আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
ফেচবুক পেজৰ পৰা সৃষ্ট বিপ্লৱ
 সাগৰ হাজৰিকা

ইজিপ্তত জন্ম গ্রহণ কৰা ঘোনিম নামৰ এজন যুৱকে ফেচবুকত "today they killed Khaled"নামৰ এটা পেজ খুলিছিল।উদ্দেশ্য- ইজিপ্ত পুলিছৰ নৃশংসতাত মৃত্যু হোৱা খালেদ মহম্মদৰ হত্যাকাণ্ডৰ প্রতিবাদ। পেজ তোৰ শ্লোগান আছিল -"আমি যদি তাৰবাবে কিবা এটা নকৰো কালিলৈ সিহঁতে আমাকো হত্যা কৰিব" আৰু এই পেজ টোৱেই ইজিপ্ত চৰকাৰৰ বিৰুদ্ধে এটা বৃহৎ আন্দোলনৰ জন্ম দিলে।

আজিৰ তাৰিখত সামাজিক মাধ্যমসমূহৰ জৰিয়তে ইচ্ছা কৰিলে সমাজৰ বহুতো ধনাত্মক কাম কৰিব পৰা যায়।সম্প্রতি আমিও দুই এজন ফেচবুক বন্ধুৰ সহযোগত এটা আন্দোলনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছো। সেইয়া হৈছে ১. অসমৰ সমূহ চৰকাৰী কাৰ্য্যালয়ত অসমীয়া ভাষাৰ ব্যৱহাৰ ২. অসমত থকা প্রতিষ্ঠান,কাৰ্য্যালয় সমূহৰ নাম ফলকত অসমীয়া ভাষাৰ বাধ্যতামূলক ব্যৱহাৰ। ৩. ব্যৱসায়ীক বিজ্ঞাপন প্রচাৰত অসমীয়া ভাষাৰ বাধ্যতামূলক ব্যৱহাৰ।

উল্লেখযোগ্যযে এই ক্ষেত্রত অসম সাহিত্য সভাৰ লগতে অসমৰ কেইবাটাও জাতীয় সংগঠনে পদক্ষেপ হাতত লৈছিল যদিও আশানুৰূপ ফলাফল লাভ কৰিব পৰা নাই।


আমাৰ বিশ্বাস মূলত সংগঠনসমূহৰ সদ্দিচ্ছা আৰু মানৱ শক্তিৰ অভাৱেই ইয়াৰ মূল কাৰণ।আহকচোন আমি সচেতন বন্ধুসকল একত্রিত হৈ ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰো।প্রয়োজন সাপেক্ষে ৰাজপথলৈয়ো ওলাই যাঁও। আপোনালোকৰ মতামত আশাকৰিলো।

No comments:

Post a Comment