লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "পাৰ্টিৰ মানুহৰ গাত বীৰ শ্বহীদৰ গুণ বিশ্লেষণ" বিষয়ত  পি.এইচ.ডি কৰিবলৈ ওলাইছে ৰসাল গগৈ ছাৰে।  তেখেতে ৰাহুল বাবাৰ গাত চিলাৰায় আৰু লাচিতৰ গুণ দেখাৰে পৰা এই গৱেষণা আৰম্ভ হোৱা বুলি জনা গৈছে। মাজতে মৰাণত জীৱনতৰা নামৰ মহিলা এগৰাকীৰ গাত কনকলতাৰ গুণ তেখেতে প্ৰত্যক্ষ কৰে, তাৰ পাছত পৰহি আকৌ নগাঁৱত জোন-সোনালী বৰুৱাৰ গাত ভোগেশ্বৰী ফুকননীৰ গুণ দেখা পায়। লগতে নেতাইহে নেতাৰ গুণ দেখে, মিচা ক'লে কি ডাল হব বুলিও মন্তব্য কৰে বুলি জানিব পৰা গৈছে।

২. শংকৰদেৱ আৰু মাধৱদেৱৰ কাষ্ট চাৰ্টিফিকেটক লৈ এতিয়া লাগিছে ঘমঘণ্ট। এতিয়া আৰু কৈফিয়ত দিবলৈ মহাপুৰুষ দুজনালৈকো ডিব্ৰুগড়ৰ সুধাকণ্ঠক জাননী জাৰী কৰা বিশিষ্ট মেজিষ্ট্ৰেটে কিবা যাদুকৰী জাননী জাৰি কৰে নেকি তাকে লৈ শংকাৰ সৃষ্টি হৈছে। শংকৰ-মাধৱ ফেন ক্লাৱে মানুহক গুণেৰে চিনক, জাতেৰে নহয় বুলিও এক আহ্বান প্ৰেছ বিজ্ঞপ্তি ৰূপে জাৰি কৰিছে।

৩. জাতি, গোষ্ঠী , ধৰ্মৰ ভিত্তিত ভূত কিনা-বেচাৰ বাবে অসম প্ৰদেশ ভূত বিপনন বিভাগে প্ৰস্তুতি সম্পন্ন কৰিছে। ইয়াৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰে পঞ্চায়ত সদস্য সকলকো কিনা-বেচা কৰিবলৈ দ্বায়িত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে। এই কামত অভিজ্ঞ বিপনন বিভাগে তেওঁলোকৰ সফলতাৰ খতিয়ান অহা মে মাহৰ মধ্যভাগতে ৰাইজে দেখিবলৈ পাব বুলিও সম্ভাৱনীয়তা প্ৰকাশ কৰিছে।

৪. নিৰ্বাচনী বতৰ উপলক্ষে সদৌ অসম চোৰাং চিকাৰী সন্থাৰ তৰফৰ পৰা কালি এটি গঁড় হত্যা কৰি অসমৰ ৰপ্তানি উদ্যোগলৈ অৰিহণা যোগোৱাৰ কথা জানিব পৰা গৈছে। হাবি-বন মন্ত্ৰীয়ে ছাৰৰ ল'ৰাৰ বাবে ভোট বিচাৰি ফুৰোতেই সকলো গঁড়ক ভূত বনাব পৰা যাব বুলিও চিকাৰী সন্থাই আশা প্ৰকাশ কৰিছে আৰু এই বতৰতে আৰু সফলতা প্ৰদৰ্শন কৰিব বুলি দৃঢ় বিশ্বাসী বুলিও জানিবলৈ দিছে।

৫. আপুনি দুপইচা আৰ্জন কৰিবলৈ বেছি কষ্ট কৰিব নালাগে, মূৰৰ ঘাম মাটিত পেলাবও নালাগে, ইয়াৰ বাবে অকন নিলাজ হবলৈ শিকিলেই হ'ল। লাজ মান কাতি কৰি "মণিচুম্মা ফেন ক্লাৱ"ত লগ-ইন কৰি আপুনিও তেজপুৰৰ ওচৰে পাজৰে দুপইচা আৰ্জন কৰিব পাৰিব বুলি বেৱচাইটটোৱে জনাইছে। ফেন ক্লাৱৰ সদস্য সকলৰ বাবে মটৰ চাইকেলত তেল এমাহৰ বাবে বিনামূলীয়া কৰি দিয়াৰ অফাৰো তেওঁলোকে প্ৰকাশ কৰিছে।লাজ মান কাতি কৰি খৰধৰ খৰক, ষ্টক সীমিত!

