ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
উপভোগ কৰক
গুৱাহাটীত ৰাইন' চাৰ্ভিছৰ নেন' সেৱা
আজিৰে পৰা গুৱাহাটীত চলিব শীত-তাপ নিয়ন্ত্ৰিত নেন' সেৱা। ২০খনকৈ নে'ন গাড়ীৰে এই সেৱা আৰম্ভ কৰিছে বেলতলা বজাৰ ৰোডৰ ২৭নং গৃহত কাৰ্যালয় থকা ৰাইন' চাৰ্ভিছ নামৰ প্ৰতিষ্ঠানে।

গ্ৰাহকে ৭১৫১৫১৫ নম্বৰত ফোন কৰি এই সেৱা লাভ কৰিব পাৰিব। প্ৰথম দুই কিল'মিটাৰত ৩০টকা আৰু তাৰ পাছত প্ৰত্যেক দুশ মিটাৰত ৩টকাকৈ ইয়াৰ ভাড়া নিৰ্ধাৰণ কৰা হৈছে। অট'ৱালাৰ মিটাৰ নচলোৱা মনোবৃত্তিত হায়ৰান হোৱা গুৱাহাটীবাসীয়ে এই সেৱা আদৰি ল'লে এনে নেন'ৰ সংখ্যা অচিৰেই বৃদ্ধি কৰা হব বুলিও এই সংস্থাই জনাইছে।

কামৰূপ জিলাৰ পৰিবহন বিভাগ তথা প্ৰশাসনক সদ্যহতে এই সেৱাৰ বাবে ১০টা স্থানত আস্থান স্থাপন কৰাৰ বাবে আবেদন জনাইছে। এই পদক্ষেপে গুৱাহাটীৰ যান-যঁট-ধূলি-গৰমৰ মাজত অসুবিধা পোৱা ৰাইজক সকাহ দিব বুলিও আশা কৰা হৈছে। ৰাজহুৱা পৰিবহন ব্যৱস্থালৈ এই ইতিবাচক পদক্ষেপক সচেতন মহলেও প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে ৰেডিঅ' টেক্সিৰ সেৱা প্ৰথমে গুৱাহাটীত "মাই টেক্সি" নামেৰে মুকলি হৈছিল। আৰু ই অতি কম সময়তে বিমান বন্দৰৰ পৰা যোৱা যাত্ৰী সকলৰ মাজত জনপ্ৰিয় হবলৈ ধৰে আৰু তাৰ পাছতে "প্ৰাইম কেব"কে ধৰি কেইবাটাও এনে কোম্পানীয়ে প্ৰতিযোগিতামূলক সেৱাৰে গুৱাহাটীলৈ যোৱা যাত্ৰীক সকাহ দিয়া পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত "মাই টেক্সি"ৰ ইণ্ডিকা সেৱাৰ সৈতে প্ৰতিদ্বন্দিতাৰ বাবে উন্নত গাড়ীৰো সেৱা এতিয়া বিভিন্ন কোম্পানীয়ে আগবঢ়াবলৈ ধৰা বুলিও জানিব পৰা গৈছে। 

এতিয়া গুৱাহাটী চহৰৰ ভিতৰতো ক্ষুদ্ৰ নেন' টেক্সিৰ সেৱা এই ৰাইন' চাৰ্ভিছে আৰম্ভ কৰিবলৈ লোৱাটো অতিশয় আদৰণীয় পদক্ষেপ ৰূপে গণ্য কৰিব পাৰি। ট্ৰেকাৰ, অট', চিটি-বাছৰ বিকল্প ৰূপে এক উন্নত সেৱা আগবঢ়াবলৈ চেষ্টা চলোৱা ৰাইন' চাৰ্ভিছৰ কৰ্মকৰ্তা সকলৈ আমিও শুভেচ্ছা জনাই, সফলতা কামনা কৰিছো। আৰু অচিৰেই ইয়াৰ পৰিধি বৃদ্ধি কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছো।

No comments:

Post a Comment