জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
জীৱন আৰু মৃত্যুৰ আলি দোমোজাত
ডঃ স্তুতি ৰঞ্জিত কোঁৱৰ

মোৰ মাহীৰ বয়স সেইসময়ত খুউব বেছি ৪৫ বছৰ আছিল । দুটা পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানৰ সৈতে মাহীৰ এখন সুখৰ সংসাৰ । মহা পেছাত এজন চিকিৎসক । সেইহেতুকে তেওঁলোকৰ ব্যক্তিগত নাৰ্চিংহোমখন তত্বাৱধানৰ বাবে মাহীয়ে নিজে সকলোবোৰ পৰিচালনা কৰিছিল । ফাৰ্মেছীৰ পৰা আৰম্ভ কৰি নাৰ্ছিং হোমৰ ৰোগীৰ শুশ্ৰুষা কৰালৈকে মাহীয়ে দিনে ৰাতিয়ে মহাৰ সমানেই যত্ন লোৱা আমি নিজ চকুৰে দেখি আহিছিলোঁ । দিনে ৰাতিয়ে ৰোগীৰ শুশ্ৰুষা কৰা সেইগৰাকী মাহীৰে এদিন জ্বৰ হ’ল । সামান্য এটা জ্বৰক কেৰেপ নকৰা মাহীয়ে সেই জ্বৰীয়া গাৰেই কিন্তু নিজৰ দায়িত্ব সুচাৰুৰুপে পালন কৰি গৈছিল ।

নাৰ্চিংহোমখনৰ ওপৰ মহলাতে মাহীহঁতৰ নিজা ঘৰ হোৱাৰ কাৰণে মাহীয়ে তেনেবোৰ সৰু-সুৰা বেমাৰত নাৰ্চিংহোমখন পৰিচালনা কৰাত বিশেষ কোনো অসুবিধা অনুভৱ নকৰিলে । দৰৱ খাই সেই সামান্য জ্বৰটো মাহীয়ে ভাল কৰিলে যদিও মাহী অলপ দুৰ্বল হৈ পৰিল । লাহে লাহে মাহীয়ে নিজৰ খোৱা বোৱাত অলপ অসুবিধা পাবলৈ ধৰিলে । আচৰিত ধৰণে মাহীয়ে আৱিস্কাৰ কৰিলে তেখেতৰ সেই বয়সত এটা দাঁত নতুনকৈ ওলাইছে । নতুন দাঁতটোৰ বিষৰ কাৰণে মাহীয়ে প্ৰায় বহুদিন জুলীয়া খাদ্য খাবলগীয়া হোৱা কথাটোৱে আমাক সকলোকে হাঁহিৰ খোৰাকো যোগাইছিল । লাহে লাহে মাহী সুস্থ হৈ আহিল যদিও তেখেতে দুৰ্বল হোৱাৰ পৰা নিজকে উদ্ধাৰ কৰিব পৰা নাছিল । তথাপিও মাহীয়ে সেই দেহাৰেই নাৰ্চিংহোমৰ সকলো কাম সামৰাত কৃপণালি কৰা নাছিল । 



এনেকৈ প্ৰায় এমাহমান গ’ল । মাহীৰ গুৱাহাটীত পঢ়ি থকা ছোৱালীজনী কলেজ বন্ধত ঘৰলৈ আহিল । আহোঁতে তাই মাকৰ কাৰণে গালত লগোৱা গাৰ্নিয়াৰৰ এটা ক্ৰীমো লৈ আনিল । কিন্তু আচৰিত ধৰণে সেই ক্ৰীম মুখত লগোৱাৰ লগে লগে মাহীৰ গোটেই মুখখনতে বসন্ত ওলোৱাৰ দৰে দাগ ওলাবলৈ ধৰিলে । আমি সকলোৱে ভাবিবলৈ বাধ্য হ’লো গাৰ্নিয়াৰৰ ক্ৰীমটোৱে কিবা প্ৰতিক্ৰিয়া হৈ মাহীৰ ধুনীয়া ছালখন নষ্ট কৰি পেলাইছে । যাৰফলত এনে ধৰণৰ ক্ৰীম লগোৱাৰ পৰা নিজে সাৱধান হ’বলৈ এটা শিক্ষা ল’লো । কিন্তু মোৰ চিকিৎসক মহাই কথাটো অলপ বেলেগ ধৰণে লক্ষ্য কৰি মাহীৰ তেজ পৰীক্ষা কৰোঁৱালে । আৰু তেজ পৰীক্ষা কৰোঁতে মাহীৰ তেজত কেন্সাৰ ৰোগৰ লক্ষণসমূহ ধৰা পৰিল । আচৰিত ধৰণে চিকিৎসকে ঘোষণা কৰিলে মাহীৰ Leukemia হৈছে ।


