মিচা ক'লে কি ডাল হব(হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব(হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব(হাস্য ব্যংগ)

Share This
সৰুকন গগৈৰ হেলমেট
দৃশ্য-এক
কালি সৰুকন গগৈয়ে ৰাস্তাত মটৰ চাইকেল সমদল উলিয়াই শক্তি প্ৰদৰ্শন কৰিলে। তেখেতে আৰু সাংগোপাংগ সকলে হেলমেট পৰিধান নকৰাটো লৈ এতিয়া প্ৰতিক্ৰিয়া হোৱাত সৰুকন গগৈয়ে স্পষ্টীকৰণ জাৰি কৰিছে। হেলমেট পিন্ধিলে ৰাইজে তেওঁৰ মুখখন ভালকৈ নেদেখিব আৰু মুখচাবলৈকে সমবেত হোৱা জনতাৰ হেপাঁহক সন্মান জনোৱাটোৱে গণতন্ত্ৰত প্ৰথম কৰ্তব্য বুলিও তেখেতে প্ৰকাশ কৰিছে। লগতে ৰাইজে বিচৰা কাম কৰিবলৈ তেনেকুৱা সৰুসুৰা আইনলৈ বুঢ়া-আঙুলি দেখুৱাবলৈকো কোনোপধ্যেই পিছ নোহোঁহকে বুলিও তেখেতে স্পষ্ট কৰি দিছে।
কলিয়াবৰ নামৰ ঠাইৰ পৰা আন
এক নিৰ্বাচনী সমদলৰ দৃশ্য
দৃশ্য-দুই

সৰুকন গগৈয়ে ট্ৰেফিক আইন ভাঙি হেলমেট নিপিন্ধাকৈ ৰাস্তাত মটৰ বাইকত ঘূৰি ফুৰাৰ ফটো সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পাছতে এতিয়া স্থানীয় আৰক্ষী থানাত এখন নাটক মঞ্চস্থ হোৱাৰ খবৰ আহিছে। সেই নাটকখনৰ নাম "মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে?"। ৰসিক কনিষ্টবল হাঁহিধৰ গোহাঁইয়ে লিখা নাটকখনিয়ে ট্ৰেফিক পুলিচে এনেকুৱা বৰ মানুহৰ ল'ৰাক সৰু সৰু দোষত ধৰিবলৈ গৈ হোৱা হাৰাশাস্তিক সুন্দৰকৈ লঘুসুৰত তুলি ধৰিছে। এনেকুৱা বৰ মানুহৰ বেটাক ধৰিবলৈ সাহস কৰা পুলিচক ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ দিয়াৰ এক কাল্পনিক দৃশ্য নাটকখনিত সন্নিবিষ্ট হৈছে বুলি জানিব পৰা গৈছে।

দৃশ্য-তিনি
সৰুকণ গগৈৰ নিৰ্বাচনী ৰণশিঙা! আপোনালোকে চাগৈ পেপাৰত পঢ়িছে। পিছে শিঙাটো কিহৰ বাৰু, কোনে কব পাৰিব। সেয়াও এতিয়া লাখটকীয়া প্ৰশ্ন হৈ উঠিছে। ৰকিং আংকলে আনি দিয়া শিঙাটোৱে ইমান শব্দ কৰিলে যে, লাখে লাখে মানুহৰ কাণ মূৰ শিয়ঁৰি গ'ল। বহুতৰ মতে এইটো ম'হৰ শিঙৰ শিঙাপেপাঁ, কাৰোবাৰ মতে হৰিণাৰ শিঙৰ! হাবি-বন মন্ত্ৰী ৰকিং আংকলে ভতিজাকনৰ বাবে ভালৰো ভাল বিধৰেই আনি দিব দিয়কচোন নিশ্চিন্ত হৈ থাকক, শিঙাৰ মাতেই শুনক, খুঁচৰি ফুৰাৰনো কি দৰকাৰ!

পিছে ৰকিং আংকলৰ ড্ৰাইভাৰে কোৱা কথা এটাইহে মনটো চেবাই আছে। ৰকিং খুড়াই পাঁচটা সমষ্টিত গোটে গোটে ভোট আনি দিব বুলি কথা দিছে বোলে। গঁড়ৰ খৰ্গৰ তাবিজ পিন্ধা লোকৰহে বোলে ইমান আত্ম-বিশ্বাস থাকে! এজনে ক'লে, গোপনে, আপুনি বিশ্বাস কৰিছেনে পিছে কথাটো?

দৃশ্য-চাৰি
সৰুকন গগৈক বাইকত তোলা ডেকাজনৰ ঘৰত এতিয়া আনন্দই আনন্দ। হেৰা এনেই কৈছিলোনে, বাইকখন কিনি দিয়া, কামত আহিব। কামত আহিলনে এতিয়া, মাতৃদেৱীৰ মাতষাৰত গৌৰৱান্বিত হোৱাৰ প্ৰৱল সুৰ। হয় হয়, দেউতাকৰো দুই ইঞ্চি ফুলা বুকুৰে দিয়া উত্তৰ। 


"হেৰি নহয়, বাইকত ভৱিষ্যতনিধিৰ ধন দিছিলো নহয়, সেয়েই চাগৈ আমাৰ ল'ৰাকনৰ ভৱিষ্যতটো টঙাব পৰাকৈ তাত গগৈ চাৰৰ সৰুকনেই বহি দিলে! আমাৰ ই ব্লকৰ প্ৰেছিডেণ্ট হোৱাটো খাটাং নেকি বাৰু!" দেউতাকৰ মনত ধুুমুহা চলিয়েই আছে...অহৰহ!

মাকে আকৌ কৈছে, "নহয় বুজিছে, ই ঠিকা ঠুকলি কৰি বেছি ধনী হোৱাটো মই নিবিছাৰো। ব্লকৰ প্ৰেছিডেণ্ট, তাৰ পাছত জিলাৰ, প্ৰদেশৰ, তাৰ পাছত কোনোবা নাচনী আনক... সেইচৱ মোক নালাগে। কিবা কৰি চাকৰি এটা লৈ লব পাৰিলেও হব লৰাকনে, আমি জীয়াই থাকোতেই...."

হেৰা সপোন দেখিবলৈ এৰাহে, মাইনাকন আহিছে চাগৈ, সৌৱা বাইকৰ শব্দ। তাক আদৰিবলৈ সাজু হোৱাগৈ, নিজৰ ল'ৰা হ'লে কি হব, যুৱৰাজৰ সাৰথি হৈ সিওটো এতিয়া আমাৰ গাঁৱৰ চেলিব্ৰিটীয়েই.... হেঃ হেঃ হেঃ...

No comments:

Post a Comment