৬. এতিয়া নেতাই মুখ খুলিলেই ৰাইজে গৰ্ভ দেখা পোৱাৰ সুবিধা লাভ কৰিছে বুলি জানিব পৰা গৈছে। তেজপুৰত এজন প্ৰাৰ্থীয়ে "ৰাতিপুৱা গগৈ ছাৰক দেখা কৰি, দুপৰীয়া বিশ্ব শৰ্মাৰ সৈতে আহাৰ" কৰাৰ কৃতিৰ্ত্ব দাবী কৰিছে। নিজৰ সুবিধাৰ বাবে তেখেতে এইদৰে বাঘ-চাগ সকলোৰে সৈতেই পানী খোৱা মানুহ বাবেই তেওঁকো সকলো বাঘ-চাগৰ ফেনসকলে বিভেদ আঁতৰাই ভোট দিব লাগে বুলিও আহ্বান জনাইছে।

৭. পুনৰ পদ্মই কেতিয়া এৰিব পাৰ্টি বিষয়টোত তাৰিখ চিঙিবলৈ সদৌ অসম পঞ্জিকা সন্থাই অসহায়তা প্ৰকাশ কৰিছে। তেওঁলোকে প্ৰকাশ কৰা মতে, এৰিবনে  নেৰিব, অকলে এৰিব নে শাখা কমিটিৰ সৈতে এৰিব, দৰ দাম কি হব, এনেবোৰ বিষয় স্পষ্ট নোহোৱা মানুহক লৈ ভৱিষ্যতবাণী কৰাটো জ্যোতিষীৰ ব্যক্তিগত ব্যৱসায়ৰ বাবেই ক্ষতিকাৰক আৰু সেয়ে তাৰ পৰা বিৰত থকাই বুদ্ধিমানৰ কাম বুলিও প্ৰকাশ কৰিছে।

৮. ষ্টপেজত নহয়, আন ঠাইতহে চিটিবাছ ৰখাৰ ক্ষেত্ৰতো এক বিশ্ব অভিলেখৰ পথে আগবাঢ়িছে গুৱাহাটী মহানগৰী। ন' পাৰ্কিং লিখা ঠাইত পাৰ্কিং কৰাৰ ক্ষেত্ৰত কাহানিবাই লিমকা ৰেকৰ্ড কৰা মহানগৰবাসীয়ে এতিয়া চিটিবাছ সন্থাৰ সৈতে এই বিশ্ব অভিলেখ অচিৰেই গঢ়িব পাৰিব বুলি ৰেকৰ্ড ৰাখোতা যোৰহটীয়া কেলকুলেচন বৰুৱাই স্পষ্ট মত ব্যক্ত কৰিছে।

৯. বাণী বাইদেৱে তেওঁৰ সমষ্টিত তেওঁক হৰুৱাব পৰা কোনো প্ৰাৰ্থীয়েই নথকাত দুখ প্ৰকাশ কৰিছে। তেখেতে কালি টিভিত লাইভ দুখ প্ৰকাশ কৰি উজনিত এনে খামি-ডাঠ নেতাৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। লগতে বিসম্বাদ মেনেজমেণ্ট বিষয়ত তেওঁ দি থকা পৰীক্ষাৰ ফলাফল অচিৰেই প্ৰকাশ কৰিব বুলিও ইংগিত দিয়ে।

১০. লালটুপি বাহিনীত এতিয়া পুৰণা কেচ জপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এতিয়া পুৰণি ফাইল খুঁচৰি অকিল গগৈক জাপি দিব পৰা জনক ৰাষ্ট্ৰপতিৰ বিশেষ সেৱাৰ মেডেল দিব বুলিও প্ৰলোভন দিয়া হৈছে বুলি গুজৱ ওলাইছে।

No comments:

Post a Comment