জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
ধৰ্ম আৰু কিছু অনুভৱ 
অনুপমা বৰগোহাঁই

অনু ভাটিয়া, জ্যোস্না আৰু স্নিগ্ধা – তিনি গৰাকী বাই ভনী । সকলোতকৈ সৰু গৰাকী মোৰ নতুন বান্ধৱী অনু ভাটিয়া – নয়ডাত থাকে । তেওঁৰ বায়েক দুগৰাকী আৰু মাক আমেৰিকাত থাকে । সন্তানহীন প্ৰবাসী ভাৰতীয় (NRI) খুৰাক মি: ওবেৰয়ে মৃত্যুৰ আগে আগে অনুৰ নামত নিজৰ বহু মিলিয়ন ডলাৰৰ সম্পত্তি দান কৰি গ’ল ! প্রকৃততে মি: ওবেৰয়ৰ বিশ্বাস আছিল যে কলেজত পঢ়ি থকা সময়ৰে পৰা নিজৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে চেষ্টা কৰা, বৰ্তমান ৫০ বছৰীয়া সুগৃহিনী অনুৱেহে কেৱল তেওঁৰ এই বিশাল সম্পত্তি আৰু টকা পইচাৰ সৎ ব্যৱহাৰ কৰিব পাৰিব । খুৰাকৰ বিশ্বাসত শ্ৰদ্ধাঞ্জলি জনাই অনুৱে নিজৰ পৰিয়াল আৰু শুভকাংক্ষীৰ পৰামৰ্শ মতে “ওবেৰয় ফাউন্ডেচন” বুলি ন্যাস এটা গঠন কৰি সেই ন্যাসৰ জৰিয়তে দেশৰ লগতে বিদেশতো জনহিতকৰ কাম কৰিবলৈ অনুদান আগবঢ়াইছে দিছে । আধ্যাত্মিক চিন্তা চৰ্চাত বিশেষ অনুৰাগ থকা অনু ভাটিয়াই জানুৱাৰী মাহৰ শেষৰ দিনটোত মোক আৰু মই জৰিত থকা আধ্যাত্মিক সংগঠনটোৰ কেইবা গৰাকী সদস্যক নিমন্ত্ৰণ কৰিলে ওবেৰয় ফাউন্ডেচনৰ বছৰপূৰ্তি উপলক্ষে !! তেওঁৰ বায়েক , মাক আৰু দুই এক বিদেশী বন্ধু বান্ধৱেও এই অনুষ্ঠানত ভাগ ল’ব । অনুষ্ঠানত আমাক নিমন্ত্রণ কৰাৰ মুখ্য উদ্দেশ্য আছিল “ধৰ্ম” – এই বিষয়টোৰ ওপৰত আন্তৰাষ্ট্ৰীয় আধ্যাত্মিক সংগঠন এটাৰ সদস্য হিচাপে আমাৰ ধাৰণা কি তাক জনাটো । কাৰণ সেইদিনাৰ অনুষ্ঠানত “ধৰ্ম মানেনো কি?” “ধৰ্মৰ নামত আমি যি কাম কৰি আছো – সেয়া শুদ্ধনে ?” “ধৰ্মৰ নামত আমি কি কৰা উচিত” - এনেবোৰ কথাও আলোচনা কৰিব বিচৰা হৈছিল । বিভিন্ন ধৰ্মৰ, বিভিন্ন বৰ্ণৰ, বিভিন্ন বয়সৰ বহু লোককে অনুৱে নিমন্ত্রণ কৰি আনিছে । আমেৰিকাত অনলাইন যোগে আৰু কেইজনমান ব্যক্তি নিজৰ নিজৰ মতামত জনাবলৈ সাজু হৈ আছে । 

