লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. আৰৱৰ পৰা মানসিক ভাৰসাম্যতা জোখা এটা আধুনিক যন্ত্ৰ লৈ পোনে পোনে বৰপেটাত উপস্থিত হৈছে চিৰাখোৱা আজকল চাহাব। তেখেতে আহিয়েই ৰসাল গগৈ ছাৰৰ মানসিক ভাৰসাম্য ৰিম'ট চেনচিং পদ্ধতিৰে জুখি ফলাফল ঘোষণা কৰিছে। সুগন্ধি বিলোৱা আজকলে এতিয়া মানসিক ৰোগ বিষয়তো হাত দিয়াত সেই ক্ষেত্ৰৰ বিশেষজ্ঞসকলে ব্যৱসায়িক সংঘাত হব বুলিও আশংকা প্ৰকাশ কৰিছে।
২. ৰেইন-ডেন্সত চিনিয়ৰ চিটিজেন কোটাৰ ব্যৱহাৰ কৰিলে বিঞ্জয়া বাইদেৱে। কালি এই কোটাত প্ৰৱেশ কৰি উদ্দাম নৃত্য প্ৰদৰ্শন কৰি সদৌ ফাঁচী বজাৰ খাঁটি অসমীয়া ৰেইন-ডেন্স কাৰ্যসূচীত তেখেতে ভুয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। 

৩. হাইদ্ৰামা মুহিলাৰী দাদাক প্ৰত্যাহ্বান জনাই ভূপেনদাই শুভাৰম্ভ কৰিছে "হত্যাযজ্ঞ.কম" নামৰ বেৱ চাইটটো। ৰঙানদীৰ পাৰৰ এই ডেকাজনে ৰঙা পুলিচৰ দ্বায়িত্বত থাকোতে পোৱা সকলো তথ্য এই ৱেবচাইটত আপলোড কৰি হাইড্ৰামাৰ মুখা খুলি দিব বুলিও ভাবুকি প্ৰদান কৰিছে।

৪. "ট্ৰাম কাৰ্ড" নামৰ এবিধ বিশেষ খেল সকলো সমষ্টিতে খেলাৰ বাবে সদৌ অসম বিসম্বাদী বিধায়ক সংস্থাই আয়োজন কৰিছে বুলি জানিব পৰা গৈছে। পাখি কটা, ভোট কটা আদি পদ্ধতিৰে এই খেলত জয়ী হব পৰা যাব বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৫. একে সপ্তাহতে তিনিখন দলীয় নাঁৱত ভৰি দি অসমত অভিলেখ গঢ়িলে পাৰভেজউদ্দিন চাহাবে। প্ৰথম দিনা হাতোৰা পাৰ্টিৰ পৰা নিৰ্বাচনী বৈতৰণী পাৰ হোৱা নাঁৱৰ টিকট নাপাই তলা-ছাবি দলত যোগদান কৰি এটি টকট লয়। তেওঁ বৰাকৰ খৰস্ৰোতা নদীত পাৰ হবলৈ টান হব বুলি উমান পায়, আৰু সেই টিকট ফালি পেলায় আৰু বংগৰ পৰা তৃণমূলীয় টিকট সংগ্ৰহ কৰে। পেশাত বেমাৰ আজাৰ ভাল কৰা কাম কৰা মানুহজনৰো নাঁও বগোৱা প্ৰতিভা দেখি নাঁওখেলৰ বাবে বিখ্যাত বৰপেটাবাসী ৰাইজ সুখী হোৱা বুলি জানিব পৰা গৈছে।

৬. "নহৰুল চাহাবৰ পিছল জিভা" নামৰ এখনি নতুন নাটক আজি টিভিৰ পৰ্দাত প্ৰদৰ্শিত হৈছে। "জিভা পিচল খালে, কৈয়েই দিবা" শীৰ্ষক গীতটিত নহৰুল চাহাবে তলা-ছাবি পাৰ্টিৰ সৈতে হাতোৰা দলে ডুপ্লিকেট চাবি যোগানৰ বাবে কৰা গোপন বুজা-পৰাক মুকলিকৈ তুলি ধৰিছে। গীতৰ মাধ্যমেৰে ৰহস্য উন্মোচন কৰা এই ব্যতিক্ৰমী গীতটিয়ে এতিয়া সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে বুলি জানিব পৰা গৈছে।

৭. "তেজপুৰত কোন" নামৰ ৰহস্যময় নাটক এখন হাতীগাঁও আৰু হোজাইত একেসময়তে মঞ্চস্থ হৈ আছে বুলি জানিব পৰা গৈছে। তলা-ছাবি পাৰ্টিৰ ফালৰ পৰা নাঁও এখনৰ টিকট দিয়াৰ পাছতো নাঁওখনৰ দুৱাৰৰ চাবিটো গতাই দিয়া নাই বুলি এজন অভিনেতাই প্ৰকাশ কৰিছে। নাঁওখন এতিয়া বেলেগক ভাৰালৈ দিবও পাৰে বুলি প্ৰকাশ পোৱা খবৰত অভিনেতাজন ক্ষোভিত হৈ পৰিছে।

৮. মণিৰাম চুম্মা চাৰে নিজকে আইনাৰ দৰে স্বচ্ছ আৰু নিকা বুলি দাবী কৰিছে। তেওঁৰ মতে ভালকৈ চালে এই স্বচ্ছ আৰু নিকা আইনাৰ মাজেৰে নেপাললৈকে দেখা পোৱা যায়। তাৰ পাছত লটাৰী, তাৰ পাছত বেপাৰী হোৱাৰ কাহিনীও ইয়াতে ফটফটীয়াকৈ জিলিকি আছে বুলিও তেখেতে প্ৰকাশ কৰিছে।

৯. গেলা বিলাহীৰ সদ-ব্যৱহাৰ কৰাৰ আদৰ্শ দেখুৱাই গুৱাহাটীতো পালিত হ'ল বিলাহী খেঁচা নৃত্য কাৰ্যসূচীৰ। দলগাঁও, খাৰুপেটীয়াৰ পৰা পঞ্চাশ পইচাকৈ কেজিত বিলাহী কিনি আনি ফাইভ ষ্টাৰ কাৰ্যসূচী সফল কৰা বাবে কৃষি বিভাগে প্ৰশংসাপত্ৰ প্ৰদান কৰিব বুলিও প্ৰকাশ কৰিছে। অহাবাৰৰ পৰা আন্তঃজাৰ্তিক গেলা-বিলাহী উতসৱ নিয়মীয়াকৈ পাতিব লাগে বুলিও খেতি-বাতি মন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে।

১০. গুৱাহাটীত হেলমেটৰ সলনি মোদী চাহাবৰ মুখা পিন্ধি বাইক চলোৱা নতুন এক পৰম্পৰা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। এয়া নিৰ্বাচনী ধুমুহাৰ ফল ইয়াত ট্ৰেফিক আইন অসহায় বুলিও লালটুপি এজনে প্ৰকাশ কৰিছে।

No comments:

Post a Comment