মিচা ক'লে কি ডাল হব (ৰস ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব (ৰস ৰচনা)

মিচা ক'লে কি ডাল হব (ৰস ৰচনা)

Share This
অসম নিৰ্মাণৰ সমানে আগবাঢ়িছে 
ঘৰ নিৰ্মাণৰ কামো
মাত্ৰ দেশৰ কাম কৰিলে জানো হব? আমাৰো এখন সংসাৰ আছে। ল'ৰা-ছোৱালী আছে, পত্নী আছে, খুলশালী আছে, শাহু আই আছে। তেওঁলোকৰোটো আশা আছে, প্ৰত্যাশা আছে! দেউতাক বুলি, পতি বুলি, জোঁৱাই বুলি জানো তেওঁলোকে আশাটো কৰিবই, সেয়া মৌলিক অধিকাৰেই! মিচা ক'লে কি ডাল হব নহয়নে...
দুই বৰলাৰ নিৰ্মাণ অভিযান
সেয়ে ভাৰত নিৰ্মাণৰ কাম যেনেকৈ কেন্দ্ৰীয় চৰকাৰে কৰিছে, আমিও অসম নিৰ্মাণৰ কাম কৰিছো। মাত্ৰ অসম নিৰ্মাণৰ কামতে লাগি থাকিলে জানো হব, সেয়ে ঘৰৰ নিৰ্মাণৰ কামো কৰিছো। ডিব্ৰুগড় এটি দালান সাজিছো, গুৱাহাটীত এটি, কলিকতাত এটি, দিল্লীত এটি। ইফালে সিফালে গৈ থকা মানুহ। মূৰটো সোমোৱাবলৈকে চহৰে প্ৰতি চাঁদ এখন লাগেই দিয়কচোন নে কি কয়? নিজৰ চাঁদ নোহোৱাকৈ লাখ লাখ মানুহক চাঁদ দিম আশ্ৰয় দিম বুলি ভাষণ দিয়াবোৰ বাতুলামি নহয়নে? নিজৰেই নাই, লোকক দিয়াৰ ভাষণ দিয়ে। সেয়ে প্ৰথমে নিজৰ ঘৰখন টনকীয়াল কৰি লোৱাটো দৰকাৰী, দৰকাৰী মানে প্ৰাথমিক কাম। ঘৰ নিৰ্মাণ মানেই জানো, আমাৰ গাঁও নিৰ্মাণ নুবুজায়। আমাৰ গাঁও নিৰ্মাণ হোৱা মানেই ব্লক নিৰ্মাণ, মৌজা, জিলা, ৰাজ্য, ভাৰত নিৰ্মাণলৈ অৰিহণা যোগোৱা নুবুজায়? তাকেই আকৌ আঙুৰ টেঙা আঙুৰ টেঙা বুলি বিৰোধী এমখাই ৰাউচি জুৰে। শিল বালিৰ, লোহাৰ দাম যিমানহে বাঢ়িছে, সোনকালে নিজৰ দালান নবনালে কেনেকৈ হব, আমি কি মূল্যবৃদ্ধিৰ কথা অনুভৱ কৰা নাই? সেইবোৰ অভিযোগ সকলো মিছা। কৰ পৰা কমিচন কাটি ক'ত লগাই মেনেজ কৰিছো আমিহে জানো!

আমি এইবাৰ মাত্ৰ দিল্লীৰ পৰা ধন আনি এৰা নাই। হাতী পাৰ্টিয়েটো তাকো নোৱাৰিছিল। আমি দিল্লীত কমিচন দি বহুত আনিছো, কমিচন ভিত্তিত আকৌ ইয়াত আমাৰ কৰ্মী সকলক ভগাইয়ো দিছো। সকলোকে দিছো, কিঞ্চিত কিঞ্চিত। গাঁও পঞ্চায়তলৈকে কৰা নাই বঞ্চিত। এইবাৰ চাওক আমি ইণ্টাৰনেচনেল ফাণ্ডতো ভৰি দিছো। পাইছেনে বাতৰিত...

নতুন প্ৰকল্পৰ বাবে জাপানৰ পৰা ধন আনিছো। পাহাৰৰ জিলাত এইবাৰ ১০০০কোটিৰ "জঁকাই আঁচনি"ৰ বিকাশৰ বাবে জাপানে দিব, চাওক কিমান ভাল খবৰ। আমি ভালকৈ জাপান চৰকাৰক বুজাই দিছো, বোলো কাৰ্বি-আংলংৰ পাহাৰৰ টিঙত জাকৈ-খালৈ উদ্যোগৰ তামাম সম্ভাৱনা আছে। বিল নাথাকিলে কি হব, বাঁহটো আছে।  কাৰ্বি-পাহাৰৰ জাকৈ-খালৈ দক্ষিণ এচিয়াৰ সকলো খালে,বিল আদিত মাছ ধৰিবলৈ ব্যৱহাৰ হব। বেংককলৈ গ'ল আপুনি, যদি তাতো সাগৰৰ পাৰত জাকৈ বাবলৈ পালে, মনটো ভাল লাগিবনে নাই কওকচোন! জাপানক এনেকুৱা প্ৰকল্প বনাই দেখুৱালো বাপ্পেকে পাহাৰ টিঙত জাকৈ উদ্যোগো পাছ কৰি দিলে, কি কৰিব, উদ্যোগী দেশ যে। অ' মনে মনে কওঁ, অঁকৰাকেইটাই দিল্লীৰ দৰে প্ৰজেক্টে প্ৰতি কমিচনৰ পইচা খাবও নাজানে। সেয়েইতো কাম কৰি কৰি মৰিছে, আমাৰ দৰে শুই-বহি পেট বহাই খোৱা জাপানী মানুহ পাইছে জানো?

ইফালে ফিলিপাইনছৰ পৰা ধন আনিছো, বোলো গৱেষণা কৰিম, নতুন ধান উদ্ভাৱন কৰি দিম। বানপানীয়ে বাৰে বাৰে জ্বলা-কলা খুৱাই থকা ফিলিপাইনছক পানীৰ তলতে বুৰ গৈ থকা মাটিতো কৰিব পৰা ধান লাগে। বোলো অকে, আমি গৱেষণা কৰিম, তিতাবৰত তাৰ চেণ্টাৰ খুলিছো।  ধন দিয়া, গৱেষণাৰ বাবে, তেওঁলোকে দিছে। এতিয়া বানপানী হোৱা ঠাইৰ পৰা বাওধানৰ সঁচ গুটাই আনিছো। বোলো এইবোৰত মাটি চহাবলৈকো প্ৰয়োজন নাই। সিঁচি দিলেই হ'ল। বানপানী হোৱা ঠাইত পানীৰ তলতো গজিব। ফিলিপাইনছৰ মানুহ আচৰিত। সঁচাই অসমীয়াৰ তামাম আৱিস্কাৰ দেই। বীজ বুলি প্ৰতিটো ধানে প্ৰতি দাম দিবলৈ প্ৰস্তুত হৈছে ফিলিপাইনছ! কি কৰিব ভগৱানৰ দান, অসমে পাইছে। আগতে হাতীয়ে খালী সেইবোৰ নিচিনি মহতিয়াইহে নিচিল। এতিয়া আমি সকলো চিনিছো, প্ৰেজেন্টেচন বনাইছো, ইণ্টাৰনেচনেল মাৰ্কেট বনাইছো। মিচা ক'লে কি ডাল হব!

ল'ৰাটোৰ নামতে কোম্পানী খুলিছো, ধানৰ বীজ এক্সপৰ্টৰ। চিন্তা কৰক দেশৰ দহৰ, ইনকাম কৰক নিজৰ ঘৰৰ... নে কি কয়!আপোনালোকো প্ৰশংসা কৰক দেই। আজিলৈ সামৰিছো।

বিনীত
আপোনালোকৰ সেৱক, পৃথিৱীধৰ মাঝি।

No comments:

Post a Comment