মাত্ৰ এমাহৰ ব্যৱধানত আমাৰ মাহী এগৰাকী কেন্সাৰ ৰোগী হৈ পৰিল । চিকিত্সকে যত্পৰোনাস্তি সকলোবোৰ সেৱা আগবঢ়াই গ’ল যদিও নিজৰ অসুখটোৰ বিষয়ে গম নোপোৱাকৈয়ে মাহী ক্ৰমান্বয়ে দুৰ্বল হৈ উঠিল । মহাই এই বিষয়ে কাকো জানিবলৈ নিদিলে । অসমৰ বাহিৰত চিকিৎসা কৰোৱাবৰ বাবে লৈ যাবলৈকো মাহী শাৰিৰীকভাৱে টনকিয়াল নাছিল । সেয়ে গুৱাহাটীৰ দিছ্পুৰ পলিক্লিনিকত মাহীৰ চিকিৎসা চলি থাকিল ।

আমি কোনেও মাহীৰ এই বেমাৰৰ খবৰ নাজানিলোঁ । মাত্ৰ জানিলো যে মাহীৰ কিবা অসুখ হৈছে যাৰ বাবে মাহী গুৱাহাটীত আছেহি । মাহীক হস্পিতেলত খবৰ কৰিবলৈ যাওঁতেও আমি একেবাৰে সন্দেহ কৰিব পৰা নাছিলোঁ মাহীৰনো প্ৰকৃততে কি হৈছে ? মাহীয়ে মোক বহুত মৰম কৰিছিল কাৰণেই চাগে আমি যোৱাৰ দিনা তেওঁ ইমান স্ফুৰ্তি কৰিছিল যে আমি ভাবি আচৰিত হৈছিলোঁ কি অসুখত মাহীক এনেদৰে এখন হস্পিটেলত ৰখা হৈছে ? কিন্তু আমি খবৰ কৰি অহাৰ মাত্ৰ কেইদিনমান পিছতে মাহী হঠাত ঢুকাই থাকিল । সন্ধিয়া পোৱা মাহীৰ মৃত্যুৰ খবৰে আমাক বাৰুকৈয়ে মৰ্মাহত কৰিলে । মাহীৰ কি হৈছিল তেতিয়াহে আমি প্ৰকৃতাৰ্থত গম পালোঁ । হোষ্টেলত থকা বাবে মই মোৰ মৃতমাহীক সেইদিনাই দেখা কৰিব নোৱাৰি মাহীৰ ছোৱালীজনীক হোষ্টেলৰ পৰাই এটা ফোন কৰিলোঁ । কিন্তু তাইৰ সহজ কথাবাৰ্তাত অলপ আচৰিত হৈছিলোঁ যদিও ভাবি লৈছিলোঁ যে মাহীৰ মৃত্যু হয়্তু তাইৰ বাবে পূৰ্বে নিৰ্ধাৰিত আছিল । 

পিছদিনা মনত বহুত ভয়, শংকা আৰু দুখ লৈ মই মাহীৰ মৃতদেহটো চাবৰ কাৰণে দিছ্পুৰ পলিক্লিনিকলৈ ৰাওনা হওঁ । গোটেই বাটছোৱা মই হস্পিতেলত সন্মুখীন হ’ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ বাবে নিজকে মানসিকভাৱে সাজু কৰি আনিলো । হস্পিটেল পায়েই যেতিয়া বাহিৰতে মাহীৰ ছোৱালীজনীক লগ পালো, মিছা নকওঁ, তাইৰ মুখামুখী হ’বলৈ মোৰ অলপ কষ্ট হৈছিল । কিন্তু সম্পুৰ্ণ স্বাভাৱিক হৈ তাই যেতিয়া মোৰ লগত কথাবাৰ্তা আৰম্ভ কৰিলে, তাক দেখি মই সঁচাই স্তম্ভিত হৈ পৰিছিলোঁ । তথাপিও মনত বহুত সাহস গোটাই মই তাইক মাহীৰ কথা লাহেকৈ সুধিলো । আৰু তায়ো সম্পুৰ্ণ স্বাভাৱিক হৈ মোক মাহী আই চি ইউত থকাৰ কথা জনালে । মই ভাবিলোঁ যে মাহীৰ মৃতদেহটো হয়্তু পৰিয়ালৰ আন আন সদস্যসকল আহি পোৱালৈকে আই চি ইউত ৰখা হৈছে আৰু এজনী বুজন ছোৱালী হিচাবে মাহীৰ ছোৱালীয়ে মাকৰ মৃত্যুক সাহসেৰে মানি লৈছে । 

তাই মোক আই চি ইউত থকা মাহীৰ কাষলৈ লৈ গ’ল । আই চি ইউত সোমাবৰ বাবে পৰিধান কৰিবলগীয়া সেই বিশেষ সাজযোৰ পিন্ধালৈকে কিন্তু মই মাহীৰ মৃতদেহৰ সন্মুখত থিয় হ’ব পৰাৰ সাহসকণ গোটাব পৰা নাছিলোঁ । তথাপিও মনত অদম্য সাহস লৈ মই আই চি ইউলৈ সোমাই গ’লো। মাহীৰ মৃতদেহ চাম বুলি মনত সাহস গোটাই মই আই চি ইউৰ ভিতৰত প্ৰৱেশ কৰি যিটো দৃশ্য দেখিলো তাক দেখি নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ । আই চি ইউৰ এখন বিচনাত নাকত অক্সিজেন মাস্ক লৈ মোৰ মাহীয়ে দীঘল দীঘলকৈ উশাহ লৈ শুই আছে !! মাহীৰ মৃতদেহ চাবলৈ সোমাই মাহীক তেনেদৰে জীৱন্ত অৱস্থাত দেখি মোৰ কিবা লাগি গ’ল । কি ক’ম , কি কৰিম মই ভাবি নোপোৱা হ’লো । ক’ত কেনেকৈ কোনখিনিত ভুল হৈ গ’ল ভাবিবৰ ক্ষমতাকণো মই সেই মুহুৰ্তত হেৰুৱাই পেলালোঁ । মই লক্ষ্য কৰিলোঁ ওচৰতে মহাই মাহীক এটা বেজী দিবৰ বাবে সাজু হৈছে । মাহীৰ মুখখনলৈ চাই নিজ হাতেৰে বেজী দিবলৈ সাজু হোৱা মহাৰ কাষত সেইসময়ত আন বহুতো চিকিৎসক ঠিয় হৈ আছিল । মহাই মাহীক বেজী দিয়া মুহুৰ্তটোলৈকে মই ভাবিব পৰা নাছিলো এয়া মই কি খবৰ পাই কি চাবলৈ আহিছোঁ আজি ।

লগে লগে মই সোনাৰিত থকা মোৰ মালৈ ফোন কৰি গোটেই ঘটনাটোৰ কথা বিশদভাৱে জনাই মাহী জীয়াই থকাৰ খবৰ দিওঁ । কাৰণ সোনাৰিত মাহীৰ মৃত্যুৰ খবৰ ইতিমধ্যে দশোদিশ বিয়পি পৰিল । মহা এজন স্বনামধন্য চিকিৎসক হোৱা হেতুকে মাহীৰ মৃত্যুত সেইদিনা সোনাৰিৰ সকলো বিদ্যালয়তে একোখনকৈ শোকসভা পতাৰ কথা আছিল । জীৱিত অৱস্থাতে মাহীৰ এখন শোকসভা অনুষ্ঠিত হোৱাৰ ঘটনা কিমান মৰ্মাহত হ’ব পাৰে তাক ভাবিয়ে মই লৰালৰিকৈ মাক ফোন কৰি মাহীৰ জীৱিত অৱস্থাৰ কথা ব্যক্ত কৰিলো । মোৰ কথাত মায়ো হতবাক হৈ পৰিল । আই চি ইউৰ পৰা আহি আমি সকলো হস্পিটেলৰ কেবিনত গোট খাওঁ । তাতে মহাই সেইসময়ত হস্পিটেলত উপস্থিত থকা তেওঁলোকৰ ল’ৰা-ছোৱালীহালক মাকৰ স্বাস্থ্যৰ অৱনতিৰ কথা খুউব সুন্দৰকৈ বুজোৱা আৰম্ভ কৰে । মাহীহঁতৰ আনজন ল’ৰা তেতিয়া গুৱাহাটীলৈ মাকক চাবৰ কাৰণে আহি আছিল । ৰাস্তাত থকা সেই সন্তানক মহাই খুউব বুদ্ধিৰে মাকৰ স্বাস্থ্যৰ কথা জনোৱা আমি শুনিলোঁ।

খুউব ধৈৰ্য্যৰে মহাই সেইসময়ত দুয়োটা সন্তানকে মাকৰ বিষয়ে কৈ যেনেকৈ বুজনি দিলে সেই বুজনি মনত পৰিলে মোৰ আজিও দুচকু সেমেকি উঠে । সমুখ পৰিস্থিতিক চম্ভালিব পৰাকৈ মহাৰ ধৈৰ্য্য আৰু সাহসক দেখি মই তবধ মানিছিলো । নিজৰ পত্নীক হেৰুৱাৰ বেদনাতকৈ মহাৰ কাৰণে যেন নিজ সন্তানক চম্ভালাহে বেছি জৰুৰী আছিল !! ভেন্টিলেচনত থকা মাহীৰ ক্ৰমান্বয়ে কমি অহা বুকুৰ ধপধপনিক মহাই খুউব কষ্টৰে মানি লৈছিল । তথাপিও মহা নিজৰ সন্তান আৰু আন আন লোক সকলৰ আগত ভাঙি পৰা নাছিল । 

আমি শেষত গম পালোঁ , মাহীয়ে আগদিনাই মৃত্যু বৰণ কৰিছিল । কিন্তু নিজৰ মাকৰ শ্বাস-প্ৰশ্বাস লৈ থকা মুখখন সোনাৰিত থকা আনটো সন্তানৰ আগত দাঙি ধৰিবৰ কাৰণেই মহাই মাহীক কৃত্ৰিমভাৱে অক্সিজেন দিয়াই জীয়াই ৰাখিছিল । মাকক শেষ মুহুৰ্তত নোপোৱাৰ বেদনা যাতে তেওঁৰ সন্তানে কোনো দিনাই মনত কঢ়িয়াই লৈ ফুৰিব লগা নহয় তাৰবাবে মহাই মৃত পত্নীক কৃত্ৰিমভাৱে জীৱিত ৰাখিছিল । তেওঁলোকৰ সন্তান আহি পোৱাৰ কেইমুহুৰ্তমানৰ পিছত মাহীৰ মুখৰ পৰা অক্সিজেনৰ পাইপ ডাল আঁতৰাই দিয়া হয় । আৰু চিকিৎসকে মাহীক মৃত ঘোষণা কৰে । 


মোৰ মৃত মাহীক কৃত্ৰিমভাৱে জীয়াই ৰখা এই দৃশ্য মোৰ আজিও মনত সজীৱ হৈ আছে । মানুহৰ বাবে এটা মাত্ৰ উশাহ কিমান গুৰুত্বপূৰ্ণ হ’ব পাৰে সেয়া হয়্তু মহা নাইবা তেওঁলোকৰ সন্তান সকলতকৈ বেছি হয়্তু আন কোনেও হৃদয়ংগম কৰিব নোৱাৰিব । একোটা জীৱনৰ মূল্যতকৈ হয়্তু ডাঙৰ বস্তু আৰু একো হ’ব নোৱাৰে । যিলোকে এই জীৱনৰ মূল্য বুজিবলৈ অপাৰগ তেওঁলোকে মাহীৰ সেই কৃত্ৰিম উশাহৰ কথাও হয়্তু অনুভৱ কৰিব নোৱাৰিব। 

সেয়ে হয়্তু কোৱা হয় , ট্ৰেইন মিছ কৰা মানুহজনেহে হয়্তু বুজি পায় এক মিনিটৰ মূল্য কিমান, যেনেকৈ পৰীক্ষাত ফেইল কৰা ছাত্ৰজনে বুজি পায় একোটা বছৰৰ মূল্য কিমান । আৰু তেনেদৰে নিজৰ আপোনজনক হেৰুৱাজনেহে হয়্তু বুজি পায় একোটা জীৱনৰ মূল্য কিমান ?
লেখিকাৰ ফোন নম্বৰ : 09769335742

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages