পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতত একালত এচিড আক্ৰমণৰ বলি হোৱা আৰু এতিয়া দেশজুৰি এনে আক্ৰমণৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা লক্ষ্মীক আমেৰিকাই প্ৰদান কৰিলে  "ইণ্টাৰনেশ্বনেল ৱ'মেন অৱ কাৰেজ" বঁটা।  বাশ্বিংটনত মাৰ্কিন বিদেশ বিভাগৰ প্ৰেক্ষাগৃহত তেওঁক সম্বৰ্ধনা জনালে ফাৰ্ষ্টলেডী মিচেল অৱামাই। লক্ষ্মীয়ে পাঠ কৰা কবিতাই নিগৰালে উপস্থিত সকলৰ দুচকুৰ লোতক।

২. বিশ্বৰ আটাইতকৈ বৃহ  গণতান্ত্ৰিক প্ৰক্ৰিয়া ৰূপে চিহ্নিত ভাৰতৰ লোকসভাৰ নিৰ্বাচনৰ দিন হ'ল ঘোষণা। নটা পৰ্যায়ত দেশজুৰি হব লগা এই নিৰ্বাচনৰ বাবে অসমত ৭,১২ আৰু ২৪এপ্ৰিলত ভোটগ্ৰহণ কৰা হব। ভোট গণনাৰ দিন ১৬মে' নিৰ্ধাৰণ কৰি কালিৰে পৰা দেশত নিৰ্বাচনী আৰ্হি আচৰণি বিধি কাৰ্যকৰী কৰিলে নিৰ্বাচনী আয়োগে।

৩. ৰূপালী জয়ন্তীত ভৰি দিলে মিষ্টাৰ শৰাইঘাটে। অহা ১০ মাৰ্চত শৰাইঘাট জীম তথা অসম ব'ডী বিল্ডাৰ্ছ আৰু ফিটনেছ সন্থাৰ উদ্যোগত মাছকোৱাস্থিত আই টি এ কেন্দ্ৰত অনুষ্ঠিত হব ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ২৫সংখ্যক সৰ্বভাৰতীয় ক্লাছিক ব'ডী বিল্ডিং প্ৰতিযোগিতা "মিষ্টাৰ শৰাইঘাট-২০১৪"। প্ৰথম দহটা স্থান প্ৰাপক নগদ ধনৰ পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থাৰে প্ৰথম. দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ১লাখ,৭৫হাজাৰ আৰু ৫০হাজাৰৰ পৰিমাণ আয়োজকে ঘোষণা কৰিছে।৪. পচন্দৰ প্ৰাৰ্থী নাথাকিলে দিব পাৰিব "উপৰোক্ত এজনো পচন্দৰ নহয়"  পচন্দত ভোট। প্ৰথমবাৰৰ বাবে দেশৰ লোকসভা নিৰ্বাচনত এই ""ন'টা" ভোটদানৰ বিকল্প ৰাইজলৈ আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে। অসমতো প্ৰতিবাদৰ ভাষা ৰূপে নিৰ্বাচন বৰ্জনৰ ভাবুকি দিয়া বহুতো সংগঠনে এইবাৰ ন'টাত ভোটদান কৰি প্ৰতিবাদ জনাবৰ বাবে ৰাইজৰ মাজত আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান।

৫. আছুৱে অইলৰ বিৰুদ্ধে অপৈনত বনুৱা নিযুক্তি কেলেংকাৰী হোৱাৰ অভিযোগ তুলি প্ৰতিবাদকল্পে আহ্বান জনোৱা ৩০০ঘণ্টীয়া বন্ধ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰাৰ সুখৰ খবৰ। উল্লেখযোগ্য যে অইল কৰ্তৃপক্ষই বিগত কেইদিনত বন্ধৰ ফলত কেইবাকোটি টকাৰ লোকচানৰ সন্মুখীন হব লগা হৈছে আৰু তাৰ পাছতে এতিয়া আছুৰ সৈতে আলোচনাত মিলিত হবলৈ আমন্ত্ৰণ জনোৱাৰ পাছতে, এই বন্ধ কাৰ্যসূচীও সাময়িক ভাৱে আছুৱে স্থগিত ঘোষণা কৰিছে।

