সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
আন্তঃৰাজ্যিক বাছ আস্থানতো 
লাগে কিতাপৰ দোকান
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 

এটা কথা লক্ষ্য কৰিছোঁ যে গুৱাহাটীৰ বেতকুছিত অৱস্থিত “ৰূপনাথ ব্রহ্ম আন্তঃৰাজ্যিক বাছ আস্থান”ৰ চৌহদত বাতৰি কাকত, আলোচনী তথা কিতাপৰ দোকান এখন নাই। আনকি তাত থকা কোনো দোকানতে বাতৰি কাকত এখনো বিক্রীৰ বাবে ৰখা চকুত পৰা নাই ।

পল্টন বজাৰৰ পৰিবহন নিগমৰ আস্থানত এনে দোকান আছে। লগতে ৰেল'ৱে ষ্টেচনবোৰতো এনে দোকান থাকে আৰু ই দূৰণিবটীয়া যাত্ৰীক মানসিক খাদ্যৰ বাবে যথেষ্ট সমল যোগোৱাৰ কাম কৰে। বহুতো বেষ্ট-চেলাৰ বা জনপ্ৰিয় কিতাপ এইদৰেই ভ্ৰমণৰ সময়তে সোৱাদ লবলৈ পাঠক সকলো আগ্ৰহী হয়, কাৰণ সময়ৰ সদ-ব্যৱহাৰ কৰাৰো এটা সুযোগ দিয়ে।  

বহুতে আকৌ বহুদিন কৰ্মব্যস্ত জীৱনত কিতাপ হাতত লবলৈ সুযোগ নাপালেও, সেইকন সুখ যাত্ৰাৰ সময়তে লব বিচাৰে। অসমৰ বাহিৰত বসবাস কৰা সকলেও ঘৰ যাত্ৰাৰ সময়তে এইদৰে অসমীয়া কিতাপত চকু ফুৰাবৰ বাবেও কিতাপ পোৱা যায়নে বুলিও আই.এছ.বি.টিত আগ্ৰহেৰে বুক ষ্টলৰ সন্ধান কৰে।


তাৰোপৰি কিতাপ জনপ্ৰিয়কৰণ তথা সময়ৰ সদ-ব্যৱহাৰৰ সুযোগ দিয়াৰ বাবেই কিতাপ হাততে পোৱাকৈ আস্থানত কিতাপৰ দোকান থাকিব লাগে।আশা কৰিছোঁ কোনোৱে বাছ আস্থানৰ চৌহদত বাতৰি কাকত, আলোচনী তথা কিতাপৰ দোকান এখন খুলিবলৈ আগবাঢ়ি আহিব আৰু সংশ্লিষ্ট কর্তৃপক্ষই এই বিষয়ত সহায় আগবঢ়াব । 

No comments:

Post a Comment