হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ফাকুৱা অহাৰ আগতেই অসমত এতিয়া এচাম মানুহে নিজে বেলেগ বেলেগ ৰঙ সানি লোৱা বুলি জানিব পৰা গৈছে। সোণৰ অসমৰ সপোন দেখুওৱা এজন নেতাইও এতিয়া হাতীৰ পিঠিত উঠি সোণালী ৰঙৰ সপোন দেখা পৰিকল্পনা এৰি গেৰুৱা বসন ধাৰণ কৰি ছদ্মবেশী সন্যাসী হোৱাৰ খবৰে অসমীয়া জনজীৱনক জোকাৰি গৈছে। বিশেষজ্ঞই কোৱা মতে সুবিধাবাদী শ্ৰেণীৰ মানুহে নিৰ্বাচনী বতৰত এই ৰঙ সলোৱা খেলটো খেলেই তাৰ বাবে ফাকুৱাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰিছে। অলপ দিন ৰঙ চাই থাকিলেই এই সকলৰ বোকা চটিওৱাৰ খেলো দেখিবলৈ পোৱা যাব বুলিও ভৱিষ্যত বাণীও কৰিছে।

২. পদুম পাৰ্টিয়ে এজন অখ্যাত মানুহক ডিব্ৰুগড়ত থিয় কৰাব বুলি জানিব পৰাৰ পাছতে এখন নতুন নাটক অসমৰ অভিলেখ সংখ্যক নাটক লিখা বিশিষ্ট নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই লিখি উলিয়াইছে। নাটকখনিৰ নাম "পেন-ড্ৰাইভত আছিল কি" বুলি জানিব পৰা গৈছে।  একালৰ দুজন  ঘোৰ-বিৰোধীৰ মাজত গোপন মিলামিছাক লৈ এই নাটকখনৰ কাহিনীভাগ আগবাঢ়িছে আৰু এগৰাকী নাৰীয়ে প্ৰদৰ্শন কৰা পেন-ড্ৰাইভে কাহিনীটোত ছাছপেঞ্চ ঢালিছে বুলি জানিব পৰা গৈছে। ৰহস্যধৰ্মী নাটখন নিৰ্বাচনী বতৰতে উজনিৰ ফালে লুইতৰ দুয়োপাৰে  মঞ্চস্থ কৰিব বুলিও নাট্যকাৰে জনাইছে।

৩. অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এটা নতুন খেল আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। সদৌ অসম ভিত্তিত আৰম্ভ হৈছে "গোপন বুজাবুজি" নামৰ খেলটি। ইয়াত ভাগ লবৰ বাবে শাসক, বিৰোধী বুলি কথা নাই, কাৰ পাখি কাটিলে কাৰ সুবিধা হয়, সেইমতেই ইয়াত অংশ লোৱাৰ পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলি খেলটি অনুষ্ঠিত কৰা সকলৰ পৰা গোপনে জানিব পৰা গৈছে। গগৈ-আজকল, সৰ্বা-পৱন, হিমু-ৰকিব আদি যুটী গঠন হোৱাৰ খবৰ আমালৈ আহি আছে। এই খেলৰ বাবে হাতত চিপৰাঙ লোৱাটো বাধ্যতামূলক বুলিও সমন্বয়ৰক্ষকে প্ৰকাশ কৰিছে।

৪. ৰাজ্যৰ ৬০২টা ৰাস্তাত ৰঙাবাচ চলাব খুজিও এতিয়া ৰাস্তা বিচাৰি নোপোৱা বাবে ৰঙাবাচ কৰ্মচাৰী পৰিষদে আদালতৰ কাষ চাপিবলৈ ওলোৱাৰ হাস্যকৰ আহিছে। নিতৌ নতুন নতুন বিজ্ঞাপনেৰে ইমান হাজাৰ কিলমিটাৰ পকী পথ নিৰ্মাণ হোৱা বুলি, ইমানখন পকী দলঙ হোৱা বুলি ছাৰৰ হাঁহি থকা ফটোৰে প্ৰকাশ হোৱা বিজ্ঞাপনবোৰ কৰ্মচাৰী সকলে নপঢ়ে নেকি তাকে লৈ এতিয়া ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বিজ্ঞাপন মতে ৬০০ কি হাজাৰ হাজাৰ পথেই গাড়ী চলাব পৰা হোৱা বুলি দাবী কৰাৰ পাছত ৰঙাবাচৰ বাবে ৰাস্তা নাই বুলি কোৱাটোত কাৰ হাত আছে তাকে জানিবলৈ সচেতন নাগৰিক সংঘই চিবিআই তদন্তৰেই দাবী কৰাৰ কথা পাঙি থকা বুলিও গুজৱ ওলাইছে।

৫. আমবাৰী নাট্যমন্দিৰত প্ৰতিদিনে আখৰা চলি আছে এখন ৰহস্য নাটৰ, "পদ্মই নেৰে কিয় পাৰ্টি" শীৰ্ষক নাটখনিৰ প্ৰতিদিনেই স্ক্ৰিপ্ট সলনি কৰিব লগীয়া হোৱাত, ৰহস্যধৰ্মী নাটকখনৰ আচল যৱনিকা কেতিয়া পৰিব সেয়াও ৰহস্যৰ মাজলৈ সোমাই যাবলৈ ধৰিছে। আদালত, বাতৰি কাকতৰ কাৰ্যালয়, টি ভিৰ পৰ্দা আদিত নায়কে ভিন্ন ভিন্ন ভাও দিবলৈ লোৱাত একাংকিকা নাটখনিয়ে এতিয়া পূৰ্ণাংগ চিৰিয়েলৰেই ৰূপ পাবগৈ বুলিও সচেতন মহলে দুৰ্ভাৱনা প্ৰকাশ কৰিছে।

৬. দুৰ্নীতিৰ ক'লা ধনেৰে নিৰ্মাণ কৰা অট্টালিকাবোৰ ক'লাৰঙৰ কৰাটো বাধ্যতামূলক কৰাৰ দাবী জনাইছে সচেতন যুৱক সংঘই। ক'লা চিমেণ্ট, ক'লা বালি আদি বিশেষ সামগ্ৰীও এনে বিশেষ অট্টালিকাত ব্যৱহাৰ কৰিলে ঘৰ বহুদিন টিকে বুলিও তেওঁলোকে প্ৰকাশ কৰিছে। লগতে ঘৰ লোৱা পাতি সচেতন সকলক অচেতন হোৱাকৈ ব্লেক ডগ খুৱাই দিলে সকলো দায়-দোষ মৰিষণ কৰিব পাৰি বুলিও টিপচ প্ৰদান কৰিছে।

৭. এইবাৰ অসমৰ ভোটাৰে প্ৰতিবেশী পাহাৰীয়া ৰাজ্যৰ পৰাহে নিৰ্বাচনী সুৰাপান কৰাৰ সুবিধা লাভ কৰাৰ প্ৰৱল সম্ভাৱনা আছে। নিৰ্বাচনী আয়োগে অসমৰ দোকানত অতিৰিক্ত বিক্ৰী ৰোধ কৰিবলৈ আকৰ্ষণীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই চুবুৰীয়া দোকানী সংঘই এই চাপ্লাইৰ কাম লাভ কৰিব বুলি জ্যোতিষি হিৰো ইয়ঙে প্ৰকাশ কৰিছে। এই সম্ভাৱনা দেখি থলুৱা সুৰা বেপাৰী সংঘই নিৰ্বাচনী আয়ুক্তৰ ওপৰত থলুৱাৰ স্বাৰ্থ বিৰোধী স্থিতি লোৱাৰ প্ৰতিবাদত পুৱা ৭টাৰ পৰা ১০টালৈ বিক্ৰী বন্ধৰাখি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিব বুলিও ভাবুকি প্ৰদান কৰা গুণাগঁথা চলিছে।

৮. এইবাৰ ৰাইজে অলৌগুটি তলৌগুটি কৰি ভোট দিলে নহব বুলি প্ৰকাশ কৰিছে সদৌ অসম স্পৰ্শকাতৰ নাগৰিক সভাই। এতিয়া অন্ততঃ দৰমহাৰ পইচা কেইটাকে চুবলৈ পাইছে সেই কথা পাহৰি নাযাবলৈ কৰ্মচাৰী পৰিয়াল সকলক সকিয়াই দিছে। আন পাৰ্টিক ভোট দিয়াৰ আগতে একোজন সচেতন নাগৰিক হিচাবে সেই কথাটো এবাৰ মনত পেলাবলৈকো আহ্বান জনাইছে।

No comments:

Post a Comment