Wednesday, February 26, 2014

আজিৰ অনুভৱ

নমো, ৰাগা আৰু দিদি ....
সুৰজিত নেওগ
প্ৰথমতে নমো, কালি ৰাগা আৰু আজি দিদি ... আহঃ... অসম এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে....!! দিল্লীৰ মছনদ অধিকাৰ কৰাৰ অনিশ্চয়তাৰ জোৱাৰ-ভাটাত আজি ৬৬ বছৰে গুৰুত্বহীন ১৪ টা চিটৰ ওপৰত এতিয়া সকলোৰে চকু... অসমত হোৱা বানপানীৰ ঢলৰ দৰে অসম (আৰু লগতে পূৰ্বাঞ্চল) লৈ তথাকথিত 'ৰাষ্ট্ৰীয়' নেতা-নেত্ৰীৰ ঢল বৈছে!!! কোনোবা ৰুক্মিণী হৈছে; কাৰোবাৰ গাত হেনো লাচিত-চিলাৰায়ৰ তেজ... আজি হয়তো আপোনালোকে দেখিব (শুনিব) পাব মূলাগাভৰু, ভোগেশ্বৰী ফুকননীৰ পুনৰ জনম !!! ভাগ্য ভাল যে শংকৰদেৱ-মাধৱদেৱ-আজান ফকিৰ এতিয়াও কিছু দূৰৈত....

হোজা, অতিথিপৰায়ন অসমীয়াই সকলোকে আকোঁৱালি লৈছো... কোনোবাই সপোন দেখি আহিছে; কোনোৱে ব্লেকমেইলিঙৰ ভয়ত আহিছে; কোনো আহিছে জবকাৰ্ড নেহেৰুৱাবৰ বাবে, কোনো বৃদ্ধ পেঞ্চনৰ আশাত, কোনোবাই এদিনৰ বাবে হলেও এসাজ বিনামূলীয়াকৈ খোৱাৰ আশাত আহিছে; কোনোৱে ৰং চাবলৈ আহিছে, কোনোৱে আনৰ খৰচত ভ্ৰমণলৈ আহিছে.... মুঠতে বাচভৰ্তি, ট্ৰেকাৰভৰ্তি, টেম্পোভৰ্তি মানুহ সদলবলে আহিছে।

পিছে ইতিহাসে বাৰে বাৰে প্ৰ্মাণ কৰি দেখুৱাইছে যে এনে অহা-যোৱাৰ সৈতে গাদী-ক্ষমতা দখলৰ অংকৰ কোনো সমীকৰণ নেখাটে... শেষ মুহুৰ্তৰ আঙুলিৰ চাপটো বা বুটামৰ টিপাটোহে আচল....। অৱশ্যে এই চাপত বা টিপা্ত, আগমুহুৰ্তৰ বা আগনিশাৰ চুলাই, কম্বল, আঠুৱা, খমখমীয়া কেইখনমান কাগজ আদি কিছু ফেক্টৰে যথেষ্ঠ ইতিবাচক ভূমিকা গ্ৰহণ কৰে... !!

তেন্তে.... নমো, ৰাগা, দিদিৰ ইমান কষ্টকৰ আগমনৰ কাৰণ কি? সমষ্ট প্ৰ্শাসন যন্ত্ৰৰ, গগৈ, শৰ্মা, হুচেইনহঁতৰ সীমাহীন মিঠ্যাচাৰ, নিদ্ৰাহৰণ... লগতে নাঙল গগৈৰ ঢৌটোতে খৰ মাৰি ৰান্ধনি উচতাই জোল খোৱা কণ আছেই.... হাইস্কুলত সমাজবিদ্যাৰ পাতত ৰাজনীতি বিষয়টো পঢ়োতে কল্পনাও কৰা নাছিলো যে এই ৰাজনীতি (ৰাজ-অনীতি) ৰ সৈতে জড়িত ৯৯.৯৯% মানুহ নামধাৰি দুঠেঙীয়া জন্তুবিধ আচলতে আমি সচৰাচৰ বুজা 'মানুহ' নহয়। ইহঁতক কুকুৰ, মেকুৰি, গৰু, গাধ, গাহৰি, ছাগলী বুলি কলেও ইঁতৰ জীৱকুলক ঘোৰ অসন্মান কৰা হ'ব। কি আখ্যা দিয়া যায় বাৰু ??

No comments:

Post a Comment