আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
শিৱৰাত্ৰিৰ অভিজ্ঞতাৰ স্মৰণ
ডাঃ ভূপেন্দ্ৰ কুমাৰ শইকীয়া

সকলোকে শিৱৰাত্ৰিৰ ওলগ জনালোঁ আৰু দুটি সৰু অভিজ্ঞতাৰ স্মৰণ সহৃদয় পাঠকৰ সৈতে শ্বেয়াৰ কৰিবলৈ কি ব'ৰ্ডত আঙুলি বুলাবলৈ লৈছো৷

১৯৭০চনত সহপাঠী পয়োধৰ কলিতাৰ সৈতে কটন কলেজৰ তৃতীয় ছাত্ৰাবাসৰ পৰা উমানন্দত শিৱৰাত্ৰি চাবলৈ লুইতৰ বুকুৱেদি পান বজাৰৰ কছাৰী ঘাটৰপৰা যাত্ৰা কৰিছিলোঁ ৷ এই পয়োধৰৰ সৈতেই প্ৰাগবিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ এসপ্তাহ আগতে ফাকুৱাৰ বোকা-পানীৰ খেলাৰ হাত সাৰিবলৈ হোষ্টেলৰ পৰা অন্তৰ্ধানহৈ ফাঁচিবজাৰৰ 'উৰ্বশী' চিনেমাহলত নুন শ্ব চাই সময়খিনি অতিবাহিত কৰিছিলোঁ - যাৰ চাইড এফেক্ট হিচাবে চিনিয়ৰ ৰুমমেট শৰদিন্দু পাঠক আৰু অমৰেশ শৰ্মাই এসপ্তাহলৈ মাতবোল কৰা নাছিল৷ উমানন্দৰ পাৰ পায়েই নদীৰ ঘাটৰ পৰা মন্দিৰৰ দ্বাৰলৈকে ভিক্ষাৰী, পংগুলোক, কুষ্ঠ ৰোগী আদিৰ দীঘলীয়া লাইন দেখিয়েই অনুমান কৰিব পাৰি নিশাটোৰ ভিতৰত সেইলোকসকলক তালৈ লৈ আনিব লাগিব আৰু সেই কামৰ উদ্দেশ্য নিশ্চয় মহৎ নহয়৷এতিয়ালৈ শিৱৰাত্ৰিৰ উমানন্দৰ দৃশ্যপট সলনি হৈছে যদি নাজানোঁ৷ আৰু এটা কাৰণত শিৱৰাত্ৰিৰ সেই যাত্ৰা পাহৰিব নোৱাৰোঁ - মাত্ৰাধিক যাত্ৰীৰ সৈতে এই ডুবো, এই ডুবো হোৱা টুলুঙা নাৱেৰে লুইতখন একো অঘটন নোহোৱাকৈ পাৰ হোৱা৷ বন্ধুবৰ পয়োধৰ দলং কলেজত বোধহয় ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক আছিল৷অকবত তেওঁৰ পৰিচিত কোনোবা ওলাবও পাৰে৷অকাল বিয়োগ হোৱা মোৰ এই বন্ধুৰ আত্মাক আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷

দ্বিতীয়টো স্মৰণীয় শিৱৰাত্ৰি ২০০২চনৰ৷ তেতিয়া মই লিবিয়া দেশৰ ৰাজধানী ট্ৰিপলিৰ পৰা এঘন্টাৰ দূৰত্বৰ এখন চহৰ বেণীভেলিডত কৰ্মৰত৷ মৰুভূমিৰ মাজৰ এই সৰু চহৰখন গড্ডাফিৰ সমৰ্থকেৰে ভৰা৷ চহৰৰ এটা কোণত এটা বিশাল আকাৰৰ কুঁৱা -য'ত শুনামতে ৰাজনৈতিক প্ৰতিদ্বন্দী বা বিদ্ৰোহীক গুপ্তঘাতকে নি জীৱন্তে পেলাই দিয়ে৷বেণী ভেলিড বিখ্যাত তাৰ কাৰ্পেট ফেক্টৰীৰৰ বাবে-য'ত অধিকাংশ কৰ্মচাৰী এচিয়াৰ আৰু তাৰে বুজন সংখ্যক হ'ল ভাৰতীয়৷ভাৰতীয় লোকসকলে ভাৰতীয় উৎসৱ বেচ উৎসাহেৰে পালনকৰে আৰু আমি মেডিকেলৰ ভাৰতীৰ ডাক্তৰ,নাৰ্চ বা আন কৰ্মীসকল তেওঁলোকৰ আমন্ত্ৰিত বিশিষ্ট অতিথি৷শিৱৰাত্ৰিৰ দিনা পুৱাই স্নান কৰি উপবাস ব্ৰত পালন কৰি কাৰ্পেট ফেক্টৰীৰৰ চৌহদত ৪কিলোমিটাৰদূৰত্ব খোজ কাঢ়িয়েই উপস্থিত হলোঁ৷ বিয়লিলৈকে ভক্তিপূৰ্ণ ভজন-কীৰ্তন চলিল৷তাৰ পিছত প্ৰসাদ বিতৰণ আৰু খিচিৰি ভোজনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

আজিও শিৱৰাত্ৰিৰ এক পাৱন তিথি৷ বৰ্তমান মই মৰুৰ দেশ কাটাৰত ৷ ক'তো শিৱৰাত্ৰিৰ একো উমঘাম নাই৷ অৱগত হৈছোঁ মাথো নেট আৰু টেলিফোনৰ মাধ্যমত অসমৰ,ভাৰতৰ বন্ধু আৰু আত্মীয়ৰ দ্বাৰা !

২৭ ফেব্ৰুৱাৰী ২০১৪ , বৃহস্পতিবাৰ ডোহা, কাটাৰৰ পৰা

No comments:

Post a Comment