০০
গধূলি ৫ বাজিছে । কিনকিনিয়া বৰষুণ আৰু ফেৰ্ফেৰীয়া বতাহজাকে শীতকালৰ গধূলিটো আৰু ঠাণ্ডা কৰি তুলিছে ! তথাপিও আমি পাচ জনী বিভিন্ন ভাষা আৰু ধৰ্মৰ বান্ধৱীয়ে নতুন বান্ধৱী অনু ভাটিয়াৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ সাজু হ’লো । ইছলাম যুৱকক বিয়া কৰোৱা শিখ ধৰ্মাৱলম্বী কিট্টিয়ে নিজৰ নতুন ডাস্তাৰ গাড়ীখন লৈ ওলাল । নতুনকৈ গাড়ী চলাবলৈ শিকিছে কিট্টিয়ে । বিহাৰৰ পৰা অহা হিন্দু ধৰ্মৰ নীলমেই কিট্টিক পৰামৰ্শ দিলে সন্ধিয়াৰ ভিৰ আৰু বৰষুণত গাড়ী চলোৱাৰ অভ্যাস কৰিবলৈ । আমি আটাইকেইজনীয়েই গাড়ী চলাব পাৰো । গতিকেই কিবা অসুবিধা হ’লে সহায় কৰিম । আমাৰ কলনিৰ পৰাই ওলালোঁ কিট্টি, নীলম আৰু মই । কিছুদূৰত “ইণ্ডিয়ান অইল”ৰ কলনিৰ মুখত বৰষুণত তিতি তিতি ৰৈ থকা ৰেখা মিশ্রকো তুলি ল’লো । ৰেখা হ’ল বানাৰসৰ বিশুদ্ধ ব্রাক্ষ্মণ পৰিয়াল এটাৰ ছোৱালী । অলপ দূৰত আমি গৈ থকা ৰাস্তাটোৰ শেষ প্রান্তত থকা ভাৰতীয় নৌ বাহিনীৰ উচ্চপদস্থ বিষয়াৰ পত্নী তথা দুৰাৰোগ্য কৰ্কট ৰোগক প্রৱল আত্মবিশ্বাসেৰে যুঁজি হেলাৰঙে পৰাস্ত কৰা শিখ ধৰ্মাৱলম্বী মিনিৰ ঘৰত সোমাই কিছু সময় প্রাৰ্থনা কৰিলোঁ অনু ভাটিয়াৰ অনুষ্ঠান সফল হোৱাৰ কামনাৰে । 

০০০ 

ঘৰৰ বাৰাণ্ডাতে আলহীক আদৰিবলৈ ৰৈ থকা অনু ভাটিয়াৰ গাভৰু জীয়ৰী , ভাগিন আৰু ভতিজাসকলে আমাক বিনম্ৰতাৰে সুন্দৰ কাচৰ দেৱালেৰে ঘেৰি থোৱা বৃহৎ ড্রইং ৰুমটোলৈ যাবৰ বাবে দেখুৱাই দিলে । ড্রইং ৰুমৰ কাচৰ শ্লাইডিং দৰ্জাখন খুলি ওলাই অহা অনুৱে আমাৰ আটাইকেইজনীকে আন্তৰিকতাৰে সাৱটি ভিতৰলৈ লৈ গৈ বহিবলৈ দিলে । ৰুমটোত ইতিমধ্যে উমাল আৰু আনন্দময় পৰিবেশ এটাৰ সৃষ্টি হৈ থকা লক্ষ কৰিলোঁ । সন্মুখৰ খালি বেৰখনলৈ চাই পঠিয়ালোঁ । এয়া কি- অনুৱে তেওঁৰ বিদেশৰ (আমেৰিকাৰ ) বন্ধু –বান্ধৱী সকলোকে চোন আমাৰ লগত একেলগে বহুৱাই ৰাখিছে .. ! স্কাইপত কথা পাতি থকা আমেৰিকাত উপস্থিত বন্ধুসকলে আমাকো অভিবাদন জনালে । প্রথমেই অনুৰ ঘৰত উপস্থিত থকা “ওবেৰয় ফাউন্ডেচন”ৰ এজন উপদেষ্টা প্রফেচৰ থমাচে “ওবেৰয় ফাউন্ডেচন”ৰ বিষয়ে ক’লে । তাৰ পিছত তেওঁ উপস্থিত সকলোকে “ধৰ্ম” – এই শব্দ বা বিষয়টোৰ ওপৰত নিজৰ নিজৰ মনোভাব ব্যক্ত কৰিবলৈ অনুৰোধ কৰিলে । প্রথমেই প্রফেচৰ থমাচৰ পত্নী মাৰ্গাৰেটে ক’লে : “ জন্মসূত্রে মোৰ ‘ধৰ্ম’ খৃষ্টান । কিন্তু মই মোৰ ধৰ্ম খৃষ্টান বুলি কোৱাতকৈ “মানৱতা” মোৰ ধৰ্ম বুলি কম । আমি প্রায়ে ধৰ্মৰ নামত বিয়পা ঘৃণা , মৰামৰি আদি দেখি আহিছোঁ – কিন্তু এনেবোৰ কামক মই ধৰ্ম বুলি ক’ব নোৱাৰোঁ – যি কামৰ দ্বাৰা ভালপোৱা আৰু ভাতৃত্ববোধ বৃদ্ধি হয় – তেনে কামকে মই ধৰ্ম বুলি কম । ” আন এগৰাকীয়ে ক’লে : “ মই এসময়ত বৰ ধাৰ্মিক আছিলোঁ । মোৰ উপাৰ্জনৰ বহু অংশ মন্দিৰ আদিত দান দক্ষিণা দিওঁতেই গৈছিল – তথাপিও মোৰ দুখ দুৰ্দশাৰ অন্ত নাছিল । টকা পইচা, সা -সম্পত্তি মোৰ যথেষ্ঠ , কিন্তু মানসিক শান্তি তেনেই কম । এদিন মোৰ এগৰাকী বন্ধুয়ে মোক “মা”ৰ লগত পৰিচয় কৰাই দিলে । ‘মা’ক লগ পোৱাৰ পিছত , ‘মা’ৰ প্ৰবচন শুনাৰ পিছত মোৰ জীৱনৰ প্রতি দৃষ্টি ভংগীয়েই বেলেগ হৈ পৰিছে । আজি মই বহুত সুখী । মানসিক অশান্তিক মই প্রশান্তিলৈ পৰিবৰ্তন কৰিছোঁ । মন্দিৰলৈ নগৈও ঘৰতে ‘মা’ৰ প্রবচন শুনি ‘ মা’-য়ে লিখা কিতাপ পঢ়ি মই শান্তি পাওঁ । মাৰ কথা মতেই আজিকালি মই প্রতিজন মানুহক ভালপাওঁ ; প্রতিজন মানুহৰ ভালৰ বাবে প্রাৰ্থনা কৰো । “ভালপোৱা” টোৱেই মোৰ মতে ধৰ্ম !” এগৰাকী কলেজীয়া গাভৰুয়ে ক’লে : “ধৰ্ম মোৰ মতে সমাজৰ প্রয়োজনীয় অংগ । ধৰ্মই আমাক শৃংখলা শিকায় । ভাল আৰু বেয়া চিনাক্ত কৰিবলৈ শক্তি দিয়ে আৰু বেয়া কাম কৰাৰ পৰা আঁতৰি থাকিবলৈ আমাক উৎসাহ যোগায় । “ধৰ্ম” নামৰ বস্তুটো সমাজৰ পৰা নাইকীয়া হ’লে সমাজত উশৃংখলতা, ঘৃণা , মৰামৰি , বিদ্রোহ আৰু বাঢ়িব।” একে বয়সৰ আন এগৰাকীয়ে ক’লে : “মই নিজকে অলপো ধাৰ্মিক বুলি নকওঁ । আজিলৈকে মই কোনো মন্দিৰ, মছজিদ বা গীৰ্জালৈ যোৱা নাই । কোনো ব্রত উপবাসো কৰা নাই । কিন্তু মইচোন কোনোদিনে দুখী নহয় বা মানসিক অশান্তিত ভোগা নাই । আজিলৈকে মই কোনো মানুহক একো অপকাৰ কৰা নাই (জানি শুনি ) । মনত থকাৰ পৰা আজিলৈকে মই কাকো মিছা কথা কোৱা নাই । মোৰ মতে যি কাম কৰি আমাৰ ভাল লাগে , আনৰো অপকাৰ নহয় – সেয়াই ধৰ্ম । ধৰ্মৰ নামত মন্দিৰ, মছজিদ যোৱা , পূজা পাতল কৰা – এইবোৰৰ কোনো অৰ্থ নাই !!” মোৰ বান্ধৱী কিট্টিয়ে ক’লে “ মই বিয়াৰ পাছৰ পৰা শিখ আৰু ইছলাম – এই দুইটা ধৰ্মৰ মাজত তাঁতবাটি কৰি আছোঁ । দুয়োটা ধৰ্মৰে ধৰ্মগ্ৰন্থ পঢ়ি মোৰ মনত ভাব হয় – প্রকৃততে প্রতিটো ধৰ্মৰে মূলভাব একেই । ধৰ্মই আমাক ভাল মানুহ হ’বলৈ শিকায় । কিন্তু আমি মানুহে ধৰ্মৰ মূল ভাৱ বুজিবলৈ চেষ্টা নকৰি কেৱল ৰীতি নীতি সংস্কাৰৰ মাজত নিজক আৱদ্ধ কৰি পৰস্পৰৰ মাজত ঘৃণা বিয়পাও !” জ্যোৎস্নাৰ বৃদ্ধ শহুৰেক লেখক ড:সিঙ মহাশয়ে কলে: “এই পৃথিৱীখন আৰু পৃথিৱীৰ সকলো জীৱক ভালপোৱাটোৱেই ধৰ্ম । আমি সকলো এইখন পৃথিৱীৰ দুদিনীয়া আলহী । পৃথিৱীত থকা কেইদিন এনেকুৱা কাম কৰিব লাগে যি কাম কৰিলে পৃথিৱীখন আমাৰ ভৱিষ্যত প্রজন্মৰ বাবে আৰু সুন্দৰ আৰু সহজ হৈ পৰে – মোৰ মতে এয়াই ধৰ্ম । কৰ্ম কৰা – ধৰ্ম নিজে নিজে হব !”

