মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তা

মুকলি চিন্তা

Share This
প্ৰাক নিৰ্বাচনী আলোচনা 
আৰু তোষামোদকাৰী সমৰ্থক
ডঃ অঞ্জল বৰা
যোৱা কিছুদিনৰ পৰা অসমীয়া নিউজ চেনেলকেইটাত অনুষ্ঠিত কৰি থকা নিৰ্বাচনকেন্দ্ৰিক আলোচনাবোৰ চাই এটা কথা অনুভৱ হৈছে যে এজন অসৎ, দুৰ্বল নেতা সমাজখনৰ বাবে যিমান অপকাৰী তাতকৈ বহু বেছি অপকাৰী সেই নেতাৰ তোষামোদকাৰী অন্ধ সমৰ্থকসকল৷ এজন বিধায়ক বা সাংসদ যি দলৰ পৰাই নিৰ্বাচিত নহওক তেওঁৰ প্ৰধান দায়িত্ব হোৱা উচিত দল নিৰ্বিশেষে সকলোৰে মতামতক সন্মান প্ৰদৰ্শন কৰা আৰু অভাৱ-অভিযোগসমূহক দায়িত্বসহকাৰে শুনি নিজৰ বক্তব্য প্ৰকাশ কৰা৷
 
কিন্তু শেহতীয়া আলোচনাবোৰ দেখি এনে লাগিছে এচাম অন্ধ সমৰ্থকহে এজন পৰিপক্ক, সৎ নেতা সৃষ্টিত বাধা হৈ দেখা দিছে৷ দেখা যায় সমৰ্থকসকলে একেখন সমাজত বাস কৰিও, একেখিনি সমস্যাৰ মাজত ককবকাই থাকিও দলীয় স্বাৰ্থৰ ভিত্তিতে বিপক্ষ দলে উত্থাপন কৰা সমস্যাসমূহক সদায়েই উপেক্ষা কৰি নিজৰ প্ৰিয় নেতাৰ প্ৰশংসাত পঞ্চমুখ হয়৷ যাৰ ফলত আমাৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান হোৱাত বাধাৰ সৃষ্টি হয়৷

প্ৰকৃততে এজন নেতা কাৰ বাবে আৰু কিহৰ বাবে? এই প্ৰশ্নটো বৰ্তমান প্ৰায়ে অপ্ৰাসঙ্গিক হৈ পৰিছে৷ "আমাৰ নেতা"ৰ নামত নিৰ্বাচিত প্ৰাৰ্থীৰ পিছত উৎসাহ আৰু উন্মাদনাত জয়ধ্বনি দিয়া ৮০% (অনুমান) সমৰ্থকৰে নাথাকে কোনো সামাজিক-ৰাজনৈতিক গণভিত্তি৷ নাই কোনো দূৰদৃষ্টিসম্পন্ন সমাজিক চিন্তা-চেতনা৷ এই কথা দেখি আচৰিত লাগে যেতিয়া এজন উচ্চ শিক্ষিত যুৱকে নিজস্ব চিন্তা-চেতনাক পাহৰি কেৱল দলীয় স্বাৰ্থৰ খাতিৰতে এজন অযোগ্য প্ৰাৰ্থীৰ সমৰ্থনত অন্ধভাৱে জিন্দাবাদ ধ্বনি দিয়ে, যেতিয়া বিৰোধী পক্ষ বা সাধাৰণ নিৰপেক্ষ নাগৰিকৰ যুক্তিসন্মত প্ৰশ্নবোৰকো উপেক্ষা কৰি প্ৰিয় নেতাক বচাবলৈ যুক্তিহীন সমালোচনাত অংশগ্ৰহণ কৰে, তেতিয়া ভাবিবলৈ বাধ্য হওঁ প্ৰকৃততে এজন অযোগ্য নেতাই আমাক শাসন কৰাৰ বাবে সেই নেতাজন জগৰীয়া নহয়, জগৰীয়া আমাৰ মাজৰে প্ৰতিজন অন্ধ সমৰ্থক৷


এজন সৎ, নিকা নেতাক প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়াটো প্ৰতিটো দলৰে যিমান দায়িত্ব সেই নেতাজন সমষ্টিটোৰ বাবে বা সমাজখনৰ বাবে যোগ্য হয় নে নহয় তাক নিৰ্ধাৰণ কৰাও সমৰ্থকসকলৰ লগতে ভোটাৰসকলৰো সিমানেই দায়িত্ব৷ কিন্তু সমৰ্থকসকলে এই দায়িত্ব কোনো কালেই নিৰপেক্ষভাৱে পালন কৰা দেখা নাযায়৷ যিদিনাই দল, জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন ভোটাৰে প্ৰিয় নেতাৰ সলনি উপযুক্ত নেতাক নিৰ্বাচন কৰি অসৎ, অনুপযুক্ত নেতাক ৰাজনীতিৰ পৰা সন্যাস ল'বলৈ বাধ্য কৰাব সেই দিনাই আমি এখন সমস্যা-মুক্ত সমাজ বিচাৰি পাম৷ অন্যথা প্ৰিয় নেতাৰ অন্ধ সমৰ্থনে আমাক, আমাৰ সমাজখনক তিল-তিলকৈ অন্ধকাৰলৈ নিক্ষেপ কৰিব৷

No comments:

Post a Comment