লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. পৰাগ দাক সজালে পৰেশদা! ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই কাম কিমান অসমীয়া মানুহে ইংৰাজী, হিন্দী পেপাৰ পঢ়ে তাৰ পৰীক্ষা কৰিবলৈহে কৰিছিল, তেওঁলোকৰ জ্ঞানৰ অভাৱত নহয় বুলি জানিবলৈ দিছে পেপাৰৰচাৰ্কুলেচন তথ্য বিভাগে। ৰাইজৰ প্ৰতিবাদৰ প্ৰকোপ দেখাৰ পাছতে কেইবাখনো পেপাৰে অসমত অফিচ খুলিব বুলিও আশাৰ বতৰা প্ৰকাশ কৰিছে। ইয়াৰ লগতে পাৰ্টিবোৰৰ পৰা এই সাতখন প্ৰদেশতো চাৰ্কুলেচন হয়, সেয়ে বিজ্ঞাপনৰ ধনৰ ৰেটো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। তথ্য সংগ্ৰহত সহায় কৰা বাবে সচেতন অসমীয়া ৰাইজলৈ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰিছে।

২. "বিক্ৰী যোৱা মন্ত্ৰী বিধায়ক"ৰ ঘৰ ঘেৰাও কৰিব সদৌ অসম কৃষক মুক্তি সংঘই।  মাটি দখলৰ পাছত নতুন কোনো কাৰ্যসূচী নথকাৰ বাবে এই কাৰ্যসূচীৰে কৰিব সংবাদ শিৰোনামা দখল। তাৰ বাবে বিক্ৰী গৈছেনে নাই মন্ত্ৰী/বিধায়কৰ জন্মৰ তাৰিখ চাই কৈ দিব পৰা চাৰিজন জ্যোতিষিৰ ব্যৱস্থা কৰাৰো গোপন খবৰ।

৩. এগৰাকী বিধায়কে বিবেক ভোট দিব বুলি কৈ পালে সংবাদ শিৰোনামা। "বিবেক ভোট" শব্দটো আচলতে শেষ নিশাৰ খেলৰ বাবে "আমন্ত্ৰণমূলক শব্দ"হে বুলি গোপনে জনাইছে তেখেতৰ ঘৰৰ বনকৰা মহিলাই। শ্ৰীমতীক ছাৰে কথাবোৰ বৰ্ণনা কৰি থাকোতে শুনিছে বুলি তেখেতে কৰিলে দাবী।

৪. ৰসাল গগৈয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় মৰ্যদা। তেখেতৰ শাসনকালত হোৱা ধনৰ হেৰফেৰৰ ঘটনাই স্থানীয় সংবাদপত্ৰত স্থান পাইছিল যদিও আম খোৱা মানুহৰ দলে কালি সৰ্বভাৰতীয় টকা খোৱা সফল নেতাৰ তালিকা ঘোষণা কৰি তাত গগৈদেৱক স্থান দিয়াৰ সুখবৰ পোৱা গৈছে। অসমীয়াৰ গৌৰৱ তথা উত্তৰ পূৱৰ একমাত্ৰ প্ৰতিনিধি ৰূপে তেখেতে এই তালিকাত স্থান লাভে কৰাৰ খবৰে, অসমৰ নগৰে চহৰে থকা ফেন সকলৰ মাজত আনন্দৰ বন্যা সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

৫. সোনাপুৰত মুণ্ডছেদ নাটকৰ ফলাফল নোলোৱাৰ আগতেই কালি ৰাজীৱ ভৱনৰ বাটচৰাত "বাটৰ নাট" প্ৰদৰ্শন কৰিলেহি সমাজকল্যান নন্দন বৰাই। বাটৰ নাট চাইয়ে গুৱাহাটীৰ পৰা সাংসদ হোৱাৰ বাট তেওঁক মুকলি কৰি দিবলৈ আহ্বান জনাই বৰাই কয়, সুবিধা পালে তেওঁ অসমীয়াৰ শক্তি আৰু প্ৰতিভা দিল্লীতো দেখুৱাবলৈ সাজু। অসমীয়াৰ ধনবল-বাহুবল নাই বুলি ভবাটো আচলতে ভুল। তেখেতৰ বাটৰ নাটত ভাল ভাল দামী এচ.ইউ.ভিও প্ৰদৰ্শন তাৰেই এটা মাত্ৰ ঝলকহে বুলিও তেখেতে উল্লেখ কৰে।

৬. এইবাৰ সঞ্জয় সিঙক বীৰাৰ খেল দেখুৱাব বুলি কলে ৰসাল গগৈয়ে। তেতিয়াহে সঞ্জয় সিঙে অসমৰ নামনিৰ প্ৰতিভা মাটিধৰ বৰ্মনৰ যাদুখেলক ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰি দিব পাৰিব বুলি জনালে গগৈ চাৰে। খেলৰ ফলাফল চোৱাৰ পাছতে মাটিধৰ বৰ্মনৰ বীৰাই দেশজুৰি নিৰ্বাচনী ঠিকা লাভ কৰাৰো সম্ভাৱনা প্ৰৱল বুলিও তেখেতে আশা প্ৰকাশ কৰিছে।

৭.  কৰ পৰিশোধ নকৰা সংস্থাৰ তালিকাত দিল্লীত শীৰ্ষ স্থান পালে এল.আই.চিয়ে। প্ৰীমিয়াম নি অফিচত জমা নিদিয়াৰ বাবে এই কোম্পানীৰ এজেণ্ট আৰু ক্লেইম নিদিয়াৰ বাবে লোকেল অফিচবোৰো কোনো গুণেই হেড-অফিচতকৈ কম নহয় বুলি মন্তব্য কৰিলে সচেতন শৰ্মাই। 

৮. বাবা বামদেৱে গাদকাৰী নামৰ ব্যৱসায়ী এজনক দুৰ্নীতিকাৰী আখ্যা দিয়াটো অতি অমানৱীয় কাম বুলি হৈছে প্ৰকাশ কৰিলে জম্মু-কাশ্মীৰত। তেওঁ কয় যে, বামদেৱৰ কথাত হয়ভৰ দিয়া মানুহ কোনোদিনেই দুৰ্নীতিকাৰী হব নোৱাৰে।  তেওঁৰ দৰৱ খোৱা গাদকাৰীৰ পেট একদম চাফা বুলি দাবী কৰি বামদেৱে কয়, আমাৰ দৰৱে কাম নিদিয়াৰ প্ৰশ্ন উঠিবই নোৱাৰে! বাবা কচম!

৯. অসমত ১৬০০ মাদ্ৰাছা ভুৱা নথিৰে প্ৰাদেশিকীকৰণ হোৱাক লৈ বাতৰি কাকতে হাল্লা কৰাক লৈ বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। বাকীবোৰ চৰকাৰৰ দিনত নথি থাকোতেও জানো ভেঞ্চাৰবোৰে কেঞ্চাৰৰ যন্ত্ৰণা পাই থকা নাছিল। আমি নথি বনাই হলেও কামটো কৰি দিলো, এতিয়া ফল খাওক, গুণ গাওক! উৰহী গছৰ ওৰ বিছৰাৰ কি দৰকাৰ বুলিও শৰ্মাই ক্ষোভ প্ৰকাশ কৰাৰ বাতৰি পোৱা গৈছে।

১০. বিহালীত গুলী চলাই বন্দুককেইটা পৰীক্ষা কৰিলে অৰুণাচল আৰক্ষীয়ে। কাম হৈ যোৱাৰ পাছত এতিয়া মাওবাদীৰ উতপাতহে এই ঘটনা হোৱা আৰু এনে প্ৰকোপ বঢ়াৰ সম্ভৱনা থকা বুলি কেন্দ্ৰলৈ টোকা দি প্ৰশংসা লাভ কৰিলে সীমান্ত চকীৰ বিট অফিচাৰে। একে গুলীতে কেইবা চিকাৰ কৰি এতিয়াৰ পৰা মাওবাদী ৰোধৰ বাবে বছেৰেকত ২০কোটিকৈ টকা কেন্দ্ৰই দিবলৈ বাধ্য হব বুলিও ওপৰ মহলৰ পৰা গোপনে জানিব পৰা গৈছে।

No comments:

Post a Comment