৬. চৰকাৰী চাকৰিৰ বাবে আবেদনৰ উচ্চসীমা ৩৮বছৰ পৰা ৪০বছৰলৈ বৃদ্ধি কৰাৰ লগতে গুৱহাটীৰ জলাশয় আৰু বনাঞ্চলত বাস কৰা লোকৰ সংস্থাপনৰ বাবে কমিটি গঠনৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱা হোৱাৰ ঠিক আগে আগে, কালি ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দুটি গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই ঘোষণা আগতেই কৰা হ'লে চাগৈ প্ৰণৱ বড়োৰ দৰে আত্মজাহৰ ঘটনা সংঘটিত নহ'লহেতেন বুলি সংবাদমেলত প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

৭. অন্ধ্ৰ প্ৰদেশত আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জগনমোহন ৰেড্ডী আৰু তেওঁৰ সহযোগী সকলৰ পৰা কালি জব্দ কৰিলে ৮৬৩কোটি টকাৰ সা-সম্পত্তি বাজেয়াপ্ত। সিফালে সাধাৰণ বিনিয়োগকাৰীৰ ২০হাজাৰ কোটি টকা উভোতাই নিদিয়াৰ বাবে তিহাৰ জেলত প্ৰথম ৰাতি পকাত শুই, দাইলৰ সতে শুকান ৰুটি খাই সংবাদ শিৰোনামা লাভ কৰিলে ছাহাৰা ইণ্ডিয়া কোম্পানীৰ মুৰব্বী সুব্ৰত ৰয়ে।

৮. অহা ৮মাৰ্চত অসম লেখিকা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত উদযাপিত হব "আন্তৰ্জাতিক নাৰী দিৱস"। নাৰী বিষয়ক এখনি মনোজ্ঞ কবি সন্মিলনো তাত অনুষ্ঠিত হব।  সেই অনুষ্ঠানতে কৰবী তালুকাৰৰ কাব্য সংকলন "জীয়না" উন্মোচন কৰিব নিৰুপমা বৰগোহাঞিয়ে। লেখিকা গিৰিজা বৰুৱাৰ  অনুবাদ গ্ৰন্থ "ব্ৰাহ্মণৰ জীয়ৰী" উন্মোচন কৰিব ডঃ অনিমা গুহই। প্ৰণিত তালুকদাৰৰ প্ৰৱন্ধ সংকলন "অতুল চন্দ্ৰ হাজৰিকাৰ পৌৰাণিক নাটকৰ এটি পৰ্যালোচনা", লোকনাথ বৰগোহাঁইৰ নাৰী বিষয়ক গ্ৰন্থ "গংগা স্নান"ৰ লগতে লেখিকা সন্থাৰ সাময়িক পত্ৰিকা "অৰ্দ্ধ-আকাশ" আৰু দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ আলোচনী "ৰূপকোঁৱৰ" এই অনুষ্ঠানতে উন্মোচন কৰা হব।

৯. অসমৰ বিভিন্ন মফচলীয় চহৰতো বিভিন্ন নাৰী তথা সামাজিক সংগঠনৰ উদ্যোগত অহা ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। এফ এম ৰেডিঅ' সমূহৰ মাধ্যমতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ খবৰ পোৱা গৈছে। ফেচবুকৰ গোট "লাইভ গহপুৰ"ৰ উদ্যোগতে গহপুৰ ৰাজহুৱা ভৱনত নাৰী দিৱস উদযাপনৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰাৰ খবৰ গোটটোৰ প্ৰশাসক অম্লানজ্যোতি শইকীয়াই প্ৰকাশ কৰিছে। কবি সাহিত্যিকৰ সৈতে অন্তংৰগ আলাপ, মহিলাৰ দ্বাৰা ব্যতিক্ৰমী নাটিকা আৰু গীত-মাতৰো আয়োজন এই উদযাপনৰ অংশ হব বুলি জানিব পৰা গৈছে।

১০. ভোটাৰ তালিকাত যদি এতিয়াও নাম উঠা নাই, তেন্তে অহা ৯মাৰ্চৰ ভিতৰত নামভৰ্তিৰ বাবে সুযোগ প্ৰদান কৰিছে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে। ভোটাৰ পৰিচয় পত্ৰত ক্ৰুটি সমূহো অহা ৯মাৰ্চৰ ভিতৰত নিৰ্মূলৰ ব্যৱস্থা লব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰিছে ভোটাৰ পৰিচয় পত্ৰ নোহোৱা সকলেও আন নথি দেখুৱাই ভোটদানৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এইবাৰ ১.৮৭কোটি জনতাই অসমত ভোটাধিকাৰ পাইছে আৰু তাৰে ১.৭৫কোটি ভোটাৰক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে বুলিও তেখেতে দাবী কৰে। ২৪২৭৫টা ভোটকেন্দ্ৰৰ ভিতৰত ৭২০০টা স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিনাক্ত কৰা হৈছে। ১.২৫লাখ বিষয়া কৰ্মচাৰীয়ে তদাৰক কৰিব লগা নিৰ্বাচনত অসমত ৮২কোটি টকা ব্যয় হব বুলিও তেখেতে প্ৰকাশ কৰিছে।

১১. অবিভক্ত নগাঁও আৰু মৰিগাঁও জিলাৰ চুতীয়া জনগোষ্ঠীৰ ৬৩সংখ্যক পালনাম অহা ৮ আপু ৯মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে বাৰপূজীয়া গৰালি গাঁও নামঘৰত অনুষ্ঠিত ব। ধৰ্মালোচনা সভা, প্ৰভাত ফেৰী, নাম-প্ৰসংগ , মহাপালনাম, খোল প্ৰসংগ, নাম-প্ৰসংগৰ আৰু মুকলি সভাৰ কাৰ্যসূচী এই আয়োজনৰ অংশ হব বুলি জানিব পৰা গৈছে।

১২. পইচাৰ বিনিময়ত ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ বন্দনা ৰোধিবলৈ পেইড নিউজক নিৰ্বাচনী অপৰাধ হিচাবে চিহ্নিত কৰিবলৈ আইন মন্ত্ৰণালয়লৈ প্ৰস্তাৱ পঠালে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই। ছপা মাধ্যম, বৈদুতিন মাধ্যম আৰু প্ৰাৰ্থীৰ দ্বাৰা ব্যয়ৰ তিনিওটা দিশ সামৰি ইয়াক নিয়ন্ত্ৰণৰ বাবেই ইয়াক অপৰাধ ৰূপে গণ্য কৰাৰ প্ৰয়োজন বুলি আয়োগে মত প্ৰকাশ কৰে।

১৩. ছয়গাঁৱতো শেষ পুৱাৰ খেল, একেদিনাই কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলেহি গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে। ছয়গাঁও-গৰৈমাৰী পথৰ মেৰামতিৰ বাবে ৫কোটি আৰু ছয়গাঁও-উকিয়াম পথৰ নিৰ্মাণৰ বাবে ১৪কোটিকে ধৰি মুঠ ২২কোটি টকাৰ পুঁজিৰে এতিয়া নিৰ্বাচনী বতৰত ছয়াগঁৱৰ ৰাস্তা পদূলি নিৰ্মাণ হব বুলি প্ৰকাশ পালে সুখবৰ।

১৪. গুৱাহাটী বিশ্ববিদ্যালৰ দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰতিষ্ঠানৰ সৌজন্যত স্থাপিত হোৱা উত্তৰ পূৱৰ প্ৰথমটো কেম্পাছ কমিউনিটি ৰেডিঅ' সেৱা ৰেডিঅ' লুইতে সফলতাৰে সম্পূৰ্ণ কৰিলে তিনিটা বছৰ। ১৫কিল'মিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত শিক্ষা, সাংস্কৃতিক, আইন সজাগতাকে ধৰি বিভিন্ন কাৰ্যসূচী এই কেন্দ্ৰটোৱে প্ৰচাৰ কৰি আহিছে। তিনি বছৰীয়া পৰ্ষপুতি উপলক্ষে "পৰিক্ৰমা-২০১৪" শীৰ্ষক অনুঠানৰ আয়োজন কৰে আৰু স্বভাৱ কবি ঘনকান্ত দাস আৰু পাৰিজাত একাডেমিৰ অধ্যক্ষ উত্তম টেৰণক সম্বৰ্ধনা জনোৱা হয়।

১৫. উদীয়মান কণ্ঠশিল্পী জয়শ্ৰী দেৱীৰ "জয়শ্ৰীৰ মধুকণ্ঠ" নামৰ শ্ৰব্য সঁফুৰাখন কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে বিশিষ্ট সংগীত পৰিচালক অনুপম চৌধুৰীয়ে। শিৱশক্তি প্ৰডাকচনে নিৰ্ণাম কৰা চিডিখনত জয়শ্ৰীৰ একক কণ্ঠত ছটা গীত সংকলিত হৈছে। অনুষ্ঠানত শিল্পী জে.পি. দাস, পুলক গগৈ, ৰমেন চৌধুৰী আৰু চিমেন বেনাৰ্জীকে ধৰি সুধীবৃন্দ উপস্থিত থাকে।

১৬. দৰঙী লোককৃষ্টিৰ একনিষ্ট সাধক তথা "বকুল বন" বঁটা প্ৰাপক শিল্পী ওজা বীৰেন্দ্ৰ শৰ্মীক সম্বৰ্ধনা জনালে চিপাঝাৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "যুৱবন্ধু"ৱে। এই অনুষ্ঠানতে স্থানীয় নবীন শিল্পী সকলে নিখিল কুমাৰ নাথৰ ৰচনা আৰু পৰিকল্পনাত পৰিবেশন কৰিলে চুটি নাট "সপোন বনাম সপোন" ।

১৭. দেশৰ ৫কোটি কৰ্মচাৰীলৈ সুখবৰ দি কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত নিধিত জমা থকা ধনৰ বাবে সুদৰ হাৰ বৃদ্ধি কৰাৰ কৰিলে ঘোষণা। এতিয়া পূৰ্বৰ ৮.৫ শতাংশৰ ঠাইত বৰ্ধিত ৮.৭৫ শতাংশ সুদৰ হাৰত ২০১৩-১৪বৰ্ষৰ বাবে সুদ ৰাইজে জমা ধনত লাভ কৰিব ।

১৮. প্ৰধানমন্ত্ৰী প্ৰকল্প নিৰীক্ষণ গোটে (পি.এম.জি( কালি ৫লাখ কোটি টকা মূল্যৰ মুঠ ২৪৭টা প্ৰকল্পত জনালে অনুমোদন। উল্লেখযোগ্য যে এই প্ৰকল্প সমূহত পৰিবৱেশ আৰু বন বিষয়ক প্ৰায় ২০০টা বিষয় সাঙোৰ খাই আছে আৰু তাৰ বাবে পৰিবেশ মন্ত্ৰণালয়ৰো অনুমোদনৰ প্ৰয়োজন আছে। এই কথা চি.আই.আই.ৰ অধিবেশনত ঘোষণা কৰিলে গোটটোৰ অধ্যক্ষ অনিল স্বৰূপে।

১৯. 
এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব প্ৰায় ১০কোটি নৱ-প্ৰজন্মই। এই প্ৰজন্মই আগ্ৰহেৰে ভোটদান কৰিলে ইয়েই অনাগত লোকসভা নিৰ্বাচনত এক দিক্-নিৰ্ণায়ক ভূমিকা লবলৈ সক্ষম হব বুলি ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক নামৰ সংস্থাই ঘৰে ঘৰে গৈ ভোটদান প্ৰক্ৰিয়াত অংশ লবলৈ এই নৱ-প্ৰজন্মক উসাহিত কৰাৰ লগতে দেশৰ জনগণকো ভোটদানৰ গুৰু্ত্ব সন্দৰ্ভত সজাগ কৰিবলৈ দেশজুৰি এক সজাগতা অভিযান চলাব বুলি কৰিলে ঘোষণা।

২০. 
ইন্ধনক লৈ আৰু চিন্তা নাই,  ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী সংস্থা পিজু'ৱে বায়ুৰ দ্বাৰা চলাব পৰা গাড়ী অচিৰেই বজাৰত মুকলি কৰিব বুলি কৰিলে ঘোষণা । হাইব্ৰীড এয়াৰ ইঞ্জিন প্ৰযুক্তিৰে অলপ মাত্ৰ পেট্ৰলৰ সৈতে বায়ু মিহলি কৰি ইয়াৰ ইন্ধন ৰূপে ব্যৱহাৰ কৰা হব আৰু ই পেট্ৰ'ৰ খৰছ আশী শতাংশই হ্ৰাস কৰিব বুলি কোম্পানীটোৱে দাবী কৰিছে। অহা বছৰ এনে গাড়ী বজাৰত মুকলি কৰিব বুলিও প্ৰকাশ কৰিছে।

No comments:

Post a Comment