জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
উস! শান্তি কেতিয়া পাম বাৰু? 
ৰাতুল বেজবৰুৱা
ক’ত, কেনেকৈ আৰু কেতিয়া আৰম্ভ হৈছিল জানো ঠিক মনত নাই। খুব সম্ভব ক্লাচ ফাইভত থাকোতে “ভালদৰে পঢ়, ক্লাচত তই কিন্তু প্ৰথম হ’ব লাগিব” বুলি দেউতাই কওতেই চাগে আৰম্ভ হৈছিল। ভগৱানৰ কৃপাত ফাইভৰ পৰা ক্লাচ নাইনলৈকে প্ৰথম হৈয়ে ক্লাচ টেন পালোহি।

লগে লগে মাৰ সদায় গধুলি সতৰ্কবানী আৰম্ভ হৈ গ’ল “ষ্টাৰ পাব লাগিব নহ’লে দেউতাৰ মান সন্মান ক’ত থাকিব?” এইবাৰ অলপ বেছিকৈয়ে লাগিল। ভগৱানৰ ওচৰত কাকূতি মিনতিৰ পৰিমাণ বাঢ়িল। মোক সহায় কৰিবলৈ দিমাণ্ড দিব ধৰিলো। সেয়ে ধূপ ধূনা আৰু মিঠাতেলৰ ব্যৱসায়ী বোৰক ধনী কৰিবলৈ আৰম্ভ কৰি দিলো। যি কি নহওক ভগৱানে মোৰ মিনতি শুনিলে। অলপ পাতল কৰি দিলে, ষ্টাৰ মাৰ্কচ পালো। ষ্টাৰ পালেও কি হব, আকৌ লম্ভিলে। ক’ত পঢ়িম, আমুকত চিট পামনে নাপাম, হোষ্টেলত কেনেকৈ থাকিম মুঠতে ৰাতি টোপনি নহা অবস্থা। 

এনেকৈয়ে কেইদিনমান পাৰ হ’ল। মনটোৰ এই খু দু অবস্থাতে নৰ্থ লখিমপুৰ কলেজত এডমিচন ল’লো। জীৱন সংগ্ৰাম যেন আৰম্ভহে হ'ল। মা দেউতা, পৰিয়াল, শুভাকাংশী সকলোৰে আশা ডাক্টৰ হব লাগিব। দিন ৰাতি একাকাৰ কৰি জোৰদাৰ লাগি গ’লো। দুটা বছৰ কেনেকৈ পাৰ হ’ল গমেই নাপালো। হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্টেই হ’ল। কিন্তু বিধিয়ে দিলেও বোলে বিধাতাই নিদিয়ে। ডাক্টৰীৰ চিট লব নোৱাৰিলো। তাৰ পাছত কি অবস্থা হব পাৰে ধাৰণা কৰকচোন। সকলোৰে আশা পূৰণ কৰিব নোৱাৰি মনটো ভাগি চিগি টুকুৰা টুকুৰ হৈ গ’ল। গাৰ চাল আৰু হাড়ৰ মাজত একেবাৰেই দূৰত্ব নাইকিয়া হ’ল। নাই এনেকৈ আৰু নহব কিবা এটা কৰিব লাগিব। ভাবিলো বি এছ চি পঢ়ি এটা চমৎকাৰ কৰাকে যাওক। ভাবিলো যেতিয়া আৰু ৰবলৈ নাই। ছ্লমান খানৰ “এক বাৰ কমিটমেন্ট কৰ দিয়া টু অপনে আপ কা ভি নেহি চুনতা হো” টাইপৰ আদৰ্শ সৰোগত কৰি এডমিচন ল’লো কেমেষ্ট্ৰিত।

