প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰচ্ছদ নিৱন্ধ

Share This
আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস-২০১৪ 
আৰু 
অসমৰ ভাষা আন্দোলন
ডঃ অঞ্জল বৰা

জন্মৰ পিছৰে পৰা আমি দৈনন্দিন জীৱনত আইৰ মুখত যি মাত শুনোঁ, যি মাত শুনিলে আমাৰ মন বিমল সুখ-শান্তিৰে ভৰি পৰে সেই ভাষাই হৈছে মাতৃভাষা৷ মাতৃভাষা এটা জাতিৰ জীৱনী শক্তিৰ প্ৰতীক৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতি, ইয়াৰ ঐতিহ্য-পৰম্পৰা সকলো সেই ভাষাৰ মাজতে নিহিত হৈ থাকে৷ সেয়ে এটা ভাষাৰ মৃত্যু মানে এটা জাতিৰ মৃত্যু৷ পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বত বৰ্তমানে প্ৰায় ৭০০০ ভাষা প্ৰচলিত হৈ আছে আৰু কেইটামান দশকৰ ভিতৰতে এই ভাষাসমূহৰ অৰ্দ্ধেক নোহোৱা হ'ব৷ আনহাতে এই ভাষাসমূহৰো ৯৬ শতাংশ ব্যৱহাৰ কৰিব মাত্ৰ ৪ শতাংশ লোকে৷ ভাষা এটা শেষ হৈ যোৱাৰ লগে লগে সেই ভাষা ব্যৱহাৰ কৰি থকা জাতিসমূহো ইতিহাসৰ কোনোবা পৃষ্ঠাত সোমাই পৰাৰ সম্ভাৱনাই দেখা দিছে৷ এনে পৰিপেক্ষিতত পৃথিৱীৰ প্ৰতিটো ভাষাক ৰক্ষাৰ ক্ষেত্ৰত ভাষাবিজ্ঞানীসকল আগবাঢ়ি আহিছে, ভাষাৰ সংকট সম্পৰ্কীয় বিভিন্ন আলোচনাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু যুগে যুগে ভাষা ৰক্ষাৰ বাবে অনেক মাতৃভাষাপ্ৰেমী জনগণে নিজৰ প্ৰাণ আহুতি দি আহিছে৷

প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি একোটা বিশেষ বিষয়বস্তু নিৰ্বাচন কৰা হয়৷ এই বছৰৰ (২০১৪ বৰ্ষৰ) বিষয়বস্তু হ'ল "বিশ্ব নাগৰিকত্বৰ বাবে স্থানীয় ভাষাসমূহ : বিজ্ঞানৰ আলোকপাত (Local languages for global citizenship: spotlight on science)"৷ এই বিষয়ত ইউনেস্ক' Director-General Irina Bokova-য়ে উল্লেখ কৰিছে যে "Local languages constitute the majority of languages spoken across our world in the field of science. They are also the most endangered. Excluding languages means excluding those who speak them from their fundamental human right to scientific knowledge." দিৱসৰ লগত সংগতি ৰাখি সম্ভৱ হ'লে ৰাজহুৱা স্থানত মানুহৰ মাজত স্থানীয় আৰু মাতৃভাষাৰ কিতাপ-পত্ৰ, লেখা-মেলা আৰু কবিতা আদি পঢ়ুওৱাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিছে৷ মূলতঃ গোটেই বিশ্বতে মাতৃভাষাৰ কাৰণে সজাগতামূলক পৰিৱেশ গঢ়ি তোলাৰ বাবেই এনে ব্যৱস্থা হাতত লোৱা হৈছে৷

এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ বিষয়বস্তুটোৱে এটা নতুন বাৰ্তা বহন কৰিছে৷ এই কথা প্ৰায়ে দেখা পোৱা যায় যে বিজ্ঞানৰ জটিল কথাবিলাক মাতৃভাষাত আয়ত্ব কৰিব পৰাকৈ লিখি উলিওৱা নহয়৷ কিন্তু বিজ্ঞানৰ ক্ষেত্ৰখনতো মাতৃভাষা ব্যৱহাৰকাৰীসকলে সমানেই অৰিহণা আগবঢ়াব পৰাকৈ এটা পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন নথকা নহয়৷ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত ইংৰাজী ভাষাৰ আধিপত্যই বিজ্ঞানৰ দৰে জটিল বিষয়সমূহক সামৰি লোৱাত সাধাৰণ মানুহৰ বাবে বিজ্ঞানৰ ন ন চিন্তাচৰ্চা এতিয়াও সহজলভ্য হোৱা নাই৷ Irina Bokova-ৰ মতে গণিত, পদাৰ্থবিজ্ঞান, কাৰিকৰী আৰু অন্যান্য ক্ষেত্ৰৰ অতি আধুনিক বৈজ্ঞানিক জ্ঞানসমূহ প্ৰচাৰৰ বাবে স্থানীয় ভাষাসমূহ সম্পূৰ্ণৰূপে সক্ষম৷ সেই ভাষাসমূহক (স্থানীয় ভাষা) স্বীকৃতি দিয়াৰ ফলত আমাৰ সামগ্ৰিক জ্ঞানক চহকী কৰিব পৰাকৈ সদায়ে উপেক্ষা কৰি অহা অনেক পৰম্পৰাগত বৈজ্ঞানিক জ্ঞানৰ এখন নতুন সম্ভাৱনাৰ দুৱাৰ খুলি দিব পাৰে৷ সেয়ে সময়ৰ লগত মিলাই অসমীয়া ভাষাতো বৈজ্ঞানিক প্ৰবন্ধ আদি প্ৰচাৰ কৰাত সকলোৱে আগভাগ লোৱা উচিত৷ প্ৰান্তিক আদি আলোচনীত প্ৰকাশিত বিজ্ঞানৰ লেখাসমূহে এই অভাৱ কিছু পূৰণ কৰিলেও সেইয়াই পৰ্যাপ্ত নহয়৷ সাধাৰণ মানুহে সহজ-সৰল ভাষাত বুজি পোৱাকৈ বিজ্ঞানৰ ৰচনাবোৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আছে৷ শেহতীয়াভাৱে 'গণিত চ'ৰা'ই কিছু পদক্ষেপ লৈছে বুলি জানিব পাৰিছোঁ৷

আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ আঁৰৰ কথা:
বাংলাদেশত থকা
শ্বহীদ মিনাৰৰ ফটো

১৯৪৮ চনৰ ২১ মাৰ্চৰ কথা৷ পাকিস্থানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্নাই ঘোষণা কৰিলে যে "পশ্চিম আৰু পূব পাকিস্থানৰ বাবে প্ৰশাসনীয় ভাষা হ'ব উৰ্দু ভাষা"৷ এই কথা প্ৰচাৰ হোৱাৰ লগে লগেই পূব পাকিস্থানৰ (এতিয়াৰ বাংলাদেশ) জনতাৰ মাজত এক প্ৰতিবাদৰ ঢৌ বাগৰি আহিল৷ পূৰ্বৰে পৰা চলি থকা বাংলা ভাষাক আঁতৰাই উৰ্দু ভাষাক জাপি দিবলৈ চেষ্টা কৰাৰ ফলত ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত ঢাকাত গৰিষ্ঠ সংখ্যক ছাত্ৰই ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰে এই প্ৰতিবাদক বাধা দিবলৈ সান্ধ্য আইন জাৰী কৰে৷ কিন্তু শেষত ঢাকা বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক ছাত্ৰই ১৪৪ ধাৰা অমান্য কৰি ৰাজপথত প্ৰৱেশ কৰাত পাকিস্থান পুলিচে প্ৰতিবাদী ছাত্ৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে আৰু বহুসংখ্যক ছাত্ৰ এই ঘটনাত মৃত্যু হয়৷ ইয়াৰ প্ৰায় ৫০ বছৰৰ পিছত ১৯৯৯ চনত ইউনেস্ক'ই ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে৷

১৯৫২ চনৰ ঠিক ৮ বছৰৰ পিছত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসম ৰাজ্যত একেই মাতৃভাষাক লৈয়ে এটা আন্দোলনে গা কৰি উঠিছিল৷ বাংলাদেশত হোৱা আন্দোলনতকৈ ই কোনো গুণে কম নাছিল৷ মাথো পাৰ্থক্য আছিল বাংলাদেশৰ আন্দোলন হৈছিল গোটেই দেশখনৰ ভাষাক লৈ আৰু অসমৰ আন্দোলন হৈছিল কেৱল অসমীয়া ভাষাক লৈ৷ উমি উমি জ্বলি উঠা এই আন্দোলনৰ পৰিণতি আছিল অতি ভয়ানক৷ শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্ব-ইচ্ছাৰেই জঁপিয়াই পৰিছিল৷ এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ৷ ইয়াৰ পিছটো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয়৷ এই আন্দোলনটো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত দুটা পৃথক (অসমীয়া আৰু বাংলা) ভাষাই সমিল মিলৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে৷

এটা জাতিৰ ভাষা ৰক্ষাৰ বাবে অসমৰ দৰে এখন ৰাজ্যতে দুটা ভিন্ন ভাষিক সম্প্ৰদায়ে কিমান তেজৰ নৈ বোৱালে সেই তথ্য ইউনেস্ক'ৰ হাতত মজুত আছেনে নাই নাজানোঁ৷ (ইণ্টাৰনেটত বাংলা ভাষাৰ সংগ্ৰামৰ বিষয়ে যিমান তথ্য আছে তাৰ তুলনাত অসমীয়া ভাষাৰ সংগ্ৰামৰ কোনো তথ্য নাই)৷ একেদৰে পাকিস্থানৰ দমন নীতিৰ সমান্তৰালকৈ ভাষাৰ ওপৰত (বিশেষকৈ অসমৰ) ভাৰতবৰ্ষৰ দমন নীতিৰ কোনো তথ্য আজি ইণ্টাৰনেটত পাবলৈ নাই৷ ইংৰাজৰ সময়টো ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদালতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল৷ যিসময়ত ভাৰতৰ সমস্ত মানুহ বৃটিছৰ শাসন ওফৰাই ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰামত নিমজ্জিত আছিল, তেনে এক সময়তে ৰাজনীতিক ৰাজ্য বাহিৰ কৰি কেৱল অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কলিকতা প্ৰৱাসী এচাম ছাত্ৰ আগবাঢ়ি আহিছিল৷ মূলতঃ এই সময়েই আছিল অসমীয়া ভাষা উদ্ধাৰৰ প্ৰথম সংগ্ৰামৰ সময়৷ সেই প্ৰৱাসী ছাত্ৰসকলেই বুজি উঠিছিল অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ৷ সেয়ে মাতৃভাষাৰ প্ৰতি থকা সেই প্ৰৱাসী ছাত্ৰসকলৰ গভীৰ শ্ৰদ্ধা, ৰঞ্জিত বৰপূজাৰীৰ লগতে অনেক অসমীয়া যুৱকৰ আত্মবলিদানে আমাক প্ৰতিদিন সোঁৱৰাই থাকিব "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা"৷

আজি অসমৰ বাবে দুৰ্ভাগ্যৰ কথা যে, আপোন সন্তানৰ তেজেৰে মহীয়ান হৈ উঠা অসমীয়া ভাষাৰ প্ৰতি সেই পুৰণি আৱেগ এতিয়া লাহে লাহে স্তিমিত হৈ আহিছে৷ ১৯৬০ চনত ভাষা আন্দোলনত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ,১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ (সম্প্ৰতি সময়ৰ লগত ফেৰ মাৰি ফে'চবুকত এনে এটা আন্দোলনে গঢ় লৈ উঠিছে)৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৬০ চনৰ পৰা ১৯৭২(অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে হয়টো তেনে আন্দোলন গঢ় লৈ উঠা নাছিল৷ ইয়াৰ পিছটো ব্ৰিটিছে অসমৰ আদালত আৰু প্ৰশাসনিক ক্ষেত্ৰত ইংৰাজী ভাষা প্ৰয়োগ কৰা অচিলা লৈ আজিও অসম চৰকাৰে অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ প্ৰতি গুৰুত্ব নিদিয়াটো সঁচাই এক পৰিতাপৰ কথা৷

ভাষা বিষয়ক আন কেইটামান লেখা:
(১) 'অসমীয়া ভাষাৰ ভৱিষ্যত' বিষয়ক ডঃ অঞ্জল বৰাৰ এটা লেখা - http://www.xahitya.org/2012/06/15/language-crisis/
(২) 'ভাষাৰ বিলুপ্তি' বিষয়ক ডঃ পংকজ বৰাৰ এটা লেখা - http://pankajborah.blogspot.in/2012/04/blog-post_08.html
(৩)  ইউনেস্ক' Director-General Irina Bokova-য়ে ২০১৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ বিষয়ত দিয়া তেওঁৰ বাৰ্তা -http://www.un.org/en/events/motherlanguageday/2014/message.shtml

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages