ কৰাৰ বাবে "কলং কলা কেন্দ্ৰ"ই বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে ধৰণীধৰ মজিন্দাৰ বৰুৱা স্মাৰক বক্তৃতাৰ৷ "পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী"ৰ প্ৰণেতাজনৰ ২৩তম মৃত্যু-বাৰ্ষিকীতে আয়োজিত এই দ্বিতীয় স্মাৰক বক্তৃতা প্ৰদান কৰিলে বিশিষ্ট পণ্ডিত ডঃ নৰেন কলিতাই৷

৪. দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশাী হৈ থকা বিশিষ্ট ক্ৰীড়া সংগঠক, ৰেফাৰী, ফুটবলাৰ নৃপেন্দ্ৰ নাৰায়ণ সিংহৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি অসম ক্ৰিকেট সন্থাই ৩০হাজাৰ টকাৰ এক আৰ্থিক সাহাৰ্য আগবঢ়াইছে বুলি সন্থাটোৱে বিজ্ঞপ্তিযোগে সংবাদ মাধ্যমক অৱগত কৰিছে।

৫. ৰাছিয়ান ফেডাৰেশ্বনৰ সদস্য হোৱাৰ ক্ৰিমিয়াৰ সংসদে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ কৰিলে পাছ৷ নৃগোষ্ঠীয় ৰাছিয়ান লোকৰ সংখ্যা গৰিষ্ঠতা থকা ক্ৰিমিয়াত এই বিষয়ত অহা ১৬মাৰ্চত গণভোটৰ আয়োজন কৰাৰ খবৰেও পালে সংবাদ শিৰোনামা৷ এতিয়া আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিক্ৰিয়া লক্ষণীয় হব বুলি আন্তৰ্জাতিক বিষয়ৰ বিশ্লেষকে মন্তব্য কৰিছে৷

৬. বিশ্ব ৰেংকিঙৰ তৃতীয় স্থান লাভ কৰিলে অসমৰ শিৱ থাপাই। আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাই ভাৰতীয় ফেডাৰেশ্বনক নিলম্বিত কৰা সত্ত্বেও আন্তঃৰাষ্ট্ৰীয় স্তৰতে দেখুওৱা উন্নত প্ৰদৰ্শনৰ সূত্ৰে ১মাৰ্চত প্ৰকাশিত ৰেংকিঙ অনুসৰি ৫৬কেজি শাখাত শিৱৰ এই স্থান ঘোষিত হৈছে। মেৰি কম আৰু এচ দেৱেন্দ্ৰো সিঙেও নিজৰ নিজৰ শাখাত এই ৰেংকিঙত তৃতীয় স্থান লাভ কৰিছে।

৭. অহা ১৯-২১ এপ্ৰিলত গুৱাহাটীৰ আই.টি.এ সাংস্কৃতিক প্ৰকল্পত আয়োজিত হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল ২০১৪ৰ। আয়োজক সংস্থা "তত্ব"ই ব্ৰহ্মপুত্ৰ ভেলী চুটি ছবি প্ৰতিযোগিতাৰো আয়োজন কৰিছে আৰু তাৰ বাবে ছবি পঠাবৰ বাবেও নিৰ্মাতা সকলক আহ্বান জনাইছে।

৮. গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত উন্মোচিত হ'ল শিল্পী বীৰেন সিংহৰ ভাস্কৰ্য আৰু ছবি প্ৰদৰ্শনী৷ এই প্ৰদৰ্শনী উদ্বোধন কৰি হোমেন বৰগোহাঞিদেৱে "বীৰেন সিংহৰ ভাস্কৰ্যত অসমৰ ইতিহাস সংৰক্ষিত হৈ আছে" বুলি কৰিলে মন্তব্য৷ 

৯. নিউৰ্ৱকৰ সম্পত্তি নিৰূপণকাৰী সংস্থা "নাইট ফ্ৰেংক"ৰ প্ৰতিবেদনে ২০১৪চনৰ প্ৰতিবেদনত যোৱা বছৰ ভাৰতত ৬০গৰাকী বিলিয়নেয়াৰ থকাৰ বিপৰীতে এই সংখ্যা অহা ২০২৩ চনৰ ভিতৰত ৯৮শতাংশ বৃদ্ধি পাই ১১৯গৰাকী হবগৈ বুলি সম্ভৱা প্ৰকাশ কৰিছে৷ এনে অতি ধনী মানুহ থকা দেশৰ তালিকাত ভাৰতে আমেৰিকা, চীন আৰু ৰাছিয়াৰ পিছতে চতুৰ্থস্থান লাভ কৰিব, আৰু তাৰ পাছতহে ব্ৰিটেইন আৰু জাৰ্মানীয়ে স্থান পাব বুলিও সমীক্ষাত প্ৰকাশ কৰিছে৷

১০. অৱশেষত আনুষ্ঠানিকভাৱে কালি প্ৰাক নিৰ্বাচনী আধাৰশিলা স্থাপন আৰু আঁচনি ঘোষণাৰ অন্ত পৰিল৷ ছয়গাঁৱৰ গৰৈমাৰীত একেদিনাই ১৮কামৰ শুভাৰম্ভ হোৱাৰ খবৰ, নলবাৰীত একেদিনাই ছটা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক জয়ন্তমল্ল বৰুৱাই৷

১১. মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এম জি ভি কে ভানুক ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত দ্বায়িত্ব প্ৰদান কৰা হৈছে৷ গৃহ বিভাগৰ প্ৰধান সচিব শৈলশে কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্বনত নিযুক্তি পোৱাৰ পাছতে এই নিৰ্দেশ জাৰি কৰিলে ৰাজ্যৰ কৰ্মচাৰী বিভাগে৷

১২. শাৰদ যাদৱক সাক্ষাৎ কৰি অসমতো তৃতীয় মৰ্চা গঢ়ি তোলাক লৈ আলোচনা কৰিলে বদৰুদ্দিন আজমলে৷ অ-কংগ্ৰেছী, অ-বিজেপি যোঁট-বন্ধনৰ এই প্ৰক্ৰিয়াত আজমলৰ এই বৈঠক অতি লক্ষণীয় ৰূপে বিবেচিত হৈছে৷ ইফাৱে তৃণমূল কংগ্ৰেছে ১৪টা সমষ্টিতে অসমত প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰি ১১জন প্ৰাৰ্থী এতিয়ালৈ চূড়ান্ত কৰিছে৷ আজি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি দিল্লীত বাহৰ পাতিছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷

১৩. "দা ফাৰ ইষ্টাৰ্ন ৰিভিউ" কাকতৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৫-১৬মাৰ্চত ডিব্ৰুগড়স্থিত ইনড'ৰ ষ্টেডিয়ামত আয়োজিত হৈছে আন্তঃসংবাদ মাধ্যম প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতা। সবিশেষ তথ্যৰ বাবে আয়োজক সমিতিৰ সম্পাদকক ৯৪৩৫০-৩২৫২৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১৪. বিশ্বৰ এশখন শীৰ্ষ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে ভাৰতৰ চাৰিখন শিক্ষানুষ্ঠানে৷ মুম্বাইৰ পৰা প্ৰকাশিত নৱ-প্ৰজন্মৰ আলোচনী "য়ুথ ইনকৰ্পৰেটেড"য়ে তৈয়াৰ কৰা তালিকাত স্নাতক শিক্ষাৰ বাবে শিক্ষানুষ্ঠান সমূহৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়, আই.আই.টি বোম্বে, আই.আই.টি কানপুৰ আৰু আই.আই.টি দিল্লীয়ে স্থান লাভ কৰিছে৷

১৫. ইলেক্ট্ৰনিক ভোটিং মেচিনত জালিয়াতিৰ সন্দেহ নিৰসনৰ বাবে এমট্ৰ্নৰ কোনো কৰ্মচাৰীকে ইয়াৰ ব্যৱহাৰিক কাম-কাজত জড়িত নকৰিবলৈ নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তই৷ অগপৰ দাবী মানি লৈ আয়োগে নিৰ্বাচনৰ দিনা কেৱল ৰিটাৰ্নিং বিষয়া আৰু ভোটগ্ৰহণকাৰী বিষয়াইহে ইয়াৰ ব্যৱহাৰিক কাম-কাজ চাব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে৷

১৬. আৰ্টফেডে মৰাণত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হস্তশিল্প বিক্ৰী আৰু প্ৰদৰ্শনী অনুষ্ঠান "ক্ৰাফট বজাৰ ২০১৪"ৰ কাইলৈ সামৰণি পৰিব।

১৭. অসমীয়া কাব্য জগতৰ এটি চিনাকী নাম মীনাক্ষী বৰাই পাঠক সমাজলৈ আগবঢ়াইছে তেওঁৰ পঞ্চমখন কাব্যগ্ৰন্থ "হৃদয়ৰ জোনাক"। শব্দ প্ৰকাশ, যোৰহাটে এই কবিতা সংকলনখনি প্ৰকাশ কৰি উলিয়াইছে।

১৮. দেশৰ অভিযন্তা সকলৰ এক মঞ্চৰূপে কুৱেষ্ট ইঞ্জেনিয়ামে ২০১৪ৰ আয়োজন কৰিছে অভিযন্তা সেৱাৰ অন্যতম আগৰণুৱা কুৱেষ্ট গ্ল'ৱেল কোম্পানীয়ে। এই প্ৰযুক্তি সমাৰোহখনিতে এক  আন্তঃকলেজ ইঞ্জিনিয়াৰি ডিজাইন প্ৰতিযোগিতাৰো আয়োজন কৰিছে। সবিশেষ www.engineering.quest-global.com পৰা সংগ্ৰহ কৰিব পাৰিব। শ্ৰেষ্ঠ তিনিটা ডিজাইনৰ বাবে একলাখ পয়সত্তৰ হাজাৰ  টকাৰ পুৰস্কাৰো সংস্থাটোৱে ঘোষণা কৰিছে।

১৯. যুৱ প্ৰজন্মৰ মাজত মানৱৰ অবৈধ সৰবৰাহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদেশ্যে এম টিভি আৰু এম টি ভি এগজিটে অনুৰাগ কাশ্যপৰ নিৰ্দেশনাত তৈয়াৰ কৰিছে এক থ্ৰীলাৰ চিৰিজ "ট্ৰেফিক"। প্ৰথমখণ্ড ২৮ফেব্ৰুৱাৰীত প্ৰচাৰ কৰাৰ পাছত ইয়াৰ পৰবৰ্তী চাৰিটা খণ্ড অহা ৭,১৪, ২১ আৰু ২৮মাৰ্চত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

২০. প্ৰথম বাৰৰ বাবে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ শপতনামা সমূহৰ ই-ফাইলিং কৰাৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। সম্পত্তিৰ বিৱৰণ, চলি থকা গোচৰ আদি বিষয়ত দাখিল কৰিব লগা শপতনামা সমূহ এইবাৰ অনলাইন দাখিল কৰাৰ ব্যৱস্থা হোৱা বুলি আয়োগে প্ৰকাশ কৰিছে।

No comments:

Post a Comment