দুদিনমান ঠিকেই গ’ল। পুৰা ফুল চ্যুইংত ক্লাচ কৰি গ’লো। হঠাৎ অনুভব কৰিলো কলেজত দেখোন মই চিনিয়ৰ, আজিকালি মোক দাদা বুলি মতে। এই খিনি সময়ত অলপ পাতল পাতল লাগিল। কিন্তু এদিন দুপৰীয়া মৰমীক দেখাৰ পাছতেই চব খেলি মেলি হৈ গ’ল। মৰমী মানে খুব মৰম ল’গা মৰমী। আকৌ আৰম্ভ হৈ গ’ল। ৰাতি শুব নোৱাৰা হ’লো। এইবাৰ অবশ্যে অলপ বেলেগ ধৰণে লাগিল। চমৎকাৰ কৰাৰ কথাতো সদ্যহতে স্থগিত ৰাখি কেনেকৈ তাইক মনৰ কথা কব পাৰি তাৰ আঁচনি বনোৱাত লাগিলো। বন্ধু বোৰেও আহি হাত উজান দিলেহি। সকলোৰে দিহা পৰামৰ্শ লৈ ভাল দিন বাৰ এটা চাই মৰমীক মনৰ কথা খিনি ক’লো। কিন্তু কি হব কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল। মৰমীয়ে পোন চাতেই মোৰ প্ৰ্স্তাব নাকচ কৰি পেলালে। যি অকনমান প্ৰেমৰ ফুল পাহ ফুলিবলৈ আৰম্ভ কৰিছিল সেই পাহো কলিতেই মৰহি গ’ল। বন্ধু সকলে সমবেদনা জনাই হাতত কেইটামান চিগাৰেট দি গ’লহি। কি কৰিব উপায় নাই চিগাৰেটকে বধ কৰাত লাগি গ’লো। প্ৰ্থম বছৰটো ফটকৈ পাৰ হৈ গ’ল। পিছে ৰিজাল্টৰ ফালে চাবই নোৱাৰি। ভাবিলো, “ফাৰ্ষ্ট ইয়েৰত যি হ’ল হৈ গ’ল ছেকেণ্ড ইয়েৰত কিন্তু চব ফালি পেলাম”। 

আৰম্ভনিতে সকলো ঠিকেই থাকে দিন পাৰ হ’লেহে পাহৰি যোৱা যায়। লগৰ ল’ৰাৰ ঘৰত বিয়া সবাহ খাই থাকোতেই সেই বছৰটোও যাও যাও হ’ল। মনতে ভাবিলো সময় বোৰ বৰ নিষ্ঠুৰ এইবাৰো বেছি ফালিবলে সুবিধাই নিদিলে। তেনেকৈয়ে আহি বি এছ চি থাৰ্দ ইয়েৰ পালোহি। সকলো বাদ দি লাগি গ’লো পঢ়াত। ইউনিভাৰ্চিটিত চিট ল’ব লাগিব। নহ’লে লাইফ বৰবাদ। এইবাৰো যথেষ্ট খিনি লাগিল। ভগৱানে কিন্তু এইবাৰো সহায় কৰিলে। তাৰ পাছত পালোগৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত।

তাত গৈ প্ৰথম দিনটোতে অনুভব কৰিলো মই ভবাৰ দৰে পৃথিবীখন নহয়। ইয়াত দেখোন সকলোকে পাছত থৈ নিজে আগবাঢ়ি যোৱাৰ এটা অঘোষিত প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈ গৈছে। জোৰ চা ঝাটকা জোৰেৰেই লাগিল। মইয়ো নামি গ’লো এই মাৰাথান দৌৰত। ক্লাচ, প্ৰেক্টিকেল, চেমিনাৰ, চেচনেল আৰু চাৰ বাইদেউ সকলক ইম্প্ৰেছ কৰাৰ বাবে অলপ বেছি জনা দেখুওৱা আদি সকলোতে নিজকে পাকৈত কৰি তুলিলো। লাহে লাহে ইউনিভাৰ্চিটিৰ শেষৰ ফালে আহি পালো। সচাকৈ এইবাৰ বহুত জোৰেৰে লাগিল। ইয়াৰ পৰা গৈ কি কৰিম?? দিন ৰাতি চিন নথকাকৈ ভাবিবলৈ ধৰিলো। দেউতাৰ সন্মান, মাৰ আশা আৰু দাদাই মোকলৈ কৰা গৌৰব সকলোৱে আহি একেলগে হেচি ধৰিলেহি। হাতত এটা প্ৰকাণ্ড শূন্য লৈ ইউনিভাৰ্চিটি শেষ কৰি ওলাই আহিলো। যিমানেই দিন বাগৰিল সিমানেই বেছিকৈ লাগিল। দিনে দিনে মানুহৰ প্ৰশ্ন বাঢ়ি গ’ল। সকলোৰে মনত এটাই ধাৰণা এটা চৰকাৰী চাকৰি লব নোৱাৰা মানেই জীৱন প্ৰায় শেষ। কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰো তাৰ চিন্তাত লাগি গ’লো। ভগৱানক সুধিবলৈ ধৰিলো, “কেতিয়া মোক উদ্ধাৰ কৰিবা প্ৰভু”। 

বহুত বন্ধুৱে সহায় কৰিলে, পৰামৰ্শ দিলে প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ। গুৱাহাটীত আহি বাহৰ পাতিলোহি। দিন বাগৰিল কিন্তু ফলাফল শূন্য। সকলোৰে লগত যোগাযোগ বিছিন্ন কৰি দিলো। চিনাকি মানুহৰ আগত ওলাবলৈ লাজ আৰু ভয় লগা হ’ল। দেউতাকো পইছা বিচাৰিবলৈ মনে বাধা দিয়া হ’ল। এই অবস্থাৰ পৰা কেনেকৈ পৰিত্ৰান পাম?? মোৰ জীৱনতো কি ইয়াতে শেষ হৈ যাব নেকি?? আকৌ হাড় আৰু চালৰ মাজত দূৰত্ব কমি আহিবলৈ ধৰিলে। অৱশেষত ভগৱানৰ দয়া আৰু সকলোৰে আশীৰ্বাদত এম এছ চি পাছ কৰাৰ চাৰি বছৰৰ পাছত এটা চৰকাৰী চাকৰি পালো। একেবাৰে ৰিলেক্স হৈ গ’লো। মা-দেউতাৰ মুখতো হাহি দেখা পালো। বন্ধু বান্ধববোৰে শুভকামনা জনালে। ভাবিলো পঢ়া শুনা বহুত হ’ল। চাকৰি পালোৱেই যেতিয়া এতিয়া আৰু চাইন বৰ্ড এখনো নপঢ়ো। লাইফ একদম চেটেল, এতিয়া এনজয়হে কৰিম। চৰকাৰী নিৰ্দেশনা অনুসৰি চাকৰিত যোগদান কৰিবলৈ আহি কলকাতা পালোহি।

প্ৰথমতে নতুন চহৰত নতুন মানুহৰ লগত নিজকে প্ৰতিষ্ঠা কৰিবলৈ অলপ কষ্ট কৰিব লগা হ’ল। তথাপিতো ভাবিলো ওৱান টাইম ইনভেষ্টমেণ্ট। এবাৰ চেটেল হৈ ল’লে আৰু চিন্তা নাই। তাৰ পাছত লাহে লাহে অফিচৰ কামবোৰৰ ভিতৰলৈ সোমাই গ’লো। কাম বাঢ়িব ধৰিলে। এই বছ বোৰ দেখোন সোনকালে সন্তুষ্টই নহয়। সদায় নতুন কিবা এটা উলিয়াই থাকে। আকৌ আৰম্ভ হ’ল। চাল্লা এই বস্তুটোৰ পৰা কেতিয়া মুক্তি পাম?? কোনে আবিস্কাৰ কৰিছিল জানো এইটো, লগ পোৱা হ’লে সুধিলো হেতেন, “আপোনাৰো মোৰ দৰে একেই “টেনশ্যন” নেকি বাৰু”??
-------------------------
 ছল্ট লেক, কলকাতা-৯১ মো: ০৭৮৯০৮৪৬৪৬৯

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages