পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সন্তোষ ট্ৰফীত চেম্পিয়ন হৈ উত্তৰ-পূৱৰ ক্ৰীড়া ক্ষেত্ৰলৈ সন্মান কঢ়িয়াই আনিলে মিজোৰামে। ৰাষ্ট্ৰীয় ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাখনিত কালি শিলিগুৰিৰ কাঞ্চনজংঘা ষ্টেডিয়ামত হোৱা ফাইনেলত ৰে'লৱেজক পৰাজিত কৰি ৬৮তম সন্তোষ ট্ৰফী অৰ্জন কৰিবলৈ মিজোৰাম দল সক্ষম হয়।
সন্তোষ ট্ৰফী মাজত লৈ মিজোৰাম দলটো

২. অসম ৰাজ্যিক বিদ্যুপৰিষদে তিনি দশকৰ বিৰতিত পুনৰ সৰ্বভাৰতীয় বিদ্যু বৰ্ড ফুটবলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কয়ম্বটুৰত হোৱা ফাইনেল খেলত কেৰেলা দলক ট্ৰাইব্ৰেকাৰত পৰাজিত কৰি বিজয়ীৰ সন্মান অসমৰ দলটোৱে অৰ্জন কৰিলে।


৩. দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰাংগণত বিগত ৪মাৰ্চৰ পৰা অনুষ্ঠিত অসম আৰক্ষীৰ ২৪তম বাৰ্ষিক ক্ৰীড়া সমাৰোহখনিৰ কালি সফল সামৰণি পৰিছে। শ্ৰেষ্ঠ দলৰ খিতাপ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে লাভ কৰে। অতনু ৰাভা আৰু দীপ্তি চুতীয়াই শ্ৰেষ্ঠ এথলীটৰ সন্মান অৰ্জন কৰে আৰু শ্ৰেষ্ঠ ফুটবলাৰ ৰূপে পৰিগণিত হয় ২৫ এ পি বি এন-অ' এন জি চিৰ সৰ্বানন্দ সোনোৱাল।

৪. গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত মালিকদেৱৰ পৰিয়ালবৰ্গই প্ৰৱৰ্তন কৰা "চৈয়দ আব্দুল মালিক সাহিত্য বঁটা" কালি প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় কথাশিল্পী ইমৰাণ শ্বাহক। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ডঃ লক্ষ্মীনন্দন বৰাই মালিক জীৱনীমূলক সাহিত্যৰ বাটকটীয়া আছিল বুলি মন্তব্য কৰে। লগতে বঁটাপ্ৰাপক শ্বাহদেৱে মালিকদেৱৰ দৰে খ্যাতিমান সাহিত্যিক মানুহৰ মনগহ্বৰত সৰ্বদা মূৰ্তমান হৈ থাকিব বুলি মত প্ৰকাশ কৰে।


৫. কৰুণাধাৰাৰ তদাৰকত প্ৰৱৰ্তন হব প্ৰতিবন্ধী লেখক-লেখিকা সকলৰ বাবে "দেৱছন্স প্ৰতিবন্ধী সাহিত্যিক বঁটা"। কৰুণাধাৰাৰ কৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈ এই বঁটা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে মঙলদৈৰ অগ্ৰণী প্ৰতিষ্ঠান "দেৱছন্স গ্ৰুপ"। এই বঁটা ২০১৫চনৰ ১২ ফেব্ৰুৱাৰীত কৰুণাধাৰাৰ প্ৰতিষ্ঠা দিৱসতে প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হব। এই বঁটাত নগদ ১লাখ টকা থাকিব আৰু প্ৰতিবছৰে বঁটা প্ৰদানৰ সিদ্ধান্ত হৈছে যদিও পাছত বিবেচনা কৰি ইয়াক দুবছৰীয়া কৰি তোলা হবও পাৰে বুলিও সংগঠনটোৱে প্ৰকাশ কৰিছে।

৬. প্ৰসিদ্ধ কবি-সাহিত্যিক হীৰেন্দ্ৰ নাথ দত্ত আৰু বাংলা ভাষাৰ কবি স্বপন সেনগুপ্তক কালি প্ৰদান কৰা হয় "পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ" আৰু "ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য" পুৰস্কাৰ। মুম্বাইস্থিত ৰামনাথ বিশ্বাস ফাউণ্ডেচনে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰি এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে "আধুনিক কবিতাত চিত্ৰকল্প আৰু ৰূপকল্প" শীৰ্ষক ৰমানাথ বিশ্বাস স্মাৰক বক্তৃতা প্ৰদান কৰে কলকতা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বিশ্ববন্ধু ভট্টাচাৰ্যই। ডঃ শিৱনাথ বৰ্মনে উন্মোচন কৰে সুকুমাৰ বাগচি সম্পাদিত এখনি স্মাৰক গ্ৰন্থও।

৭. সামাজিক-সাংস্কৃতিক অনুষ্ঠান "ৰূপান্তৰ"ৰ ষষ্ঠ বৰ্ষপুতি অনুষ্ঠানত ৰং তুলিকাৰে মুখৰ হৈ পৰিল তেজপুৰৰ বাণ থিয়েটাৰ। কবিতা আবৃত্তি, ছবি অঁকা প্ৰতিযোগিতা, মুকলি সভাৰ লগতে ৰূপায়িত হ'ল গছপুলি ৰোপণ কাৰ্যসূচী।

৮. অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ৮০বছৰ পূৰ্ণ হোৱাৰ প্ৰাক-মুহূৰ্ততে জলিউডক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কালি গুৱাহাটীত উন্মোচিত হ'ল দেশৰ ভিতৰতে প্ৰথমটো ভ্ৰাম্যমাণ ছবিগৃহৰ। এন কে প্ৰডাকচনৰ বেনাৰত ডিজি ফিল্মছ নামৰ এই ভ্ৰাম্যমাণ ছবিঘৰৰ প্ৰেক্ষাগহত একেলগে সাতশ দৰ্শকে ছবি উপভোগ কৰিব পাৰিব। এই বৰ্ষটোত চাৰিখন ছবি "বান্ধোন", "অজেয়", "হিয়া দিবা কাক" আৰু "চিঞৰ" প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

৯. নগাঁৱত কবি নৱকান্ত বৰুৱাৰ স্ব-গৃহত আয়োজিত হ'ল গ্ৰন্থ উন্মোচনী অনুষ্ঠান। কবি প্ৰয়াগ শইকীয়াৰ "বতাহ চ'ৰা বাটত" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে সাহিত্যিক তীৰ্থ ফুকনে। একে অনুষ্ঠানতে আলিবাট প্ৰকাশনৰ দুখনকৈ গ্ৰন্থ অতুল চন্দ্ৰ কাকতিৰ ভ্ৰমণ কাহিনী "কৈলাস মানস সৰোবৰ দৰ্শন" আৰু "দেৱভূমি উত্তৰাখণ্ডে" উন্মোচিত হয়। এই অনুষ্ঠানত অসমৰ কেইবাগৰাকীও প্ৰতিথযশা কবিয়ে প্ৰয়াত কবি গৰাকীৰ কবিতাপাঠ কৰে।

১০. গুৱাহাটী টাউন ক্লাৱ প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হয় ভাৰতীয় ভাষাৰ গ্ৰন্থ প্ৰকাশনৰ ৰাষ্ট্ৰীয় সমাৰোহ । ভাৰতীয় ভাষাৰ গ্ৰন্থ প্ৰকাশৰ সমস্যা, সম্ভাৱনা আৰু বাণিজ্যিকীকৰণ শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰি কিতাপ প্ৰকাশ আৰু বিক্ৰী কৰাটো সন্মানজনক বৃত্তি বুলি মন্তব্য কৰিলে সাংবাদিক কনকসেন ডেকাই।

১১. ঐতিহ্যমণ্ডিত মহাৰাণা এথলেটিক ক্লাৱে চলিত শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰখি অহা ১২ মাৰ্চৰ পৰা জজ খেলপথাৰত এখন সীমিত অ'ভাৰৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে। বিজয়ী আৰু বিজিত দলৰ বাবে সুৰেন ৰাম ফুকন স্মৃতি ট্ৰফী সহ ৩০ আৰু ১৫ হাজাৰ টকাকৈ প্ৰাইজমানিও ঘোষণা কৰিছে।

১৩. দ্য অকাডেমি অৱ মেডিকেল আৰ্টছ, অসমৰ সৌজন্যত অহা ১৫মাৰ্চত লক্ষ্মীৰাম বৰুৱা সদনত আবেলি দুই বজাৰ পৰা যাদু বিদ্যাৰ প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰতিষ্ঠাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ যাদুকৰ এচ কে দত্তক "যাদু শিৰোমণি বঁটা" প্ৰদান কৰা হব।

১৪. শ্ৰমিক সন্থা, অসমৰ কামৰূপ জিলা সমিতিয়ে সফলতাৰে গৰৈমাৰীত অনুষ্ঠিত কৰিলে মীৰজান আলী সোঁৱৰণি সদৌ অসম প্ৰাইজমানী মাৰাথান দৌৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৩২গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে আৰু কালাতলীৰ স্বামেজ উদ্দিনে প্ৰথমস্থান দখল কৰে।

১৫. বাংলাদেশ ভ্ৰমণত থকা ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে প্ৰথমখন টি-টুৱেণ্টি খেলত ১৬ৰাণত বিজয় সাব্যস্ত কৰাৰ সুখবৰ।

১৭. ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী ৰূপে পুনৰ নিৰ্বাচিত হৈছে ৰেণুকা দেৱী বৰকটকী। গুৱাহাটীত হোৱা অসম শাখাৰ ২৬সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০০প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে আৰু ইয়াতেই নতুন সমিতিৰো গঠন কৰা হয়।

১৮. বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত সুৰেন্দ্ৰ নাথ দাসৰ জন্ম শতবাৰ্ষিকীত কালি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত হোৱা এক অনুষ্ঠানত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেখেতৰ জীৱন আৰু কৰ্মৰ বিভিন্ন দিশত উপস্থিত সুধীজনে আলোকপাত কৰে।

১৯. মৰাণত টাই অধ্যন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সৌজন্যত আয়োজিত হ'ল টাই পুৰোহিত জামচাও কুলধৰ বাইলুং স্মাৰক বক্তৃনাুষ্ঠানৰ। "মৈদাম সংস্কৃতিৰ পৰিবৰ্তন" বিষয়ত বক্তৃতা প্ৰদান কৰিলে ভাষাতত্ববিদ ডঃ ভীমকান্ত বৰুৱাই।

২০. জামুগুৰিহাটৰ বৰপুখুৰীপাৰৰ মুকলি বিহুৱে এইবাৰ উদযাপন কৰিব সোণালী জয়ন্তী। পঞ্চাশ বছৰত ভৰি দিয়া এই মুকলি বিহু উদযাপনৰ বাবে এইবাৰ চলিছে বিশেষ প্ৰস্তুতি।

No comments:

Post a Comment