সকলোৰে সুন্দৰ সুন্দৰ মন্তব্য শুনাৰ পিছত এসময়ত মোৰো পাল পৰিল ‘ধৰ্ম’ৰ বিষয়ে ক’বলৈ । প্রকৃততে ময়ো বৰ ধাৰ্মিক ব্যক্তি নহয় । সৰুৰে পৰা পিতৃ মাতৃয়ে দিয়া সংস্কাৰ হিচাপেই পুৱা গধূলি কীৰ্ত্তন ,নামঘোষা পঢ়োঁ । মনটো ভাল লাগে । সন্তানকো শিকাইছোঁ । সিহঁতক সাধুৰ চলেৰে প্রাৰ্থনাবোৰৰ অৰ্থ বুজাই দিওঁ। তাৰ বাদে অন্য পূজা- পাতল , বিধি-বিধান মই একো নাজানোঁ বা নামানো। “ পৰিষ্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়ণতা” বুলি নিজে মানি লৈছোঁ আৰু সন্তানকো শিকাইছোঁ ।......

মাইকটো হাতত লৈ কিছু সময় এনেবোৰ ভাবত বুৰি থাকিলোঁ । হঠাৎ সম্বিত ঘুৰাই পালো । আমেৰিকাৰ সময়মতে পুৱা ৪:৩০ বজাৰ পৰা বহি থকা জেমচ আৰু তেওঁৰ আমেৰিকান বন্ধুসকলক “সুপ্রভাত” আৰু আমাৰ লগত বহি থকাসকলক “শুভসন্ধিয়া”ৰ অভিবাদন কৰি ময়ো মোৰ বক্তব্য আৰম্ভ কৰিলোঁ । 

