Saturday, February 1, 2014

সাম্প্ৰতিক প্ৰসংগ

“মহিলা সবলীকৰণ” বোলা শব্দ-সমষ্টি অভিজাত ৰঙীন কাৰ্পেটৰ পৰা কেঁচা ঘাঁহনিলৈ
নামি আহিব কেতিয়া?
*পংকজজ্যোতি মহন্ত



গুৱাহাটীত পূৰ্ৱতে প্ৰায় পাঁচ বছৰ আছিলোঁ,আৰু যোৱা এবছৰৰ পৰা পুনৰ গুৱাহাটীতে আছোঁ। কোৱা হয় যে মহানগৰীত সহজেই সকলো ধৰণৰমানুহ পোৱা যায়; কিন্তু কালি আবেলিহে প্ৰথমবাৰৰ বাবে এগৰাকী যুৱতীয়ে টেম্পো চলাই যোৱা দেখা পালোঁ। মই লৰালৰিকৈ জালুকবাৰী হৈ ISBTলৈ গৈ আছিলোঁ। ঘূৰি আহিবলৈ মোৰ দেৰি হৈ যাব বুলি ভাবিব লগা নোহোৱা হ’লে মই নামি গৈ যুৱতীগৰাকীৰ লগত কথা পাতিলোঁহেঁতেন। অন্ততঃ পৰিবেশটো কামোৰখোৱা ধৰণৰ নোহোৱাকৈ ঠিক এক সাক্ষাৎকাৰৰ ধৰণেৰেকথা-বতৰা, বা লগে লগে নহ’লেও পিছত কথা পাতিবলৈ অলপ সময় বিচাৰিলোঁহেঁতেন। ইয়াৰ জড়িয়তে তেওঁৰ চিন্তাধাৰা, তেওঁৰ কল্পনা, তেওঁৰ সমস্যা ইত্যাদিৰ কথা পাঠক-সমাজক জনাব পাৰিলোঁহেতেন।



বহুতে এইটো এটা অদ্ভুত চিন্তা বুলি ভাবিব। এনেধৰণৰ “অদ্ভুত” চিন্তা মাজে মাজে মনলৈ আহে। মই থকা ঠাইতে এবাৰ এটা বাৰ বছৰীয়ামানৰ ল’ৰা দেখিছিলোঁ,তাৰ ঘৰত মাক-দেউতাকৰ কাজিয়া, আৰু সি কাম কৰি খায়। আৰু ওচৰ-পাজৰৰ ডাঙৰবোৰৰ পাল্লাতপৰি সি সেই তেতিয়াই মদ খাবলৈ আৰম্ভ কৰিছিল। ডাঙৰ ডাঙৰ সমাজ-বিজ্ঞানীৰ সাক্ষাৎকাৰলোৱাতকৈ তাৰ সাক্ষাৎকাৰ এটা ল’লেহে সমাজৰ বেছি কথা জানিবলৈ পোৱা যাব বুলি মই ভাবিবলৈ লৈছিলোঁ।



যুৱতীগৰাকীৰ প্ৰতি মই কৌতূহল অনুভৱ কৰাৰ কাৰণটো হ’ল— মই সদায় ভাবোঁ যে— “মহিলা সবলীকৰণ” বোলা সদায় কাৰ্পেটত খোজকাঢ়ি থকা এই অভিজাত শব্দসমষ্টি কেঁচা বা শুকান ঘাঁহনিলৈ নতুবা বোকা বা বালিয়া মাটিলৈ তেতিয়াহে নামিআহিব যেতিয়া মহিলাই ৰিক্সা চলাবলৈ আৰম্ভ কৰিব, চিটিবাছৰ ড্ৰাইভাৰ হিচাপে মহিলাকদেখা পোৱা যাব, মহিলাই টেক্টৰ চলাবলৈ ল’ব, চাকৰি কৰা মহিলাই চাকৰি নোহোৱাঅৱস্থাত থকা পুৰুষৰ লগতো বিয়াত বহিবলৈ বিচাৰিব বা গিৰীয়েকতকৈ অধিক দৰমহা পোৱামহিলাই হীনমন্যতাত নুভুগিব.....।

তাহানি দিনত কু-সংস্কাৰে বিশাক্ত সৰীসৃপৰ ৰূপ লৈথকা অৱস্থাতে, ১৯০১ চনত জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চাইকেল চলাবলৈ লৈছিল। তেখেতেই হেনো চাইকেল চলোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। কিন্তু, আজি ২০১৪ চনতো আমি চিটিবাছৰ ড্ৰাইভাৰ হিচাপে এগৰাকীও মহিলা নেদেখোঁ কিয়!!

এই সকলো কথাতে মহিলাক আটাইতকৈ বেছিগ্ৰাস কৰি ৰাখিছে মহিলাই নিজে। আজিকালি ঘৰলৈ গ’লেই এষাৰ কথা শুনিবলৈ পাওঁ— “অমুকে কৈছে ল’ৰাৰ চাকৰি হ’লে খবৰ দিবা; আমাৰ ছোৱালী এজনী আছে”, “তমুকে কৈছে ....।” ঘৰৰ পৰা ক’ৰবালৈ ফুৰিবলৈ গ’লেও একেধৰণৰ কথাকাণত পৰে। যেন তেওঁলোকে ল’ৰাটোৰ লগত বিয়া নিদিয়ে, চাকৰিটোৰ লগতহে বিয়া দিব। চাকৰি এটা হ’লে অলুগুটি-টলুগুটি মাৰি তাৰে এগৰাকী বিয়া কৰাই কেইমাহমানৰ পাছতে চাকৰিটো এৰি দিলে কেনে মজা লাগিব চাবৰ মন যায় মাজে মাজে।


ডাঙৰৰ সমুখতে এনেকুৱা কথা শুনোতে পোৱা সামান্য লাজ আৰু মই ভবাসেই কথাটোৰ পৰিপ্ৰেক্ষিতত পোৱা সামান্য বিৰক্তিৰ বাবে যেতিয়া কথাবোৰলৈ কাণ নিদিয়াৰ নিচিনা কৰোঁ, তেতিয়া ওলোটাই সোধে— “নিজে চাই থোৱা আছে নেকি? চালেও কিন্তু নিজতকৈ ওপৰৰ নাচাব। সদায় নিজতকৈ তলৰ ছোৱালী চাব লাগে, তেতিয়াহে সুখ হয়।” সকলোৱে গম পাইছেই চাগে— এই কথাবোৰকোৱা প্ৰতিগৰাকীয়েই মহিলা!! আৰু তেওঁলোক কিন্তু অশিক্ষিত, নিৰক্ষৰ বা গাঁৱলীয়া ভূতো নহয়। প্ৰায় কেইগৰাকীয়েই অভিজাত, উচ্চ ডিগ্ৰীধাৰী, চাকৰীজীৱি, আৰু আন বহুতৰ ঈৰ্ষাৰপাত্ৰ হ’ব পৰা মহিলা.....।

আন এক ধৰণৰ কাহিনীও দেখিবলৈ পাওঁ শাৰিৰীকভাৱে সুন্দৰী অথচ মনৰ সৌন্দৰ্যহীনতাৰ বাবে শাৰিৰীক সৌন্দৰ্যকে লৈ অহংকাৰী হৈ উঠা যুৱতীসকলৰ ক্ষেত্ৰত। তেনে যুৱতীক আকৰ্ষিত কৰিবলৈ তেওঁৰ নলেগলে লগা যুৱতীসকলৰ লগত কিছুমান যুৱকে বন্ধুত্ব গঢ়ি তোলে, আৰু সেই নিৰ্দিষ্ট যুৱতীগৰাকীক যুৱকজনে উপেক্ষা কৰি থাকে। অৱশেষত লগৰকেইজনীৰ প্ৰতি ঈৰ্ষিত হৈ যুৱতীগৰাকী যুৱকজনৰ প্ৰেমত পৰি যায়। বিবেচনা আৰু দায়িত্ববোধেৰে আগবাঢ়িব নোৱাৰা এনে যুৱতীসকলে এনেদৰেই এক মানসিক দাসত্বৰ গ্ৰাসত পৰি ৰয়। এনে হ’ব নোৱাৰে বুলি কেতিয়াবা অচৰিত হওঁ, আৰু কেতিয়াবা তৰ্ক কৰোঁ; কিন্তুএই কৌশলেৰেই আগবাঢ়ি যেতিয়া সেইসকল যুৱকে তেওঁলোকৰ “প্ৰেম”ত সফলতা প্ৰমাণিত কৰে, তেতিয়া নিমাতে ৰোৱাৰ বাহিৰে আন উপায় নাথাকে।

বাৰ্ট্ৰাণ্ড ৰাছেলেও কৈছিল— তেখেতে বহু সন্মানকৰা বহুতো যুৱতীক, তেখেতে অকণো সন্মান কৰিব নোৱাৰা কিছুমান যুৱকেই অনায়াসে প্ৰেমত পেলাব পাৰিছিল। তেখেতে কি ধৰণে কথাটো কৈছিল অলপ পাহৰিছোঁ, কিতাপখন এতিয়া হাততে নাই; বাৰু যি কি নহওক, এনে কিবা কৌশলেৰেই হয়তো তেওঁলোক সফল হৈছিল।

পিছে সংখ্যাত কম হ’লেও—অতি গৌৰৱৰ কথা যে— সু-সচেতন, প্ৰকৃত বিবেচনা-বুদ্ধি সম্পন্ন, দূৰদৰ্শী আৰু দায়ীত্ববোধ সম্পন্ন কিছুসংখ্যক যুৱতী বা মহিলা আমি বন্ধু, অগ্ৰজ বা অনুজ হিচাপে লাভ কৰিবলৈ সক্ষম হওঁ।

ডক্টৰেট লাভৰ বাবে গৱেষণা কৰি থকা এজন যুৱকৰ প্ৰেয়সীগৰাকীয়ে MBA ডিগ্ৰী লৈ বহু হাজাৰ টকীয়া দৰমহা পোৱা চাকৰি এটা পোৱাৰ পাছত সামান্য সংঘাতে দেখা দিছিল...।

কিন্তু ল’ৰাজনে সেই JRF ৰ টকাকেইটা পাই থকা অৱস্থাতে, যুৱতীগৰাকীয়ে বহু হাজাৰটকীয়া দৰমহা পোৱা সত্বেও তেওঁৰ লগতে বিয়াত বহিবলৈ সিদ্ধান্ত লৈছিল। এনেকুৱা ছয়-সাতটো উদাহৰণ দেখিছোঁ, কিন্তু ৫০, ৬০,.... সৰহভাগ উদাহৰণত দেখা যায়, পুৰণা যুৱকজনক এৰি অধিক দৰমহা পোৱা এজনৰ লগতহে যুৱতীগৰাকী বিয়াত বহে। এইয়াও তেওঁলোকৰ এক দাসত্বৰ মনোভাৱেই নেকি?

দান দি আনক সহায় কৰি অধিক সময় কটোৱাসকলতকৈ আনক ঠগি অধিক ধন ঘটাত সময় কটোৱাসকলৰ প্ৰতি সৰহভাগ মহিলা অধিক আকৰ্ষিত হোৱা দেখা যায়। এনেমানসিকতা নথকা মহিলাও আছে, কিন্তু নগণ্য সংখ্যক। এনে মহিলাৰ সংখ্যা যদি সমাজত বৃদ্ধি নহয় তেন্তে মহিলাসকল নিজেই সদায় “নিৰ্বলী” হৈ থাকি যাব।
মাছাচুছেটচ ইনষ্টিটিউট অৱ টেকন’লজি (MIT) ৰ পৰা তিনিটা ডিগ্ৰী, হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এম বি এ ডিগ্ৰী লোৱা ছলমান খানে (অভিনেতা ছলমান খান নহয়। আনহাতে এই নামটো গৌতম প্ৰসাদ বৰুৱাদেৱে “শালমানখান” বুলি লিখিছিল, “আমাৰ অসম”ত। কোনটো শুদ্ধ হ’ব নাজানোঁ।) তেওঁৰ বিনামূলীয়া অনলাইন শিক্ষা-ব্যৱস্থা “খান একাডেমি”ৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিবলৈ হেজ ফাণ্ড বিশ্লেষকৰ লোভনীয় চাকৰিটো ত্যাগ কৰিছিল। 

সেই সম্পৰ্কে পিছত বিল গেটছে এষাৰ তাৎপৰ্যপূৰ্ণ কথা কৈছিল— It was a good day his wife let him quit his job. সেই সিদ্ধান্তত সন্মতি জনোৱা তেওঁৰ পত্নীৰ সম্পৰ্কে ছলমান খানে নিজেও কৈছিল— “She saw where this was going. She saw how much I enjoyed it.” ছলমান খানৰ পত্নী উমাইলা মাৰ্ভি। ছলমান খানে হাৰ্ভাৰ্ডৰপৰা এম বি এ কৰি ওলোৱাৰ পাছত প্ৰথম লগ পোৱা উমাইলা মাৰ্ভি নিজেও MIT ৰডিগ্ৰীধাৰী আৰু এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ পৰা এম ডি ডিগ্ৰীধাৰী, আৰুবৰ্তমান এগৰাকী আগশাৰীৰ বিখ্যাত চিকিৎসা বিশেষজ্ঞ।............ কিন্তু এনে মহিলা বিৰল ব্যতিক্ৰম। এনে ব্যতিক্ৰমী মহিলাৰ আৰু কেইটামান উদাহৰণ মই নিজেও দিব পাৰিম। কেইগৰাকীমান বিশ্ববিখ্যাত, আৰু কেইগৰাকীমান মই নিজে লগ পোৱা— ঠিক ধৰক সাধাৰণ, অথচ অসাধাৰণ মহিলা...।
এইসকলৰ বিষয়ে লিখিবলৈ পিছলৈ পৃষ্ঠা ৰাখি থৈছোঁ।


আশা কৰোঁ সমাজত এনে মহিলাৰ সংখ্যাবৃদ্ধি পাব....। 
নহ’লে “মহিলা সবলীকৰণ” শব্দসমষ্টিউচ্চাৰণ কৰি কোনোবাই ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ কথা ভাবিব, কোনোবাই টিভিৰ পৰ্দাত ভুমুকি মাৰিব, তাতকৈ বেছি একো নহয়.....।

No comments:

Post a Comment