“ এই পৃথিৱীত সকলো বস্তুৰে নিজৰ নিজৰ ‘ধৰ্ম’ বা বৈশিষ্ট আছে । জীৱ জগতৰ সকলো প্রাণীৰ ভিতৰত মানুহৰে প্রকৃতি প্রদত্ত ‘ধৰ্ম’ৰ বাহিৰেও নিজে সৃষ্টি কৰা ‘ধৰ্ম’ আছে । যদিও আমি নিজে সৃষ্টি কৰা ‘ধৰ্ম’ক বেলেগ বেলেগ নামেৰে জানো – তথাপিও প্রতিটো ধৰ্মৰে মূল উদ্দেশ্য একে – আমাক ভাল মানুহ হ’বলৈ , আমাৰ ভিতৰত থকা ভাল গুণবোৰ বিকাশ কৰিবলৈ , সুখী হ’বলৈ উদগনি জগোৱা বা সচেতন কৰা । মোৰ মতে পৃথিৱীৰ ভিতৰত শ্রেষ্ঠ ধৰ্ম হ’ল – মানৱতা । সকলো জীৱক ভালপোৱা , সকলোৰে মংগলৰ বাবে প্রাৰ্থনা কৰা , আমাৰ ভিতৰত থকা দয়া , ক্ষমা, সহনশীলতা আদি ভাল গুণবোৰ বিকশিত কৰা – আদিয়েই হল ধৰ্মাচাৰ ! আমাৰ আন্তৰাষ্ট্ৰীয় আধ্যাত্মিক সংগঠনৰ সভাপতি দাৰ্শনিক , লেখক ড: ডাইচাকু ইকেডাই তেওঁৰ প্রতিটো লেখনিৰ জৰিয়তে আমাৰ মাজত থকা প্রচুৰ সম্ভাৱনা আৰু সদগুণৰ বিকাশ কৰি “ প্রকৃত মানুহ” হবৰ বাবে উদগনি দিয়ে । মোৰ মতে “প্রকৃত মানুহ” বা “ভাল মানুহ” হবৰ বাবে আমি যি সাধনা কৰো সেয়াই ধৰ্ম !”

মিনি , ৰেখা , নীলম সকলোৱে “ভাল মানুহ” হবৰ বাবে তেওঁলোকে কেনেদৰে সাধনা কৰিছে আৰু সেই সাধনাৰ জৰিয়তে প্ৰতিটো দিন বিজয় আৰু আনন্দৰ দিন হিচাপে পালন কৰিবলৈ সক্ষম হৈছে , তাক ব্যক্ত কৰিলে ।
সভাখন আয়োজন কৰা অনু ভাটিয়াই ক’লে : “মোৰ প্রচুৰ সম্পত্তি আছে । কিন্তু জীৱনটো উপভোগ কৰিবলৈ, সুখী হ’বলৈ টকা পইচাই যথেষ্ঠ নহয় ! কেৱল নিজৰ বাবে জীয়াই থাকি ,খাই বৈ জীৱনটো শেষ কৰিবলৈ মই নিবিচাৰোঁ । কাৰণ কেৱল নিজৰ বাবে জীয়াই থকা এনে জীৱন মোৰ মতে পশুতুল্য জীৱন ! কিছু ব্যতিক্ৰমী ভাবে , কিছু আনৰ বাবে নিস্বাৰ্থ ভাবে জীয়াই থাকিবলৈ যেতিয়াৰ পৰা শিকিলোঁ – জীৱনটো তেতিয়াৰ পৰাই সুন্দৰ আৰু অৰ্থপূৰ্ণ যেন অনুভৱ কৰিছোঁ । জীৱনৰ এনে সুন্দৰতাৰ সোৱাদ সকলোৱে পাওঁক – তাৰে কামনা কৰি মাজে মাজে এনেদৰে বন্ধু-বান্ধৱীসকলক নিমন্ত্ৰণ কৰি কিছু আধ্যাত্মিক কথা আলোচনা কৰো । প্রকৃততে জীৱনত আমি সকলোৱে সুখী হব বিচাৰো । কেৱল বৈষয়িক উন্নতিয়ে কাকো সুখী কৰিব নোৱাৰে । প্রকৃত সুখী হ’বলৈ আমি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিও দিশত উৎকৰ্ষ সাধনৰ চেষ্টা কৰিব লাগিব”।
অনুৰ ঘৰত উপস্থিত থকা সৰ্বমুঠ ২৪ গৰাকী সদস্যই নিজৰ নিজৰ বক্তব্য সামৰাৰ পিছত আমেৰিকাত উপস্থিত থকা জেমচে মোৰ লগত যোৱা সৰু পুত্র ৮ বছৰীয়া অয়নক আজিৰ আমাৰ আলোচনাৰ পৰা কি বুজিলে সুধিলে । অয়নে তপৰাই উত্তৰ দিলে “ ধৰ্ম মানে সকলোকে ভালপোৱা আৰু ভাল মানুহ হ’বলৈ চেষ্টা কৰা !”

ডাঙৰকৈ হাত চাপৰি বজাই জেমচে কলে : “ হয় ধৰ্মৰ প্রকৃত সংজ্ঞা আমাক এই সৰু লৰাটোৱেই দিছে ।..এৰা, কিমান সুন্দৰ হব এই পৃথিৱীখন যদিহে সকলো মানুহৰ এটাই ধৰ্ম হয় – আৰু সেই ধৰ্ম হ’ল – ভালপোৱা আৰু ভাল হোৱা !!”
০০০ 
ভালপোৱা আৰু ভাল হোৱা ... এই দুটা মহান মন্ত্র লৈ অনু ভাটিয়াৰ ঘৰত ৰাতিৰ সাজ পেট ভৰাই খাই সকলো ঘৰাঘৰি আহিলো । 

উপসংহাৰ ::
বৌদ্ধ দৰ্শনৰ আধুনিক প্ৰবক্তা লেখক ড: ডাইচাকু ইকেডাই তেওঁৰ গ্রন্থ “Discussions on Youth Vol 2 “ ত ধৰ্মৰ বিষয়ে এজন ছাত্রই সোধা প্রশ্নৰ উত্তৰত এনেদৰে লিখিছে “ জাপানী শব্দত ধৰ্ম অৰ্থাৎ শ্বুক্য ( Shukyo) দুটা চীনা শব্দৰ পৰা উৎপত্তি হৈছে । Shu “শ্বু”ৰ অৰ্থ হৈছে মুখ্য মূল বা শিপা আৰু kyo “ক্য”ৰ অৰ্থ হৈছে শিক্ষা । ধৰ্ম হৈছে এনে এটা প্রচেষ্টা যাৰ জড়িয়তে আমি জীৱনৰ তথা এই বিশ্ব ব্রক্ষ্মান্ডৰ মুখ্য উদ্দেশ্যৰ বিষয়ে শিক্ষা লাভ কৰো । জীৱনৰ মূল উদ্দেশ্যৰ বিষয়ে অৱগত নহ’লে আমাৰ জীৱনটোও অস্তিত্বহীন বা অৰ্থহীন হব । ধৰ্মই আমাৰ মাজত থকা মানৱীয় গুণ সমূহক প্রাণ দিয়ে । মানুহৰ বাহিৰে অন্য জীৱই প্রাৰ্থনা কৰিবলৈ নাজানে । বিপদত পৰিলে আত্মৰক্ষা কৰিবলৈ সকলো জীৱই চেষ্টা কৰে – কিন্তু মানুহে আত্মৰক্ষাৰ বাবে চেষ্টা কৰাৰ লগতে প্রাৰ্থনাও কৰে ! মানুহে নিজৰ গভীৰ , শক্তিশালী ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ বাবে যি অদমনীয় আশা প্রকাশ কৰে - প্রাৰ্থনা তাৰেই ইতিবাচক আৰু বাস্তৱ ৰূপ !! আমাৰ আশাবোৰ পূৰণ কৰাৰ প্রৱল ইচ্ছা অৰ্থাৎ প্রাৰ্থনাৰ পৰাই ধৰ্মৰ সৃষ্টি হ’ল । । প্রাৰ্থনাৰ ভিন ভিন ৰূপৰ বাবেই ধৰ্মৰ ভিন ভিন ৰূপ হ’ল । কিন্তু প্রকৃততে সকলো প্রাৰ্থনা আৰু সকলো ধৰ্মৰ মূল শিপা একেডালেই ! সেয়ে- ধৰ্মৰ নামত ভেদাভেদ বা হিংসা-সন্ত্রাস হোৱা মানে মানৱতাৰ চূড়ান্ত অধঃপতন হোৱা !

No comments:

Post a Comment